জোনাকী যুগৰ ত্ৰিমূৰ্তি

জোনাকী যুগৰ ত্ৰিমূৰ্তি
Published on

চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱা এই তিনিগৰাকী বৰেণ্য সাহিত্যিকক জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয়।

চন্দ্ৰকুমাৰ আগৰৱালা:

১৮৬৭ চনৰ ২৮ নৱেম্বৰত শোণিতপুৰ জিলাৰ গহপুৰৰ কলংপুৰ মৌজাত চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম হয়। তেওঁৰ পিতৃ আছিল হৰিবিলাস আগৰৱালা আৰু মাতৃ মলমা দেৱী। তেজপুৰত স্কুলীয়া শিক্ষা সাং কৰাৰ পিছত চন্দ্ৰকুমাৰ আগৰৱালাই কলিকতালৈ উচ্চ শিক্ষা অৰ্জনৰ বাবে যাত্ৰা কৰে। কলিকতাত পঢ়ি থকা কালতে চন্দ্ৰকুমাৰ আগৰৱালাই হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱাকে ধৰি এচাম অসমীয়া ছাত্ৰৰ লগত লগ লাগি অসমীয়া ভাষা উন্নতি সাধিনী সভা প্ৰতিষ্ঠা কৰে আৰু ১৮৮৯ চনত প্ৰসিদ্ধ অসমীয়া আলোচনী 'জোনাকী' প্ৰকাশ কৰে। চন্দ্ৰকুমাৰ আগৰৱালা জোনাকীৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। জোনাকীৰ পাততে তেওঁ  'বনকুঁৱৰী' (প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা) কবিতাটিৰে অসমীয়া সাহিত্যলৈ ৰমন্যাসবাদৰ ঢল নমাই আনে। তেওঁৰ প্ৰথম কবিতা পুথি 'প্ৰতিমা' ১৯১৩ চনত প্ৰকাশ পায়। তেওঁৰ আন কবিতাপুথি সমূহ হ'ল - বীণবৰাগী (১৯২৩), চন্দ্ৰামৃত (১৯৬৭-মৰণোত্তৰভাৱে প্ৰকাশ) আদি। প্ৰতিমাৰ খনিকৰ নামে জনাজাত এইগৰাকী সাহিত্যিকে পৰৱৰ্তী কালত 'অসমীয়া'(১৯১৮), সাদিনীয়া অসম (১৯২৪) আদি বাতৰি-কাকত প্ৰকাশ কৰি উলিয়াইছিল। চন্দ্ৰকুমাৰ আগৰৱালাৰ কিছুমান উল্লেখযোগ্য কবিতা হ'ল - তেজীমলা, মাধুৰী, মহাত্মা, নিয়ৰ, মানৱ বন্দনা ইত্যাদি। ১৯৩৮ চনৰ ২ মাৰ্চত চন্দ্ৰকুমাৰ আগৰৱালাৰ মৃত্যু হয়।

হেমচন্দ্ৰ গোস্বামী:

জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ এজন হেমচন্দ্ৰ গোস্বামীৰ জন্ম হৈছিল ১৮৭২ চনত গোলাঘাটৰ  ঢেকিয়াল মৌজাত। তেওঁৰ পিতা আছিল ডম্বৰুধৰ গোস্বামী আৰু মাতৃ আছিল ঘনকান্তী দেৱী। সত্ৰীয়া পৰিৱেশত শৈশৱ অতিবাহিত কৰাৰ পিছত হেমচন্দ্ৰ গোস্বামীয়ে নগাঁৱৰ পৰা পঢ়াশলীয়া শিক্ষা সাং কৰি কলিকতাৰ প্ৰেছিডেন্সী কলেজত উচ্চ শিক্ষাৰ বাবে নামভৰ্তি কৰে। কলিকতাত থকা কালতে চন্দ্ৰকুমাৰ আগৰৱালা আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ সৈতে তেওঁৰ সংযোগ ঘটে। কলিকতাত অসমীয়া ভাষা-সাহিত্যৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা কৰাৰ পিছত হেমচন্দ্ৰ গোস্বামী অসমলৈ উভতি আহে আৰু শিক্ষকতা বৃত্তিৰে কৰ্মজীৱনৰ পাতনি মেলে। পৰৱৰ্তী সময়ত তেওঁ নানা কৰ্মক্ষেত্ৰত নিয়োজিত হৈ পৰে।

