ড॰ ভূপেন হাজৰিকা (Dr. Bhupen Hazarika)
ভূপেন হাজৰিকা অসম তথা ভাৰতৰ এগৰাকী গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক আছিল। তাৰ তেওঁ এগৰাকী চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ শিক্ষক, চলচ্চিত্ৰ পৰিচালক আৰু আলোচনীৰ সম্পাদক ৰূপেও পৰিচিত । কিছু সময়ৰ কাৰণে তেখেতে সংসদীয় ৰাজনীতিতো যোগদান কৰিছিল। সুধাকণ্ঠ নামেৰে পৰিচিত ভূপেন হাজৰিকাই অসম, পশ্চিমবংগ তথা ভাৰতৰ অন্যান্য প্ৰদেশৰ বাহিৰেও চুবুৰীয়া দেশ বাংলাদেশতো এগৰাকী জনপ্ৰিয় শিল্পীৰূপে খ্যাতি লাভ কৰিছিল। ড° হাজৰিকাক এগৰাকী বিশ্ব-নাগৰিক আৰু মানৱতাবাদী শিল্পী বুলি গণ্য কৰা হয়। অসমীয়া, বঙালী, হিন্দী, ইংৰাজী আদি বিভিন্ন ভাষাত তেখেতে সংগীত ৰচনা কৰিছিল আৰু কণ্ঠদান কৰিছিল। তেখেতৰ গীতত সমসাময়িক সমাজ, সংস্কৃতি, ৰাজনীতি, দুৰ্নীতি আদি স্পষ্টভাৱে প্ৰতিফলিত হোৱা দেখা যায়। তেখেতৰ কৰ্মৰাজিয়ে অসমৰ কলা-সংস্কৃতি জগতৰ উন্নয়ন সাধনৰ উপৰিও অসম তথা ভাৰতক বিশ্বদৰবাৰত প্ৰতিষ্ঠিত কৰাতো অৱদান আগবঢ়াই আহিছে।
ড॰ ভূপেন হাজৰিকা (Dr. Bhupen Hazarika) ৰ জন্ম
অসম ৰত্ন সংগীত সূর্য ড° ভূপেন হাজৰিকাদেৱৰ শদিয়াত (পূৰ্বৰ নেফা) ১৯২৬ চনৰ ৮ চেপ্তেম্বৰ তাৰিখে জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম শান্তিপ্রিয়া হাজৰিকা আছিল। ভূপেন হাজৰিকাই তেখেতৰ সংগীতপ্ৰাণ মনটো শৈশৱতে ঘৰখনৰ পৰিৱেশৰ পৰা লাভ কৰিছিল। তেখেতৰ পিতাকে প্ৰথমে শিক্ষকতা কৰিছিল, পিছলৈ বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শক আৰু শেষত মাটিৰ হাকিম হয়।
ড॰ ভূপেন হাজৰিকা (Dr. Bhupen Hazarika) ৰ শিক্ষা, কর্ম সংস্থান, বিবাহ
কলা অনুৰাগী আৰু সমাজ সচেতক পিতৃ-মাতৃৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ ভূপেন হাজৰিকাই স্ব-প্ৰতিভাৰে জীৱনৰ আগবাঢ়ি যাবলৈ সক্ষম হৈছিল। শদিয়া আৰু তেজপুৰত তেখেতে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা গ্ৰহণ কৰিছিল। উল্লেখযোগ্য যে সাংস্কৃতিক চহৰ তেজপুৰতেই ভূপেন হাজৰিকাদেৱে জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে বিশাল ব্যক্তিত্বৰ সান্নিধ্য লাভ কৰিছিল। ১৯৪২ চনত কটন কলেজৰ পৰা ইণ্টাৰমিডিয়েট পৰীক্ষাত উত্তীৰ্ণ হৈ ১৯৪৬ চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্রী লাভ কৰে। সেইখন বিশ্ববিদ্যালয়ৰ পৰাই ১৯৪৬ চনত ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্রী গ্ৰহণ কৰে। ১৯৫২ চনত কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা গণসংযোগত ডক্টৰেট ডিগ্ৰী লাভ কৰে আৰু লগতে চিকাগো বিশ্ববিদ্যালয়ৰ লিছলে ফেল’শ্বিপ পাবলৈও সক্ষম হয়। এই বিশ্ববিদ্যালয়তে তেখেতে লগ পাইছিল বিখ্যাত সংগীতজ্ঞ ‘পল ৰবচনক৷’ নিউয়ৰ্কত থকাৰ সময়ত আমেৰিকাৰ ভাৰতীয় ছাত্ৰসস্থাৰ প্ৰধান সম্পাদকৰূপে নির্বাচিত হৈছিল আৰু নিউ ইণ্ডিয়া ইংৰাজী কাকতৰ সম্পাদকৰ দায়িত্বও পালন কৰিছিল। তাৰ পাচতে কিছুকাল আকাশবাণীতো চাকৰি কৰে। ১৯৫৪ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালত অধ্যাপকৰূপে যোগদান কৰে। কিন্তু এবছৰৰ পাচতেই বিশ্ববিদ্যালয়ৰ চাকৰি এৰি কলিকতালৈ যাত্ৰা কৰে। তাৰ পিছত ৰাজনীতিত নামি পৰে আৰু ১৯৬৭ চনৰ পৰা ৭২ লৈ নাওবৈছা সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হয়। ১৯৫০ চনত গুজৰাটৰ যুৱতী প্ৰিয়ম্বদা পেটেলৰ সৈতে তেওঁ নিউয়ৰ্কত যুগ্ম জীৱনৰ পাতনি মেলে। তাৰ ১৩ বছৰৰ পাছত তেওঁলোকৰ বিচ্ছেদ ঘটে। তেওঁলোকৰ একমাত্র সন্তান তেজ হাজৰিকা। তেওঁ বর্তমান আমেৰিকা নিবাসী।
ড॰ ভূপেন হাজৰিকা (Dr. Bhupen Hazarika) ৰ অসমীয়া সংগীতৰ ক্ষেত্ৰত অৱদান
কৈশোৰ অৱস্থাতে ড° হাজৰিকাই ‘কুসুম্বৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে ধৰিছিল নামৰে তান, নামৰে সুৰতে আনন্দত নাচিছিল পৱিত্ৰ বৰদোৱা থান মোৰ গুৰু ঐ, পৱিত্ৰ বৰদোৱা থান’ গীত ৰচনা কৰি সংগীত প্ৰতিভাৰ পৰিচয় দিছিল। পাঁচ বছৰ বয়সতে ১৯৩০ চনৰ ৩০ অক্টোবৰত গুৱাহাটীৰ কটন কলেজিয়েট হাইস্কুলত অনুষ্ঠিত ৰাজহুৱা অনুষ্ঠানত গীত পৰিৱেশন কৰি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰপৰা সমাদৰ লাভ কৰিছিল। ‘অসমী আই ৰূপহী গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশত সূর্য উঠা দেশ’ গীতটোত তেওঁ অসমী আইৰ যি ৰূপ আৰু বৈশিষ্ট্যৰ ছবি আঁকিলে, সেয়া যেন অসমীয়াৰ জাতীয় সংগীত তুল্য৷ ড॰ হাজৰিকাৰ প্ৰকৃত শিল্পী জীৱনৰ আৰম্ভণি হয় তেজপুৰত। তেজপুৰত থকা সময়ত তেওঁ অসমীয়া সাংস্কৃতিক জগতৰ বাটকটীয়া শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু নটসূৰ্য ফণী শৰ্মাৰ সান্নিধ্যৰে অনুপ্ৰাণিত হৈছিল। ১৯৩৬ চনত তেওঁলোকেই দহবছৰীয়া ভূপেন হাজৰিকাক কলিকতালৈ নি চেনোলা মিউজিকেল প্ৰডাক্ট কোম্পানীত ‘শোণিত কুঁৱৰী’ আৰু ‘জয়মতী’ নাটক দুখনৰ গীত বাণীবদ্ধ কৰায়। একে সময়তে বিষ্ণু ৰাভাই স্বৰচিত ‘উলাহতে নাচিবাগি হ’লি বিয়াকুল’ আৰু ‘কাষতে কলচী লৈ’ গীত দুটিও বাণীবদ্ধ কৰোৱায়। ১৯৩৯ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ইন্দ্ৰমালতী ছবিৰ নেপথ্য গায়ক হিচাপে প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰে।
ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া ছবি ‘এৰা বাটৰ সুৰ’ মুক্তি পায় ১৯৫৬ চনত। তেওঁ ছবিখন পৰিচালনা কৰাৰ লগতে কাহিনী, সংগীত আৰু গীতো ৰচনা কৰিছিল। ইয়াৰ উপৰিও তেওঁ ভালেমান চলচ্চিত্ৰত সংগীত পৰিচালনা কৰিছিল।
ভূপেন হাজৰিকাৰ গীতৰ ভাববস্তু ভিন্ন আৰু বাৰে ৰহনীয়া। শিশুমনৰ, প্ৰকৃতিচেতনাৰ, মৃত্যুৰ, মানৱতাবাদৰ, বিদ্ৰোহৰ, সমন্বয়ৰ আদি বিবিধ ভাবৰ গীত তেখেতে গাইছিল। উত্তৰ-পূবৰ হৃদস্পন্দন বৰলুইতক ‘মহামিলনৰ তীৰ্থ’ আখ্যা দিয়া এইজন জনতাৰ শিল্পীয়ে গীতেৰে, সুৰেৰে, চিন্তাৰে, কাৰ্যৰে, হৃদয়েৰে উত্তৰ-পূৰ্বাঞ্চলৰ যাউতিযুগীয়া সম্প্ৰীতিকে কামনা কৰিছিল।
নিজৰ কণ্ঠ, কথা সুৰ তথা গায়ন শৈলীৰে দেশে বিদেশে গীত পৰিৱেশন কৰি ড॰ হাজৰিকাই হাজাৰ হাজাৰ জনতাক আপ্লুত কৰিছিল। তেখেতৰ গীতত আছে সময় আৰু সমাজৰ কথা, তেখেতৰ গীতত আছে সম্প্ৰীতি আৰু সমন্বয়ৰ কথা আৰু আছে দেশ আৰু জাতিৰ কাহিনী – লোক জীৱনৰ প্ৰতিচ্ছবি। দুৰন্ত শিল্পীজনৰ সৃষ্টিয়ে অসমীয়া আধুনিক সংগীতক এক বিশেষ স্থানলৈ উন্নীত কৰাৰ লগতে গীতসমূহ বৰ্তমান এক উচ্চ স্তৰৰ সাহিত্য হৈ পৰিছে। শিল্পীগৰকীয়ে লোক জীৱনৰ সুৰ বিচাৰি, মানুহে মানুহৰ বাবে অলপ আস্থা বিচাৰি পাহাৰ ভৈয়াম একাকাৰ কৰি সাত সাগৰ তেৰনদী পাৰ হৈ সমন্বয়ৰ বান্ধোনেৰে বান্ধিবলৈ প্ৰয়াস কৰিছিল।
‘হে’হে’হে’ ঢোলেডগৰে’, ‘মই এটি যাযাবৰ’, ‘সাগৰ সংগমত’, ‘বুকু হম হম কৰে মোৰ আইৰ’, ‘জিলিকাব লুইতৰে পাৰ’ ‘বিমূৰ্ত মোৰ নিশাটি যেন’, ‘অ’ বিদেশী বন্ধু’, ‘পখীৰাজ ঘোঁৰা’, ‘লুইতপৰীয়া ডেকা বন্ধু, ‘এন্ধাৰ ৰাতিৰ নিশাতে’, ‘বৰদৈচিলা নে সৰু দৈ চিলা’, আদিকে ধৰি অজস্ৰ গীতৰ সোৱাদ যিয়ে প্ৰকৃততেই লাভ কৰিছে, তেওঁহে ভূপেন হাজৰিকা ব্যক্তিত্ব কেনেধৰণৰ উপলব্ধি কৰিব পাৰে। তেওঁৰ চিৰসেউজ গীতবোৰে তেওঁৰ সংগীত প্রতিভাৰে আভাস দিয়ে। তেওঁৰ এই প্ৰতিভাৰ আপাহতে তেওঁ বৰ্তমানেও অসমীয়াৰ লগতে বিশ্বজুৰি বন্দিত হৈ আহিছে।
