দক্ষিণপাট সত্ৰ
প্ৰতিষ্ঠাকাল আৰু নামকৰণ
মাজুলীৰ দক্ষিণপাট সত্ৰ অসমৰ চাৰিখন ৰাজসত্ৰৰ ভিতৰত দ্বিতীয় শাৰীৰ সত্ৰ। এই সত্ৰৰ শিষ্যৰ সংখ্যা বাকী ৰাজসত্ৰকেইখনৰ ভিতৰত আটাইতকৈ বেছি। এই সত্ৰভাগ আহোম ৰজা জয়ধ্বজ সিংহৰ পৃষ্ঠপোষকতাত ১৫৮৪ শকত মাজুলীত স্থাপন কৰা হয়। জয়ধ্বজসিংহই ১৫৭৬ শকৰ পুহ মাহত ভতিয়া পাৰত পুখুৰী খন্দাই সেই পুখুৰীৰ পানী উলিয়াই উৎসৰ্গা কৰাৰ কাৰণে এগৰাকী সাধু ব্ৰাহ্মণৰ সন্ধান কৰাত ভেলাই পাঁচনি নামে এজন লোকে জনালে যে বেহাৰত (কোচবিহাৰ) বনমালীদেৱ নামেৰে এগৰাকী সাধক মহন্ত ব্ৰাহ্মণ আছে; উক্ত কাৰ্য্যৰ বাবে তেওঁ উপযুক্ত হ’ব বুলি বিবেচনা কৰি স্বৰ্গদেৱে তেওঁক নিমন্ত্ৰণ কৰি আনে। আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ আমন্ত্ৰণত তেওঁ বেহাৰ ৰাজ্যৰপৰা আহি অসমত থিতাপি লয়। পোনপ্ৰথমে নগাঁৱৰ জখলাবন্ধাত, পিছত মাজুলীৰ আঁহতগুৰিত আৰু শেষত ব্ৰহ্মপুত্ৰৰ দক্ষিণে ৰাঙলীবাহৰত বৈকুণ্ঠপুৰ সত্ৰ প্ৰতিষ্ঠা কৰে। ব্ৰহ্মপুত্ৰৰ দক্ষিণদিশত স্থাপন কৰাৰ বাবেই এই বৈকুণ্ঠপুৰ সত্ৰৰ নাম দক্ষিণপাট হয়। শ্ৰীশ্ৰী বনমালীদেৱ দক্ষিণপাট সত্ৰৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ আছিল। স্বৰ্গদেউ জয়ধ্বজ সিংহই শ্ৰীশ্ৰী যাদৱৰায়ৰ (ইষ্টদেৱতা) সেৱাৰ উদ্দেশ্যে ১০০জন ভকত আৰু ২০ জন পাইকৰ সৈতে ৩০০ পুৰা মাটি বনমালীদেৱক অৰ্পণ কৰে। পৰৱৰ্তী সময়ত চক্ৰধ্বজ সিংহ, উদয়াদিত্য সিংহ আৰু চুলিকফাই বনমালীদেৱৰ শিষ্যত্ব গ্ৰহণ কৰি সত্ৰৰ প্ৰতিপত্তি আৰু সমৃদ্ধি বৃদ্ধি কৰিছিল। আহোমৰ ৰাজত্বকালত ৰাজনৈতিক আৰু প্ৰশাসনিক বিষয়ত দক্ষিণপাট সত্ৰই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এই সত্ৰখন দামোদৰদেৱে প্ৰতিষ্ঠা কৰা ব্ৰহ্মসংহতি সম্প্ৰদায়ৰ অন্তৰ্গত এখন উদাসীন পৰম্পৰাৰ সত্ৰ। সময়ে সময়ে বিভিন্ন কাৰণত এই সত্ৰখন কেইবাবাৰো স্থানান্তৰ কৰিব লগা হৈছে। দক্ষিণপাট সত্ৰৰ মূল সত্ৰখন মাজুলীত অৱস্থিত। বৰ্তমান ইয়াৰ এখন শাখাসত্ৰ যোৰহাট জিলাৰ টীয়কত স্থাপন কৰা হৈছে৷
সত্ৰত পালনীয় ৰীতি-নীতি আৰু উৎসৱ-পাৰ্বন
শ্ৰীশ্ৰী যাদৱৰায় দক্ষিণপাট সত্ৰৰ প্ৰধান ইষ্টদেৱতা। যাদৱৰায়ৰ শিলৰ প্ৰতিমা সত্ৰৰ পূৱে থকা নামঘৰৰ বেদীত প্ৰতিষ্ঠা কৰা আছে। এই প্ৰতিমাভাগ বনমালী গোঁসায়ে পুৰুষোত্তম ক্ষেত্ৰৰপৰা আনিছিল। কথিত আছে যে এই প্ৰতিমাভাগ মহাভাৰতৰ যুগত ‘ৰাজসূয় যজ্ঞ’ত মূল বিগ্ৰহৰূপে যুধিষ্ঠিৰে উপাসনা কৰিছিল। তাৰোপৰি বৈকুণ্ঠনাথ, বংশীবদন, ব্ৰহ্মমোহন, অচ্যুতানন্দ, কলীয়া ঠাকুৰ, ভুৱনমোহন আদিৰ বিগ্ৰহো ইয়াত প্ৰতিষ্ঠা কৰা আছে।
