বাহাদুৰ গাঁওবুঢ়া (Bahadur Gaonburah)
বাহাদুৰ গাঁওবুঢ়া (Bahadur Gaonburah) ৰ পৰিচয়
বাহাদুৰ গাঁওবুঢ়া অসমৰ এগৰাকী প্ৰখ্যাত স্বাধীনতা সংগ্ৰামী আছিল। তেখেতৰ জন্ম হৈছিল ১৮১৯ চনত। বাহাদুৰ গাঁওবুঢ়াৰ প্ৰকৃত নাম আছিল শ্বেইখ বাহদিল। তেওঁৰ পিতৃৰ নাম আছিল তবৰোজ গাঁওবুঢ়া। অসমৰ পশ্চিম ফালৰপৰা আহি তেওঁলোকে যোৰহাটত থিতাপি লৈছিল। ওচৰ- পাৰৰ অঞ্চলসমূহ তদাৰকী কৰিছিল বাবে ‘গাঁওবুঢ়া’ উপাধি লাভ কৰিছিল। তেখেতৰ পৰিয়ালে আহোম স্বৰ্গদেউ পুৰন্দৰ সিংহ, কামেশ্বৰ সিংহ আৰু কন্দৰ্পেশ্বৰ সিংহৰ শাসনকালত পৰম্পৰাগতভাৱে “আখৰকটীয়া বৰুৱা”ৰ বিষয়বাব লাভ কৰিছিল।
বাহাদুৰ গাঁওবুঢ়া (Bahadur Gaonburah) ৰ কৰ্মজীৱন
বাহাদুৰ গাওঁবুঢ়া শৈশৱ আৰু কৈশোৰকালৰপৰাই সৎ, কর্মঠ আৰু সমাজমুখী আছিল। তেওঁৰ হাতৰ নিখুঁত কর্মৰাজিয়ে ৰজাঘৰৰ দৃষ্টি আর্কষণ কৰিছিল। সেইবাবেই আহোম ৰজা কন্দর্পেশ্বৰ সিংহৰ দিনত তেওঁক ৰজাঘৰীয়া তামৰ ফলিসমূহত আখৰ কটাৰ দায়িত্ব প্ৰদান কৰা হৈছিল। বাহাদুৰ গাঁওবুঢ়াৰ নিখুঁত কামৰ পৰিচয় পাই সত্রসমূহৰ বাবে ৰজাই দান দিয়া ভূমিৰ ফলিসমূহতো আখৰ কটাৰ দায়িত্ব তেওঁক অর্পণ কৰা হৈছিল। সেই সূত্রে তেওঁ মাজুলীৰ আউনীআটী, দক্ষিণপাট, কমলাবাৰী আদি সত্ৰৰ বাবে তামৰ ফলিত আখৰ কাটিছিল। বাহাদুৰ গাঁওবুঢ়া হস্তশিল্পতো পাকৈত আছিল। বাঁহ-বেতৰ কাম সুনিপুণৰূপত কৰাৰ উপৰিও তেওঁ হাতীদাঁতৰ অনেক সা-সৰঞ্জাম নিজৰ আৰু ৰজাঘৰৰ বাবে নির্মাণ কৰিছিল। তেনে শিল্পকর্মৰ অন্যতম আছিল হাতীদাঁতৰ ফণি, পাটী, বিছনী ইত্যাদি। বুৰঞ্জীবিদ বেণুধৰ শৰ্মাৰ মতে, “আউনীআটী সত্ৰৰ সংগ্রহালয়ত বাহাদুৰ গাঁওবুঢ়াই নির্মাণ কৰা হাতীদাঁতৰ পাটী, বিছনী আদি সযতনে সংগৃহীত হৈ আছে।”
বাহাদুৰ গাঁওবুঢ়া এগৰাকী সমাজসেৱক আছিল। উনৈছ শতিকাৰ চতুর্থ দশকৰ পৰা আশীৰ দশকলৈকে যোৰহাট আৰু তিতাবৰৰ ডফলাটিঙৰ সমাজখনত তেওঁ বিভিন্ন কামত আগভাগ লৈছিল। এগৰাকী নৈতিক মুছলমান হোৱা সত্ত্বেও বাহাদুৰ গাঁওবুঢ়া আছিল হিন্দু-মুছলমান সমন্বিতে বিভিন্ন জাতি- জনজাতিৰ সর্বস্তৰৰ লোকৰ বাবে