বিষ্ণু প্ৰসাদ ৰাভা
(Bishnu Prasad Rabha)

অসমীয়া সাহিত্য-সংস্কৃতিৰ চিৰসেউজ পথাৰখনৰ অন্যতম পৰিচয় বিষ্ণু প্ৰসাদ ৰাভা। তেখেত আছিল মানৱতাৰ পূজাৰী,মানুহৰ শিল্পী আৰু এগৰাকী আজন্ম শিল্পী। তেওঁ আছিল সীমাহীন সৃজনীশীল কৰ্মৰ অফুৰন্ত ভাণ্ডাৰ। বহুমুখী প্ৰতিভাৰ অধিকাৰী ৰাভা এগৰাকী আজন্ম সাধক, গীতিকাৰ, গায়ক, সুৰকাৰ, বাদক, নৃত্য কলা বিশাৰদ, নাট্যকাৰ, সুদক্ষ খেলুৱৈ, বুৰঞ্জীবিদ, গৱেষক, সু সাহিত্যিক, কবি আৰু ৰাজনীতিজ্ঞ তথা মহান দেশপ্ৰেমিক। ৰাভাৰ এই বিশাল গুণৰাজি আৰু তেওঁৰ সৃষ্টিশীল মনোভাৱ মাথোঁ তিনিকুৰি বছৰীয়া জীৱনকালৰ বিভিন্ন কৰ্মৰ মাজেদি প্ৰতিফলিত হৈছে।

১৯০৯ চনৰ ৩০ জানুৱাৰী ঢাকাৰ সামৰিক চাউনীৰ বাসভৱনত বিষ্ণু প্ৰসাদ ৰাভাৰ জন্ম হৈছিল। তেখেত আছিল ৰায় বাহাদুৰ গোপাল চন্দ্ৰ ৰাভা আৰু গেথী বালা ৰাভাৰ অষ্টম সন্তান। তেওঁৰ পিতৃ গোপাল চন্দ্ৰ ৰাভা আসাম ৰাইফলছ বাহিনীৰ চুবেদাৰ মেজৰ আছিল।

বিষ্ণু প্ৰসাদ ৰাভা (Bishnu Prasad Rabha) ৰ শিক্ষা জীৱন:-

বিষ্ণু প্ৰসাদ ৰাভাই শিক্ষা জীৱনৰ প্ৰাৰম্ভিক পৰ্যায়ত ঢাকাৰ মিলিটাৰী প্ৰাইমেৰী স্কুলত বাংলা ভাষাত শিক্ষা আৰম্ভ কৰিছিল। ইয়াৰ পিছতেই তেখেত তেজপুৰলৈ আহি চৰকাৰী হাইস্কুলত চতুৰ্থ শ্ৰেণীত ভৰ্তি হয়। অৱশ্যে বাংলা মাধ্যমত শিক্ষা আৰম্ভ কৰি অসমীয়া মাধ্যমত নাম ভূৰ্তি কৰাৰ হেতুকে প্ৰথম বছৰ পৰীক্ষাত কৃতকাৰ্য হব নোৱাৰিছিল যদিও পৰৱৰ্তী পৰ্যায়ত ভাল ফল দেখুৱাইছিল। বিষ্ণু ৰাভাই ১৯২৬ চনত দৰং জিলাৰ ভিতৰত প্ৰথম হৈ প্রবেশিকা পৰীক্ষাত কৃতকার্যতা লাভ কৰে। ইয়াৰ পাছত কলেজীয়া শিক্ষা আহাৰণৰ বাবে তেখেত কলিকতা চেন্ট প’ল কলেজৰ আই এছ চি শ্রেণীত নাম লগাযই প্ৰথম বিভাগত আই-এছ-চি পৰীক্ষাত উত্তীৰ্ণ হয় । অন্যহাতে পদার্থ বিজ্ঞান বিভাগত স্নাতক পঢ়িবলৈ ৰাভাৰ হেঁপাহ আছিল। সেই লক্ষ্যত উপনীত হ’বৰ বাবে তেওঁ ১৯২৮ চনত কলিকতা ৰিপন কলেজৰ বি. এছ. চি শ্ৰেণীত
নাম লগাই পদার্থ বিজ্ঞানত অনাৰ্ছ লৈ পঢ়ে। ১৯৩০ চনত সেই পৰীক্ষাতো কলেজৰ ভিতৰত সকলোতকৈ সর্বোচ্চ নম্বৰ লাভ কৰে। কলেজত অধ্যয়ন কৰা সময়তো ৰাভা আন আন দিশত যথেষ্ট সুনাম অৰ্জন কৰে আৰু কলেজৰ ফুটবল টিমৰ সম্পাদক হিচাবে নির্বাচিত হয় । কোৱা বাহুল্য যে বিষ্ণু ৰাভাই ছাত্ৰ অৱস্থাতে সংগীত,নাটক, কলা আৰু খেলা ধুলাত অধ্যয়নৰ লগত সমানে আগুৱাই নিবলৈ সক্ষম হৈছিল।

