তলাতল ঘৰ (Talatal Ghar)

Talatal Ghar/GS-V/Rudra Singha/Rajeshwar Singha
তলাতল ঘৰ (Talatal Ghar)
Published on

তলাতল ঘৰ

তলাতল ঘৰ অসমৰ ঐতিহাসিক চহৰ শিৱসাগৰৰ ৰংপুৰ নগৰত  অৱস্থিত। আহোম স্বৰ্গদেউসকলৰ দ্বাৰা নিৰ্মিত এই ৰাজপ্ৰসাদটো আহোম যুগৰ এক বৃহৎ কীৰ্তিচিহ্ন। ই আহোম স্থাপত্যকলাৰ এক উল্লেখযোগ্য নিদৰ্শন। স্বৰ্গদেউ ৰুদ্ৰসিংহই প্ৰথম তলাতল ঘৰ সজোৱাইছিল  যদিও বৰ্তমানৰ গাঁথনিটো ৰজা ৰাজেশ্বৰ সিংহৰ সময়তহে নিৰ্মাণ কৰা হয়।  প্ৰথমতে ইয়াক সেনা ঘাটি হিচাপে নিৰ্মাণ কৰা হৈছিল। সাত মহলাযুক্ত এই ৰাজপ্ৰসাদটিৰ ওপৰত চাৰি মহল আৰু ভূগৰ্ভত তিনিটা মহলা আছে। ভূগৰ্ভস্থ মহলাকেইটাত  দুটা গোপন সুৰংগ আছে। ইয়াৰে এটা  সুৰংগ ১৬ কি.মি. দীঘল; এইটো শত্ৰুৰ আক্ৰমণৰ সময়ত আত্মৰক্ষাৰ বাবে ব্যৱহাৰ কৰা হৈছিল।

ইতিহাস

১৭০২-০৩ চনত স্বৰ্গদেউ ৰুদ্ৰ সিংহই আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ স্থানান্তৰিত কৰে। প্ৰায় এক শতিকা ধৰি ৰংপুৰ আহোম ৰাজ্যৰ ৰাজধানী হিচাপে পৰিগণিত হৈ আছিল। ৰংপুৰলৈ ৰাজধানী স্থানান্তৰ কৰাৰ আগতেই স্বৰ্গদেউ ৰুদ্ৰসিংহই ১৬৯৮ খ্ৰীষ্টাব্দত তলাতল ঘৰ সাজি উলিয়াইছিল। কোচবিহাৰৰপৰা  ঘনশ্যাম নামৰ এগৰাকী স্থপতিবিদক আনি প্ৰথম অৱস্থাত অৰ্ধস্থায়ী সামগ্ৰী  অৰ্থাৎ কাঠ, বাঁহ আদিৰে তলাতল ঘৰ নিৰ্মাণ কৰা হৈছিল। পৰৱৰ্তী সময়ত তেওঁৰ উত্তৰাধিকাৰী ৰজা ৰাজেশ্বৰ সিংহই ইটা  আৰু  থলুৱাভাৱে তৈয়াৰী বিলাতী মাটিৰ সংমিশ্ৰণত পকীৰূপত তলাতল ঘৰ নিৰ্মাণ কৰে

স্থাপত্য

তলাতল ঘৰৰ কোঠালীবোৰ সমান্তৰালকৈ সজোৱা আৰু ইয়াৰ কাৰুকাৰ্য মোগল শিল্প শৈলীৰ লগত সাদৃশ্য থকা দেখিবলৈ পোৱা যায়। ইয়াৰ প্ৰত্যেকটো কক্ষ একোটা সৰু পথেৰে সংলগ্ন। ইয়াৰ প্ৰথম মহলৰ ওপৰ ভাগ উন্মুক্ত আৰু কোঠালীবোৰ অসমীয়া গৃহবিন্যাস আৰ্হিৰে সজোৱা। এই ৰাজপ্ৰসাদৰ পশ্চিম দিশত এটি আঠকোণীয়া মন্দিৰ আছে।

স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ মৃত্যুৰ পিছত মহলটোৰ গঠন প্ৰণালী বহুখিনি সালসলনি কৰা হয়। ফলস্বৰূপে ইয়াৰ আকৃতি বিকৃত হৈ পৰিছিল। বৰ্তমানৰ কেইবামহলীয়া তলাতল ঘৰটো স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ শাসনকালত ১৭৫১-১৭৬৯ চনৰ ভিতৰত সাজি উলিওৱা হৈছিল। ইয়াত পূবৰ পৰা পশ্চিমলৈ দীঘলীয়া বুলনিযুক্ত কেইবাটাও কোঠালী আছে। এই প্ৰসাদটো সাতমহলীয়া; চাৰিটা মহল মাটিৰ ওপৰত আৰু তিনিটা মহল মাটিৰ তলত আছে। তলৰ মহলাটো আস্তাবল, ভঁৰাল আৰু লগুৱাৰ কোঠা হিচাপে ব্যৱহৃত হৈছিল। ৰাজকীয় কোঠালীবোৰ ওপৰৰ মহলাত আছিল। উত্তৰফালৰ আঠকোণীয়া ‘পূজা ঘৰ’ৰ ওচৰত থকা ৰাজকীয় কোঠাকেইটাৰ বাহিৰে বৰ্তমান আনবোৰ দেখা নাযায়। দক্ষিণফালে থকা অকলশৰীয়া কোঠাটো ৰাণীয়ে ব্যৱহাৰ কৰিছিল বুলি অনুমান কৰা হয়।

স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ‍ই প্ৰসাদটোত ভূগৰ্ভত তিনিটা মহল নিৰ্মাণ কৰাইছিল। এইকেইটা ইটা আৰু এবিধ থলুৱাভাৱে নিৰ্মিত বিলাতী মাটিৰে সজা হৈছিল। ইয়াৰ স্থাপত্য সমসাময়িক মোগলসকলৰ স্থাপত্য কলাৰ লগত কিছু মিল থকা দেখা যায়।  তলাতল ঘৰত মাটিৰ তলত দুটা গোপন সুৰংগ আছিল। তাৰে এটাৰ দৈৰ্ঘ্য আছিল প্ৰায় ৩ কিলোমিটাৰ; এইটো দিখৌ নৈৰ লগত সংযোগী আছিল। প্ৰায় ১৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ আনটো সুৰংগ‍ই তলাতল ঘৰক গড়গাঁৱৰ কাৰেং ঘৰৰ লগত সংযোগ কৰিছিল। শত্ৰুৰ আক্ৰমণত আত্মগোপন কৰাৰ বাবে এই সুৰংগকেইটা নিৰ্মাণ কৰা হৈছিল। তলাতল ঘৰৰ চাৰিওফালে ইটাৰ দেৱাল আৰু পানীৰে আৱৰি থকা মাটিৰ গড় আছিল। যিহেতু তলাতল ঘৰক সেনাৰ ঘাটি হিচাপে ব্যৱহাৰ কৰা হৈছিল, সেয়ে প্ৰসাদটোৰ ওচৰত অস্ত্ৰ-শস্ত্ৰ জমা ৰখা ‘খাৰ ঘৰ’  এটাও আছে।

EAANg766aH1QBOzRzPcynroGauPTSN9eHFbB4p8JIqdt4GHeOMB6Oitqtd3xuqdqML3B6ojiVZCVLT4nX9twhptT4hQzchniTPcbqkd2LHicZBfbOtumzGkppnY2MUKUoGMx6hovy7eH851wtALd1A9IAHpHHkIy1Jmcs8minxwByHU0cWqcqbaaJW60TvWAAZDZD
logo
Advait IAS
advaitias.com