আউনীআটী সত্ৰ
আউনীআটী সত্ৰ (Auniati Satra)ৰ প্ৰতিষ্ঠা
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু শ্ৰী মাধৱদেৱে অসমত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে স্থাপন কৰা অন্যান্য অনুষ্ঠানসমূহৰ ভিতৰত সত্ৰ অন্যতম। উপাস্য দেৱতাৰ উপাসনা কৰা, বিভিন্ন ধৰ্মীয় তত্ত্ব সম্পৰ্কে চৰ্চা কৰা আৰু সমাজত বৈষ্ণৱ ধৰ্মৰ প্ৰসাৰ ঘটোৱাৰ উদ্দেশ্যে সত্ৰসমূহ প্ৰতিষ্ঠা কৰা হৈছিল।
ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰা অসমৰ চাৰি সত্ৰৰ অন্যতম হ’ল আউনীআটী সত্ৰ। আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহই ১৬৫৩ চনত মাজুলীত আউনীআটী সত্ৰ নিৰ্মাণ কৰায়। অসমত ১৬ শ শতিকাত ক্ৰমান্বয়ে বৃদ্ধি পোৱা নৱবৈষ্ণৱ ধৰ্মই আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহক প্ৰভাৱিত কৰিছিল। সেয়ে তেওঁ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰসাৰৰ উদ্দেশ্যে আউনীআটী সত্ৰ প্ৰতিষ্ঠা কৰে। এই সত্ৰৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ আছিল শ্ৰীনিৰঞ্জনদেৱ। স্বৰ্গদেউ জয়ধ্বজ সিংহই সত্ৰাধিকাৰ শ্ৰীনিৰঞ্জনদেৱৰদ্বাৰা বৈষ্ণৱ ধৰ্মত দীক্ষিত হয়। মহাপুৰুষীয়া ধৰ্ম গ্ৰহণ কৰা তেওঁ আছিল প্ৰথম আহোম স্বৰ্গদেউ। আহোম মতে প্ৰথমে তেওঁৰ নাম আছিল চুটাম্লা। মহাপুৰুষীয়া ধৰ্ম গ্ৰহণৰ পিছতহে তেওঁ জয়ধ্বজ সিংহ নাম লয়। স্বৰ্গদেৱে মুঠ ৮১,৬৫০ বিঘা মাটি ‘দেৱত্ৰ’ আৰু ‘ব্ৰহ্মত্ৰ’ নামেৰে দুটা ভাগত বিভক্ত কৰি সত্ৰৰ দ্বাৰা চোৱা-চিতা কৰিবলৈ প্ৰদান কৰিছিল। আহোম স্বৰ্গদেউৰ দৃষ্টিত অসমৰ সকলো সত্ৰৰ ভিতৰত আউনীআটী সত্ৰৰ স্থান সকলোতকৈ ওচৰত আছিল।
প্ৰচলিত মতবাদ অনুসৰি আহোম স্বৰ্গদেৱে মাজুলীৰ যি স্থানত সত্ৰ প্ৰতিষ্ঠা কৰিবলৈ অনুমোদন জনাইছিল, তাত আউনী পানৰ এখন ডাঙৰ বাৰী আছিল। এই আউনী পানৰ বাৰীখন বন্ধাই ইয়াতে সত্ৰৰ ভেঁটি নিৰ্মাণ কৰা হয়। সেয়ে এই সত্ৰক আউনীআটী নামেৰে নামকৰণ কৰা হয়।
আউনীআটী সত্ৰ (Auniati Satra)ৰ ভিতৰভাগৰ গঠন
আউনীআটী সত্ৰৰ উপাস্য দেৱতা হ’ল শ্ৰী গোৱিন্দ মহাপ্ৰভু। সত্ৰৰ মণিকূটভাগত ভগৱান গোবিন্দ মহাপ্ৰভুৰ বিগ্ৰহ প্ৰতিষ্ঠা কৰা আছে। এই বিগ্ৰহভাগক পুৰীৰ জগন্নাথ ক্ষেত্ৰৰপৰা আনি সম্পূৰ্ণ বৈদিক প্ৰথাৰে স্থাপন কৰা হৈছিল। মূল বিগ্ৰহৰ উপৰিও ইয়াত আন আন মূৰ্তিও প্ৰতিষ্ঠা কৰা আছে।
সত্ৰৰ নামঘৰত গোবিন্দ মহাপ্ৰভুৰ প্ৰতি ভক্তিভাৱেৰে নিয়মীয়াকৈ চৈধ্য প্ৰসংগ কৰা হয়। বৈষ্ণৱসকলৰদ্বাৰা নামঘৰত সত্ৰীয়া নৃত্যৰ অনুশীলন কৰা হয়। সত্ৰৰ মূল নাম-কীৰ্তনভাগ ৩৫০ বছৰ ধৰি পুৱাৰ পৰা গধূলিলৈকে অনুষ্ঠিত হৈ আহিছে।
আউনীআটী সত্ৰখনৰ গঠন ঘূৰণীয়া আকৃতিৰ। নামঘৰসহ মণিকূটক মাজত লৈ সত্ৰৰ চাৰিওদিশে ভকতৰ “বহা”সমূহ আছে। এই ‘বহা’সমূহত সত্ৰৰ ভকতসকল থাকে। সত্ৰাধিকাৰজন নামঘৰৰ মণিকূটৰ কাষতে উত্তৰ দিশৰ এটি গৃহত থাকে। “ডেকা সত্ৰাধিকাৰ” উত্তৰ হাটীৰ সোঁমাজত থাকে আৰু “গোবিন্দ পুৰীয়া সত্ৰাধিকাৰ”জন পূব হাটীৰ সোঁমাজত থাকে৷সত্ৰত মুঠ “উদাসীন ভকতৰ” সংখ্যা প্ৰায় ৫৫০ জন।