এগৰাকী সম্মানীয় ব্যক্তি। তেওঁ ৰজাঘৰীয়া তাম্রফলিৰ আখৰ কটাৰ দায়িত্ব পালন কৰাৰ উপৰি জনসাধাৰণৰ প্ৰয়োজন অনুসৰি দৰ্খাস্ত, ব্যক্তিগত ফলি আদি লিখাৰ কামো কৰিছিল। তদুপৰি তেওঁ সর্বস্তৰৰ লোকৰ মাজত ধর্মৰ কথাৰে সমন্বয়ৰ বাণী বিলাইছিল। তেওঁ সমাজত ইছলামৰ বাণী প্রচাৰ কৰাৰ উপৰি হিন্দু-মুছলমানৰ সমন্বয়ৰ বাবেও চিন্তা-চর্চা কৰিছিল, যাৰ বাবে তেওঁৰ বালিবাটৰ ঘৰখন হৈ পৰিছিল হিন্দু-মুছলমান সমন্বয়ৰ তীর্থস্বৰূপ।
বাহাদুৰ গাঁওবুঢ়াই প্ৰথমে মালিবাৰীত বনুৱা হিচাপে আৰু তাৰ পাছত এজন ৰাজনৈতিক বিষয়াৰ ঘৰত সুৰক্ষা কৰ্মী হিচাপে নিয়োজিত আছিল। পাছলৈ ইংৰাজে তেখেতক যোৰহাট আৰু তিতাবৰৰ গাঁওবুঢ়া পাতে। তেখেতৰ সাহসৰ বাবে ৰাইজে “বাহাদুৰ” নাম দিছিল।
স্বাধীনতা সংগ্ৰামীৰূপে বাহাদুৰ গাঁওবুঢ়া (Bahadur Gaonburah)
বাহাদুৰ গাঁওবুঢ়া আছিল অসমৰ প্ৰথম স্বাধীনতা যুদ্ধৰ অন্যতম প্ৰধান বিপ্লৱী নেতা, যিয়ে মণিৰাম দেৱানৰ সৈতে ১৮৫৭ চনত ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহত অংশ লৈছিল।১৮৫৭ চনৰ বিদ্ৰোহ আৰম্ভ হোৱাৰ সময়চোৱাক মণিৰাম দেৱানে অসমত আহোম শাসন পুনৰ ঘূৰাই অনাৰ এক উৎকৃষ্ট সুযোগ হিচাপে গণ্য কৰিছিল আৰু অসমত ব্ৰিটিছৰ শাসন ওফৰাবলৈ যো-জা কৰিছিল। বাহাদুৰ গাঁওবুঢ়াক খিলঞ্জীয়া মুছলমানসকলৰ সমৰ্থন গোটোৱাৰ দায়িত্ব প্ৰদান কৰা হৈছিল। তাৰ উপৰি উত্তৰ প্ৰদেশ আৰু বিহাৰৰ দেশী সৈনিকৰ সহযোগত অস্ত্ৰ-শস্ত্ৰৰ যোগাৰ কৰাতো তেখেত জড়িত আছিল। বাহাদুৰ আৰু ফৰ্মুদ আলীয়ে নুৰ মহম্মদ নামৰ এজন সেনা বিষয়াক কন্দৰ্পেশ্বৰ সিংহৰ ওচৰলৈ বিদ্ৰোহৰ আলোচনাৰ বাবে লৈ গৈছিল। ১৮৫৮ চনত ব্ৰিটিছৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ অপৰাধত মণিৰাম দেৱান, পিয়লী বৰুৱা আদিৰ সৈতে তেখেতক দোষী সাব্যস্ত কৰা হয়। দেৱান আৰু বৰুৱাক যোৰহাট ফাঁচী দিয়া হয় আৰু বাহাদুৰ গাঁওবুঢ়াক দুতিৰাম বৰুৱা, ফৰ্মুদ আলী, বিনয় লস্কৰ, গোপেন ৰয় আদিৰ সৈতে কলিয়াপানীলৈ (আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ চেলুলাৰ জে’ল) নিৰ্বাসন দিয়া হয়।
