অসমীয়া ভাষা-সাহিত্যৰ অন্যতম এক পৰিচিত নাম কালিৰাম মেধি। অসমীয়া ভাষাৰ সংকট কালত সি সকল ব্যক্তিৰ অনুপম লিখনিয়ে আমাৰ ভাষাৰ ভেটি সুদৃঢ় কৰিছিল সেই সকলৰ ভিতৰত কালিৰাম মেধি (Kaliram Medhi) অন্যতম।
১৮৭৮ চনৰ অক্টোবৰ মাহত কামৰূপ জিলাৰ হাজোৰ ৰামদিয়া গাঁৱত কালিৰাম মেধি (Kaliram Medhi)ৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল ভুকুলি মেধি আৰু মাতৃৰ নাম সোণতৰা মেধি। পিতৃ ভুকুলি মেধি বগৰীবাৰী সত্ৰৰে সৈতে জড়িত আছিল। সেয়ে শৈশৱতে তেখেতৰ জীৱনত বৈষ্ণৱ পাণ্ডিত্যৰ প্ৰভাৱ পৰিছিল।
কালিৰাম মেধি (Kaliram Medhi)ৰ শিক্ষা জীৱন:
কালিৰাম মেধি (Kaliram Medhi)ৰ প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিল ৰামদিয়া গাঁৱৰে এখন উচ্চ প্ৰাইমাৰী স্কুলত। ছাত্ৰ হিচাপে তেখেত তীক্ষ্ণ বুদ্ধি সম্পন্ন আছিল। তেখেতে প্ৰাথমিক স্কুলৰ পৰা বৃত্তিসহ উত্তীৰ্ণ হৈছিল। ১৮৯১ চনত জেঠায়েকে তেখেতক গুৱাহাটীলৈ আনি হাইস্কুলত নাম লগাই দিয়ে। ১৮৯৭ চনত সংস্কৃত বিষয়ত সৰ্বোচ্চ নম্বৰ পাই প্রথম বিভাগত এন্ট্রেন্স পৰীক্ষাত পাছ কৰে। জেঠায়েকৰ বাবেহে তেখেতে পৰৱৰ্তী শিক্ষা গ্ৰহণ কৰিবলৈ সক্ষম হল। নহ’লে হয়তো তেখেতৰ শিক্ষাৰ সিমানতে সমাপ্ত হ’লহেঁতেন। পৰৱৰ্তী পৰ্যায়ত তেখেতে কলিকতাৰ চিটি কলেজৰ এফ. এ শ্রেণীত ভৰ্তি হয়। ১৮৯৯ চনত এই কলেজৰে পৰাই তেখেতে প্ৰথম বিভাগত এফ, এ পাছ কৰে আৰু ১৯০২ চনত পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিষয় লৈ অনাৰ্চসহ ডিগ্ৰী লয়। ১৯০৩ চনত মেধিয়ে পদার্থ বিজ্ঞানত দ্বিতীয় শ্ৰেণীৰ চতুৰ্থ স্থান লাভ কৰি স্নাতকোত্তৰ ডিগ্রী লাভ কৰে। উল্লেখ্য যে কালিৰাম মেধি স্নাতকোত্তৰ ডিগ্ৰীধাৰী অসমৰ তৃতীয় গৰাকী ব্যক্তি। পৰীক্ষাত দেখুওৱা অভাৱনীয় সফলতাৰ বাবে তেখেতে ‘বিষ্ণুপ্রিয়া দেৱী পুৰস্কাৰোঁ’ লাভ কৰিবলৈ সক্ষম হৈছিল। তাহানিতেই হাজোৰ এখন অখ্যাত গাঁৱৰ এজন সাধাৰণ কৃষকৰ ঘৰৰ যুৱকে কলিকতাৰ শৈক্ষিক ক্ষেত্ৰখনত এনেদৰে প্ৰশংসনীয় সফলতা লাভ কৰাতো অবিস্মৰণীয়।
কৰ্ম জীৱন :
কালিৰাম মেধিয়ে কলিকতাত শিক্ষা জীৱন সমাপ্ত কৰি ১৯০৪ চনত উপ প্ৰতি সমাহৰ্তা হিচাপে চৰকাৰী চাকৰিত যোগদান কৰিছিল। কৰ্মসূত্ৰে তেখেতে নগাঁও, ডিব্ৰুগড়, গোৱালপাৰা, মঙলদৈ আদি অসমৰ বিভিন্ন ঠাইত আছিল। কৰ্মজীৱনৰ শেষৰ ফালে তেখেতে মহকুমাধিপতি পৰা উপায়ুক্তলৈ পদোন্নতি লাভ কৰি ১৯৩৮ চনত চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। অৱসৰৰ পাছতো মেধিয়ে দুবছৰ স্পেছিয়েল মেজিষ্ট্ৰেত হিচাপে কাম কৰিছিল।