বিষ্ণু প্ৰসাদ ৰাভা (Bishnu Prasad Rabha) ৰ সাংস্কৃতিক জীৱন:-

গীতিকাৰৰূপে ৰাভাই অসমৰ সংগীত জগতখনি অজস্ৰ গীতেৰে সমৃদ্ধ কৰি থৈ গল। ৰাভাই নিজে ৰচনা কৰা গীতসমূহৰ লগতে তেওঁৰ সুৰৰোপিত বহু গীতে সংগীতপ্ৰেমীৰ মাজত এক সুকীয়া স্থান লাভ কৰি আছে। তেওঁ ৰচিত গীতসমূহক আজিৰ সমাজত বিষ্ণু সংগীত নামেৰে জনা যায়। গীতৰ লগতে বিভিন্ন প্ৰকাৰৰ বাদ্য যন্ত্ৰ চালনাতো ৰাভা নিপুণ আছিল। বিভিন্ন বাদ্যযন্ত্ৰ যেনে বাঁহী, চেহনাই, বেহেলা, গগনা, তানপুৰ, চেতাৰ, টোকাৰী, তবলা, ঢোল, খোল, মাদল আদি তেওঁৰ যাদুকৰী হাতৰ পৰশত প্ৰাণ পাই উঠিছিল। বিষ্ণু প্ৰসাদ ৰাভাই আঠ বছৰ বয়সৰ পৰাই ওস্তাদ কালাচন্দ্ৰৰ অধীনত নৃত্যৰ শিক্ষা লাভ কৰিছিল। নৃত্যৰ ক্ষেত্ৰত তেওঁ ৰুচিয়াৰ বিশ্ব বিখ্যাত নৃত্য পটীয়সী প্রাইমা বেলেৰিমা আনা পাভলোভাৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। নৃত্যৰ সম্পৰ্কত শিল্পী পাভলোভাই ৰাভাক কৈছিল যে “ভাৰতবৰ্ষত
বিভিন্ন মঠ-মন্দিৰত থকা মূর্তিসমুহৰ বিশেষ ভংগীমাই অৰ্থব্যঞ্জক নৃত্যধাৰাৰ উৎস” শিল্পী গৰাকীৰ বক্তব্যই ৰাভাক নৃত্য বিষয়ক সৃষ্টিশীলতাত এক নব্য তথ্যৰ সন্ধান দিয়ে। ১৯৪০ চনত ৰাভাই কাশী হিন্দু বিশ্ববিদ্যালয়ৰ ৰংগমঞ্চত অনবদ্য সৃষ্টি অভিনৱ নৃত্যৰ ধাৰাৰে দক্ষিণ ভাৰতৰ চিদাম্বৰম শিৱ মন্দিৰৰ শিলত খোদিত শিৱ তাণ্ডৱৰ ১০৮ বিধ নৃত্য ভংগীমাৰে একাকী বৈশিষ্ট্যপূৰ্ণ ‘শিৱৰ তাণ্ডৱ নৃত্য’ প্ৰদৰ্শন কৰিলে ৷ ভাৰতৰ বিভিন্ন প্ৰান্তৰৰ পৰা সমবেত হোৱা বহু স্বনামধন্য সংগীতজ্ঞ, নৃত্য বিশাৰদ, সভাঘৰত উপস্থিত থকা বিপুল দর্শকে ৰাভাৰ নৃত্যৰ ভূয়সী প্রশংসা
কৰিলে। এই অনুষ্ঠানতে সেই সময়ৰ কাশী হিন্দু বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য্য ভাৰতৰ প্রখ্যাত দার্শনিক ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে তেওঁক এটি সোণৰ পদকেৰে সন্মান জনালে ৷ লগতে তেওঁক ‘ভাৰত শ্ৰেষ্ঠ কলাবিদ’ আৰু ‘কলাগুৰু’ উপাধিৰে বিভূষিত কৰিলে।

