জ্ঞানদাভিৰাম বৰুৱা
(Jnanadabhiram Barua)

জ্ঞানদাভিৰাম বৰুৱা (Jnanadabhiram Barua)

জাতি প্ৰেমৰ অমূল্য স্নেহেৰে আবৃত জ্ঞানদাভিৰাম বৰুৱা অসমীয়া সাহিত্যৰ লগতে সংবাদ জগতৰ এজন প্রাত: স্মৰণীয় ব্যক্তি। নিজকে অসমীয়া হিচাপে গৌৰৱ কৰি তেখেতে কৈছিল – “অসম, অসম যে বৃহৎ এই কথা এনেকৈ দীঘলাই বহলাই নকলেও হয়। কিন্তু দিন কাল আজিকালি এনে বিষ দুষ্ট আৰু বিসদৃশ দেখো যে অসময়ে সময়ে, সুযোগ-সুবিধা পালেই এই কথা আটাইকে কোৱা ভাল । বুকু-মন ওখ কৰি কোৱা ভাল। মই অসমীয়া, যেনেকৈ আগেয়ে ৰোমান সাম্ৰাজ্যৰ মানুহে কৈছিল, ওখ হৈ থিয় দি বুকু স্ফীত কৰি কৈছিল, Ego Romanus Sum, মই ৰোমান। চাওক কেনে সুন্দৰ শুনি। এতিয়াও ইংৰাজীবিলাকে যেনেকৈ কয়, “I am an English man” আৰু কিবা বস্তু বেয়া লাগিলে “This is not English” তেনেকৈ আমাৰো নিজৰ বিষয়ে আমাৰ ভাষাত আমি ক’ব পাৰোঁ “I am an Indian” “I am an Assamese.” ১৮৮০ চনৰ ১৯ আগষ্টত, নগাঁৱৰ ফৌজদাৰী পট্টিত জ্ঞানদাভিৰাম বৰুৱাৰ (Jnanadabhiram Barua) জন্ম হৈছিল। তেখেতৰ পিতৃ গুণাভিৰাম বৰুৱা আৰু মাতৃ বিষ্ণুপ্রিয়া। পিতৃ গুণাভিৰাম বৰুৱা অসমৰ এজন প্রখ্যাত সাহিত্যিক আছিল । তেওঁ ৰাম নৱমী, আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত, অসম বুৰঞ্জী আদি কেইবাখনো মূল্যবান গ্ৰন্থৰ লেখক। তেওঁৰ ভাতৃ কৰুণাভিৰাম বৰুৱা আৰু ভগ্নী স্বৰ্ণলতা বৰুৱাইয়ো সাহিত্য চৰ্চা কৰিছিল।

শৈক্ষিক জীৱন :

জ্ঞানদাভিৰাম বৰুৱাই (Jnanadabhiram Barua) নগাঁৱতে শৈশৱ কাল অতিবাহিত কৰিছিল। তেঁও ছয় বছৰ বয়সত নগাঁৱৰ স্কুলত ভৰ্তি কৰোৱা হৈছিল।১৮৯৫ চনত তেওঁ উচ্চ শিক্ষা ল’বলৈ বিলাতলৈ যায়। বিলাতৰ পৰাই তেওঁ এণ্ট্ৰেন্স আৰু লণ্ডনৰ গ্ৰে কলেজৰ পৰা বেৰিষ্টাৰী পাছ কৰে।

কৰ্মজীৱন :

লণ্ডনত শিক্ষা গ্ৰহণ সমাপ্ত কৰি তেখেত ১৯১০ চনত নিজৰ দেশলৈ উভতি আহে আৰু কলিকতা উচ্চ ন্যায়ালয়ত ওকালতি আৰম্ভ কৰে। পৰৱৰ্তী পৰ্যায়ত তেখেত ১৯১৪ চনত গুৱাহাটীলৈ আহি আইন মহাবিদ্যালয় স্থাপন কৰাৰ লগতে এই আইন মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপেও নিযুক্ত হয়। চালুকীয়া অৱস্থাৰ পৰা মহাবিদ্যালয়খনক জাকত জিলিকাকৈ গঢ় দিবলৈ জ্ঞানদাভিৰাম বৰুৱাই অশেষ ত্যাগ আৰু চেষ্টা চলাইছিল, যি সদায় আদর্শনীয় হৈ থাকিব। ১৯৩৭ চনত তেওঁ মহাবিদ্যালয়ৰ অধ্যক্ষ পদৰ পৰা অৱসৰ লয়। ১৯০৬ চনত তেওঁ ৰবীন্দ্ৰনাথ ঠাকুৰ পৰিয়ালৰ জীয়ৰী লতিকা দেৱীৰ সৈতে তেওঁ বিবাহ পাশত আবদ্ধ হয়। 

