মফিজুদ্দিন আহমদ হাজৰিকা (Mafizuddin Ahmed Hazarika)
আধুনিক অসমীয়া কাব্য সাহিত্যৰ এক চিনাকী পৰিচয় মফিজুদ্দিন আহমদ হাজৰিকা। “জ্ঞানমালিনী” কবি হিচাপে খ্যাত মফিজুদ্দিন আহমদ হাজৰিকা ডিব্ৰগড় জিলাৰ যোৰহাটিয়াপট্টিত ১৮৭০ চনৰ ৩০ আগষ্টত জন্ম হয়। তেঁও হিম্মতুদ্দিন আহমদ হাজৰিকা আৰু মাতৃ হ’ল ৰাহনুৰী। তেওঁলোকৰ পূৰ্বপুৰুষ বাঘ হাজৰিকাৰ লোক বুলি জনা যায়। বাঘ হাজৰিকাৰ প্ৰকৃত নাম ইচমাইল চিদ্দিকি। অসম বুৰঞ্জীয়ে এওঁক ‘গড়গঞা সেনাপতি’ বুলি আখ্যা দিয়ে। হিম্মতুদ্দিনৰ সন্তানসকলৰ ভিতৰত হ’ল— ফাইজুদ্দিন, মফিজুদ্দিন, বদিওজ্জামাল, চৈফুদ্দিন, মজিদ বখত আৰু শ্বৰিফুদ্দিন।
শৈক্ষিক জীৱন:
মফিজুদ্দিন আহমদ হাজৰিকাই (Mafizuddin Ahmed Hazarika) ডিব্ৰুগড়তে স্কুলীয়া জীৱন আৰম্ভ কৰি ১৮৯২ চনত ডিব্ৰুগড় হাইস্কুলৰ পৰা এণ্ট্ৰেস পৰীক্ষাত অবতীৰ্ণ হৈছিল যদিও উত্তীৰ্ণ হ’ব নোৱাৰিলে। অৱশ্যে মফিজুদ্দিনে সেই সময়ত লাঠি ঘূৰোৱা, তৰোৱাল চলোৱা আৰু ব্যায়াম চৰ্চা আদি ক্ষেত্ৰত বিশেষ কৃতিত্ব দেখুৱাব পাৰিছিল।
কৰ্ম জীৱন:
মফিজুদ্দিন আহমদ হাজৰিকাই (Mafizuddin Ahmed Hazarika) ১৮৯৩ চনত তেওঁ বন বিভাগৰ ফৰেষ্টাৰ হিচাপে কৰ্ম জীৱনৰ পাতনি মেলে। ইয়াৰ পিছত ১৮৯৬ চনৰ ১ জুনৰ পৰা তেওঁ লক্ষীমপুৰ কাছাৰীত তহবিলদাৰৰূপে নিযুক্ত হয়। সেই সময়ত এই চাকৰিত তেওঁ মাহে দৰমহা পাইছিল ৩০ টকা। ইয়াত কেইবছৰমান কাম কৰি ১৯০২ চনৰ ৭ জুনৰ পৰা ডিব্ৰুগড় কাছাৰীলৈ বদলি হৈ যায়। ১৯২৬ চনত ‘চিভিল পেস্কাৰ’ ৰূপে তেওঁ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। অৱসৰৰ সময়ত তেওঁ মাহে দৰমহা লাভ কৰিছিল এশ টকাকৈ । মফিজুদ্দিন আহমদ হাজৰিকাই ডিব্ৰুগড়ৰে হাফিজা খাতুনক বিয়া কৰাইছিল। তেওঁলোকৰ সাতজন পুত্রৰ লগতে সাতজনী কন্যা সন্তানৰ জন্ম হৈছিল।
সাহিত্য চৰ্চা:
