বীৰ চিলাৰায় (Bir Chilarai) ৰ পৰিচয়
অসমৰ জাতীয় ইতিহাসৰ এগৰাকী মহান বীৰ চিলাৰায়ৰ জন্ম হৈছিল ১৫১০ খৃষ্টাব্দত। অসাধাৰণ বীৰত্বৰ অধিকাৰী চিলাৰায়ে কোচ ৰাজত্ব কালৰ ইতিহাসক যুগমীয়া স্মৃতিৰে ৰঞ্জিত কৰি থৈ গৈছে। তেওঁৰ প্ৰকৃত নাম আছিল শুক্লধ্বজ। কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক বিশ্বসিংহ তেওঁৰ পিতৃ আছিল। মাতৃৰ নাম আছিল ৰাণী পদ্মাৱতী। তেওঁ কোচ ৰজা নৰনাৰায়ণৰ ভাতৃ আছিল। তেওঁ চিলাৰ দৰে চোঁ মাৰি যুদ্ধক্ষেত্ৰত শত্ৰুক পৰাভূত কৰিছিল, সেয়ে তেওঁক ‘চিলাৰায়’ উপাধি প্ৰদান কৰা হৈছিল। চিলাৰায়ে দেৱান বা মন্ত্ৰীৰ দায়িত্বও পালন কৰিছিল, সেই কাৰণে তেওঁক ‘চিলাৰায় দেৱান’ বুলিও সম্বোধন কৰা হৈছিল।
বীৰ চিলাৰায় (Bir Chilarai) ৰ শিক্ষা
নৰনাৰায়ণ আৰু চিলাৰায়ে বাল্য কালত বাৰানসীলৈ গৈ তাত ব্ৰহ্মানন্দ বিশাৰদ নামৰ এগৰাকী সন্ন্যাসীৰ ওচৰত শিক্ষাগ্ৰহণ কৰিছিল। বাৰাণসীত এওঁলোকে হিন্দু ধৰ্মৰ প্ৰায়সংখ্যক ধৰ্মগ্ৰন্থৰপৰা শিক্ষা আহৰণ কৰাৰ লগতে যুদ্ধৰ বিভিন্ন কৌশলৰ সম্পৰ্কে শিক্ষা গ্ৰহণ কৰি সকলো বিষয়তে পৰিপক্ব হৈ উঠিছিল।
বিশ্বসিংহৰ মৃত্যু
তথ্য অনুসৰি বিশ্বসিংহৰ বহুকেইগৰাকী পত্নী আৰু ১৮ জন পুত্ৰ আছিল। পুত্ৰসকলৰ মাজত নৰসিংহ, নৰনাৰায়ন আৰু চিলাৰায় অন্যতম আছিল। এদিন বিশ্ব সিংহই তেওঁৰ পুত্ৰসকলৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিবলৈ কিছুমান বস্তুৰ টোপোলা বান্ধি একো একোটা টোপোলা সকলো পুত্ৰক নিবলৈ আদেশ দিছিল আৰু কৈছিল যে যিজনে যিটো টোপোলা নিব তেওঁ ভৱিষ্যতে সেই অনুসৰিয়েই পদমৰ্যাদা লাভ কৰিব। নৰসিংহই লোৱা টোপোলাত সোণ ওলোৱা দেখি তেওঁক বিদেশত ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ যাবলৈ, নৰনাৰায়নে মাটি পোৱা দেখি নিজ দেশতে ৰাজত্ব কৰিবলৈ আৰু চিলাৰায়ে লো পোৱা দেখি ৰণধৰ্ম পালন কৰিবলৈ আদেশ পাইছিল।
