বাঘ হাজৰিকা (Bagh Hazarika)

Bagh Hazarika/Ahom Warrior/Assamese Patriot/GS-5/APSC
বাঘ হাজৰিকা (Bagh Hazarika)
বাঘ হাজৰিকা (Bagh Hazarika)
Published on

বাঘ হাজৰিকা (Bagh Hazarika) ৰ পৰিচয়:

বাঘ  হাজৰিকাৰ প্ৰকৃত নাম আছিল ইছমাইল ছিদ্দিক আলি হাজৰিকা।  অসমৰ  গড়গাঁৱৰ ওচৰৰ দেৰগাঁৱত  এওঁৰ জন্ম হৈছিল বুলি কোৱা হয়। এওঁ অসম বুৰঞ্জীত উপেক্ষিত কিন্তু অসমৰ জনমানসত চিৰস্মৰণীয় হৈ থকা এগৰাকী ব্যক্তি। এওঁ মোগল বংশধৰ হৈও অসম প্ৰেমী ব্যক্তি আছিল বুলি জনশ্ৰুতিয়ে  প্ৰতিপন্ন কৰিছে। কথিত আছে যে, ডেকা কালত ইছমাইলে উকা হাতেৰেই এটা বাঘ মাৰি  সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছিল। স্থানীয় ৰাইজে তেওঁক তেতিয়াৰপৰাই “বাঘবৰ” , “বাঘধৰ”, “বাঘ” আদি নামেৰে  মাতিবলৈ লয়। পৰৱৰ্তী সময়ত আহোম স্বৰ্গদেউৰপৰা “হাজৰিকা” পদবী লাভ কৰি “বাঘ হাজৰিকা”  নামেৰে পৰিচিত হয়। এওঁ অসমীয়া কবি আৰু সাহিত্যিক মফিজুদ্দিন আহমদ হাজৰিকাৰ নৱমজন পূৰ্বপুৰুষ আছিল।

 

বাঘ হাজৰিকা (Bagh Hazarika) ৰ ইতিহাস:

স্বৰ্গদেউ চুচেনফাৰ ৰাজত্বকালত মোগলে একাধিকবাৰ অসম আক্ৰমণ কৰিছিল। ১৬৪২ চনত তৃতীয়বাৰৰ কাৰণে হোৱা মোগলৰ আক্ৰমণত আহোম সৈন্যৰ হাতত পৰাজিত হৈ কিছু সংখ্যক মোগল সৈন্য অসমত বন্দী হৈ ৰৈ গৈছিল। এই লোকসকলক তেওঁলোকে কৰিব জনা কামৰ ওপৰত ভিত্তি কৰি অসমত বসবাস কৰিবলৈ ব্যৱস্থা কৰি দিয়া হৈছিল। কালক্ৰমত তেওঁলোকক ন- অসমীয়া মুছলমান বুলি কোৱা হৈছিল। ইছমাইল ছিদ্দিক  ওৰফে বাঘ হাজৰিকা এইসকল ন-অসমীয়াৰে বংশধৰ আছিল।

আহোম বুৰঞ্জীত  বাঘ হাজৰিকা বা ইছমাইল ছিদ্দিক বুলি কোনো হাজৰিকাৰ  কথা উল্লেখ পোৱা নাযায়। শৰাইঘাট ৰণৰ ২০ জন হাজৰিকাৰ ভিতৰত এজনো হাজৰিকাৰ নাম বাঘ হাজৰিকা নহয়। অৱশ্যে পৰৱৰ্তী সময়ৰ  বুৰঞ্জীবিদে বাঘ হাজৰিকা  শৰাইঘাট যুদ্ধৰ মূল সেনাপতি লাচিত বৰফুকনৰ অধীনত থকা একাধিক পালি সেনাপতি সকলৰ ভিতৰৰে এজন বুলি মতপোষণ কৰিছে। সম্ভৱতঃ সেই সময়ত বুৰঞ্জীকাৰসকলে পালি সেনাপতি সকলৰ নাম তথা কাম-কাজ  লিপিবদ্ধ কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা নাছিল।  সেয়ে ইছমাইল ছিদ্দিক আলি হাজৰিকা সম্পৰ্কে বুৰঞ্জী নিমাত কিন্তু জনশ্ৰুতি সৰব।