ইটালিয়ান গীতিকবি পেট্ৰাৰ্কৰ আৰ্হিত প্ৰথম অসমীয়া ছনেট কবিতা ৰচক হিচাপে হেমচন্দ্ৰ গোস্বামীয়ে অসমীয়া কবিতালৈ এক নৱ-ৰসৰ সঞ্চাৰ কৰিছিল। 'প্ৰিয়তমাৰ চিঠি' তেওঁৰ অতি জনপ্ৰিয় ছনেট বা চতুৰ্দশপদী কবিতা। তেওঁৰ 'পুৱা' কবিতাটোৰ আধুনিক অসমীয়া কাব্য আন্দোলনৰ বাটকটীয়া হিচাপে গণ্য কৰা হয়। তেওঁৰ সম্পাদনাত প্ৰকাশিত কিছুমান গুৰুত্বপূৰ্ণ গ্ৰন্থ হ'ল - দৰং ৰাজবংশাৱলী, ভট্টদেৱৰ কথা ভাগৱত, সুকুমাৰ বৰকাইথৰ হস্তী-বিদ্যাৰ্ণৱ, শ্ৰীহস্ত-মুক্তাৱলী, পুৰণি অসমীয়া বুৰঞ্জী আদি। ১৯২০ চনত তেজপুৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেখেতে সভাপতিত্ব কৰিছিল। ১৯২৮ চনত তেওঁ মৃত্যুবৰণ কৰে।

লক্ষ্মীনাথ বেজবৰুৱা :

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ জন্ম হৈছিল ১৮৬৪ চনৰ ১৪ অক্টোবৰত আঁহতগুৰিত। তেওঁৰ পিতৃ দীননাথ বেজবৰুৱা আৰু মাতৃ থানেশ্বৰী দেৱী।

অসমীয়া সাহিত্যৰ পথ-প্ৰদৰ্শক লক্ষ্মীনাথ বেজবৰুৱাদেৱে গল্প, কবিতা, নাটক, প্ৰবন্ধ, ব্যংগ ৰচনা, সমালোচনা, জীৱনী, শিশু সাহিত্য আদি সাহিত্যৰ প্ৰায় সমূহ দিশলৈ অতুলনীয় অৱদান আগবঢ়াই থৈ গৈছে।

কলিকতাত শিক্ষা সাং কৰি লক্ষ্মীনাথ বেজবৰুৱাই প্ৰাথমিক অৱস্থাত বিশিষ্ট ব্যৱসায়ী ভোলানাথ বৰুৱাৰ সৈতে লগ লাগি কাঠৰ ব্যৱসায় আৰম্ভ কৰে। দীৰ্ঘকালীন যৌথ ব্যৱসায়ৰ পিছত লক্ষ্মীনাথ বেজবৰুৱাই স্বাধীনচিতীয়াকৈ কাঠৰ ব্যৱসায়ত নামে আৰু সেইসূত্ৰে তেওঁ উৰিষ্যাৰ সম্বলপুৰত থাকিবলৈ লয়। লক্ষ্মীনাথ বেজবৰুৱাই পশ্চিমবংগৰ জোড়াসাঁকোৰ ঠাকুৰ পৰিয়ালৰ প্ৰজ্ঞাসুন্দৰীক বিয়া কৰাইছিল।

জোনাকীৰ জৰিয়তে সাহিত্যিক হিচাপে আত্মপ্ৰকাশ কৰাৰ পিছত লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া বৌদ্ধিক চেতনাৰ প্ৰাণ সঞ্চাৰকাৰী জাতীয় নায়ক হিচাপে নেতৃত্ব লৈ অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে। এইগৰাকী 'সাহিত্যৰথী'ৰ সৃষ্টিৰাজি তলত বৰ্ণনা কৰা হ'ল -

