ৰঘুনাথ চৌধাৰী
ৰঘুনাথ চৌধাৰী অসমীয়া কাব্য সাহিত্যৰ জগতৰ এক উজ্বল নক্ষত্ৰ। জোনাকী যুগৰ ত্ৰিমূৰ্তিয়ে জোনাকী আলোচনীৰ জৰিয়তে অসমীয়া সাহিত্যৰ জগতত যি নব্য-দৃষ্টিভংগীৰ আমদানি কৰিছিল, সেই নব্যধাৰাৰ উত্তৰসুৰী সকলৰ ভিতৰত ৰঘুনাথ চৌধাৰী অন্যতম আছিল। অসমীয়া ৰমন্যাসিক কবিতাৰ জগতখনলৈ তেওঁৰ অৱদান অপৰিসীম।
প্ৰাৰম্ভিক জীৱন
১৯৭৯ চনত অবিভক্ত কামৰূপ জিলাৰ মুকালমুৱাৰ ওচৰৰ লাওপাৰা গাওঁত ৰঘুনাথ চৌধাৰীৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল ভোলানাথ চৌধাৰী আৰু মাতৃৰ নাম আছিল দয়ালতা চৌধাৰী। ৰঘুনাথ চৌধাৰীৰ ব্যক্তিগত জীৱন প্ৰত্যাহ্বানপূৰ্ণ আছিল। সৰুতেই মাত্ৰ নমাহ বয়সত তেওঁ দুৰ্ভাগ্যবশতঃ ঘৰৰ পিৰালিৰ পৰা বাগৰি পৰি ভৰিত আঘাতপ্ৰাপ্ত হয় আৰু চিৰদিনৰ বাবে বিকলাংগৰ বোজা মুৰ পাতি ল’ব লগা হয়। ৰঘুনাথ চৌধাৰীৰ চাৰি বছৰ বয়সত মাক, বায়েক আৰু ককায়েকে দুৰ্ভাগ্যবশতঃ ইহলীলা সম্বৰণ কৰে। এই দুখ সহ্য কৰিব নোৱাৰি ৰঘুনাথ চৌধাৰীৰ পিতৃয়ে মানসিক ভাৰসাম্য হেৰুৱায়। পিছত ১৮৯৯ চনত তেওঁৰ পিতৃয়ে এই ইহসংসাৰ ত্যাগ কৰে।
শিক্ষা গ্ৰহণ
ব্যক্তিগত জীৱনৰ দৰে ৰঘুনাথ চৌধাৰীৰ শিক্ষা জীৱনো আছিল কঠোৰ প্ৰত্যাহ্বানেৰে ভৰা। পিতৃ-মাতৃৰ মৃত্যুৰ পিছত নিথৰুৱা হৈ পৰা ৰঘুনাথ চৌধাৰীয়ে সম্পৰ্কীয় ককায়েক গৰ্গৰাম চৌধাৰীৰ আশ্ৰয়ত থাকি ছাত্ৰবৃত্তি পৰীক্ষাত উত্তীৰ্ণ হৈ গুৱাহাটী চৰকাৰী হাইস্কুলত নামভৰ্তি কৰিছিল। কিন্তু চৰকাৰী হাইস্কুলত অধ্যয়ন কৰি থকাৰ সময়তে ভুল বুজাবুজি কাৰণে ৰঘুনাথ চৌধাৰীৰ শিক্ষকৰ লগত মনোমালিন্যৰ সৃষ্টি হয়, তাৰ পৰিণতিত তেওঁৰ আনুষ্ঠানিক শিক্ষা জীৱনৰ অন্ত পৰে। পৰৱৰ্তী সময়ত তেওঁ শুক্ৰেশ্বৰ ঘাটত থকা এখন সংস্কৃত টোলত মহামহোপাধ্যায় ধীৰেশ্বৰ ভট্টাচাৰ্য আৰু বাল্মুকুন্দ ঝাৰ অধীনত সংস্কৃত ব্যাকৰণ আৰু কাব্য অধ্যয়ন কৰে।
কৰ্মজীৱন
শিক্ষক বৃত্তিৰ লগত জড়িত ৰঘুনাথ চৌধাৰীয়ে প্ৰথমে উজান বজাৰৰ লতাশিল প্ৰাথমিক বিদ্যালয়ত শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ ১৯০৩ চনত গুৱাহাটী ৰোমান কেথলিক মিছনেৰী বালিকা বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ গুৱাহাটীৰ প্ৰগতি সংঘ আৰু সবিতা সভাৰ অন্যতম প্ৰতিষ্ঠাপক আছিল।