বাঘ হাজৰিকা (Bagh Hazarika) ৰ সামৰিক দক্ষতা:

ইছমাইল ছিদ্দিকক  আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহই তেওঁৰ বাঘ হত্যা কৰাৰ কাহিনী গম পাই প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ ৰাজসভালৈ নিমন্ত্ৰণ কৰে। ৰাজসভাত তেওঁৰ বীৰত্ব দেখি  স্বৰ্গদেৱে প্ৰসংশা কৰাৰ লগতে ১০০০ জন পাইকৰ ওপৰত হাজৰিকা পদবী প্ৰদান কৰে। তেতিয়াৰ পৰাই তেওঁৰ নাম বাঘ হাজৰিকা হয়। শৰাইঘাটৰ যুদ্ধৰ সময়ত এওঁ মোগল সৈন্যৰ বিৰুদ্ধে গড়গঞা পালি সেনাপতি ৰূপে অসমীয়া সৈন্যৰ এটা দল পৰিচালনা কৰিছিল বুলি কোৱা হয়। নৌকা চালনাত পাৰ্গত বাঘ হাজৰিকা লাচিত বৰফুকনৰ সহচৰ আছিল।

শৰাইঘাটৰ বিখ্যাত পানীযুদ্ধত জিকি লাচিত বৰফুকনে “অসম গৌৰৱ” আখ্যা লাভ কৰাৰ অন্তৰালত অসম বুৰঞ্জী উপেক্ষিত অথচ হাড়ে- হিমজুৱে অসমপ্ৰেমী, আহোম ৰাজভক্ত, অসমীয়া বীৰ বাঘ হাজৰিকাৰ বৰঙণি উলাই কৰিব পৰা বিধৰ নহয়। বাঘ হাজৰিকাৰ কৌশল তথা পৰিকল্পনা যদি শৰাইঘাটৰ মূল যুদ্ধখনত প্ৰয়োগ কৰিবপৰা নহʼলহেতেন, তেনেহʼলে অসমৰ গৌৰৱৰ বুৰঞ্জী অন্যফালে ঢাল খালেহেঁতেন।

বাঘ হাজৰিকা (Bagh Hazarika) ৰ অৱস্থিতিৰ পৰিচয়:

শিৱসাগৰৰ হাঁহচৰা অঞ্চলৰ গৰীয়াজানৰ কাষত থকা ঐতিহাসিক গাওঁখনে বাঘ হাজৰিকা বসবাস কৰাৰ সাক্ষী ৩৫০ বছৰৰ পিছতো আজিও বহন কৰে। স্বৰ্গদেৱে শৰাইঘাট যুদ্ধত প্ৰদৰ্শন কৰা সাহসিকতাৰ পুৰস্কাৰ স্বৰূপে হাৰিপাৰাত বীৰজনাৰ নামত “বাঘধৰা পুখুৰী” খান্দি দিয়ে আৰু এই পুখুৰীৰ পাৰতেই বাঘ হাজৰিকাৰ বংশধৰে পৰৱৰ্তী সময়ত নিগাজীকৈ থাকিবলৈ লয়। বৰ্তমানেও এই পুখুৰীৰ পাৰত “বাঘধৰা হাইস্কুল” অৱস্থিত হৈ থকা পৰিলক্ষিত হয়।

EAANg766aH1QBOzRzPcynroGauPTSN9eHFbB4p8JIqdt4GHeOMB6Oitqtd3xuqdqML3B6ojiVZCVLT4nX9twhptT4hQzchniTPcbqkd2LHicZBfbOtumzGkppnY2MUKUoGMx6hovy7eH851wtALd1A9IAHpHHkIy1Jmcs8minxwByHU0cWqcqbaaJW60TvWAAZDZD
logo
Advait IAS
advaitias.com