আহোম ৰাজ্যৰ ৰাজমন্ত্ৰী পিতৃ ঘনশ্যাম বুঢ়াগোহাঁইৰ মৃত্যুৰ পিছত ১৭৮২ চনৰ এপ্ৰিল মাহত পূৰ্ণানন্দ ডাঙৰীয়াই ‘বুঢ়াগোহাঁই’ হিচাপে নিযুক্তি লাভ কৰে।পূৰ্ণানন্দ বুঢ়াগোহাঁই ১৭৮২ চনৰ পৰা ১৮১৭ চনলৈকে প্ৰায় ৩৪বছৰ কাল আহোম ৰাজ্যৰ বুঢ়াগোহাঁই (প্ৰধানমন্ত্ৰী) পদত অধিষ্ঠিত হৈ আছিল।
পূৰ্ণানন্দ বুঢ়াগোহাঁই প্ৰধানমন্ত্ৰী হৈ থাকোঁতে বেছিভাগ সময় বিদ্ৰোহ দমন, কূটনৈতিক সম্পৰ্ক গঢ়ি তোলা আৰু বৰকান্দাজক লৈ যুদ্ধ কৰিয়েই কটাইছিল। মোৱামৰীয়া বিদ্ৰোহৰ ফলত আহোম সাম্ৰাজ্যৰ ৰাজধানী ৰংপুৰ নগৰৰ সৌন্দৰ্য শ্ৰীহীন হৈ পৰিছিল। তেতিয়া পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে ৰংপুৰৰ পৰা যোৰহাটলৈ আহোম সাম্ৰাজ্যৰ ৰাজধানী স্থানান্তৰিত কৰে।
আহোম ৰাজ্যত আগেয়ে স্থায়ী সৈন্যবাহিনীৰ ব্যৱস্থা নাছিল। ৰজা গৌৰীনাথ সিংহৰ অনুৰোধক্ৰমে ব্ৰিটিছ বিষয়া কেপ্টেইন ৱেলছৰ এমুঠিমান সু-শিক্ষিত আৰু প্ৰশিক্ষণপ্ৰাপ্ত স্থায়ী সৈন্যই মোৱামৰীয়া বিদ্ৰোহ দমন কৰা কাৰ্যত সন্তুষ্ট হৈ পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে আহোম সাম্ৰাজ্যতো স্থায়ী সৈন্যবাহিনী মকৰল কৰাৰ কথা চিন্তা কৰে। তেওঁৰ পৰিকল্পনা অনুসৰি গৌৰীনাথ সিংহই ৱেলছৰ সৈন্যবাহিনীৰ ফকীৰচন্দ আৰু দীন নামৰ দুগৰাকী সৈন্যৰ তত্বাৱধানত এদল আহোম সৈন্যক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰে। তেতিয়াৰপৰাই আহোম সেনাবাহিনীত অস্থায়ী সেনাৰ পৰিৱৰ্তে স্থায়ী সৈন্যবাহিনী নিযুক্তি দিয়াৰ নিয়ম প্ৰৱৰ্তন হয়।
পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ কাৰ্যকালৰ সময়ছোৱাত মোৱামৰীয়া বিদ্ৰোহ তুংগত উঠিছিল। তেওঁ অতি ধৈৰ্য্যৰে বিদ্ৰোহীসকলক দমন কৰাৰ চেষ্টা কৰিছিল। তেওঁ অকলে প্ৰায় ৭ বছৰ কাল ৰংপুৰ নগৰখন শত্ৰুৰ পৰা ৰক্ষা কৰি আছিল। ৰাজ্যৰ বিভিন্ন ঠাইত তেওঁ শত্ৰুক ৰুধিবলৈ কোঠ স্থাপন কৰিছিল। ৰাজধানী ৰংপুৰ নগৰৰ সুৰক্ষাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি তেওঁ কলিয়নী পাহাৰৰ পৰা নগা পাহাৰৰ দাঁতিলৈকে ‘বিবুধি গড়’ নামেৰে এটি গড় নিৰ্মাণ কৰিছিল। বিদ্ৰোহৰ সময়ত শত্ৰুৱে ৰাজ্যৰ প্ৰজাৰ খেতি-বাতি, গৰু-ম’হ আদি ধ্বংস কৰি পেলাইছিল বাবে ৰাজ্যত আকালে দেখা দিছিল। বহুতো প্ৰজাই পৰিয়াল সমন্বিতে ঘৰ-বাৰী এৰি পলাই গৈছিল। এনে অৱস্থাত বুঢ়াগোহাঁইয়ে প্ৰজাক পুত্ৰৱৎ জ্ঞান কৰি সহায়ৰ হাত আগবঢ়াইছিল। শত্ৰুৰ অত্যাচাৰত অ’ত- ত’ত পলাই থকা লোকসকলক একগোট কৰি ঠায়ে ঠায়ে তেওঁলোকক সংস্থাপন প্ৰদান কৰিছিল। এনেদৰে পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে মোৱামৰীয়া বিদ্ৰোহৰ সময়ত অতি সুচাৰুৰূপে নিজৰ দায়িত্ব পালন কৰিছিল।