১. নাটক -

বুৰঞ্জীমূলক নাটক - বেলিমাৰ, চক্ৰধ্বজ সিংহ, জয়মতী কুৱঁৰী।

হাস্য-ব্যংগমূলক নাটক - লিটিকাই, পাঁচনি, নোমাল, চিকৰপতি-নিকৰপতি

২. কবিতপুথি - কদমকলি (১৯১৩),

৩. চুটিগল্প সংকলন - প্ৰথম অসমীয়া চুটিগল্প ৰচক লক্ষ্মীনাথ বেজবৰুৱাৰ চুটিগল্প পুথিসমূহ হ'ল - সুৰভি (১৯০৮), সাধুকথাৰ কুঁকি (১৯১২), জোনবিৰি (১৯১৩), কেকোঁকলি।

৪. উপন্যাস - পদুম-কুঁৱৰী (১৯০৫)

৫. সাধুকথাৰ পুথি - বুঢ়ী আইৰ সাধু, ককাদেউতা আৰু নাতিল'ৰা, জুনুকা

৬. জীৱনী গ্ৰন্থ - ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন চৰিত, কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, দেশবন্ধু চিত্তৰঞ্জন দাস ইত্যাদি

৭. আত্মজীৱনী - মোৰ জীৱন সোঁৱৰণ (১৯৪৪)

৮. ধৰ্মীয় তত্বমূলক গ্ৰন্থ - শ্ৰী শংকৰদেৱ, শ্ৰী মাধৱদেৱ, শ্ৰী কৃষ্ণ কথা, তত্ব কথা ইত্যাদি।

৯. হাস্য-বংগ্য ৰচনা - কৃপাবৰ বৰুৱা ছদ্মনামত লিখা তেখেত হাস্য-বংগ্য ৰচনাসমূহৰ একাংশ হ'ল - কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰবৰুৱাৰ ভাবৰ বুৰবুৰণি, কৃপাবৰ বৰুৱাৰ ওভোটনি, বৰবৰুৱাৰ বোলনি আদি।

১০. সম্পাদিত আলোচনী - জোনাকী, বাঁহী

১১. সাংগঠনিক দায়িত্ব - সমাজ সংগঠক হিচাপে লক্ষ্মীনাথ বেজবৰুৱাই কলিকতাত ছাত্ৰ অৱস্থাত অসমীয়া ভাষা উন্নতি সাধিনী সভা প্ৰতিষ্ঠা, অসম ছাত্ৰ সন্মিলনীৰ ১৯১৬ চনৰ অধিৱেশনৰ সভাপতি, ১৯২৪ চনৰ অসম সাহিত্য সভাৰ সভাপতি আদি দায়িত্ব অলংকৃত কৰিছিল।

পাশ্চাত্য সাহিত্যৰ মাণিক বুটলি স্বকীয়তাৰে অসমীয়া সাহিত্যৰ নব্যধাৰাক বেজবৰুৱাদেৱে দেশাত্মবোধ, আত্মচেতনা, আত্মমৰ্যাদা, ভাষাৰ কালিকা শক্তি, সংস্কাৰমুখী জাতীয় চেতনা আদি বৈশিষ্টৰে এক অমূল্য অৱদান আগবঢ়াইছে। যাৰ বাবে জোনাকী যুগৰ পৰা বিংশ শতিকাৰ তৃতীয় দশকলৈ এই সময়ছোৱাক বেজবৰুৱাৰ যুগ বুলিও কোৱা হয়। ১৯৩৮ চনৰ ২৩ মাৰ্চত লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যু হয়।

জোনাকী আলোচনী :