আউনীআটী সত্ৰত নামঘৰ, মণিকূট, গুৰুগহ, ভকতৰ চাৰিহাটী, ধনভঁৰাল, চাউল ভঁৰাল, কৰাপাটৰ উপৰিও ৰাঙলী চ’ৰা, পুথিভঁৰাল, সংগ্ৰহালয়, আলহীঘৰ, সংস্কৃত টোল, ছপাশাল, মুকলি ৰংগমঞ্চও আছে।
আউনীআটী সত্ৰ (Auniati Satra)ৰ পালনীয় কাৰ্যৰ বিৱৰণী
আউনীআটী সত্ৰ অসমৰ শংকৰী সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ। নিয়মীয়া ধৰ্মীয় আচাৰ অনুষ্ঠানৰ উপৰিও বছৰৰ আন আন উল্লেখযোগ্য দিন, যেনে- পাল নাম, ৰাসলীলা, জন্মাষ্টমী, ফাকুৱা, ব’হাগ বিহু, কাতি বিহু আদিত গোবিন্দ মহাপ্ৰভুৰ উদ্দেশ্যি অনুষ্ঠান আয়োজন কৰা হয়। সত্ৰত সত্ৰীয়া গীত-নৃত্য, নাম-প্ৰসঙ্গ, ভাওনা আদি পৰিৱেশন কৰা হয়। সত্ৰত পৰিবেশিত মুখ্য নৃত্য শৈলীসমূহ হৈছে- নটুৱা, অপ্সৰা, সূত্ৰধাৰ, ওজাপালি, চালি, কৃষ্ণ-গোপী নৃত্য, মাটি আখৰা আৰু গায়ন-বায়ন। সত্ৰীয়া গীতসমূহৰ ভিতৰত গায়ন গীত, ওজাপালি গীত, জন্মাষ্টমী গীত, ৰাস গীত, গোপাল বৈৰাগ্য গীত, ৰজাঘৰীয়া গীত, গুৰু বন্দনা, দেৱ বন্দনা আৰু নাটৰ মাজৰ গীত অন্যতম। নামসমূহ হ’ল- হিয়া নাম, দিহা নাম, বৈৰাগী নাম, বৰনাম, নাম মঙ্গল, ঘোষা মঙ্গল, ৰাস মঙ্গল আদি।কাতি মাহৰ ২৫ তাৰিখৰ পৰা ২৯ তাৰিখলৈকে সত্ৰত “পাল নাম” অনুষ্ঠিত কৰা হয়। “শৰণ”, “ভজন” আৰু “মালামন্ত্ৰদান” আদি আধ্যাত্মিক ৰীতিসমূহ সত্ৰাধিকাৰ বা তেওঁৰ মুখ্য শিষ্যসকলে অনুষ্ঠিত কৰে।
আউনীআটী সত্ৰৰ তৰফৰপৰা নতুন দিল্লীত ভাৰতৰ গণতন্ত্ৰ দিৱস, ৰাষ্ট্ৰপতি ভৱনৰ বিশেষ কাৰ্যসূচী, যোধপুৰ, দিল্লী. তামিলনাডু আদিত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় সাংস্কৃতিক মহোৎসৱত সত্ৰীয়া সংস্কৃতিৰ প্ৰদৰ্শন কৰা হৈছে। শেহতীয়াকৈ এই সত্ৰই মাজুলীৰ জেংৰাইমুখত এটা “মিচিং সাংস্কৃতিক কেন্দ্ৰ” মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
আউনীআটী সত্ৰ (Auniati Satra)ৰ শাখাসমূহ
মাজুলীত অৱস্থিত মূল সত্ৰখনৰ উপৰিও অসমৰ বিভিন্ন ঠাইত আউনীআটী সত্ৰৰ ১২টা শাখা আছে। এই শাখাসমূহৰ ভিতৰত উত্তৰ গুৱাহাটীত অৱস্থিত সত্ৰখন এক প্ৰধান শাখা ৰূপে পৰিচিত। ১৯১৫ চনত সত্ৰাধিকাৰ কমল চন্দ্ৰ দেৱ গোস্বামীয়ে অশ্বক্লান্ত দেৱালয়ৰ পৰা ৬০ বিঘা মাটি লৈ এইখন নিৰ্মাণ কৰাইছিল। ১৯৫৯ চনত সত্ৰাধিকাৰ হেম চন্দ্ৰ দেৱ গোস্বামীয়ে নতুন ৰূপত এইখনৰ পুনৰ্নিমাণ কৰোৱায়। বৰ্তমানৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীয়ে আউনীআটী সত্ৰৰ আন এক শাখা যোৰহাট কলীয়াপানীত ২০০৩ চনত নিৰ্মাণ কৰায়।
উৎস :
১/ ড° শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামীৰ ‘সত্ৰীয়া উৎসৱৰ পৰিচয় আৰু তাৎপৰ্য’
২/ শিৰীষ কুমাৰ ভট্টাচাৰ্যৰ সম্পাদিত ‘চাৰি সত্ৰৰ বুৰঞ্জী’
৩/ ড° মাধৱ চন্দ্ৰ গোস্বামীৰ প্ৰৱন্ধ ‘অসমৰ সত্ৰানুষ্ঠান আৰু ৰজাঘৰীয়া পৃষ্ঠপোষকতা’
৪/ আউনীআটী সত্ৰৰ বেৱছাইট