সত্ৰাধিকাৰ গোস্বামীয়েই সকলোৰে সৰ্বেসৰ্বা। তেওঁৰ সন্মতি সাপেক্ষে ভকতসকলে মনোনীত কৰা ব্যক্তিবিশেষহে ডেকা অধিকাৰৰ পাটত বহিব পাৰে। ভক্তসকলৰ উপস্থিতিত নিৰ্মালি প্ৰদান কৰি ডেকা অধিকাৰ পদ প্ৰদান কৰা হয়। সত্ৰৰ অধিনায়ক হ’লেও সত্ৰ সম্পৰ্কীয় যিকোনো সিদ্ধান্ত বা গতানুগতিক নিয়ম পৰিৱৰ্তন বা লঙ্ঘন কৰিবলগীয়া হ’লে অধিকাৰ গোসাঁয়ে ভক্তসকলৰ পৰামৰ্শ গ্ৰহণ কৰি সেই কাৰ্যত প্ৰবৃত্ত হ’ব পাৰে। অৱশ্যে অধিকাৰৰ বিচাৰ-বিশ্লেষণৰদ্বাৰা উপনীত হোৱা সিদ্ধান্ততেই সকলোৱে সহমত প্ৰকাশ কৰে। সেয়ে অধিকাৰ গোস্বামীৰ ব্যক্তিগত চিন্তাধাৰাৰ ওপৰতেই সত্ৰখনৰ মংগল, উন্নতি, অৱনতি আদি নিৰ্ভৰ কৰে।
দক্ষিণপাট সত্ৰত ওজাপালি, নটুৱা, ৰজাঘৰীয়া নৃত্য, ইন্দ্ৰাভিষেক নৃত্যৰ প্ৰচলন আছে। দক্ষিণপাট সত্ৰত দৈনন্দিন চৈধ্য প্ৰসঙ্গৰ ক্ৰম পালন কৰা হয়। ইয়াত শাৰদীয় কালত তিনিদিনীয়াকৈ ৰাস মহোৎসৱ উদযাপন কৰা হয়। দক্ষিণপাট সত্ৰ কৃষ্ণৰ ৰাসলীলাৰ পথ প্ৰৱৰ্তক। সত্ৰৰ অধিকাৰসকলৰ তিথি, দামোদৰদেৱৰ তিথি, তিনি বিহু, পালনাম আদি অনুষ্ঠিত কৰা হয়। অৱশ্যে পালনীয় উৎসৱসমূহৰ ভিতৰত সত্ৰত ৰাসক অধিক প্ৰাধান্য দিয়া হয়। এইসমূহৰ উপৰিও সত্ৰৰ চৌহদৰ ভিতৰত শংকৰী সংস্কৃতিৰ লগত জড়িত অন্যান্য আচাৰ- অনুষ্ঠান নিয়মিতভাৱে পৰিৱেশন কৰা হয়।
দক্ষিণপাট সত্ৰত থকা পৌৰাণিক সম্পদ
দক্ষিণপাট সত্ৰত ভালেমান পৌৰাণিক সম্পদ সংৰক্ষিত কৰা দেখা যায়। সত্ৰৰ নামঘৰত ব্যৱহাৰ কৰা খুঁটাসমূহেও এক ঐতিহ্য বহন কৰে। এই খুঁটাবোৰ তুলসী কাঠেৰে নিৰ্মিত। সত্ৰত সংৰক্ষিত অৱস্থাত থকা সম্পদসমূহৰ ভিতৰত শালগ্রাম আৰু মহাপুৰুষ শংকৰদেৱে সোণৰ শলখাত ভৰাই দামোদৰদেৱক প্ৰদান কৰা ১৪৯৩ খ্ৰীষ্টাব্দত ৰচিত শ্ৰীধৰ স্বামীৰ সংস্কৃত টীকাযুক্ত ১০০ খিলা পাতৰ অর্ধদগ্ধ অৱস্থাৰ ভাগৱত গ্ৰন্থ অন্যতম। তাৰোপৰি প্ৰাক্-আহোম যুগৰ বিভিন্ন বিগ্ৰহ, আহোম যুগৰ তামৰ ফলি, বৃটিছৰ দিনৰ নথি, ৰজাদিনীয়া বৰটোপ, হেংদান, লাখুটি, নাৱৰ বিভিন্ন অংশ, কাঠৰ মূৰ্তি, সোণ-ৰূপৰ শৰাই, বঁটা, গাম খাৰু, গোটা হাতীদাঁতেৰে নিৰ্মিত আচবাব, প্ৰাচীন মুদ্ৰা, কুশল কোঁৱৰে দিয়া উৰাল আদি অনেক সম্পদ এই সত্ৰত সংৰক্ষিত কৰা হৈছে। ভালেসংখ্যক সাঁচিপতীয়া পুথিও এই সত্ৰত সংৰক্ষিত হৈ আছে। চিত্ৰ সম্বলিত পাণ্ডুলিপি সংকলনৰ বৃহৎ ভাণ্ডাৰৰ সংগ্ৰহ দক্ষিণপাট সত্ৰত দেখিবলৈ পোৱা যায়।
উৎস :
১) ‘পৱিত্ৰ অসম’ - ড° মহেশ্বৰ নেওগ (সম্পাদনা)
২) ‘সত্ৰ-সংস্কৃতিৰ ৰূপৰেখা’ - ড° কেশৱানন্দ দেৱগোস্বামী
৩) ‘শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰ’(প্ৰৱন্ধ) - ধ্ৰুৱজ্যোতি বৰুৱা
৪) ‘ৰিণিকি ৰিণিকি দেখিছোঁ মাজুলী’(প্ৰৱন্ধ) – ড° মৃদুস্মিতা ফুকন