পৰিচয়
আতন বুঢ়াগোহাঁই নাজিৰাৰ বাঁহগড়া অঞ্চলৰ লোক আছিল। তেওঁৰ দেউতাক আহোম ৰজাৰ ঘৰুৱা সৈন্যৰ দায়িত্বত থকা এগৰাকী বিষয়া আছিল। তেওঁ নিজে স্বৰ্গদেউৰ অধীনত খনিকৰ বৰুৱা ৰূপে কৰ্মজীৱন আৰম্ভ কৰিছিল। যিহেতু তেওঁ বাঁহগড়ীয়া বংশৰ আছিল, সেয়েহে তেওঁক সাধাৰণতে বা্ঁহগড়ীয়া আতন বুঢ়াগোহাঁই বুলি কোৱা হৈছিল।
আহোম ৰজা জয়ধ্বজ সিংহই আতন গোহাঁইক পোনপ্ৰথমে খনিকৰ বৰুৱাৰ বিষয়বাব প্ৰদান কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ বুঢ়াগোহাঁই পদবী লাভ কৰে। ১৬৬২ চনৰ পৰা ১৬৭৯ চনলৈকে প্রায় ১৭ বছৰ কাল তেওঁ এই পদত অধিষ্ঠিত হৈ আছিল। আতন বুঢ়াগোহাঁয়ে এই সময় চোৱাত আহোম ৰাজ্যৰ ভালেমান উত্থান পতন প্রত্যক্ষ কৰিছিল। চক্ৰধ্বজ সিংহৰ মৃত্যু পাছত ৰাজনৈতিক ক্ষমতা দখলৰ বাবে ৰাজপৰিয়ালৰ ভিতৰত অৰিয়াঅৰিৰ সৃষ্টি হৈছিল। চক্ৰধ্বজ সিংহৰ মৃত্যুৰ পৰৱৰ্তী ১১ বছৰৰ ভিতৰত ৭ গৰাকী স্বৰ্গদেৱে আহোম ৰাজপাটত আৰোহণ কৰিছিল আৰু পাছত তেওঁলোকক ষড়যন্ত্ৰ কৰি হত্যাও কৰা হৈছিল। আহোম সাম্ৰাজ্যৰ এনে দুৰ্যোগৰ সময়ত আতন বুঢ়াগোহাঁয়ে নিজৰ বুদ্ধি আৰু বিবেচনাৰে ৰাজ্যখন আগুৱাই নিয়াত বিশেষ বৰঙণি যোগাইছিল।
মীৰজুমলাৰ অসম আক্ৰমণৰ সময়ত তেওঁ আহোমৰ সেনাধ্যক্ষ স্বৰূপ আছিল। তেওঁ মীৰজুমলাৰ লগত যুদ্ধ কৰিছিল। মীৰজুমলাৰ আৰু আহোম স্বৰ্গদেউৰ মাজত হোৱা ঘিলাধাৰী চুক্তিত আতন বুঢ়াগোহাঁয়ে স্বৰ্গদেউৰ হৈ প্রতিনিধিত্ব কৰিছিল। জয়ধ্বজ সিংহৰ মৃত্যুৰ পাছত চক্ৰধ্বজ সিংহ ৰাজপাটত বহে। চক্ৰধ্বজ সিংহই ১৬৬৫ চনত মোমাই তামূলী বৰবৰুৱাৰ পুত্ৰ লাচিত বৰফুকনক সেনাপতি পাতি মোগলক ভেটিবলৈ কলিয়াবৰলৈ পঠিয়ায়। তেতিয়া তেওঁৰ লগত প্রধানমন্ত্রী আতন বুঢ়াগোহাঁয়ো আহে। কলিয়াবৰৰ পৰা মোগলক খেদি তেওঁলোক গুৱাহাটীত উপস্থিত হয় আৰু ১৬৬৭ চনত মোগলৰ হাতৰ পৰা গুৱাহাটী উদ্ধাৰ কৰে। আহোম সৈন্যই মোগলক মানাহ নদী পাৰ কৰি পঠিয়ায়। ইফালে লাচিত বৰফুকনে গুৱাহাটীত আহোম সাম্ৰাজ্যৰ নামনিৰ মূখ্য কার্যালয় প্ৰতিষ্ঠা কৰে।
পৰৱৰ্তী সময়ত ঔৰংজেৱৰ নিৰ্দেশত পুনৰ ৰামসিংহৰ নেতৃত্বত মোগল সেনাই অসম আক্রমণ কৰিবলৈ আহে। ৰামসিংহই আহোমৰ লগত যুদ্ধ নকৰাকৈয়ে হাজো-শুৱালকুছি অঞ্চল দখল কৰে। এনে পৰিস্থিতিত লাচিতে গুৱাহাটীৰ চৌপাশৰ সুৰক্ষাৰ চিন্তা কৰে। লাচিতে গুৱাহাটী অঞ্চলক দুটা ভাগত ভগাই নিজে গুৱাহাটীৰ দক্ষিণ ফালৰ দায়িত্বত থাকি উত্তৰ পাৰৰ দায়িত্বভাৰ আতন বুঢ়াগোহাঁইক প্ৰদান কৰে। সৈন্য বাহিনী আৰু চোৰাংচোৱা গোটৰো সূচাৰু ব্যৱস্থা বুঢ়াগোহাঁইক প্ৰদান কৰা হয়।