সাহিত্য চৰ্চা :

জ্ঞানদাভিৰাম বৰুৱা (Jnanadabhiram Barua) আছিল অসমীয়া ভাষা সাহিত্যৰ এজন নিষ্ঠাৱান সাধক। তেওঁ বাঁহী, আৱাহন, বৰদৈচিলা, ৰামধেনু আদি আলোচনীত বহুতো মূল্যৱান প্ৰবন্ধ প্ৰকাশিত হৈছিল। জ্ঞানদাভিৰাম বৰুৱাৰ প্ৰকাশিত গ্ৰন্থসমূহৰ হ’ল— ভেনিচৰ সাউদ (১৯২২),পঞ্চৰত্ন (১৯১৯), দদাইৰ পঁজা (১৯৩০), বিলাতৰ চিঠি (১৯৩৯), মোৰ কথা, সাহিত্য কথা আদি। ‘ভেনিচৰ সাউদ’ সম্পর্কে তেওঁ কৈছে, “বিলাতত শেক্সপিয়েৰৰ কেইখনমান নাটক দেখিছিলোঁ। সেইয়া দেখি শ্যেক্সপিয়েৰৰ মাৰ্চেণ্ট অৱ ভেনিচ বুলি কিতাপখনৰ অসমীয়া ভাঙনি কৰি অসমীয়া ৰাইজসকলৰ আগত দাঙি ধৰিলোঁ। আমি যে শ্যেক্সপিয়েৰৰ অনুবাদকর্তা পদৰ যোগ্য তাক নকওঁ। অসমীয়া ভাষাত শ্যেক্সপিয়েৰৰ ভ্ৰমৰঙ্গৰ বাহিৰে আন কোনো কিতাপ নোহোৱাৰ কাৰণেই আমাৰ ভেনিচৰ সাওদ উলিওৱাৰ প্ৰধান কাৰণ।” ‘সাহিত্য-কথা’ত লেখিছে, “পুৰণা পুথি আমাৰ ভাষাৰ ৰত্ন। এনেবোৰ পুথি যিমান ছপা হয়, সিমান আমাৰ ভাষা আৰু জাতিৰ মংগল।”

১৯১৫ চনত প্ৰকাশিত “Folk Tales of Assam” শীৰ্ষক গ্ৰন্থখনি তেওঁৰ ইংৰাজী ভাষাৰ অন্যতম সৃষ্টি। আনহাতে হৰিনাথ দে, শ্রীদামোদৰদেৱ, “বেজবৰুৱা, “বুদ্ধীন্দ্ৰনাথ ভট্টাচাৰ্য্য, ৰামানুজম এফ. আৰ. এছ. বুকাৰ ৱাশ্বিংটন, আসাম আইৰ সু-সন্তান হেমচন্দ্ৰ আদি তেওঁৰ আন কিছুমান মূল্যবান প্রবন্ধ। ইয়াৰ উপৰিও তেখেতৰ কেইবাখনো মূল্যবান পত্ৰলেখা আছে। সেইবোৰৰ হ’ল— হেমচন্দ্ৰ গোস্বামীলৈ, মথুৰামোহন বৰুৱালৈ, লক্ষ্মীনাথ বেজবৰুৱালৈ, বেণুধৰ শৰ্মালৈ, ডিম্বেশ্বৰ নেওগলৈ, জনশিক্ষাৰ সম্পাদকলৈ, মহাত্মা গান্ধলৈ, ৰামধেনুৰ সম্পাদকলৈ লিখা চিঠি। লক্ষ্মীনাথ বেজবৰুৱাৰ “বুঢ়ী আইৰ সাধু গ্ৰন্থখনি তেখেতে ইংৰাজীলৈ অনুবাদ কৰিছিল।

জ্ঞনদাভিৰাম বৰুৱাৰ ৰচনা-ৰাজিত সহজ-সৰল, সাৱলীল আৰু বিষয়-বস্তুৰ প্ৰতি থকা অভিজ্ঞতাই তেওঁৰ সাহিত্যক অধিক জনমুখী কৰি তুলিছিল।