গীত-বাদ্য-নৃত্যৰ অগাধ জ্ঞানৰ ভাণ্ডাৰ স্বৰূপ ৰাভাই এবাৰ নগা পৰ্বতলৈ অসমীয়া সংস্কৃতিৰ সমল বিচাৰি গৈ নগাসকলৰ বৈশিষ্ট্যপূৰ্ণ বাঁহৰ ঢোল-খোল
বাদ্যৰ সম্পৰ্কে জানিবলৈ বিচাৰিলে। নগাসকলে কিন্তু ৰাভাৰ আচৰণত সন্দেহ কৰি যাঠী-জোং লৈ তেওঁক বন্দী কৰিলে । ৰাভাৰ বিচাৰ হ’ল। বিচাৰত তেওঁ অহাৰ উদ্দেশ্যৰ লগতে নগা-নাচৰ বিষয়ে কবলৈ ধৰিলে – নাগামী ভাষাত। সন্দেহৰ ডাৱৰ আঁতৰিল। পাছত
ৰাভাই নগা -নাচ প্ৰদৰ্শন কৰিবলৈ ধৰিলে। নগা ফৈদৰ ৰজাজনেও সেইনৃত্যত যোগ দিলে আৰু ইয়াৰ পিছতেই বিষ্ণু প্ৰসাদ ৰাভা নগাসকলৰ পৰম মিত্ৰ হ’ল।

১৯৩১ চনত তেজপুৰৰ বাণ ৰংগমঞ্চত মণিপুৰৰ শিল্পীৰ দল এটাই প্রদর্শন কৰা ‘হৰ – পাৰ্বতীৰ নৃত্য’ চাই দৰ্শকে মন্তব্য কৰিলে – “অসমৰ কোনো শিল্পীয়ে
এনে নৃত্য প্ৰদৰ্শন কৰিব নোৱাৰে”। এই মন্তব্য গৈ ৰাভাৰ কাণত পৰিল। তেওঁ কথাষাৰ
শুনি ভাল নেপালে। স্থিৰ কৰিলে তেৱোঁ ‘হৰ-পাৰ্বতীৰ নৃত্য’ কৰিব। লগত বাদক গৰাকী আৰু পাৰ্বতীৰূপে থাকিব মণিপুৰৰে শিল্পী। কথামতেই কাম। নৃত্য আৰম্ভ
হ’ল । ৰংগমঞ্চ কাঁহ পৰি জীন গ’ল। দৰ্শকবৃন্দ বিমোহিত। নৃত্যৰ শেষত দৰ্শকৰ হাত চাপৰিত চৌদিশ মুখৰিত হ’ল। এনেদৰেই গীত – বাদ্য-নৃত্যৰ আধাৰ সংগীতৰ কোনো আনুষ্ঠানিক শিক্ষা অথবা
বিশিষ্ট সংগীতজ্ঞৰ পৰা কোনো শাস্ত্রীয় সংগীতৰ শিক্ষা লাভ নকৰাকৈ বিষ্ণু ৰাভাই তেওঁৰ আজন্ম গুণ আৰু সৃজনীশীল প্ৰতিভাৰে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন ৰংগমঞ্চ, সভা, অনুষ্ঠান আদি কঁপাই তুলিছিল।