১৫৩৩ চনত বিশ্ব সিংহৰ মৃত্যু হয়। সেই সময়ত চিলাৰায় আৰু নৰ নাৰায়ণ দুয়ো শিক্ষা গ্ৰহণৰ উদ্দেশ্যে বাৰানসীত আছিল। সেয়ে বিশ্ব সিংহৰ জ্যেষ্ঠ পুত্ৰ নৰ সিংহ ৰাজপাটত বহে। স্বৰ্গী মহাৰাজৰ আদেশ উলঙ্ঘা হোৱা দেখি ৰাজঅন্তেষপুৰত থকা নৰনাৰায়ণ-চিলাৰায়ৰ ‘ৰতনী’ নামৰ ধাইগৰাকীয়ে “নাগভোগ” নামৰ এজন সন্ন্যাসীৰ হাতত পত্ৰ প্ৰেৰণ কৰি দুয়োকে ৰাজধানীলৈ মাতি পঠিয়ায়। নৰ নাৰায়ণ-চিলাৰায় দুয়ো ৰাজধানীত উপস্থিত হৈ নৰসিংহক পৰাস্ত কৰে। তেতিয়া নৰ সিংহ নেপাললৈ পলাই যায়। ১৫৩৪ খ্ৰীষ্টাব্দত নৰ নাৰায়ণ কোঁচ বংশৰ ৰাজপাটত উঠে আৰু চিলাৰায় যুৱৰাজ হয়।ৰাজ-অভিষেক হোৱাৰ সময়ত চিলাৰায়ক সংগ্ৰাম সিংহ নাম প্ৰদান কৰা হয়।
কোঁচ ৰাজ্যৰ বিস্তাৰত বীৰ চিলাৰায় (Bir Chilarai) ৰ ভূমিকা
চিলাৰায়ে অসীম সাহস আৰু ৰণকৌশেলেৰে কোচ ৰাজ্য প্ৰতিষ্ঠাৰ বাবে জীৱনজোৰা সংগ্ৰামত লিপ্ত হৈ সেই যুগৰ ইতিহাসত এটি গৌৰৱোজ্জ্বল অধ্যায় সংযোজন কৰে। তেওঁৰ সমগ্ৰ জীৱন যুদ্ধ জয়ৰ কাহিনীৰে সমৃদ্ধ। অসমীয়া জাতিৰ ইতিহাসত এইগৰাকী মহাশক্তিমান আৰু যুদ্ধ বিশাৰদ চিলাৰায়ৰ সংগ্ৰামী জীৱনৰ অসাধাৰণ কাৰ্যাৱলী সদায় প্ৰোজ্জ্বল হৈ থাকিব। আমাৰ জাতীয় ইতিহাসৰ পাত লুটিয়াই চালে মহা পৰাক্ৰমী চিলাৰায়ৰ বীৰত্বপুৰ্ণ কাহিনীৰ কথা দৃষ্টিগোচৰ হয়। এইগৰাকী বীৰ পুৰুষৰ পৰাক্ৰমত কছাৰী ৰজা, মণিপুৰৰ ৰজা, জয়ন্তীয়া ৰজা আৰু ত্ৰিপুৰা ৰজা আদিয়ে কোচ ৰজা নৰনাৰায়ণৰ ওচৰত বশ্যতা স্বীকাৰ কৰিবলৈ বাধ্য হোৱাৰ উপৰি কোচ ৰজাৰ সৈতে মিত্ৰতাপাশত আবদ্ধ হৈছিল। তদুপৰি সেই সময়ৰ আহোম ৰজাৰ সৈতেও কোচ ৰজাই মিত্ৰতা কৰিছিল।