জ্ঞানদাভিৰাম বৰুৱা (Jnanadabhiram Barua) এগৰাকী সু-অভিনেতা ৰূপেও পৰিচিত আছিল। তেওঁ কলিকতাত থকা কালত নাট অভিনয়ত অংশ গ্ৰহণ কৰিছিল। ‘বাল্মীকি প্রতিভা’ নাটকত দস্যু চৰ্দাৰৰ ভূমিকাত অভিনয় কৰিছিল। সেইখন নাটকতে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰেও অভিনয় কৰিছিল। তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘ইন্দ্ৰ মালতী’ত ছবিতো অভিনয় কৰিছিল।

১৯৩৩ চনৰ ২৭ আৰু ২৮ ডিচেম্বৰত উত্তৰ লক্ষীমপুৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ চতুৰ্দশ অধিবেশনৰ তেওঁ সভাপতি আছিল। সভাপতিৰ আসনৰ পৰা তেওঁ কৈছিল, “যি বিদ্যাই জ্ঞান বঢ়াই মানুহক অন্ধকাৰৰ পৰা পোহৰলৈ লৈ যায়, সি সকলোৱেই সাহিত্য।” জাতিৰ সেৱাত ব্ৰতী হ’বলৈ উদগনি দি তেওঁ কৈছিল, “বন্ধুসকল, যদি আমি দেশৰ, ভাষাৰ, সাহিত্যৰ জাতিৰ উপকাৰ কৰিব খোজোঁ তেনেহ’লে নিজৰ যিখিনি কাম আছে সেইখিনি কাম কৰি যেন এইসকল কামৰ নিমিত্তেও প্রতিদিন অলপ সময় দিওঁ।” তেওঁ আৰু কৈছিল, “অসমীয়া অসমীয়া, সেই অসমীয়াই ডামাস্কাচতেই ভাল কাম কৰক বা হনলুলুতেই ভাল কাম কৰক, যি ঠাইত তেনে অসমীয়া মানুহ থাকে তেওঁ আমাৰ ভাই আৰু তেওঁ আমাৰ ককাই। তেনে অসমীয়াক আমি যদি নিজৰ ব্যথা নকওঁ, কাক ক’ম? আমাৰ মনৰ যদি ঠেক ভাৱ বহল কৰিব পাৰোঁ, তেনেহ’লে আমাৰ সাহিত্যও বহল হ’ব।” তেওঁ অসমীয়াসকলক সতৰ্ক কৰি দি কৈছিল, “অনা অসমীয়া মানুহসকলৰ সৈতে আমি প্রতিযোগিতাত যদি হাৰো তেনেহ’লে আমাৰ ধ্বংস নিশ্চিত। যাতে আমি জিকোঁ সেই বিষয়ে ধীৰভাৱে চিন্তা কৰিব লাগে। আমাৰ ব্যৱসায়-বাণিজ্য নিজৰ হাতত নাই। কোনো জাতিয়েই বিনা ব্যৱসায় বাণিজ্য ডাঙৰ হোৱা নাই। আৰু আন আন কাৰণ থাকিলেও ব্যৱসায় বাণিজ্যই এটি প্রধান উপাদান।”

সামৰণি:

জ্ঞানদাভিৰাম বৰুৱাই (Jnanadabhiram Barua) জাতি প্ৰেমৰ অমিয় বাণীৰে তাহানিৰ দিনতেই অসমীয়াক স্বাবলম্বী আৰু সমৃদ্ধ হবলৈ আহ্বান জনাইছিল। সাহিত্যচৰ্চাৰ সমান্তৰালকৈ সাৱলীল বক্তব্যই তেখেতে প্ৰতিজন অসমীয়াৰ মন মগজুত জাতিৰ প্ৰতি থকা দায়বদ্ধতাক অনুপ্ৰাণিত কৰি তুলিছিল। সকলো ক্ষেত্ৰতে নিজকে এজন স্বাভিমানী অসমীয়া বুলি গৌৰৱেৰে পৰিচয় দিয়া জাতীয় প্ৰাণবীৰ জ্ঞানদাভিৰাম বৰুৱাৰ ১৯৫৫ চনৰ ২৭ জানুৱাৰী তাৰিখে গুৱাহাটীত ইহলীলা সম্বৰণ কৰে।

উৎস:

অসম সাহিত্য সভাৰ সভাপতিসকল – নিৰুপমা মহন্ত

শ্ৰেষ্ঠ অসমীয়াৰ জীৱনী:- পৰেশ বৈশ্য

এহেজাৰ বছৰৰ এশ গৰাকী অসমীয়া, লিখক :হেমন্ত কুমাৰ ভৰালী

অসমীয়া জীৱনী অভিধান: ডা০ শিৱনাথ বৰ্মন

Leave a Reply