কালিৰাম মেধিৰ বৈবাহিক জীৱন বৰ মসৃণ নাছিল। প্রথমখন বিয়া বিফল হোৱাৰ পিছত তেখেতে দ্বিতীয় বিবাহ কৰে। দ্বিতীয় পত্নীৰ অকাল বিয়োগ ঘটাত তৃতীয়বাৰ নগাঁৱৰ জীয়াৰী স্বৰ্ণলতা ভূঞাৰ লগত বিবাহপাশত আৱদ্ধ হয়। দ্বিতীয় গৰাকী পত্নীৰ পাঁচটা সন্তান আছিল। তেখেতসকলৰ দ্বিতীয় পুত্ৰ সুৰেণ মেধি ‘সাহিত্য অকাডেমী’ বঁটা বিজয়ী এজন প্রতিষ্ঠিত চুটি গল্পকাৰ। অৱশ্যে অসমীয়া সাহিত্য জগতত তেখেত ‘সৌৰভকুমাৰ চলিহা’ নামেৰেহে খ্যাত আছিল।
সাহিত্য চৰ্চা:
অসমীয়া ভাষা-সাহিত্যলৈ মেধিদেৱৰ বৰঙণি অনন্য আৰু অতুলনীয়। ১৯০৩ চনত ‘জোনাকী’ত প্ৰকাশ হোৱা ‘প্রলয়’ নামৰ প্ৰৱন্ধটোৱেই তেখেতৰ প্রথম প্রকাশিত লিখনি।
কালিৰাম মেধি (Kaliram Medhi)ৰ লিখনি সমূহক তিনিটা ভাগত ভগাব পাৰি-
১/ পৌৰাণিক, সাহিত্য আৰু পুৰাতত্ত্ব বিষয়ক
২/ বিজ্ঞান বিষয়ক
৩/ ভাষা বিষয়ক।
কালিৰাম মেধি (Kaliram Medhi) বৈষ্ণৱ ধৰ্ম আৰু সাহিত্যৰ গভীৰ অনুৰাগী আছিল। তেখেতে ২১ খন অংকীয়া নাট সম্বলিত অংকাৱলী (১৯৫০), হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত্ৰ (১৯১২) সম্পাদনা কৰি উলিয়াইছিল। মহাপুৰুষ শঙ্কৰদেৱৰ বাণী, Studies in the Vaisnava Literature and Culture of Assam তেখেতৰ দুখন উল্লেখনীয় গ্ৰন্থ। অসমীয়া বৈষ্ণৱ সাহিত্যৰ গৱেষক হিচাপে সেই সময়ত মেধিৰ স্থান একক আৰু অনন্য আছিল। তেখেতৰ অংকাৱলী, ৰাজসূয় কাব্য, শঙ্কৰদেৱৰ বাণী আদি যথেষ্ট পৰিশ্ৰমৰ ফল আৰু আমাৰ জাতীয় সাহিত্যৰ ভঁৰাললৈ অপৰিসীম বৰঙণি। কালিৰাম মেধিয়ে শঙ্কৰদেৱ, মাধৱদেৱৰ নাটসমূহৰ উপৰি ৰামচৰণ ঠাকুৰ, দ্বিজভূষণ গোপাল আতা আৰু দৈত্যাৰি ঠাকুৰৰ নাটবোৰ সম্পাদনা কৰিছিল। ইয়াৰ উপৰিও তেখেতে অসমীয়া প্ৰাথমিক প্রাকৃতিক বিজ্ঞান, বীজগণিত, অসমীয়া ভাষাৰ মূল, অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব ইত্যাদি গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্য জগতলৈ উল্লেখনীয় বৰঙণি আগবঢ়াই গৈছে। উল্লেখ্য যে ১৯৩৬ চনত প্ৰকাশ পোৱা অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব নামৰ বৃহৎ কলেৱৰৰ গ্ৰন্থখন মেধিদেৱৰ অমূল্য গ্রন্থ। এই গ্ৰন্থখন তেখেতৰ অশেষ কষ্ট আৰু সাধনাৰ ফলশ্ৰুতি। গ্ৰন্থখনিত কালিৰাম মেধিয়ে বৰ্ণপ্ৰকৰণৰ পৰা আদি কৰি সমাস, প্রত্যয় বাচ্য ব্যাকৰণৰ সমূহ অংগ সামৰি এক বিস্তৃত আলোচনা কৰিছে। কৰ্মসূত্ৰে ডিব্ৰুগড়ত থকা সময়ত তেখেতে ‘বাঁহী’, ‘আসাম বান্ধৱ’ আদি আলোচনীত