নৰ নাৰায়ণে সিংহাসনত আৰোহণ কৰিয়েই পিতৃ ৰাজ্য সম্প্ৰসাৰণ কৰিবলৈ মনস্থ কৰে। চিলাৰায়ৰ সহায়ত নৰ নাৰায়ণে কোঁচ ৰাজ্যৰ বিস্তাৰ ঘটাবলৈ সক্ষম হয়। ১৫৬৩ চনৰ জুন মাহত চিলাৰায়ে আহোমৰ ৰাজধানী গড়গাঁও দখল কৰে। ইয়াৰ পিছত তেওঁ কাছাৰ আক্ৰমণ কৰে আৰু কাছাৰৰ ৰাজধানী মাইবং দখল কৰে। ফলত কছাৰী ৰজাই কোঁচ ৰজাৰ বশ্যতা স্বীকাৰ কৰে। কাছাৰ জয় কৰি উঠিয়েই চিলাৰায়ে মণিপুৰ, শ্ৰীহট্ট, খাইৰাম, চট্টগ্ৰাম, ডিমৰুৱা আদি ৰাজ্য জয় কৰি কোচ ৰজাৰ ওচৰত বশ্যতা স্বীকাৰ কৰোৱায়। জয়ন্তীয়া ৰজা, ত্ৰিপুৰাৰ ৰজা আৰু ছিলেটৰ ৰজাই তেওঁৰ সৈন্যৰ হাতত মৃত্যুবৰণ কৰিছিল।
কোঁচৰাজ্যৰ বুৰঞ্জীত চিলাৰায়ে গৌড় ৰাজ্য আক্ৰমণ কৰি দৈৱ-দুৰ্বিপাকত বন্দী হোৱাৰ উল্লেখ পোৱা যায়। কিন্তু, মুছলমান ইতিহাসবোৰত সেই কথাৰ কোনো আভাস নাই। বন্দী হোৱাৰ পাছত, তেওঁৰ ব্যৱহাৰত গৌড় ৰাজমাতা সন্তুষ্ট হৈ তেওঁক মুক্তি প্ৰদান কৰি পাঁচগৰাকী কন্যা তেওঁলৈ বিয়া দিয়ে আৰু যৌতুক ৰূপে বাহাৰবন্দ, গয়বাৰী, সেৰপুৰ আৰু দহকনীয়া নামে পাঁচখন পৰগণা আগবঢ়াইছিল। আন এক ইতিহাসৰ মতে, কৰতোৱাৰ পূৰ্ব অংশত থকা গৌড় অধিকাৰ চিলাৰায়ক যৌতুকত দিয়ে। সেই সময়তে চিলাৰায়ে পুৰুষোত্তম বিদ্যাবাগীশ, পীতাম্বৰ সিদ্ধান্ত বাগীশ আদি পণ্ডিতসকলক গৌড়ৰ পৰা লগত লৈ আহে। ভৱিষ্যতে গৌড় ৰাজ্য যাতে আৰু বিপদজনক পৰিস্থিতিৰ নপৰে, সেই উদ্দেশ্যে সম্ভৱতঃ ৰাজমাতাই এই মৈত্ৰীৰ ব্যৱস্থা কৰিছিল। বাস্তৱতে তেওঁ গৌড় আক্ৰমণ কৰিবলৈ যোৱা নাছিল। গৌড় ৰাজমাতা স্বৰ্গী হোৱাৰ পাছতহে মোগল বাদছাহৰ সেনাপতিৰ সৈতে যোগ হৈ গৌড় জয় কৰে।
দেশ শাসনৰ সকলো কাৰ্য্যতে তেওঁ তদাৰক কৰিছিল আৰু ৰাজ্যৰ শাসনৰ বান্ধ সুদৃঢ় কৰিবলৈ আলি, পুখুৰী, দেৱালয় আদি স্থাপন কৰিছিল। চিলাৰায়ৰ কৰ্মক্ষেত্ৰ আছিল বিস্তৃত। তেওঁ অকল যুদ্ধ, সংগীত চৰ্চা আৰু সাহিত্য-সংস্কৃতিতে আৱদ্ধ নাছিল। তেওঁ বিভিন্ন ধৰণৰ প্ৰজাহিতকৰ কামো কৰিছিল। নৰ নাৰায়ণৰ আদেশ মতে, কামাখ্যা মন্দিৰ নৱ নিৰ্মাণ কৰা চিলাৰায়ে বিভিন্ন মঠ-মন্দিৰ, মধুপুৰ সত্ৰকে আদি কৰি অন্যান্য সত্ৰ স্থাপন কৰিছিল।
