GS ৫

ঐতিহাসিক পাটবাউসী সত্ৰ

Advait IAS

সত্ৰ নগৰী বৰপেটাৰ কাষতে অৱস্থিত পাটবাউসী সত্ৰ পাটবাউসী থান নামেৰেও জনাজাত। আহোম ৰাজ্যৰ পৰা ভটিয়াই অহাৰ পিছত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰায় পোন্ধৰ বছৰ কাল এই সত্ৰতে স্থায়ীভাৱে থাকি ধৰ্মপ্ৰচাৰৰ লগতে শাস্ত্ৰ, পুথি-পাঁজিও ৰচনা কৰিছিল।

জনশ্ৰুতিমতে, পাটবাউসী নামৰ ঠাইডোখৰ আগতে বৰলচোং বা বৰলজাৰ বুলি জনা গৈছিল। ই আছিল সেই সময়ৰ কোচ ৰাজবংশৰ শাসনাধীন বাউসী পৰগণাৰ অন্তৰ্গত। শংকৰদেৱে এই স্থানত সত্ৰ স্থাপন কৰাৰ পিছত ই অঞ্চলটোৰ ভিতৰত এক 'পাট' বা শ্ৰেষ্ঠস্থান হিচাপে পৰিগণিত হয় আৰু জনমানসত ই 'পাটবাউসী' নামেৰে পৰিচিত হৈ উঠে। পাটবাউসী সত্ৰৰ কাষেৰে ধনুখন্দা জান বৈ গৈছে। এই ধনুখন্দা জানৰ উৎপত্তিৰ আঁৰত শ্ৰীকৃষ্ণ জড়িত থকাৰ প্ৰবাদ প্ৰচলিত হৈ আহিছে।

পাটবাউসীত থকা কালতেই শংকৰদেৱে প্ৰায় ৯০ বছৰ বয়সত ৰামৰাম গুৰু, মাধৱদেৱ, হৰিদেৱ আদি শিষ্যসহিতে দ্বিতীয়বাৰৰ বাবে তীৰ্থভ্ৰমণলৈ যায়। পাটবাউসীত থকা কালতে গুৰুজনাই কীৰ্তন ঘোষাৰ ৰচনা সম্পূৰ্ণ কৰে। তাৰোপৰি ভাগৱতৰ স্কন্ধ সমূহৰ অনুবাদ, কুৰুক্ষেত্ৰ, বলিছলন, অনাদি-পাতন আদি ৰচনাৰ উপৰি ভক্তি-প্ৰদীপ, নিৱি-নৱ-সিদ্ধ সংবাদ, ভক্তি-ৰত্নাকৰ আদি পুথি, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, কালীয় দমন নাট শংকৰদেৱে পাটবাউসীত ৰচনা কৰিছিল। পাটবাউসীত থকা কালতেই শংকৰদেৱক কোচ ৰজা নৰনাৰায়ণে ৰাজসভালৈ মাতি নিয়ে আৰু পৰৱৰ্তী সময়ত ৰজাৰ অনুৰোধত শংকৰদেৱে পাটবাউসীৰ সমীপৰ তাঁতীকুছিত বৃন্দাবনী বস্ত্ৰ তৈয়াৰ কৰিছিল।

শংকৰদেৱৰ পদৰেণু-ৰঞ্জিত পাটবাউসী থানত শংকৰদেৱৰ সাঁচিপতীয়া পুথি, ৰজাদিনীয়া সামগ্ৰী, শংকৰদেৱে ব্যৱহাৰ কৰা কাঠৰ পীৰা, ভাওনাৰ কাঠমুখা, গুৰুজনাৰ পদ চিহ্ন তথা পদশিলা , কালিন্দী আইৰ বাসগৃহ শোৱা খাট তথা ব্যৱহাৰ কৰা পাটকুঁৱা আদি সংৰক্ষিত হৈ আছে। নৰনাৰায়ণৰ অনুৰোধত ৰচনা কৰা গুণমালাৰ প্ৰতিলিপি এই সত্ৰত সংৰক্ষিত হৈ আছে। পৰৱৰ্তীকালত, আহোম স্বৰ্গদেউ লক্ষ্মীসিংহই এই সত্ৰলৈ ৰাজকীয় অনুদান আগবঢ়াইছিল।

শংকৰদেৱ স্থাপিত পাটবাউসী থানৰ কাষতে গুৰুআজ্ঞা মানি দামোদৰদেৱেও এখনি থান স্থাপন কৰিছিল। এই পাটবাউসীতে শংকৰদেৱ-দামোদৰদেৱৰ মিলন ঘটিছিল। এইখন থানত কথা-ভাগৱত, কথা-গীতা, ভক্তি ৰত্নাৱলী, প্ৰসংগ মালা, ভক্তি-বিবেক আদি সাঁচিপাতৰ পুথি সংৰক্ষিত হৈ আছে। এই থানলৈও পৰৱৰ্তীকালত স্বৰ্গদেউ শিৱসিংহ, প্ৰমত্তসিংহই ৰজাঘৰীয়া স্বীকৃতি প্ৰদান কৰিছিল।