ভালেসংখ্যক তত্ত্বগধুৰ প্ৰৱন্থ লিখিছিল। ইয়াৰোপৰি ‘চেতনা’ ‘জয়ন্তী’ ‘সুৰভি’ ‘আৱাহন’ ‘প্রবাসী’, ‘সাহিত্য সভা পত্রিকা’, ‘প্রভাত’ ‘নামধম’, ‘ৰামধেনু’ আদিতো তেখেতৰ প্ৰৱন্ধ নিয়মিতভাৱে প্ৰকাশ পাইছিল। অসমীয়া সাহিত্যত বিজ্ঞানমূলক প্রবন্ধ লিখোতাসকলৰ ভিতৰত কালিৰাম মেধি অন্যতম শীৰ্ষ স্থানীয় ব্যক্তি। তেখেতৰ আন প্ৰবন্ধ সমূহ হৈছে –ভেম, পৰিশ্ৰমৰ সন্মান, গৌৰৱ, অসমীয়া নাট, লিখাৰ সজুলি, হেলীৰ নেজাল তৰা, তপ, পৃথিৱী আয়ন, পৰমাণু, মূল পদাৰ্থ, সূৰ্য আদি। তদুপৰি তেখেতে ইংৰাজীত লিখা ‘দি কলিতাজ’, ‘ব্ৰজাৱলী লিটাৰেচাৰ অর্ আছাম’, ফিল’ছফিক এছপেক্ট অৱ দা আছামিজ ব্ৰজাৱলী লিটাৰেচাৰ’, ‘অৰিজিন অৱ আছামিজ ড্রামা’ আদি তত্ত্বগধূৰ প্ৰৱন্ধসমূহ ‘জাৰ্ণেল অব্ দা আসাম ৰিচাৰ্ছ ছছাইটি’ত প্ৰকাশিত হৈছে।
সামাজিক জীৱন:
কালিৰাম মেধিয়ে ১৯১৯ চনত বৰপেটাত অনুষ্ঠিত অসম সাহিত্য সভাৰ তৃতীয় অধিবেশনত সভাপতিৰ পদ অলংকৃত কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ ১৯১৮ চনৰ দ্বিতীয় সভাৰ অভ্যর্থনা সমিতিৰ উপদেষ্টা আছিল। ১৯৩৪ চনত মঙলদৈত আনন্দচন্দ্ৰ আগৰৱালাৰ সভাপতিত্বত হোৱা অধিবেশনৰ প্ৰধান উদ্যোক্তা আছিল কালিৰাম মেধি। তদুপৰি তেখেত বেজবৰুৱা সমিতিৰ সম্পাদক আৰু অসম সংগ্ৰহালয় সমিতিৰ সভাপতিৰ পদত অধিষ্ঠিত আছিল। ১৯৪৮ চনত বৰপেটাত অনুষ্ঠিত শংকৰদেৱৰ পাঁচশ বছৰীয়া জন্মোৎসৱত তেখেতে সভাপতিৰ আসন শুৱনি কৰিছিল। সাহিত্যৰ ক্ষেত্ৰলৈ কালিৰাম মেধিয়ে আগবঢ়োৱা অনবদ্য অৱদান তথা পাণ্ডিত্যৰ বাবে তেখেতক ১৯৪৩ ‘তত্ত্বনিধি’ উপাধিৰে প্ৰদান কৰা হয়। ১৯৪৬ চনত ইংৰাজ চৰকাৰে তেখেতক ‘ৰায়বাহাদুৰ’ উপাধিৰে সন্মানিত কৰে ৷
সামৰণি:
কালিৰাম মেধি (Kaliram Medhi)ৰ ৰচনাৰাজিৰ পৰা পৰিলক্ষিত হয় যে তেখেত এগৰাকী বৈষ্ণৱ পাণ্ডিত্যৰ লগতে বৈজ্ঞানিক চিন্তাধাৰাৰ লেখক, অসমীয়া ভাষা আৰু ব্যাকৰণৰ একান্ত গৱেষক আছিল। তেখেতৰ ধৰ্ম আৰু সংস্কৃতি সম্পৰ্কীয় প্ৰৱন্ধৰাজী, সহজ ভাষাত বিজ্ঞানৰ কথা প্ৰকাশ কৰিব পৰা ক্ষমতা আৰু যুক্তিনিষ্ঠ গদ্যই অসমীয়া বস্তুনিষ্ট প্ৰৱন্ধৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে।অসমীয়া সাহিত্য জগতৰ অন্যতম গৱেষণামূলক লেখক কালিৰাম মেধিৰ ১৯৫৪ চনৰ ২৪ জানুৱাৰীত পাণবজাৰৰ নিজা বাসভৱনত স্বৰ্গগামী হয়।
উৎস:
১/ চিৰ চেনেহী মোৰ ভাষা জননী- নন্দ তালুকদাৰ
২/ অসমীয়া জীৱনী অভিধান – ড০ শিৱনাথ বৰ্মন
৩/ শতাধিক অসমীয়া সাহিত্যিক – সমীন কলিতা
৪/ অসম সাহিত্য সভাৰ সভাপতি সকল:- সমীন কলিতা