সৰ্বভাৰতীয় নৃত্য- কলা- ভাষ্কর্য- শাস্ত্রীয় সংগীত সকলোতে ৰাভাৰ গভীৰ জ্ঞান আছিল। সেয়েহে তেওঁৰ বক্তৃতাত সুন্দৰ ভাষাপ্ৰয়োগ, প্রকাশ ভংগীৰ সাৱলীলতা, বিষয়বস্তুৰ উপস্থাপনে শ্ৰোতাক অতিকৈ মুগ্ধ কৰিছিল। অবিশ্বাস্যভাবে ৰাভাৰ বক্তৃতা
শুনিবৰ বাবেই যাতায়তৰ সুব্যৱস্থাৰ অভাৱতো বহুদূৰ খোজ কাঢ়ি, চাইকেল চলাই একোখন সভাত সমবেত হোৱা শ্ৰোতাৰ সংখ্যা বিশ-পঁচিশ হাজাৰতকৈও অধিক
হয়গৈ ৷ শংকৰী সংস্কৃতিৰ গভীৰ অনুৰাগী বিষ্ণু ৰাভাৰ শ্ৰী শ্ৰী শংকৰ-মাধৱৰ বিষয়ে প্ৰদান কৰা সুমধুৰ কাব্যিক বক্তৃতা তথা শংকৰী গীত-বাদ্য-নৃত্য বিষয়ত জ্ঞানসমৃদ্ধ বক্তব্যই ভক্তগণক আপ্লুত কৰি তুলিছিল । এবাৰ মিজোৰামত এক সাংস্কৃতিক সমাৰোহত
তেওঁ দীঘলীয়া বক্তৃতা দিছিল । কথাৰ মাজে মাজে গীত, নাচৰ মুদ্রা, অভিনয় চলনা আদি সংস্কৃতিৰ অনেক তথ্য সমৃদ্ধ, তত্ত্ব গধুৰ বক্তৃতাত ৰাইজ স্তব্ধ হৈ পৰিছিল ৷

এজন সুদক্ষ চিত্ৰকৰ হিচাপেও ৰাভাই এক অনন্য সৃজনীশীলতাৰ পৰিচয় দিছিল। তেওঁ অংকিত অসংখ্য চিত্ৰৰ ভিতৰত শ্ৰীমন্ত শংকৰদেৱৰ ছবিখনৰ বাবে তেওঁ উচ্চ প্রশংসিত হৈছিল। এই চিত্ৰখনি তেওঁ কলকতাৰ পৰা তিনিটা ৰঙত ছপাই আনি ৰাইজৰ মাজত বিলাই দিছিল। চিত্ৰখনিয়ে ভক্তগণৰ উপৰিও সমূহ ৰাইজৰ অত্যন্ত সমাদৰ লাভ কৰিছিল।
ৰাভাই শংকৰ মাধৱৰ এখনি যুগল ছবি আঁকিও প্রশংসা লাভ কৰিছিল। ইয়াৰ উপৰিও ‘বাঁহী’ নামৰ আলোচনীৰ বেটুপাতত আঁকা সাত খলপীয়া সিংহাসন, গাৰো পাহাৰৰ দৃশ্য আৰু কেইবাখনো প্রতীক ধৰ্মী চিত্ৰৰ মাজেদি শোষণকাৰী এক শ্ৰেণীৰ লোকে সাধাৰণলোকক গ্ৰাস কৰা, সেই সময়ত অসমীয়া ৰাইজ কাণিৰ দৰে নিচাযুক্ত দ্ৰব্য সেৱনৰ কবলত পৰা আদি বিষয়বোৰ ফুটাই তুলি তেওঁ সৃজনাত্মক প্ৰতিভাৰ পৰিচয় দিছিল।