ড॰ ভূপেন হাজৰিকাই নিজে লিখা আৰু কণ্ঠদান কৰা গীতসমূহকে ভূপেন্দ্ৰ সংগীত বোলা হয়। তেওঁ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী পল ৰ’বচনৰ দ্বাৰা যথেষ্ট অনুপ্ৰাণিত হৈছিল। ৰ’বচনৰ ‘Old man river’ৰ অৱলম্বনতে তেখেতে তেখেতৰ ‘বিস্তীৰ্ণ পাৰৰে’ গানটো ৰচনা কৰে। পাছতএই গীতটিৰ বঙালী আৰু হিন্দী অনুবাদো প্ৰকাশ কৰা হয়।
ড॰ ভূপেন হাজৰিকা (Dr. Bhupen Hazarika) ৰ সাহিত্যৰ ক্ষেত্ৰত অৱদান
ভূপেন হাজৰিকাদেৱে কেবাখনো পুথি প্ৰণয়ন কৰিছিল। বাস্তৱবাদী পুৰুষ হাজৰিকাৰ লেখনিয়ে এক সূকীয়া মানদণ্ড বজাই ৰাখিছে। ড° হাজৰিকাদেৱৰ অন্যান্য সাহিত্য কৰ্মৰ ভিতৰত- সুন্দৰৰ ন দিগন্ত, সুন্দৰৰ সৰু-বৰ আলিয়েদি, সময়ৰ পখী ঘোঁৰাত উঠি, সহস্ৰজনে মোক প্রশ্ন কৰে, কৃষ্টিৰ পথাৰে পথাৰে, জ্যোতি ককাইদেউ, বিষ্ণু ককাইদেউ, ব’হাগ মাথোঁ এটি ঋতু নহয়, বহ্নিমান লুইতৰ পাৰে পাৰে, নন্দনতত্ত্বৰ কৰ্মীসকল, সোঁৱৰণী মোৰ ৰাঙলী জীৱনৰ, সম্পাদকীয়, মোৰ দেশঃ মোৰ মনৰ কথা, প্ৰসংগ সুন্দৰৰ ইত্যাদি প্ৰৱন্ধ সংকলন। সেইদৰে জিলিকাব লুইতৰে পাৰ, সংগ্ৰাম লগ্নে আজি, আগলি বাহৰে লাহৰি গগনা, বহ্নিমান ব্ৰহ্মপুত্ৰ, গীতাৱলী আদি গীতৰ সংকলন। দিহিঙে-দিপাঙে, মই এটি যাযাবৰ এই দুখন ভ্রমণ কাহিনী ইত্যাদি বিশেষভাবে উল্লেখযোগ্য।শিশুসকলৰৰ বাবেও ভূপেন হাজৰিকাই ‘ভূপেন মামাৰ গীতে মাতে অ, আ, ক, খ’ নামৰ অসমীয়া আখৰ-চিনাকিৰ এখন জনপ্ৰিয় পুথি লিখিছিল।অসম সাহিত্য সভাই ২০০৮ চনৰ ৮ ফেব্ৰুৱাৰীত হাজৰিকাৰ সাহিত্যকৰ্মৰ বাবে ‘সাহিত্যাচাৰ্য’ উপাধি প্ৰদান কৰে।
ড॰ ভূপেন হাজৰিকা (Dr. Bhupen Hazarika) ৰ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত সংগীত পৰিচালকৰূপে অৱদান
অসমৰ বহুকেইখন চলচ্চিত্ৰত ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰাৰ বাহিৰেও ভাৰত বিভিন্ন আঞ্চলিক ভাষাত গীত গায় আৰু সংগীত পৰিচালনা কৰে। তেওঁ সৰ্বপ্ৰথম সংগীত পৰিচালনা কৰা চলচ্চিত্ৰখন হ’ল ‘এৰাবাটৰ সুৰ’ ১৯৫৬ চন। তাৰ পিছত ক্ৰমে ‘পিয়লি ফুকন’, ‘ধুমুহা’, ‘কেঁচা সোণ’, ‘মণিৰাম দেৱান’, ‘চিকমিক বিজুলী’, ‘কাঁচঘৰ’, ‘খোজ,’ ‘পলাশৰে ৰং’, ‘বনহংস’, ‘বনজুই’, ‘অকণ’, ‘অপৰূপা’, ‘মা’, ‘যুগে যুগে সংগ্রাম’, ‘প্রতিশোধ’, ‘প্রিয়জন’, ‘অশান্ত প্ৰহৰ’, আদিত তেওঁ সংগীত পৰিচালনা কৰিছিল। তেওঁ সংগীত পৰিচালনা কৰা হিন্দী চলচ্চিত্ৰ হ’ল আৰোগ (১৯৭৩) ‘অপেক্ষা’, ‘একপল’, ‘ৰুদালী’, ‘মিল গয়ী মঞ্জিল মুঝে’, ‘পপিহা’, ‘দৰমিয়া’, ‘গজগামিনী’, ‘চাজ’, ‘কিঁউ’। বাংলা ‘জীৱন তৃষ্ণা’, ‘জোনাকীৰ আলো, পড়ি ও কোমল’, ‘অসমাপ্ত’, ‘এখানে পিঞ্জব’, ‘দম্পতি’ আদিতো তেওঁ সংগীত পৰিচালক ৰূপে কাম কৰিছিল।