শংকৰদেৱক বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত আগবঢ়োৱা বীৰ চিলাৰায় (Bir Chilarai) ৰ সহযোগিতা
চিলাৰায় নিজে এগৰাকী পণ্ডিত আছিল; সেয়ে তেওঁ আন পণ্ডিতসকলক অশেষ আদৰ কৰিছিল। চিলাৰায়ৰ দৰে পণ্ডিত আৰু ভক্ত নৰনাৰায়ণৰ দেৱান নোহোৱা হ’লে শ্ৰীমন্ত শঙ্কৰৰ বৈষ্ণৱ ধৰ্ম প্ৰচাৰতো নানা বাধা আহি পৰিলহেঁতেন। তেওঁৰ সহায়তহে কামৰূপৰ পশ্চিম খণ্ডত মহাপুৰুষৰ বাণী প্ৰচাৰিত হৈছিল। শ্ৰীশঙ্কৰদেৱ, ৰাম সৰস্বতী, অনিৰুদ্ধ, শ্ৰীধৰ কন্দলী, বকুল কায়স্থ, অনন্ত কন্দলী আদি পণ্ডিতসকলে কামৰূপৰ বিক্ৰমাদিত্য স্বৰূপ নৰনাৰায়ণৰ ৰাজসভা উজ্জ্বলাই ৰখাৰ ক্ষেত্ৰত চিলাৰায়ৰো বিশেষৰূপে সহযোগ আছিল।
চিলাৰায় অকল এজন যুদ্ধ বিশাৰদেই আছিল এনে নহয়। তেওঁ এগৰাকী ধাৰ্মিক আৰু সাহিত্যানুৰাগী মহান ব্যক্তিও আছিল। এইগৰাকী বীৰপুৰুষৰ পৃষ্ঠপোষকতাত মহাপুৰুষ শ্ৰীমন্ত শ্ংকৰদেৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে বহুখিনি সুবিধা লাভ কৰিছিল। তদুপৰি শ্ৰীমন্ত শ্ংকৰদেৱক বীৰ পুৰুষ চিলাৰায়ে ধৰ্মীয় গুৰু হিচাপে সন্মান জনাইছিল।
নৰনাৰায়ণ আৰু চিলাৰায় দুয়ো শিৱ ভক্ত আছিল। সেয়ে, ঠায়ে ঠায়ে অসংখ্য দেৱ-দেৱালয় পাতি শিৱ-দুৰ্গাৰ মূৰ্তি প্ৰতিষ্ঠা কৰিছিল। কিন্তু, চিলাৰায়ে যেতিয়া শংকৰদেৱৰ প্ৰচাৰিত বৈষ্ণৱ ধৰ্মৰ প্ৰতি আকৰ্ষিত হ’ল, তেতিয়া শংকৰদেৱক প্ৰাণৰ দেৱতাৰূপে প্ৰতিষ্ঠিত কৰিবলৈ একান্ত ইচ্ছা হ’ল। আনহাতে, নৰনাৰায়ণে শংকৰদেৱৰ প্ৰতি বিৰূপ মনোভাৱ পোষণ কৰি শাস্তি বিহিবলৈ যত্ন কৰিছিল। সেই সময়ত চিলাৰায়ে গুৰুজনাক কোচ ৰাজ্যত আশ্ৰয় দিছিল। তাৰ পিছত সুযোগ বুজি আৰু সুব্যৱস্থাৰে ৰজাৰ সন্মুখত এনেদৰে