কাব্য সাহিত্যৰ জড়িয়তে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰা ৰঘুনাথ চৌধাৰীয়ে ১৯৩৬ চনত অসম সাহিত্য সভাৰ তেজপুৰত অনুষ্ঠিত ষোড়শ অধিৱেশনত সভাপতিৰ আসন অলংকৃত কৰিছিল। ইয়াৰ উপৰিও তেখেতে ১৯৪৮ চনত বিশ্ব শান্তি পৰিষদৰ অসম শাখাৰ সভাপতি, ১৯৫২ চনত সৰ্বভাৰতীয় শান্তি পৰিষদৰ কলিকতা অধিৱেশনৰ কৃষ্টি শাখাৰ সভাপতি, ১৯৫৫ চনত সৰ্বদলীয় সীমা নিৰ্ধাৰণ সমিতিৰ সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল।
গুৱাহাটীৰপৰা প্ৰকাশিত ‘জোনাকী’ কাকতৰ সহকাৰী সম্পাদক ৰূপে চৌধাৰীদেৱে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯২৩ চনত ‘মইনা’ নামৰ এখন শিশু আলোচনীৰো সম্পাদনাৰ দায়িত্ব পালন কৰিছিল। ইয়াৰ উপৰিও তেওঁ ১৯৩৬ চনৰ পৰা ১৯৩৮ চনলৈকে ‘জয়ন্তী’ আৰু পৰৱৰ্তী সময়ত ১৯৪২ চনৰ পৰা ১৯৪৪ চনলৈকে ‘সুৰভী’ কাকতৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
স্বাধীনতা আন্দোলনত যোগদান
ৰঘুনাথ চৌধাৰীয়ে ভাৰতৰ স্বাধীনতাৰ হকে মহাত্মা গান্ধীয়ে আৰম্ভ কৰা অসহযোগ আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰিছিল। এই আন্দোলনত যোগদান কৰাৰ বাবে তেওঁ ১৯২১ চনত চৈধ্য মাহৰ বাবে কাৰাবাস খাটিব লগীয়া হৈছিল।
ৰঘুনাথ চৌধাৰী সাহিত্যৰাজি
ৰঘুনাথ চৌধাৰীৰ প্ৰথম খন কাব্য সংকলন হ’ল ‘সাদৰী’। এইখন ১৯১০ চনত প্ৰকাশিত হৈছিল। ইয়াৰ উপৰিও তেখেতৰ আন কাব্য সংকলন সমূহ হ’ল- ‘কেতেকী’ (১৯১৮), ‘কাৰাবালা’ (১৯২৩), ‘দহিকতৰা’ (১৯৩১), ‘নৱমল্লিকা’ (১৯৫৮)। ইয়াৰে কেতেকী আৰু কাৰাবালা হ’ল কাব্য পুথি। নৱমল্লিকা হ’ল কথা কবিতাৰ পুথি। ইয়াৰ উপৰিও ‘মনাই বৰাগী’ নামৰ কাব্য সংকলনত ৰঘুনাথ চৌধাৰীৰ পিছৰ কবিতাসমূহ মৰণোত্তৰভাৱে সংকলিত কৰা হৈছে। তেখেতৰ সৰহভাগ ৰচনা ‘জোনাকী’, ‘আলোচনী’, ‘বাঁহী’ আদিত প্ৰকাশ হৈছিল।
ৰঘুনাথ চৌধাৰীৰ কবিতাত প্ৰকৃতিৰ সৌন্দৰ্যশালী ৰূপৰ প্ৰতিফলন ঘটা পৰিলক্ষিত হয়। ফুল আৰু চৰাইৰ প্ৰতি তেওঁৰ বিশেষ আকৰ্ষণ আছিল। তেওঁৰ প্ৰায় সংখ্যক কবিতা ফুল আৰু চৰাইক কেন্দ্ৰ কৰি ৰচিত। বিভিন্ন চিত্ৰকল্পৰ প্ৰয়োগেৰে তেওঁ সাৱলীল ছন্দোবদ্ধ ৰূপত প্ৰকৃতিৰ সাধাৰণ চিত্ৰ এটিও অসাধাৰণ ৰূপত উপস্থাপন কৰিছিল। ৰঘূনাথ চৌধাৰীদেৱে তেওঁৰ কবিতাত বিহংগম দৃষ্টিৰে বিনন্দীয়া