চকলং হ’ল টাই আহোম সকলৰ ফ্ৰা-লুং ধৰ্মৰ প্ৰাচীন পুথি ‘লাই লিট নাঙ হুন ফা’ত উল্লিখিত নিয়ম অনুসৰি পালন কৰা এক বৈবাহিক অনুষ্ঠান। আহোম বিবাহ পৰম্পৰাৰ তিনিদিনীয়া কাৰ্যসূচীৰ তৃতীয় দিনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু মুখ্য অনুষ্ঠান হ’ল চকলং। টাই আহোম ভাষাত ইয়াৰ অৰ্থ হ’ল ‘চ’ মানে যোৰা লগোৱা আৰু ‘ক্লঙ’ মানে পূজা। এই প্ৰথা লেংদনে প্ৰায় খৃঃ পূঃ ৫৫৮-ৰপৰা চীন দেশত আৰম্ভ কৰিছিল।
আৰম্ভণি
চকলং বিবাহ পদ্ধতি পোন প্ৰথমে আহোমৰ পূৰ্বপুৰুষৰ লেংদনে অ’ক কাই ম’-হুং নামৰ ৰজাৰ জ্যেষ্ঠা কন্যা নাং হুন ফাক বিয়া কৰাওতেই আৰম্ভ হয় আৰু তাৰ পিছৰ পৰাই টাই সমাজত এই বিবাহ প্ৰথা প্ৰচলিত হৈ আহিছে।
বিৱৰণ
আহোম সকলৰ চকলং বিবাহ পদ্ধতিটোত ২০টা নিয়ম আছে। সেয়া হ’ল- ১. জোৰণ আৰু টেকেলি দিয়া. ২. নোৱনী, ৩. প্ৰীতিভোজ, ৪. ৰিকখন উৎসৱ, ৫. চাওবান উৎসৱ, ৬. আপতাঙ কৰা বা গা ধোৱা, ৭. গাঁঠিয়ন খুন্দা, ৮. দৈয়ন দিয়া, ৯. বিবাহ যাত্ৰা, ১০. সুৱাগুৰি তোলা, ১১. দৰা ৰভা তলত মণ্ডপৰ সন্মুখত বহা, ১২.ভিতৰৰ পৰা উলিয়াই আনি দৰাৰ বাওঁফালে কইনাক বহুৱা, ১৩. দৰা আৰু কইনাক সাত পুৰুষৰ বুৰঞ্জী কোৱা, ১৪. চকলং আয়োজন, ১৫. কইনাই দৰাৰ হাতত হেংদান প্ৰদান, ১৬. ম-লুঙে দৰা কইনাৰ যুগ্ম জীৱনৰ বাবে দিয়া উপদেশ, ১৭. সোণৰ আঙঠি আৰু ৰূপৰ টেমি কটাৰী সলোৱাৰ নিয়ম, ১৮. পঞ্চ অমৃত ভোজন, ১৯. কড়ি খেলাৰ নিয়ম, ২০. কইনাই দৰাৰ শয়ন কক্ষলৈ প্ৰবেশ কৰাৰ পাছত পাচঁজন দেৱতাক কৰা প্ৰাৰ্থনা।
আহোম বিবাহ পৰম্পৰা তিনিদিন ধৰি অনুষ্ঠিত কৰা হয়। প্ৰথম দিনা ৰিক্খন, দ্বিতীয় দিনা চাও বান আৰু তৃতীয় দিনা চকলং অনুষ্ঠিত হয়। বিয়াৰ আগতেও আগৰ দিনকেইটাত কেইবাটাও অনুষ্ঠান পালন কৰা হয়। এইক্ষেত্ৰত দৰাঘৰতকৈ কইনাঘৰৰ মানুহক অধিক মান প্ৰদান কৰা হয় আৰু দৰাঘৰৰ মানুহেহে কইনা খোজা-বঢ়া কৰা বিষয়ত আগ-ভাগ লয়।