উপস্থিত কৰালে যে, নৰ নাৰায়ণে শংকৰদেৱক আদৰ কৰিব লগীয়াত পৰিল। শংকৰদেৱৰ গুণ-গৰিমাত মোহিত চিলাৰায়ে সপৰিবাৰে তেওঁৰপৰা বৈষ্ণৱ ধৰ্মৰ দীক্ষা গ্ৰহণ কৰে। নৰনাৰায়ণেও শংকৰদেৱৰ পাণ্ডিত্যত সন্তোষ পাই ৰাজসভাত তেওঁক প্ৰতিষ্ঠিত কৰায়। কোচ ৰজা নৰনাৰায়ণ আৰু চিলাৰায়ৰ পৃষ্ঠপোষকতাত শংকৰদেৱে তেওঁৰ অমৰ ধৰ্মীয় গ্ৰন্থৰাজি ৰচনা কৰিবলৈ সক্ষম হৈছিল।
চিলাৰায়ৰ দ্বাৰা সংস্কৃত ভাষাত ৰচিত ‘সাৰৱতী টীকা’ এখন অমুল্য গ্ৰন্থ। এগৰাকী সু-সংগীতজ্ঞ চিলাৰায়ৰ সংগীত শাস্ত্ৰৰ ৰাগ-তালৰ ওপৰতো সুন্দৰ দখল আছিল। সংগীত আৰু শংকৰদেৱৰ বৰগীতৰ প্ৰতি চিলাৰায়ৰ দুৰ্বাৰ আকৰ্ষণ আছিল।
বীৰ চিলাৰায় (Bir Chilarai) ৰ উপসংহাৰ
চিলাৰায়ৰ জ্ঞান বহুমুখী আছিল। তেওঁ অসি চালনাত যিদৰে সিদ্ধহস্ত আছিল, প্ৰেম-ক্ষমা-সহিষ্ণুতাৰ ক্ষেত্ৰতো আদৰ্শ দাঙি ধৰিছিল। ৰাজ্য আক্ৰমণ কৰি যিদৰে সম্পূৰ্ণৰূপে জয় কৰিবলৈ তেওঁ দৃঢ়প্ৰতিজ্ঞ আছিল; তেনেদৰে অধিকৃত ৰাজ্যত বিজিত ৰজাকে অধিকাৰী পাতি তাত শান্তি স্থাপন কৰিবলৈও তেওঁ শক্তি প্ৰয়োগ কৰিব জানিছিল। তেওঁ অপৰিমিত শক্তি লাভ কৰি দিগ্ বিদিক জয় কৰিলেও জ্যেষ্ঠ ভাতৃৰ আজ্ঞাবহ দাসত্ব আনন্দেৰে মানি লৈছিল। তেওঁ ৰাজ্যৰ ঠায়ে ঠায়ে নানাবিধ খেতিৰ ব্যৱস্থা কৰাইছিল। তেওঁৰ পৰামৰ্শমতে ৰচিত হোৱা ৰাজ-আইনৰ ফলত দেশত এলেহুৱা-অকামিলা মানুহৰ সংখ্যা কমি গৈছিল আৰু ৰাজ্যৰ বেচি ভাগ প্ৰজাৰেই শিক্ষাৰ ক্ষেত্ৰত ধাউতি বাঢ়িছিল। এনে বহুমুখী প্ৰতিভাৰে মহিমামণ্ডিত জাতীয় বীৰ চিলাৰায়ে আমাৰ দেশ আৰু ৰাজ্যৰ নতুন পুৰুষক তেওঁৰ নিষ্ঠা, সততা, নৈতিকতা, দেশৰ প্ৰতি থকা আনুগত্য, সাহস, ত্যাগ, মানুহৰ প্ৰতি থকা উদাৰ মানসিকতা আদি মহান আদৰ্শৰে অনুপ্ৰাণিত কৰি গৈছে। এইজনা মহান পুৰুষৰ বসন্ত ৰোগত আক্ৰান্ত হৈ ১৫৭১ খ্ৰীষ্টাব্দত গংগাতীৰত মৃত্যু ঘটে।