কলিকতাত অধ্যয়নৰত এচাম অসমীয়া ছাত্ৰৰ প্ৰচেষ্টাত গঢ় লৈ উঠা অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ মুখপত্ৰ হিচাপে ১৮৮৯ চনৰ ৯ ফ্ৰেব্ৰুৱাৰীত প্ৰথমবাৰৰ বাবে চন্দ্ৰকুমাৰ আগৰৱালাৰ সম্পাদনাত জোনাকী প্ৰকাশ পাইছিল। অৰুণোদইৰ পৰৱৰ্তী বাটকটীয়া হিচাপে জোনাকী আলোচনীয়ে অসমীয়া সাহিত্যৰ পথাৰলৈ নৱ সাহিত্যিক উপাদানৰ জোঁৱাৰ আনিছিল। জোনাকীৰ মাধ্যমেৰেই অসমীয়া সাহিত্যই ন-ৰূপেৰে পশ্চিমীয়া সাহিত্যৰ নানা দিশ আকোঁৱালি লৈছিল। জোনাকীৰ দ্বিতীয়গৰাকী সম্পাদক আছিল হেমচন্দ্ৰ গোস্বামী। ইয়াৰ পিছত সত্যনাথ বৰা আৰু কনকলাল বৰুৱাৰ প্ৰচেষ্টাত গুৱাহাটীৰ পৰা জোনাকী প্ৰকাশ পাইছিল। ১৯০৩ চনলৈ জোনাকীৰ প্ৰকাশ অব্যাহত আছিল।

জোনাকী যুগ : ১৮৯৯ চনৰ পৰা ১৯০৩ চনলৈ, এই সময়ছোৱাত জোনাকী আলোচনীয়ে অসমীয়া সাহিত্যলৈ ৰূপ-পৰিৱৰ্তনৰ জোঁৱাৰ কঢ়িয়াই অনা বাবে এই সময়ছোৱাক জোনাকী যুগ বুলিও কোৱা হয়। জোনাকীৰ বাটত চন্দ্ৰকুমাৰ আগৰৱালাই 'বনকুঁৱৰী' কবিতাৰে অসমীয়া সাহিত্যত ৰোমাণ্টিকতাবাদৰ সূচনা কৰে। হেমচন্দ্ৰ গোস্বামীয়ে 'প্ৰিয়তমাৰ চিঠি' শীৰ্ষক কবিতাৰে অসমীয়া সাহিত্যত ছনেট বা চতুৰ্দশপদী কাব্যধাৰাৰ সূত্ৰপাত ঘটায়। লক্ষ্মীনাথ বেজবৰুৱাই 'কৃপাবৰ বৰুৱাৰ  কাকতৰ টোপোলা' শীৰ্ষক খুহুতীয়া হাস্য-বংগ্য ৰচনাৰে সমকালীন অসমীয়া সমাজৰ দুৰ্বলতা আৰু নেতিবাচক দিশসমূহ ক্ষুৰধাৰ ভাষাৰে আঙুলিয়াই দি শুধৰণিৰ বাবে জাতীয় চেতনাবোধ জাগ্ৰত কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল। সেয়ে, এই তিনিওগৰাকী মহান সাহিত্যিক জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি গণ্য কৰা হয়। এওঁলোকৰ সমূহীয়া প্ৰচেষ্টাত সহযোগিতা আগবঢ়াই জোনাকীৰ লগত জড়িত থকা বিশিষ্ট সাহিত্যিকসকল হ'ল - কমলাকান্ত ভট্টাচাৰ্য্য, পদ্মনাথ গোহাঞিবৰুৱা, দেৱকান্ত বৰুৱা, সত্যনাথ বৰা, কনকলাল বৰুৱা, আনন্দ চন্দ্ৰ আগৰৱালা, ধৰ্মেশ্বৰী দেৱী বৰুৱানী, নলিনীবালা দেৱী,  ৰঘূনাথ চৌধাৰী,  আনন্দ চন্দ্ৰ বৰুৱা, যতীন্দ্ৰনাথ দুৱৰা আদি। জোনাকীয়ে বিশেষকৈ অসমীয়া কাব্য সাহিত্যৰ পথাৰখনত এক অভূতপূৰ্ব পৰিৱৰ্তন আনিছিল।

EAANg766aH1QBOzRzPcynroGauPTSN9eHFbB4p8JIqdt4GHeOMB6Oitqtd3xuqdqML3B6ojiVZCVLT4nX9twhptT4hQzchniTPcbqkd2LHicZBfbOtumzGkppnY2MUKUoGMx6hovy7eH851wtALd1A9IAHpHHkIy1Jmcs8minxwByHU0cWqcqbaaJW60TvWAAZDZD
logo
Advait IAS
advaitias.com