কাৰোবাৰ ঘৰত চকুত লগা ছোৱালী দেখিলে বা কোনোবাই যোৰ মিলাই ছোৱালী দেখুৱালে কইনাঘৰৰ মানুহক খা-খবৰ দি নিৰ্ধাৰিত দিনত ‘সোধনী ভাৰ’ পেলায়। কইনাঘৰলৈ যাওঁতে দৰাঘৰীয়া মানুহে হাঁহ-পাৰ, তামোল-পাণ, চাউল-পাতি, জা-জলপানৰ ভাৰ এখন লৈ যায়। ইয়াকে ‘সোধনী ভাৰ’ বোলে। উচিত মান-সৎকাৰ কৰাৰ পাছত সকলোৰে আগত ছোৱালী খোজা-বঢ়া কৰা হয়। কইনা ঘৰৰ মানুহে মাননি লৈ ল’ৰাৰ বংশ-মৰ্য্যাদা আদিত কোনো আসোঁৱাহ নাপালে এটা নিৰ্ধাৰিত দিনত ল’ৰাৰ ঘৰ চাবলৈ কথা দিয়ে। সেই মৰ্মে কইনাঘৰৰ জনদিয়েক মানুহ গৈ দৰাৰ ঘৰ-দুৱাৰ চাই আহেগৈ। সেইদিনা দৰাঘৰীয়া মানুহে কইনাঘৰীয়া মানুহক হাঁহ-পাৰ মাৰি মাছে-মঙহেৰে সোধ-পোচ কৰে। ইয়াকে ‘ঘৰ-চাৱনি’ বোলা হয়। ঘৰ চাৱনি খোৱাৰ দিনাই বিয়া বন্দোৱস্ত খাটাং কৰা হয়। সাধাৰণতে দৰা-কইনাৰ বংশ-মৰ্য্যাদা আদি বিচাৰ কৰাৰ উপৰি সোধন-পোছন, মান-সৎকাৰ, জা-জলপান, সম্বন্ধ বিচাৰ আদিও তন্ন তন্নকৈ চায়। সোধনী ভাৰ পেলোৱাৰ পিছত ঘৰ-চাৱনি খাই উভয় ঘৰৰে বুজাবুজিৰ মাজত এটা দিন স্থিৰ কৰা হয়। এইদৰে দিন স্থিৰ হ’লে বিয়াৰ আগদিনা জোৰোণ অনুষ্ঠানৰ জৰিয়তে বিয়াৰ দিনা কইনাই পিন্ধিবলৈ কাপোৰ আৰু লগতে যাৱতীয় সমলেৰে আ-অলংকাৰো দিয়া হয়। জোৰোণ দিয়া পদ্ধতিটো বৈদিক পদ্ধতিৰ বিয়াৰ লগত মিল আছে। জোৰোণৰ পৰা কইনা সম্প্ৰদানলৈকে টেকেলি দিয়া, দেওবান কৰা, মূৰত তেল দিয়া, গাঁঠিয়ন খুন্দা, ৰিক্খন কৰা, আপতাঙ কৰা, দৈয়ন দিয়া আদি ভালেমান অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ইয় টেকেলি দিয়া, গাঁঠিয়ন খুন্দা, দৈয়ন দিয়া আদি বৈদিক পদ্ধতিৰ সৈতে মিলে; কিন্তু বাকীকেইটা অনুষ্ঠান সম্পূৰ্ণ সুকীয়া আৰু আহোম পদ্ধতি অনুসৰি কৰা হয়। বিয়াৰ আগদিনা আহোম দেৱতা লাংকুৰি, জান-চাই-হুং,লা-ৰেং, লেংডন আৰু জাছিংফাক পূজা কৰিব লাগে। তাকে দেওবান্ কৰা বোলে। দেওবান্ কৰিবলৈ দৰাঘৰৰপৰা কইনাঘৰলৈ সাতটা কলপটুৱাৰ টোপোলাত কটা তামোল পঠিয়াই দিয়ে। তাৰ উপৰি ১২ টা চাউল, লাও আৰু বাৰখন থুৰীয়া তামোল দি পুৰোহিতক উপাসনা কৰে। দেওবান্ কৰাৰ পিছত কইনাক ৰভাত বহুৱাই মূৰত তেল দিয়া হয়। দেওবান্ৰ আগদিনা আহোম পুৰোহিতে এখন জাকৈ, তামোল-পাণ, কণী আৰু চাউল লৈ এখন নৈ, বিল বা পুখুৰীত খাওখাম দেৱতাক পূজা কৰে। পূজাৰ অন্তত তিনি খেও জাকৈ মাৰে। মাছ উঠিলে সেই মাছ আনি দৰা-কইনাক ৰান্ধি নামমাত্ৰ খুৱায়। তাকে ৰিক্খন কৰা বা আয়ুতোলা বোলে। এইদৰে সকলো বিপদ-আপদৰ পৰা ৰক্ষা পাবলৈ সৰ্বৌষধি মিশ্ৰিত পানীকটা মন্ত্ৰেৰে জৰা