নাট্যকাৰ, অভিনেতা, চিত্ৰ পৰিচালকৰ ভূমিকাত ৰাভা
বিষ্ণু প্ৰসাদ ৰাভা আছিল এগৰাকী সফল নাট্যকাৰ, অভিনেতা আৰু চিত্ৰ পৰিচালক। তেওঁৰ কেইবাখনিও নাটিকাৰ ৰেকৰ্ড খণ্ড-খণ্ডকৈ প্ৰকাশ পাইছিল।সেই সমূহৰ ভিতৰত ‘নৰকাসুৰ’, ‘বিহুৱতী’, ‘জন্মাষ্টমী’, ‘বেউলা’, ‘বৰদৈচিলা,’শংকৰদেৱ-মাধৱদেৱ’ আদি উল্লেখনীয়। অভিনেতা হিচাপে তেওঁ ‘কাৰাগাৰ’, ‘চিৰাজ’, ‘আলিবাবা’, ‘মিচৰ কুমাৰী,’ আদি নাটকৰ উপৰিও ‘এৰা বাটৰ সুৰ’, ‘মাহুত বন্ধুৰে’, প্রতিধ্বনি’, ‘চিৰাজ’ আদি কথাছবিসমূহত নিখুঁত অভিনয়েৰে ৰাইজৰ মন জয় কৰিছিল। তদুপৰি তেওঁ ১৯৩৫ চনত জ্যোতি প্ৰসাদ আগৰৱালাৰ জয়মতী বোলছবিৰ নৃত্য পৰিচালনাত সহযোগ আগবঢ়াইছিল।

বিপুল জ্ঞানৰ ভাণ্ডাৰ বিষ্ণু প্ৰসাদ ৰাভাই অসমীয়াৰ উপৰিও আৰু ১৭ টা ভাষা জানিছিল । তেওঁ শান্তি নিকেতনত ১৬ টা ভাষাৰ ১৬ টা গীত ৰচি পৰিবেশন কৰি নিজৰ প্ৰতিভাৰ পৰিচয় দিছিল। ইয়াৰ
বাহিৰেও সংস্কৃত ভাষাত তেওঁৰ ব্যুৎপত্তি আছিল অসীম। নৃত্য-সংগীত-শাস্ত্ৰৰ সংস্কৃত শ্লোক বিলাক সুন্দৰকৈ বুজি পোৱাৰ উপৰিও তেওঁৰ সেইবোৰ মুখস্থও আছিল। অসমৰ দেউৰী, হাজং, মনপা, চেৰদুকপান আদি বিভিন্ন জাতি-উপজাতি সমূহৰ
ভাষাও তেওঁ ভালদৰেই ক’ব পাৰিছিল।

বিষ্ণু প্ৰসাদ ৰাভা (Bishnu Prasad Rabha) ৰ ৰাজনৈতিক জীৱন:-

ৰাজনৈতিক ধ্যান ধাৰণাত বিষ্ণু প্ৰসাদ ৰাভা আছিল মাৰ্ক্সবাদী। ১৯৫৫ চনত তেওঁ ভাৰতীয় কমিউনিষ্ট দল (চি.পি.আই.)-ত যোগ দিয়ে। ১৯৫৭ চনত তেওঁ এই দলৰ পৰাই বৰপেটা সমষ্টিৰপৰা বিধান সভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল যদিও নিৰ্বাচনত ৰাভাৰ পৰাজয় হয়। ১৯৬৭ চনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে তেজপুৰৰপৰা বিধান সভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি জয়লাভ কৰে। ১৯৬৮ চনত কোকৰাঝাৰ সমষ্টিৰপৰা লোকসভাৰ নিৰ্দলীয় প্ৰাৰ্থীৰূপে থিয় হয় যদিও পৰাজয় বৰণ কৰে।
১৯৬২ চনত ভাৰত-চীন যুদ্ধৰ সময়ত বিষ্ণু প্ৰসাদ ৰাভাক চীনৰ চোৰাংচোৱা বুলি অভিযোগ কৰি বন্দী কৰাৰ লগতে ন মাহৰ বাবে জেললৈ পঠাইছিল।