প্ৰকৃতিৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিছে। প্ৰকৃতিৰ লগত থকা আত্মীয়তাৰ বাবেই বিশেষকৈ চৰাইৰ প্ৰতি থকা তেওঁৰ আকৰ্ষণৰ বাবে ৰঘুনাথ চৌধুৰীক ‘বিহগী কবি’ আখ্যা দিয়া হৈছে। প্ৰাক্তন মুখ্য ন্যায়াধীশ হলিৰাম ডেকাই পোন প্ৰথমে ৰঘুনাথ চৌধুৰীক ‘বিহগী কবি’ বুলি সম্ভাষণ জনাইছিল।
বিহগী কবি ৰূপে পৰিচিত হ’লেও ৰঘূনাথ চৌধাৰীয়ে গল্প ৰচনা কৰাও দেখা যায়। বিভিন্ন কাকত-আলোচনীত প্ৰকাশ হোৱা গল্পসমূহ মৰণোত্তৰভাৱে ‘পচতীয়া’ নামৰ গল্প পুথিখনত সংকলিত কৰা হৈছে।তেখেতে ‘কৰণি’ নামে এখন অপ্ৰকাশিত গল্প পুথি ৰচনা কৰিছিল।
সামৰণি
প্ৰকৃতি কবি ৰঘূনাথ চৌধাৰীৰ কবিতাত ৰোমান্টিক ভাৱধাৰাতকৈ সংস্কৃত কাব্যৰ পৰম্পৰাৰহে গভীৰ প্ৰভাৱ পৰা পৰিলক্ষিত হয়। ভাৰতীয় দৰ্শনৰ ৰহস্যবাদী ভাৱধাৰা তেওঁৰ কবিতাত প্ৰকাশিত হৈছে। প্ৰকৃতি তেওঁৰ বাবে শান্তিৰ উৎস। এইজনা প্ৰকৃতিপ্ৰেমী সৌন্দৰ্য পিপাসু মনৰ অধিকাৰী কবি ৰঘুনাথ চৌধাৰীয়ে ১৯৬৭ চনৰ ১৮ নৱেম্বৰত ইহ সংসাৰৰপৰা মেলানি মাগে।
ৰঘূনাথ চৌধাৰীদেৱে লাভ কৰা সন্মান
কামৰূপ সঞ্জীৱনী সভাই তেখেতক ‘কবিৰত্ন’ উপাধিৰে বিভূষিত কৰিছিল। ন্যায়াধীশ হলিৰাম ডেকাই ‘বিহগী কবি’ আখ্যা প্ৰদান কৰিছিল। ১৯৩৬ চনত এপ্ৰিলত তেজপুৰত হোৱা অসম সাহিত্য সভাৰ ষোড়শ সংখ্যক অধিবেশনৰ সভাপতি পদ অলংকৃত কৰিছিল। ১৯৪৮ চনত তেখেত শান্তি পৰিষদ অসম শাখাৰ সভাপতিৰূপে নিৰ্বাচিত হয়। কলিকতাত অনুষ্ঠিত “বিশ্ব শান্তি সন্মিলন”ত অংশগ্ৰহণ কৰিছিল আৰু ১৯৫২ চনত সৰ্বভাৰতীয় শান্তি পৰিষদৰ কলিকতাত অনুষ্ঠিত হোৱা অধিবেশনৰ কৃষ্টি শাখাৰ সভাপতি আছিল। ১৯৫৫ চনত তেখেত সৰ্বদলীয় সীমা নিৰ্ধাৰণ সমিতিৰ সভাপতি হয়। জাতীয় চেতনাৰে উদ্বুদ্ধ চৌধাৰীয়ে ১৯৬০ চনত ভাষা আন্দোলনৰ সময়ত অংশ গ্ৰহণ কৰি শ্বিলঙলৈ গৈ মন্ত্ৰীসকলক লগ ধৰি অসমীয়া ভাষাক ৰাজ্যিক ভাষাৰূপে স্বীকৃতি কৰিবলৈ দাবী জনাইছিল। তেওঁক ভাৰত চৰকাৰে সাহিত্যিক পেঞ্চন প্ৰদান কৰিছিল।
উৎস :
১)“অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত” ড°সত্যেন্দ্ৰনাথ শৰ্মা।
২)”অসমীয়া সাহিত্যৰ ৰূপৰেখা” ড° মহেশ্বৰ নেওগ।
২) “অসমীয়া কবিতাৰ বিচাৰ -বিশ্লেষণ” ড°অৰ্চনা পূজাৰী(সম্পাদনা)
৩)দেৱ কীৰ্তনীয়াৰ “ৰঘুনাথ চৌধাৰীৰ জীৱনী” শীৰ্ষক প্ৰৱন্ধ