পানীৰে গা ধুৱায়। গা-ধুৱাওঁতে পানীত বজ্ৰকুঠাৰ, বজ্ৰশিল, বাঘদাঁত, বৰাগাহৰিৰ দাঁত, বানহুং, বান-কা-লুক, পানী কাঁইট, গৰুকণীয়া, তিনিমূৰীয়া, কেচুমতা, ক’লীয়া হালধি, সোণবৰীয়াল, তাংলতি, ছিংকৰা ফুল, উধান মাটি আৰু অষ্ট ধাতু, হৰিণাৰ শিং আৰু যুঁজত ভগা ম’হৰ শিং মিহলাই দিয়ে। পানী কাটি গা ধুৱাওঁতে এখন চালনিৰ ওপৰত উঠি এটা সৰু কুকুৰা পোৱালি ভৰিৰে গৰকি ধৰি ডালে-পাতে ভৰপূৰ হৈ থকা গছ এজোপালৈ চাই মূৰত পানী ঢালে। চকলং কৰিবলৈ তিনিদিন, পাঁচদিন, সাতদিন বা ন-দিনৰ আগৰ পৰা পানী তুলি নোৱাই-ধুৱায় থকা হয়। আগৰ দিনত দৰাঘৰৰ পৰা কইনাঘৰে ধন লোৱাৰ নিয়ম আছিল; কিন্তু চকলং কৰিবলৈ হ’লে দৰাঘৰৰ পৰা কোনো ধন-বস্তু গা-ধন হিচাপে নলৈছিল। চকলং বা সম্প্ৰদানৰ সময়ত কইনাৰ লগত যৌতুক হিচাপে দিব খোজা বস্তু-বাহানি ৰভাৰ তলত সজাই থোৱা হয়। চকলং কৰিবলৈ সাতোটা বৰণেৰে এখন মড়ল সাজে। মড়লত এশ এটা ভাগ কৰে। এশ এটা ভাগত এশ এগছ চাকি জ্বলায়। সেই চাকিপূৰ্ণ মড়লৰ সন্মূখত বহি দৰা-কইনাই দাম্পত্য জীৱনৰ মন্ত্ৰ আৰু সংকল্প গ্ৰহণ কৰে। চকলং কৰিবলৈ এশ এপাহ ফুল থকা দুধাৰ মালা, তিনিখন থুৰীয়া তামোল, এখন গামোচা, এটা চাউল থকা দুণৰি, দুখন মাইহাঙত আখৈ-পৰমান্ন আৰু পঞ্চামৃত, দুযোৰ লোটা-চৰিয়া, তিনিডাল খৰিকা আৰু হেংদান লাগে। এই চকলং বিয়াৰ ক্ষেত্ৰত ৰজাঘৰৰ সাধাৰণ নিয়মৰ ব্যতিক্ৰম ঘটা দেখা যায়। সাধাৰণতে কইনাৰ ঘৰত চকলং সম্প্ৰদান হয় ; কিন্তু ৰজা বা ৰাজকোঁৱৰৰ বিয়া হ’লে ৰজাৰ ঘৰতহে সম্প্ৰদান হয়। বিয়াৰ তিনিদিনৰ দিনা কইনাঘৰৰ মানুহ দৰাঘৰলৈ যায় আৰু পাঁচদিনৰ দিনা দৰা-কইনা দুয়ো কইনাৰ মাকৰ ঘৰলৈ যায়। ইয়াকে ‘ঘৰ উঠিবলৈ যোৱা’ বুলি কয়। ঠিক সেইদৰে ন-দিন বা এঘাৰ দিনত পুনৰ কইনাঘৰৰ আৰু দৰাঘৰৰ মানুহ অহা-যোৱা কৰে। এই প্ৰথাক ‘দোনাবলৈ যোৱা’ বুলি কোৱা হয়।
আহোম সকল অসমলৈ আহোঁতে লগত নিচেই কমসংখ্যক তিৰোতা মানুহহে আহিছিল। গতিকে স্থানীয় তিৰোতা গ্ৰহণ কৰাতো স্বাভাৱিক কথা আছিল। কোনো কোনো ক্ষেত্ৰত থলুৱা লোকাচাৰ মতেও কইনা গ্ৰহণ কৰাতো আচৰিত নহয়, তথাপি পৰিৱৰ্তনৰ বোঁৱতী সুঁতিৰ থিয় গৰাত থাকিও আহোমসকলে নিজৰ সুকীয়া বৈশিষ্ট্য চকলং প্ৰথা আজিও জীয়াই ৰাখিছে।