চন্দ্ৰধৰ বৰুৱা
(Chandradhar Barua)

চন্দ্ৰধৰ বৰুৱা (Chandradhar Barua)

উনবিংশ শতিকাত যিসকলে বৰেণ্য সাহিত্যিকে অমূল্য সৃষ্টিৰাজিৰে অসমীয়া ভাষা-সংস্কৃতিক চহকী কৰি গৈছে তেখেতসকলৰ ভিতৰত অন্যতম চন্দ্ৰধৰ বৰুৱা।১৮৭৪ চনৰ ১৫ অক্টোবৰত দেৰগাঁৱত চন্দ্ৰধৰ বৰুৱাৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম দুৰ্গাধৰ আৰু মাতৃ প্ৰেমাৱতী আছিল।

চন্দ্ৰধৰ বৰুৱা (Chandradhar Barua) শিক্ষা জীৱন :

চন্দ্ৰধৰ বৰুৱাই (Chandradhar Barua) স্কুলীয়া শিক্ষা যোৰহাট চহৰতে লাভ কৰে। ১৮৯২ চনত যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা তেওঁ এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পিছত তেওঁ

উচ্চ শিক্ষা ল’বলৈ কলিকতালৈ যায়। তেওঁ কলিকতাৰ মেট্রোপলিটান কলেজৰ পৰা  এফ এ. পৰীক্ষাত উত্তীৰ্ণ হৈ, চেণ্ট জেভিয়াৰ্ছ কলেজত বি.এ. পঢ়িবলৈ লয়। অৱশ্যে পিতৃৰ আকস্মিক বিয়োগৰ বাবে তেখেতে আধৰুৱাকৈ শিক্ষা সমাপ্ত কৰি যোৰহাটলৈ উভতি আহিছিল।

চন্দ্ৰধৰ বৰুৱা (Chandradhar Barua) কৰ্মজীৱন :

চন্দ্ৰধৰ বৰুৱাই ১৯০০ চনত আইন পৰীক্ষাত উত্তীৰ্ণ হৈ যোৰহাটত ওকালতি আৰম্ভ কৰে। কিছু বছৰ ওকালতি কৰাৰ পিছত তেখেত চাহ ব্যৱসায়ত মনোনিবেশ দিয়ে।

চন্দ্ৰধৰ বৰুৱা (Chandradhar Barua) সাহিত্য চৰ্চা :

চন্দ্ৰধৰ বৰুৱা (Chandradhar Barua) একাধাৰে নাট্যকাৰ, কবি আৰু গীতিকাৰ আছিল। কলেজীয়া জীৱনত কলিকতাত থাকোতেই তেখেতে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সদস্যৰূপে কাৰ্যনিৰ্বাহ কৰিছিল । অ.ভা.উ.সা সভাৰ সপ্তম বছৰত তেওঁ সহকাৰী সম্পাদক পদত অধিষ্ঠিত আছিল । সেই সময়তে তেওঁ ‘জোনাকী’ আলোচনীত নিয়মিতভাৱে লিখিবলৈ আৰম্ভ কৰে ৷  চন্দ্ৰধৰ বৰুৱাৰ প্ৰকাশিত নাটক কেইখন হ’ল— ‘মেঘনাদ বধ’ (১৯০৪), ‘ভাগ্য পৰীক্ষা’ (১৯১৫), ‘তিলোত্তমা সম্ভৱ’(১৯২৬) আৰু ‘ৰাজৰ্ষি’(১৯৩৭)।

‘মেঘনাদ বধ’ চন্দ্ৰধৰ বৰুৱাৰ এখন পৌৰাণিক নাটক । এইখন নাটকক আমাৰ নাট্য সাহিত্যত পৌৰাণিক নাটকৰ প্ৰগতিৰ প্ৰথম ঢাপ ৰূপে অভিহিত

কৰা হয়৷ নাটকৰ বিষয়-বস্তু আৰু ভাষাৰ ক্ষেত্ৰত বংগীয় কবি  মধুসূদনৰ ‘মেঘনাদ বধ’ কাব্যৰ প্ৰভাৱ পৰিলক্ষিত হয়। ‘ৰাজর্ষি’ নাটকত তেওঁ হৰিশ্চন্দ্ৰ ৰজাৰ উপাখ্যানটোৰ নাট্যৰূপ দিছে। আৰৱীয় উপন্যাসৰ সাধু এটিৰ অৱলম্বনত তেওঁ