বিষ্ণু প্ৰসাদ ৰাভা (Bishnu Prasad Rabha) ৰ ৰচনাৰাজি:-

বিষ্ণু প্ৰসাদ ৰাভাই বহু সংখ্যক নাটক, প্ৰৱন্ধ, উপন্যাস, গল্প, গীত আদি লিখি গৈছে। উপন্যাসৰ ভিতৰত ‘সোণপাহি’, মিচিং কনেং’, ‘জীৱন লালসা’ আদি, গল্পৰ ভিতৰত – ‘মামীৰ হাৰ’, ‘হিয়াৰ পুং, ‘কুৰি বছৰ জেইল’ আদি উল্লেখনীয়। তেওঁ লিখা পুথিসমূহৰ ভিতৰত ‘মুক্তিৰ দেউল’ নামৰ এখনি নৃত্য-নাট, ‘কুশল কোঁৱৰ ‘অসমীয়া কৃষ্টিৰ চমু আভাস’, ‘অসমীয়া কৃষ্টি’, চিফুং বাঁহীৰ সুৰ’ আদি প্ৰধান ৷ ‘নাৰী-নৰ’ বিষ্ণু প্ৰসাদ ৰাভাৰ এখন উল্লেখনীয় কাব্য গ্রন্থ । তাৰোপৰি লক্ষ্মীনাথ বেজবৰুৱা সম্পাদিত ‘বাঁহী’ ‘আৱাহন’, ‘নায়ক’ আদি আলোচনী তেওঁৰ বহু গীত, মূল্যবান প্ৰৱন্ধ প্ৰকাশ পাইছিল। তেওঁ ‘পঞ্চায়ত’ নামৰ এখন কাকতো সম্পাদনা কৰিছিল। অফুৰন্ত সৃজনীশক্তিৰ অধিকাৰী ৰাভাই শংকৰদেৱ আৰু মাধৱদেৱ নামৰ দুখন নাটিকা দুঘণ্টা সময়তে লিখি উলিয়াইছিল।
সর্বগুণাকৰ বিষ্ণু ৰাভা ইতিহাসৰ এগৰাকী গৱেষক পণ্ডিত আছিল। তেওঁ ‘ডিমাছা কছাৰীৰ বুৰঞ্জী’, ‘ৰাভা জাতিৰ ইতিহাস’, ‘বড়ো কছাৰীৰ ইতিহাস’, ‘জনজাতীয় সংস্কৃতিত শিৱ,’ ‘অসমীয়া কৃষ্টিৰ চমু আভাস’ আদি পুথি সমূহৰ জৰিয়তে অসমৰ বিভিন্ন
জনগোষ্ঠীসমূহৰ অনেক ন ন তথ্য দি গৈছে।

সামৰণি:-
বিষ্ণু প্ৰসাদ ৰাভাৰ ব্যক্তিত্ব বৈচিত্ৰ্যময়। কোনো কোনোৰ মতে তেওঁ গায়ক- গীতিকাৰ- সংগীতজ্ঞ, কোনোৰ মতে নৃত্য বিশাৰদ, কোনোৰ মতে খেলুৱৈ, কোনোৰ মতে নিস্প্রেষিত কৃষকৰ বন্ধু আৰু কোনোৰ মতে নিৰ্ভাজাল জাতীয়তাবাদী। একেজন লোকৰ এই ভিন্ন ৰূপৰ অৰ্থই হৈছে বিষ্ণু প্ৰসাদ ৰাভা মানুহজনৰ ব্যক্তিত্বত এই বিভিন্ন গুণৰ সমাহাৰ ঘটিছিল। ১৯৬০ চনৰ ২০ জুন তাৰিখে তেজপুৰত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু হয়। ৰাভা আজি আমাৰ মাজত নাই, কিন্তু তেওঁ সিঁচি থৈ যোৱা পোহৰৰ কণিকা অবিনেশ্বৰ, অপৰাজেয় ।

উৎস:-
বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি – তিলক দাস, চন্দ্ৰ প্ৰকাশ, পাণবজাৰ
বিষ্ণু ৰাভাৰ কৃতি আৰু কৃতিত্ব:- ধেমাজি জিলা আৰু শাখা সাহিত্য সভা
বিষ্ণুপ্ৰসাদ ৰাভাৰ অবিস্মৰণীয় সৃজনীশীল প্ৰতিভা:- লাৱন্য লাহন চুতীয়া
বিষ্ণু প্ৰসাদ ৰাভাৰ ছাত্ৰ জীৱনত এভূমুকি:- পদ্মেশ্বৰ দিহিঙ্গীয়া।
বিষ্ণু ৰাভা: এক বিচিত্ৰ প্ৰতিভা:- ড০ লীলা গগৈ

Leave a Reply