১৮শ শতিকাৰ শেহৰফালে অসমৰ আহোম ৰাজ্য উপৰ্যুপৰি বিদ্ৰোহে দুৰ্বল কৰি তুলিছিল। উজনি অসমত মোৱামৰীয়া বিদ্ৰোহ আৰু নামনিত দন্দুৱা দ্ৰোহৰ ফলত প্ৰচুৰ জন-ধনৰ হানি হৈছিল। মন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে আহোমৰ শাসন বজাই ৰাখিবলৈ অশেষ চেষ্টা কৰি শেষত বিদ্ৰোহ দমন কৰিবলৈ সমৰ্থ হয়। প্ৰশাসন ভালদৰে চলাবলৈ বা নিজৰ প্ৰভাৱ বঢ়াবলৈ তেওঁ নিজৰ আত্মীয়-স্বজনক আহোম ৰাজ্যৰ উচ্চ পদবীত মকৰল কৰিবলৈ ধৰে। ৰজাই পাতি থোৱা গুৱাহাটীৰ শাসক বদন চন্দ্ৰ বৰফুকন পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বৰ্ধিত শক্তিত শংকিত হৈ পৰিছিল। সেয়ে প্ৰথমে তেওঁ পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ লগত বন্ধুত্ব স্থাপন কৰিবলৈ চেষ্টা কৰিলে। সেই সূত্ৰে তেওঁ জীয়ৰী পিজৌ গাভৰুক পূৰ্ণানন্দৰ পুত্ৰলৈ বিয়া দিয়ে। কিন্তু পৰৱৰ্তী সময়ত বদন চন্দ্ৰ বৰফুকনে ক্ষমতাৰ অপব্যৱহাৰ কৰা বুলি পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে অসন্তোষ প্ৰকাশ কৰিলে। বুঢ়াগোহাঁইৰ এনে ব্যৱহাৰত অসন্তুষ্ট হৈ বদন চন্দ্ৰ বৰফুকনে ৰাজধানী যোৰহাটৰ কেইজনমান ষড়যন্ত্ৰকাৰীক উচতনি দি পূৰ্ণানন্দক গোপনে হত্যা কৰিবলৈ পাচিলে। পিছে এই ষড়যন্ত্ৰ ব্যৰ্থ হয়। ষড়যন্ত্ৰত বৰফুকনৰ হাত থকা বুলিও ফাদিল হ’ল। সেই সময়তে পশ্চিম অসমৰ ৰাইজে বদন চন্দ্ৰ বৰফুকন আৰু তেওঁৰ দুই পুত্ৰৰ অত্যাচাৰৰ বিষয়ে বুঢ়াগোহাঁই আগত অভিযোগ উত্থাপিত কৰিলে।শেহত ১৮১৫ চনত পূৰ্ণানন্দই বদন চন্দ্ৰ বৰফুকনক যোৰহাটলৈ ধৰি আনিবলৈ মহেশ্বৰ পৰ্বতীয়া ফুকনক গুৱাহাটীলৈ পঠিয়ালে। পূৰ্ণানন্দৰ বোৱাৰী পিজৌ গাভৰুৱে দেউতাক বদন চন্দ্ৰলৈ আগতীয়াকৈ বিপদৰ জাননী পঠিয়ালে। খবৰ পাই বদন চন্দ্ৰ বৰফুকন দুই পুত্ৰৰ সৈতে ব্ৰিটিছ শাসিত বংগলৈ পলাই যায়। বুঢ়াগোহাঁইৰ সৈন্যই তেওঁক বংগত আটক কৰিলে, কিন্তু স্থানীয় সেনাৰ সহযোগত সহায়ত তেওঁ আকৌ পলায়ন কৰে। এনেবোৰ কাৰণত পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু বদন চন্দ্ৰ বৰফুকনৰ মাজত সংঘাতৰ সূত্ৰপাত হৈছিল।
১৮১৭ খ্ৰীষ্টাব্দত পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু ঘটে। মানৰ প্ৰথম আক্ৰমণত মান সেনাৰ হাতত আহোম সেনা পৰাজিত হোৱাৰ বাতৰিয়ে পূৰ্ণানন্দ বুঢ়াগোহাঁইক মৰ্মান্তিক আঘাত দিছিল। একাংশ লোকৰ মতে এই পৰাজয়ৰ বাতৰি লাভ কৰি ‘কালহীৰা’ চেলেকি তেওঁ মৃত্যুক আঁকোৱালি লয়। আন একাংশৰ মতে শত্ৰুৰ অত্যাচাৰ আৰু অপমানৰ পৰা ৰাজ্যক ৰক্ষা কৰাৰ কথা অত্যধিকভাৱে চিন্তা কৰাৰ সময়ত তেওঁ সন্নিপাত জ্বৰত আক্ৰান্ত হয় আৰু মৃত্যুমুখত পৰে। পূৰ্ণানন্দৰ পিছত তেওঁৰ পুত্ৰ ৰুচিনাথে বুঢ়াগোহাঁইৰ পদবী গ্ৰহণ কৰে।