মফিজুদ্দিন আহমদ হাজৰিকা (Mafizuddin Ahmed Hazarika) জোনাকী যুগৰ কবি সাহিত্যিক সকলৰ সমসাময়িক। অৱশ্যে তেখেত জোনাকী কাকতৰ লগত জড়িত নাছিল। তেখেতে একাধিক কবিতা পুথি ৰচনা কৰিছিল যদিও জীৱিত কালত মাত্ৰ এখনহে কবিতা পুথি প্ৰকাশ পাইছিল। ১৮৯৬ চনত প্ৰকাশ পোৱা “জ্ঞান মালিনী” কবিতা পুথিৰে তেখেতে অসমীয়া সাহিত্য জগতত প্ৰৱেশ কৰে। এই কবিতা পুথিৰদ্বাৰাই তেখেতে অসমীয়া কাব্য সাহিত্য জগতত এক বিশিষ্ট আসন দখল কৰিছে। এখন কবিতা পুথি ৰচি তেওঁ যি খ্যাতি অর্জন কৰিছে, সি বিৰল। ‘জ্ঞান মালিনী’ত সন্নিৱিষ্ট কবিতাসমূহ হ’ল— বিশ্ব খনিকৰ, মৰিশালীখনি, মুনিচুনি বেলি আৰু নৰ-জীৱনৰ দুটি বাট, মই মতালি ভাবৰ ভেটি উছন, আত্মন আৰু দিন-কণা। ১৯৭০ চনত ‘তত্ত্ব পাৰিজাত’ নামে তেওঁৰ আন এখন কবিতা পুথিও প্রকাশ পায়। ‘তত্ত্ব পাৰিজাত’ত চাৰিটা কবিতা সন্নিবিষ্ট হৈছে। এই কবিতাসমূহ হল – মাজনিশাৰ ‘মই’ চিতনি, বুঢ়া মাজী আৰু ভগা নাও, সময় জ্ঞান আৰু বাটৰুৱা ৷ মফিজুদ্দিন আহমদ হাজৰিকাৰ আন তিনিটা মূল্যবান কবিতা হ’ল— অসমীয়া, মিলন- সংগীত আৰু ভূঁইকঁপ। তেওঁৰ ৰচিত আন এখন কবিতাৰ পুথি হ’ল ‘মালিনীৰ বীণ’ (এই পুথি এতিয়াও উদ্ধাৰ হোৱা নাই)। মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ মাজত সদায় আধ্যাত্মিক তথা তত্ত্ব গধূৰ ভাব বিৰাজ কৰাৰ উপৰি কবিতাৰ ভাৱ-ভাষা আছিল গতিশীল, সহজ আৰু হৃদয়স্পর্শী।
১৯২৬ চনত তেওঁ সেই সময়ৰ চৰকাৰৰ পৰা সাহিত্যিক পেন্সন লাভ কৰে। সেই সময়ত সাহিত্যিক পেন্সনৰ ধনৰ পৰিমাণ আছিল ২৫.০০ টকা মাত্র। ১৯৩০ চনৰ মাৰ্চত গোলাঘাটত অনুষ্ঠিত অসম সাহিত্য সভাৰ দ্বাদশ অধিবেশনৰ তেওঁ সভাপতিৰ পদত অধিষ্ঠিত আছিল। সেইদিনা তেওঁ জাতিৰ উদ্দেশ্যে দিয়া ভাষণত সাহিত্য আৰু তাৰ উৎপত্তি সম্পৰ্কে এনেদৰে কৈছে, “সাহিত্য ‘সহিত’শব্দৰ পৰা হৈছে দেখি, জ্ঞানৰ সহিত, বুদ্ধিৰ সহিত, ভাৱৰ সহিত মিলাই শুৱলা অলঙ্কাৰেদি লগাই ল-নি নিমজ, ওখ ভাৱৰ আৰু উন্নত ধৰণৰ লিখা ভাষাকেই সাহিত্য বোলে। তাকে অলপ ফঁহিয়াই এইদৰেও দেখুৱাব পাৰি। বাহিৰৰ জগতৰ বস্তুবিলাকৰ গঢ়-গতি, দেহ-ৰূপ, চলন-ফুৰণ, ক্ৰিয়া কলাপৰ ছাঁ বা প্রতিবিম্ববোৰ অনুভূতিয়ে (গমে) সূৰ্য ৰশ্মিৰ সহায়েৰে ইন্দ্ৰিয়বিলাকৰ মাজেদি কঢ়িয়াই কঢ়িয়াই মগজুৰ ঠাই বিশেষত (অর্থাৎ Seat at under standing অত) গোটাই দি থাকে আৰু তাৰ পৰাই যি এটা বস্তুৰ উৎপত্তি হয় তাৰ নাম ‘বুজ’। সেই বুজবিলাকৰ সমিল মিলৰ পূৰঠ বা পৈণত অৱস্থাই হৈছে ‘জ্ঞান’।” তেওঁ কৈছিল, “মহৎ লোকসকলৰ অন্তৰ ভাবৰূপী মণি-মুকুতাৰ ভঁৰাল, জ্ঞান-গৱেষণাৰ খনি, দয়া-ধৰ্মৰ আকাৰ। সেইবিলাকৰ চকমকনি, সাহিত্যৰ ভিতৰেদি জিলিকি উঠি পঢ়ুৱৈসকলৰ মন উদ্বাউল কৰে। আজি যি একতা বা মিলৰ নিমিত্তে সকলোৰে মন ব্যাকুল, সেই একতাৰ ডোলগছো এই সাহিত্যই। সাহিত্যই ‘মৃত সঞ্জীৱনী’ৰ দৰে মৰাক জীয়াব পাৰে, কানীয়া সোৰোপাক তীখা মখৰা কৰিব পাৰে, সিঁচৰিত মনক একেডালি জৰীৰে গাঁথিব পাৰে।”
সামাজিক জীৱন:
মফিজুদ্দিন আহমদ হাজৰিকা (Mafizuddin Ahmed Hazarika) বিভিন্ন সামাজিক, সাংস্কৃতিক, শিক্ষামূলক, সাহিত্যমূলক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতো জড়িত আছিল। সেই প্রতিষ্ঠানসমূহৰ ভিতৰত হ’ল—
যুটীয়া সংগঠক– ডিব্ৰুগড় সাহিত্য সভা (১৮৯৭),
যুটীয়া প্রতিষ্ঠাতা- ফাইজী আম-মাদ্রাছা, ডিব্ৰুগড় (১৯০২),
প্রতিষ্ঠাতা – ডিব্ৰুগড়,কচম’পলিটান হাইস্কুল (১৯০২),
উপসভাপতি- ইছলামিক ষ্টাডি এছোচিয়েচন,
ডিব্ৰুগড় (১৯২০-২৫),
সভাপতি – শিৱসাগৰ ছাত্ৰ সন্মিলন (১৯২৮),
জেল পৰিদৰ্শক – ডিব্ৰুগড় (১৯৩৩),
সঞ্চালক – কো-অপাৰেটিভ টাউন বেংক, ডিব্ৰুগড়(১৯৩৬),
সভাপতি – ডিব্ৰুগড় জ্ঞানদায়িনী সভা (১৯৩৯) আদি । ১৯৫১ চনত অল ইণ্ডিয়া ৰেডিঅ’ই গুৱাহাটী আয়োজন কৰা কবি সন্মিলনত কবিতা পাঠ কৰাৰ সুযোগ লাভ কৰিছিল।
অসমীয়া সাহিত্য জগতৰ অন্যতম প্ৰাণস্পদ কবি মফিজুদ্দিন আহমদ হাজৰিকাই ১৯৫৮ চনৰ ২৯ অক্টোবৰ তাৰিখে ডিব্ৰুগড়ত শেষ নিশ্বাস ত্যাগ কৰে।
উৎস:
১/ শতবাৰ্ষিকী স্মৃতিগ্ৰন্থ, মফিজুদ্দিন আহমদ হাজৰিকা, ৰচনাৱলী – সম্পাদক আব্দুছ ছাত্তাৰ
২/ শতাধিক অসমীয়া সাহিত্যিক – সমীন কলিতা
৩/ অসমীয়া জীৱনী অভিধান – ড০ শিৱনাথ বৰ্মন