কাৰেংঘৰ আহোম স্বৰ্গদেউৰদ্বাৰা নিৰ্মিত এটা পিৰামিড আকৃতিৰ ৰাজমহল। কাৰেং মানে হ’ল ৰাজপ্ৰসাদ। কাৰেংঘৰ শিৱসাগৰ জিলাৰ গড়গাঁৱত অৱস্থিত। গড়গাঁৱৰ কাৰেংঘৰলৈ শিৱসাগৰ নগৰৰ পৰা দূৰত্ব ১৫ কিলোমিটাৰ। গড়গাঁৱ ছশ বছৰীয়া আহোম ৰাজত্ব কালৰ তৃতীয়খন ৰাজধানী আছিল।
কাৰেংঘৰ পোন প্ৰথমে ১৫৪০ চনত গড়গঞা ৰজা স্বৰ্গদেউ চুক্লেংমুঙে কাঠ আৰু বাঁহেৰে নিৰ্মাণ কৰিছিল। পৰৱৰ্তী সময়ত স্বৰ্গদেউ প্ৰমত্ত সিংহই কাৰেংঘৰটো ইটাৰে নিৰ্মাণ কৰিছিল। ১৭৫২ চনত কাৰেংঘৰটো বেয়াকৈ ক্ষতিগ্ৰস্থ হোৱাত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই কাৰেংঘৰ পুনৰ নিৰ্মাণ কৰিছিল। কাৰেংঘৰৰ চাৰিওফালে খাল খান্দি তাৰ পিছত খালৰ পাৰত মাটিৰে দেৱালৰ দৰে দুৰ্গ নিৰ্মাণ কৰি ভালদৰে সুৰক্ষিত কৰা হৈছিল; এই ব্যৱস্থাক ‘গড়’ বন্ধা বুলি কোৱা হৈছিল। প্ৰকাণ্ড ‘গড়’ থকাৰ বাবেই হয়তো ঠাইখনৰ নাম গড়গাঁও হয়।
গড়গাঁৱৰ কাৰেংঘৰটো সাত মহলীয়া আৰু ই পিৰামিড আকৃতিৰ । কাৰেং ঘৰটোত প্ৰৱেশ কৰিবৰ বাবে চাৰিখন প্ৰৱেশদ্বাৰ আছে। দুৱাৰ কেইখনক সিংহদ্বাৰ বুলি কোৱা হয়। ঘৰটোৰ তলত দুমহলা আৰু ওপৰত পাঁচ মহলা আছে। তলৰ মহলাৰ পৰা ৰংপুৰৰ (বৰ্তমানৰ শিৱসাগৰ) তলাতল ঘৰলৈ আহিব পৰা প্ৰায় ১৬ কিলোমিটাৰ দীঘল এটা গোপন ভূগৰ্ভস্থ সুৰংগ আছিল। এই সুৰংগটো বৰ্তমান বন্ধ হৈ আছে। কাৰেং ঘৰটোৰ চৌদিশে এটা বহল আলি আৰু তাৰ কাষত এটা গড় আছে। গড়ৰ কাষে কাষে কিছু দূৰত্বত মাউতে-হাতীয়ে তল যোৱা এটা দ খাৱৈ আছে। আগেয়ে এই গড়খাৱৈটোত বাৰমাহে পানী আছিল। কাৰেং ঘৰটো দীঘলে ১২০ হাত আৰু বহলে ৩০ হাত। মীৰজুমলাই অসম আক্ৰমণ কৰিবলৈ আহোঁতে তেওঁৰ লগত অহা লিপিকাৰগৰাকীয়ে লিখিছিল যে, “গড়গাঁৱৰ ৰাজকাৰেংৰ নিচিনা কটকটীয়া, ধুনীয়া আৰু নানান কাৰুকাৰ্যৰে সূশোভিত ঘৰ গোটেই পৃথিৱীত বিৰল”। ১২,০০০গৰাকী অসমীয়া বাঢ়ৈয়ে সম্পূৰ্ণ এবছৰত এই কাৰেং ঘৰটো সাজি উলিয়াইছিল। আৰম্ভণিতে ই কাঠ-বাঁহৰ এটা বিশাল চাংঘৰহে আছিল। ইয়াক হোলোং বুলি কোৱা হৈছিল।এই কাৰেংঘৰত ৬৬টা স্তম্ভ আছে। প্ৰত্যেকটো স্তম্ভৰ বেৰ বা পৰিধি ৪ হাত। প্ৰথম অৱস্থাত কাৰেংঘৰটোৰ ওপৰৰ চালবোৰ আচৰিত কৌশল খটূৱাই কাঠৰ কাৰুকাৰ্যৰে সুশোভিত কৰা হৈছিল। পিছত ৰাজেশ্বৰ সিংহৰ তত্বাৱধানত ইটা আৰু থলুৱাভাৱে তৈয়াৰী বিলাতী মাটিৰ ব্যৱহাৰ কৰি কাৰেংঘৰৰ এক অপূৰ্ব ৰূপ প্ৰদান কৰা হয়। ইয়াত আহোম ড্ৰেগন ‘ঙি ঙাও খাম’ৰ ভাস্কৰ্য দেখা যায়। ইয়াত থকা স্তম্ভ আৰু বেৰ সমূহত বিভিন্ন নক্সা অংকন কৰা দেখিবলৈ পোৱা যায়।