ৰচনা কৰিছে ‘ভাগ্য পৰীক্ষা’এইখন এখন ধেমেলিয়া নাটক। ‘পুনৰ জন্ম’ নাটকত দস্যু ৰত্নাকৰে বাল্মীকি ঋষিৰূপে যি কবিত্ব শক্তি লাভ কৰিলে তাৰ বৰ্ণনা অংকিত হৈছে। বীৰ লাচিত বৰফুকনৰ মোগল বিজয়ৰ পটভূমিৰ আলমত তেখেত ‘মোগল বিজয়’ নাটখন ৰচনা কৰিছিল। ‘আহোম সন্ধ্যা’ নাটক মোৱামৰীয়া বিদ্ৰোহৰ আধাৰত ৰচিত হৈছে। ‘ৰঞ্জন’ (১৯২৭) চন্দ্ৰধৰ বৰুৱাৰ (Chandradhar Barua) একমাত্ৰ কবিতা সংকলন। তেওঁ ‘শান্তি’ (১৯৪৩) নামেৰে এখন উপন্যাসো ৰচনা কৰে। ‘ৰত্ন কোষ’ চন্দ্ৰধৰ বৰুৱাৰ অসমীয়া সাহিত্যলৈ উল্লেখযোগ্য অৰিহণা। দুটা খণ্ডত প্ৰকাশিত এই গ্ৰন্থৰ প্ৰথম খণ্ডত ‘খণ্ডবাক্য’ আৰু দ্বিতীয় খণ্ডত ‘ফকৰা-যোজনা’ সন্নিবিষ্ট কৰা হৈছে। তদুপৰি তেওঁৰ অন্যান্য কেইখনমান গ্রন্থ

হ’ল— ‘নতুন পাঠ’, ‘মুক্তাৱলী’, ‘উজু সাহিত্য’, ‘জিৰণিৰ চিন্তা’ আদি।

১৯৭৫ চনত ‘চন্দ্ৰধৰ বৰুৱা গ্ৰন্থাৱলী’ প্রকাশিত হৈছে।

চন্দ্ৰধৰ বৰুৱা (Chandradhar Barua) সামাজিক জীৱন :

চন্দ্ৰধৰ বৰুৱাদেৱে (Chandradhar Barua) সাহিত্য চৰ্চা কৰাৰ উপৰিও নানা সামাজিক কামত জড়িত হৈ নিজ প্রতিভাৰে সমাজত এক সন্মানীয় স্থান দখল কৰিবলৈ সক্ষম

হৈছিল। তেওঁ ৰাজনৈতিক অনুষ্ঠান ‘অসম এছোচিয়েচন’ৰ তেওঁ সদস্য পদ লোৱাৰ উপৰিও ১৯১৬ চনত যোৰহাট পৌৰ সভাৰ উপ-পৌৰপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল ৷ ১৯১৮ চনৰ ২৭ ডিচেম্বৰত গোৱালপাৰাত অনুষ্ঠিত অসম সাহিত্য সভাৰ দ্বিতীয় অধিবেশনৰ তেওঁ সভাপতি আছিল। ১৯২৬ চনৰ পৰা প্ৰকাশ পোৱা অসম সাহিত্য সভাৰ পত্ৰিকাৰ তেওঁ প্ৰথমগৰাকী সম্পাদক আছিল। অসম সাহিত্য সভাৰ পঞ্চদশ মংগলদৈ অধিবেশনতো চন্দ্ৰধৰ বৰুৱা প্ৰধান সম্পাদক হিচাপে নির্বাচিত হৈছিল। ১৯২৯ চনত লক্ষ্মীনাৰায়ণ চট্টোপাধ্যায়ৰ সভাপতিত্বত কটন কলেজত অনুষ্ঠিত কামৰূপ সঞ্জীৱনী সভাই তেওঁক ‘সাহিত্য-ৰত্ন’ সন্মানেৰে বিভূষিত কৰে। তেওঁ লগতে অসম অলিম্পিক এছোচিয়েচনৰো সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৩০ চনত লণ্ডনত অনুষ্ঠিত প্ৰথম আৰু দ্বিতীয় ঘূৰণীয়া মেজ মেলত চন্দ্ৰধৰ বৰুৱাই অসমক প্রতিনিধিত্ব কৰিছিল ৷

সামৰণি :

অসমৰ সাহিত্য, ৰাজনীতি আৰু সমাজ জীৱনলৈ চন্দ্ৰধৰ বৰুৱাই উল্লেখনীয় বৰঙণি আগবঢ়াই থৈ গৈছে। সাহিত্যৰ পথাৰত তেখেতে আপুৰুগীয়া সৃষ্টিৰাজিয়ে আমাৰ জাতীয় জীৱনক সমৃদ্ধ কৰি থৈ গৈছে। ১৯৬১ চনৰ ২৬ অক্টোবৰত যোৰহাটৰ নিজ বাসভৱনতে  চন্দ্ৰধৰ বৰুৱাৰ মহাপ্ৰয়াণ ঘটে।

উৎস:-

১/ অসমীয়া জীৱনী অভিধান – শিৱনাথ বৰ্মন

২/ শতাধিক অসমীয়া সাহিত্যিক – সমীন কলিতা

৩/ অসম সাহিত্য সভাৰ সভাপতি সকল:- সমীন কলিতা

Leave a Reply