আতন বুঢ়াগোহাঁয়ে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ লথিয়া পৰ্বতত শিবিৰ প্ৰতিষ্ঠা কৰি ৰণ পৰিচালনা কৰিছিল। ৰামসিংহই আহোম লগত নানা চল-চাতুৰি কৰিও গুৱাহাটী দখলৰ সুবিধা কৰিব নোৱাৰাত আলাবৈ পাহাৰৰ সমীপৰ দক্ষিণৰ বিশাল সমতলত আহোমৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। প্রথম অৱস্থাত এই যুদ্ধত আহোম সেনা জয়ী হয়। কিন্তু যুদ্ধ শেষ কৰি নিজৰ শিবিৰলৈ গৈ থকা অৱস্থাত অতর্কিতে মোগলে অসমীয়া সৈন্যৰ ওপৰত আক্ৰমণ কৰে। এই আক্ৰমণত ক্ষন্তেকৰ যুদ্ধত ১০ হাজাৰ অসমীয়া সৈন্যই প্রাণ বিসর্জন দিব লব লগা হয় বুলি প্ৰবাদ প্ৰচলন আছে। এই আলাবৈ ৰণৰ জীয়া সাক্ষী আছিল আতন বুঢ়াগোহাঁই। তেওঁ আলাবৈ ৰণৰ প্ৰধান দায়িত্বত আছিল। আতন বুঢ়াগোঁহায়ে সেনাপতি লাচিতৰ লগত লগ লাগি মোগলক প্রতিহত কৰাৰ ৰণ কৌশল ৰচনা কৰিছিল। আলাবৈ ৰণত হাৰি লাচিত বিচলিত হৈছিল। তেতিয়া মহামন্ত্রী আতন বুঢ়াগোহাঁইয়ে বিচক্ষণতাৰে এই বুলি বুজনি দিছিল যে “ বাৰীৰ ভিতৰত পুখুৰী সিচোঁতেও আঠোটা- দহোটা মানুহক শিঙ্গিয়ে বিন্ধে। এইটো ৰণহে। এইজানি দুই- চাৰিলোক কিয় নপৰিব?”
আতন বুঢ়াগোহাঁইৰ বুদ্ধিদীপ্ত যুক্তি আৰু উদ্দীপনামূলক কূটনৈতিক পৰামৰ্শই লাচিতক দুগুণ উৎসাহেৰে পৰৱৰ্তী সময়ত মোগলৰ বিৰুদ্ধে যুঁজিবলৈ সাহস যোগাইছিল। যাৰ পৰিণতিত আলাবৈ ৰণৰ প্ৰায় দুবছৰ পাছত হোৱা ১৬৭১ চনৰ শৰাইঘাটৰ ৰণত আহোমসকলে মোগলক পৰাস্ত কৰি বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল। শৰাইঘাটৰ ৰণ জয়ৰ কিছুদিন পাছত লাচিত বৰফুকনৰ মৃত্যু হোৱাত তেওঁৰ ভাতৃ লালুকসোলাক বৰফুকনৰ দায়িত্ব দিয়া হয়। লাচিতৰ মৃত্যুৰ পাছত কিছুদিনলৈকে লালুকসোলা আৰু আতন বুঢ়াগোহাঁই গুৱাহাটীতে আছিল। কিন্তু লাচিতে মোগলৰপৰা উদ্ধাৰ কৰা গুৱাহাটীখন লালুকসোলা বৰফুকনে ক্ষমতাৰ খঁকত পুনৰ মোগলক সোধায়। পাছলৈ লালুকসোলা আৰু তেওঁৰ সমর্থকসকলে আহোম ৰাজ্যত অৰাজকতা সৃষ্টি কৰিবলৈ উঠি পৰি লাগে।
ৰাজ্যৰ সংকটৰ সময়ত ডা-ডাঙৰীয়া সকলে আতন বুঢ়াগোহাঁইক ৰাজপাটত অধিষ্ঠিত কৰিব খুজিছিল যদিও তেওঁ সেয়া গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। তেওঁ পৰ্বতীয়া ফৈদৰ খামচেও কোঁৱৰক স্বৰ্গদেউ পাতে। স্বৰ্গদেউ ৰূপে শাসনভাৰ গ্ৰহণ কৰাৰ পাছত তেওঁ চুদৈফা নাম লয়। স্বৰ্গদেৱে যাতে বুঢ়াগোহাঁইৰ নিৰ্দেশ মতে চলে তাৰ বাবে আতন বুঢ়াগোহাঁয়ে নিজৰ কন্যাক স্বৰ্গদেউলৈ বিয়া দিয়ে।
আতন বুঢ়াগোহাঁয়ে চুদৈফাক ৰজা পতাৰ পাছত লালুকসোলা আৰু তেওঁৰ সমৰ্থকসকলে বিভিন্ন ষড়যন্ত্ৰ কৰি স্বৰ্গদেউ চুদৈফাক হত্যা কৰি চুলিকফাক ৰাজপাটত বহুৱায়। লগতে মহামন্ত্রী আতন বুঢ়াগোহাঁইৰপৰা তেওঁলোকৰ বিপদ হ’ব বুলি অনুমান কৰিব তেওঁক কলিয়াবৰত বন্দী কৰি ৰাখে আৰু পিছত আতন বুঢ়াগোহাঁইক হত্যা(১৬৭৯ চন) কৰে।আহোম জাতিৰ ভাগ্য নিয়ন্ত্রণত তেখেতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।