অসমীয়াৰ উপৰিও তেখেতে ১৯৫৮ চনত ‘মাহুত বন্ধুৰে’ নামৰ বাংলা চলচ্চিত্ৰৰ পৰিচালক হিচাপে আত্ম প্রকাশ কৰে। সেইদৰে ১৯৭৭ চনত ‘মেৰা ধৰ্ম মেৰী মা’ নামৰ হিন্দী চলচ্চিত্রৰ পৰিচালক হিচাপে কাম কৰে। অন্যান্য ভাষাৰ ক্ষেত্ৰত ভোজপুৰী (সত্ মাইয়া কা মহিমা) কাৰ্বি ( ৰিং আং তং) বড়ো (জিউনি চিমাং) আদি চলচ্চিত্রতো সংগীত পৰিচালক হিচাপে কাম কৰিছিল।
ড॰ ভূপেন হাজৰিকা (Dr. Bhupen Hazarika) ৰ বঁটা আৰু সন্মান
- ১৯৬১ চনত ড॰ হাজৰিকাই নিৰ্মাণ কৰা ‘শকুন্তলা’ ছবিখনে ৰাষ্ট্ৰপতি পদক লাভ কৰে।
- ১৯৬৪ চনত ড॰ হাজৰিকাই নিৰ্মাণ কৰা ‘প্ৰতিধ্বনি’ ছবিখনে ৰাষ্ট্ৰপতি পদক লাভ কৰে। এই ছবিখন ফ্ৰাঞ্চৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ আমন্ত্ৰিত হৈছিল।
- ১৯৬৬ চনত ড॰ হাজৰিকাই নিৰ্মাণ কৰা ‘লটিঘটি’ প্ৰথম অসমীয়া ব্যংগ চলচ্চিত্ৰখনৰ বাবে ৰাষ্ট্ৰপতি পদক লাভ কৰে।
- ১৯৭৬ চনত আব্দুল মজিদৰ পৰিচালিত ‘চামেলি মেমচা’ব’ৰ সংগীত পৰিচালনাৰ বাবে বছৰটোৰ সৰ্বশ্ৰেষ্ঠ সংগীত পৰিচালকৰ সন্মান লাভ কৰে। এই সংগীতৰ বাবে তেওঁক ৰাষ্ট্ৰপতিয়ে ‘ৰজত কমল বঁটা’ আৰু নগদ দহ হেজাৰ টকাৰে সন্মান যাচে।
- ১৯৭৮ চনত দুখন অসমীয়া গানৰ বিশেষ ৰেকৰ্ড প্ৰকাশ কৰাৰ উপৰিও তেওঁ ‘আমি এক যাযাবৰ’ বুলি আঠোটা বঙালী গীতৰ এল পি ৰেকৰ্ড এইছ এম ভি ৰ পৰা এখন এম্বেচেদৰ আৰু এখন সোণৰ ৰেকৰ্ড লাভ কৰে।
- ১৯৭৭ চনত পশ্চিমবংগৰ ‘বঙালী চলচ্চিত্ৰ পুৰস্কাৰ সমিতি’য়ে ‘দম্পতী’ ছবিখনৰ বাবে বছৰটোৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ যাচিছিল।
- ১৯৭৭ চনত পদ্মশ্ৰী বঁটা লাভ কৰে।
- ১৯৭৮ চনত ‘সীমনা পেৰিয়ে’ৰ সংগীত পৰিচালনাৰ কাৰণে ‘বাংলাদেশ ফিল্ম ইণ্ডাষ্টিজ’ৰ তৰফৰ পৰা বছৰৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰূপে সন্মানিত হৈছিল।
- ১৯৭৬ চনৰ ২৬ জানুৱাৰীত অৰুণাচল চৰকাৰে তেওঁক ‘মেৰা ধৰম মেৰি মা’ নামৰ হিন্দী ছবি নিৰ্মাণ কৰাৰ বাবে সম্বৰ্দ্ধনা জনাই সোণৰ পদক উপহাৰ দিছিল।
- মহুৱা সুন্দৰী নাটকৰ শ্ৰেষ্ঠ লোকসংগীত শিল্পী বঁটা (১৯৭৯)
- ১৯৮৭ চনত অসম চৰকাৰৰ পৰা শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰে।
- ১৯৮৭ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰে।
- ১৯৮৭ চনত ইন্দিৰা গান্ধী স্মৃতি বঁটা লাভ কৰে।