বাহাদুৰ গাঁওবুঢ়া আৰু অন্যান্য সংগ্ৰামীসকল বৃটিছ চিপাহীৰ হাতত ধৰা পৰাৰ মূল কাৰণে আছিল তেওঁৰ চুবুৰীয়া উমেদ মুন্সী। উমেদ মুন্সী আছিল বৃটিছ চৰকাৰৰ চোৰাংচোৱা বা চৰ। বাহাদুৰ গাঁওবুঢ়াৰ চোতালত ৰাতি দুপৰলৈকে হোকা টানি টানি আহোম ৰজাৰ হেৰুওবা আসন বৃটিছৰ পৰা পুনৰুদ্ধাৰ কৰাৰ বাবে কৰা পৰিকল্পনাৰ কথাবোৰৰ উমানলৈ উমেদ মুন্সীয়ে হৰনাথ দাৰোগাৰ জৰিয়তে বৃটিছ বিষয়াসকলক নিয়মিতভাবে জনাই আছিল। ফলত মণিৰাম দেৱান, পিয়লি ফুকন বৰুৱা, দুতিৰাম বৰুৱা, বাহাদুৰ গাঁওবুঢ়া, ফৰ্মুদ আলি আদি বৃটিছৰ ফান্দত পৰিছিল। চুবুৰীয়া উমেদ মুন্সীৰ এই ষড়যন্ত্রৰ কথা বাহাদুৰ গাঁওবুঢ়াই ঘূণাক্ষৰেও জনা নাছিল বাবে তেওঁৰ সৈতে গাঁওবুঢ়াই সদায় স্বাভাৱিক সম্পর্ক বজাই ৰাখিছিল।
বাহাদুৰ গাঁওবুঢ়া (Bahadur Gaonburah) ৰ উপসংহাৰ
বাহাদুৰ গাঁওবুঢ়া যে প্রকৃতার্থত সৎ আৰু নিষ্ঠাবান আছিল, যাৱজ্জীৱন কাৰাবন্দীত্বৰ সলনি তেওঁক মাত্র চাৰিবছৰতে আন্দামানৰ কাৰাগাৰৰপৰা মুক্ত কৰি দিয়া কথাটোৱেই তাৰ প্রমাণ দাঙি ধৰে। বাহাদুৰ গাঁওবুঢ়া এগৰাকী ধর্মপ্রাণ ব্যক্তি হোৱা হেতুকে তেওঁ কয়েদীৰ দায়িত্ব সুকলমে পালন কৰি কাৰাগাৰৰ ভিতৰতে দিনত পাঁচবাৰকৈ নামাজ পঢ়িছিল। ৰমজান মাহৰ ৰোজাও ৰাখিছিল। বাহাদুৰ গাঁওবুঢ়াই নিজৰ ব্যক্তিত্বৰ বাবে যিদৰে আহোম ৰজাৰ প্রিয়পাত্র হৈছিল, তেনেদৰে আন্দামানৰ কাৰাগাৰতো তেওঁ কাৰাগাৰৰ বিষয়াৰ দৃষ্টি আর্কষণ কৰিবলৈ সক্ষম হৈছিল। তেখেতৰ ধর্মচর্চা আৰু কৰ্ম সংস্কৃতি দেখি কাৰাগাৰ অধীক্ষক বৰকৈ সন্তুষ্ট হৈছিল। ইয়াৰ উপৰিও তেওঁ সৰু-সুৰা ভেষজ চিকিৎসাও কৰিছিল।
আন্দামানৰ পৰা মুক্তি পোৱাৰ পিছত বাহাদুৰ গাঁওবুঢ়াই যোৰহাটৰ গৃহত আশ্রয় লয়। ১৮৯১ চনত তিতাবৰৰ ওচৰৰ দফলাটিঙত কনিষ্ঠ পুত্ৰৰ বাসভৱনত তেখেতৰ মৃত্যু ঘটে। যোৰহাটৰ নতুন বালিবাটত তেখেতক সমাধি দিয়া হয়। বাহাদুৰ গাঁওবুঢ়াই দেশৰ স্বাধীনতাৰ হকে যিখিনি কৰি থৈ গ’ল সেয়া অতুলনীয় আৰু অসমীয়া জাতিৰ বাবে এয়া যুগ-যুগান্তৰৰ গৌৰৱৰ বিষয়।