কলীয়া ভোমোৰা বৰফুকন
(Kolia Bhomora Borphukan)

কলীয়া ভোমোৰা বৰফুকন (Kolia Bhomora Borphukan)

পৰিচয়

স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত  কলীয়া ভোমোৰাই ‘ বৰফুকন’ৰ বিষয়বাব লাভ কৰিছিল। তেওঁৰ প্ৰকৃত নাম আছিল গেন্ধেলা।প্ৰথম অৱস্থাত  তেওঁ আহোম ৰজাৰ ৰাজখোৱা ৰূপে সেৱা আগবঢ়াইছিল। তেওঁ মোৱামৰীয়া বিদ্ৰোহৰ সময়ত সাহসেৰে যুঁজ দিছিল। বদন চন্দ্ৰ বৰফুকনৰ উত্তৰসূৰী হিচাপে তেওঁ বৰফুকন পদ গ্ৰহণ কৰিছিল। কলীয়া ভোমোৰা বৰফুকনে বুদ্ধি আৰু পৰাক্ৰমৰ বলত দন্দুৱাদ্ৰোহ নিবাৰন কৰি, বৰকান্দাজ সকলক কামৰূপৰপৰা খেদোৱাত স্বৰ্গদেউ কমলেশ্বৰ সিংহই সন্তোষ লাভ কৰি  ১৮০০ চনত তেওঁক ‘প্ৰতাপ বল্লভ’ উপাধি প্ৰদান কৰে আৰু দন্দুৱাদ্ৰোহৰ নেতা হৰদত্তৰ মাটি-সম্পত্তি তেওঁক অনুদান ৰূপে আগবঢ়ায়। যুদ্ধক্ষেত্ৰত ক্ষিপ্ৰ গতিৰে শত্ৰুক পৰাভূত কৰাৰ বাবে তেখেতক ‘কলীয়া ভোমোৰা’ বোলা হৈছিল। তেওঁৰ ক্ষিপ্ৰ গতিৰ ৰণকৌশলৰ উৱাদিহ শত্ৰুপক্ষই অনুধাৱন কৰাত ব্যৰ্থ হোৱাৰ বাবেই যুদ্ধক্ষেত্ৰত আহোম সৈন্যই জয়  লাভ কৰিবলৈ সক্ষম হৈছিল। মোৱামৰীয়া বিদ্ৰোহ দমন কৰিবলৈ ইংৰাজৰ সহায় লোৱাৰ বাবে তেওঁ পূৰ্ণানন্দ বুঢ়াগোঁহাইলৈ পত্ৰ প্ৰেৰণ কৰিছিল।

কলীয়া ভোমোৰা বৰফুকন (Kolia Bhomora Borphukan) কাৰিকৰী দক্ষতা

কলীয়া ভোমোৰা বৰফুকনে বৰ্ত্তমান তেজপুৰৰ পূবে ভোমোৰাগুৰি পৰ্ব্বতৰ পৰা শিলঘাটৰ ফালে পোনাই ব্ৰহ্মপুত্ৰৰ ওপৰেদি দলং নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছিল আৰু এই উদ্দেশ্যেৰে শাল খুঁটা, শিল আৰু অন্যান্য সামগ্ৰীৰ যোগান ধৰিছিল। পাছলৈ তেজপুৰৰ ওচৰৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰৰ দ্বিতীয়খন দলং এখেতৰ নামেৰে ‘কলীয়াভোমোৰা সেঁতু’ বুলি নামকৰণ কৰা হয়। কিন্তু তেওঁৰ অকাল মৃত্যুত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ কৰা নহ’ল। তেওঁ গোটোৱা শাল কাঠৰ খুঁটা এই পাহাৰৰ তলিত এটা ঘুলিত বৰ্তমানেও অক্ষত অবস্থাত আছে। এই খুঁটা বিলাক একেলগ  কৰি ভুৰ বান্ধি অনা হৈছিল। ভোমোৰাগুৰি পাহাৰৰ পৰা আঠ মাইল মান উত্তৰে মৰাভৰলীৰ পাৰত এখন শাল কাঠৰ হাবি আছিল। সম্ভৱ এই খুঁটাবিলাক ভৰলীয়েদি সেই ঠাইৰ পৰা অনা হৈছিল। লগতে কিছুসংখ্যক খুঁটা নগাওঁ জিলাৰ অন্তৰ্গত কামাখ্যা ৰিজাৰ্ভৰ ব্ৰহ্মপুত্ৰৰ পাৰতো দম হৈ পৰি থকা দেখিবলৈ পোৱা যায়। কলিয়া ভোমোৰা বৰফুকনে হয়তো দলং নিৰ্মাণৰ উদ্দেশ্যে দুয়ো ফালে কাঠ সংগ্ৰহ কৰি ৰাখিছিল।

কলীয়াভোমোৰা বৰফুকনৰ অধীনত ৰাজকীয় আৰু ৰাজহুৱা গৃহ নিৰ্মাণৰ বাবে কাঠ আৰু অন্যান্য সামগ্ৰী যোগান ধৰাৰ উদ্দেশ্যে কেইবা হাজাৰ মানুহ আছিল। তেওঁৰ তত্বাৱধানত খৰালি কালত ব্ৰহ্মপুত্ৰৰ ওপৰত যুদ্ধৰ সময়ত উপযোগী হোৱাকৈ অস্থায়ী দলং নিৰ্মাণ কৰা হৈছিল। কলীয়াভোমোৰা বৰফুকন যেনে বুদ্ধিমন্ত আৰু উচ্চ মানসিকতাৰ ব্যক্তি আছিল, তেওঁ কৰা কাৰ্য্যবিলাকো তেনে পৰিপাটি আৰু উচ্চ স্তৰৰ আছিল। সেই কালতে তেখেতে নিজৰ কাৰিকৰী দক্ষতাৰে দলং নিৰ্মাণৰ দৰে এক জটিল কাৰ্য্যক সাকাৰ ৰূপ দিবলৈ সক্ষম হৈছিল।

Leave a Reply