- ১৯৯৩ চনৰ শিৱসাগৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ ঊনষাঠিতম অধিবেশনৰ সভাপতিৰ আসন শুৱনি কৰিছিল।
- ১৯৯৩ চনত শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
- ১৯৯৩ চনত ড॰ হাজৰিকাক ১৯৯২ চনৰ বাবে ভাৰতৰ চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান ‘দাদা চাহেব ফাল্কে বঁটা’ সেই সময়ৰ ভাৰতৰ ৰাষ্ট্ৰপতি ড॰ শংকৰ দয়াল শৰ্মাই প্ৰদান কৰে।
- ২০০১ চনত পদ্মভূষণ বঁটা লাভ কৰে।
- ২০০১ চনত মধ্যপ্ৰদেশ চৰকাৰৰ পৰা লতা মংগেশকাৰ বঁটা লাভ কৰে।
- ২০০৬ চনত তেওঁৰ বঙালী গীত “মানুষ মানুষেৰ জন্য” বিবিচি বঙালীৰ শ্ৰোতা জৰীপত “সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ বঙালী গীত”ৰ তালিকাত দ্বিতীয় স্থান লাভ কৰে।
- ২০০৮ চনত অসম সাহিত্য সভাৰ পৰা সাহিত্যচাৰ্য সন্মান লাভ কৰে।
- ২০০৯ অসম চৰকাৰৰ পৰা অসম ৰত্ন বঁটা লাভ কৰে।
- ২০১২ চনত মৰণোত্তৰভাবে ভাৰত চৰকাৰৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণৰে সন্মানিত হয়।
- ২০১৯ চনত মৰণোত্তৰভাবে ভাৰত চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে সন্মানিত হয়।
সামৰণি
এইজনা বিৰল প্ৰতিভাৰ অধিকাৰী ব্যক্তিৰ আদৰ্শেৰে আমি আদর্শবাদী হোৱা উচিত। এই মহান ব্যক্তিগৰাকীয়েই সত্ৰীয়া নৃত্যক ৰাষ্ট্ৰীয় নৃত্যৰ স্বীকৃতি প্ৰদানত মুখ্য ভূমিকা লৈছিল। তেওঁৰ জীৱন সংগ্রামখিনি যেন এক জীৱন্ত দলিল। উৰণীয়া মৌ আৰু যাযাবৰ হৈ ফুৰা দুৰন্ত তৰুণ এই ব্যতিক্রমী শিল্পীজনৰ খোজত খোজ দি যাবলৈ আমি চেষ্টা কৰা উচিত। জীৱনৰ শেষৰ সময়ছোৱাত তেওঁৰ অন্তৰংগ বান্ধৱী তথা হিন্দী চিনেমাৰ বিখ্যাত পৰিচালিকা কল্পনা লাজমীয়ে তেখেতক মৃত্যু পর্যন্ত ছাঁৰ দৰে থাকি সহযোগিতা আগবঢ়াইছিল। বৃক্কৰ সমস্যা আৰু আনুষংগিক জটিলতাত ভুগি থকা ড॰ হাজৰিকাই ২০১১ চনৰ ৫ নৱেম্বৰৰ দিনা মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানি চিকিৎসালয়ত ইহলীলা সম্বৰণ কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৫ বছৰ। মৃত্যুৰ পিছত হাজৰিকাৰ নশ্বৰদেহ গুৱাহাটীলৈ অনা হয় আৰু ৯ নৱেম্বৰৰ দিনা অন্তিম সংস্কাৰ কৰা হয়, য’ত প্ৰায় ৫ লাখ জনতাই ভাগ লয়।তেখেতৰ সমাধিক্ষেত্ৰ জালুকবাৰীত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাষত প্ৰতিষ্ঠা কৰা হয়। সমাধিক্ষেত্ৰখনত ‘সোণোৱালী সোঁৱৰণি’ নামৰ এক তিনি মহলীয়া সংগ্ৰহালয়ো আছে, য’ত ভূপেন হাজৰিকাৰ জীৱনৰ লগত জড়িত সামগ্ৰী আৰু আলোকচিত্ৰ আছে।