অসমৰ ৰেচম কাপোৰে সমগ্ৰ বিশ্বৰ পৰা অপৰিসীম স্বীকৃতি অৰ্জন কৰিছে। ৰাজ্যখনত কেইবাটাও প্ৰকাৰৰ ৰেচম পোৱা যায়। তাৰ ভিতৰত ৰাজ্যখনৰ একচেটিয়া সোণালী ৰেচম মুগাই আটাইতকৈ বিশিষ্ট আৰু প্ৰতিষ্ঠিত মৰ্যাদা অধিকাৰ কৰিছে। প্ৰাকৃতিকভাৱে সমৃদ্ধ সোণালী ৰঙৰ মুগা হৈছে ভাৰতত উপলব্ধ বন্য ৰেচমৰ ভিতৰত শ্ৰেষ্ঠতম। ইয়াক কেৱল অসমতহে উৎপাদন কৰা হয়।
অসমৰ হস্ততাঁত শিল্প খণ্ড ৰাজ্যখনৰ সাংস্কৃতিক ঐতিহ্য আৰু অৰ্থনীতিৰ এক অবিচ্ছেদ্য অংগ। উৎকৃষ্ট কাৰুশিল্প আৰু জীৱন্ত আৰ্হিৰ বাবে পৰিচিত অসমীয়া হস্ততাঁত সামগ্ৰীবোৰ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয়ভাৱে অত্যন্ত মূল্যৱান। এই খণ্ডটোৱে বৃহৎ সংখ্যক শিল্পী, বিশেষকৈ মহিলাসকলক নিযুক্তি প্ৰদান কৰে আৰু গ্ৰাম্য অৰ্থনীতিত গুৰুত্বপূৰ্ণ অৰিহণা যোগায়।
উদ্যোগটোৰ মূল বৈশিষ্টসমূহঃ
অনন্য কৌশলঃ
অসমত ব্যৱহৃত হৈ অহা বয়ন কৌশলসমূহ অনন্য আৰু ই প্ৰজন্মৰ পিছত প্ৰজন্মলৈ প্ৰসাৰিত হৈ আহিছে। অসমৰ অন্তৰ্গত প্ৰতিটো অঞ্চলৰ নিজস্ব বিশেষ শৈলী আৰু আৰ্হি আছে।
অসমত হস্ততাঁত বয়নত প্ৰায়ে প্ৰাকৃতিক ৰং আৰু পৰিৱেশ অনুকূল সামগ্ৰী ব্যৱহাৰ কৰা হয়, যাৰ ফলত ই বহনক্ষম আৰু পৰিৱেশ-অনুকূল হৈ পৰে।
সাংস্কৃতিক গুৰুত্বঃ
হস্ততাঁত সামগ্ৰীবোৰ অসমীয়া সংস্কৃতি আৰু পৰম্পৰাত গভীৰভাৱে জড়িত হৈ আছে। এইবোৰ প্ৰায়ে ধৰ্মীয় অনুষ্ঠান, বিবাহ আৰু উৎসৱত ব্যৱহাৰ কৰা হয়।
অসমীয়া হস্ততাঁত খণ্ডত ব্যৱহাৰ কৰা নক্সা আৰু আৰ্হিবোৰে প্ৰায়ে প্ৰাকৃতিক পৰিৱেশ, স্থানীয় উদ্ভিদ আৰু প্ৰাণী, আৰু সাংস্কৃতিক কাহিনী প্ৰতিফলিত কৰে।
উদ্যোগটোৱে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহঃ
যন্ত্ৰ-নিৰ্মিত বস্ত্ৰৰ সৈতে প্ৰতিযোগিতাঃ
সস্তীয়া, যন্ত্ৰ-নিৰ্মিত বস্ত্ৰৰ প্ৰৱাহে হস্ততাঁত খণ্ডৰ বাবে এক গুৰুত্বপূৰ্ণ ভাবুকিৰ সৃষ্টি কৰিছে। এই সামগ্ৰীসমূহ প্ৰায়ে অধিক সুলভ হয়, যাৰ ফলত হস্ততাঁত শিপিনীসকলৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাটো প্ৰত্যাহ্বানজনক হৈ পৰে।
আধুনিক বিপণন আৰু আন্তঃগাঁথনিৰ অভাৱঃ
বহুতো হস্ততাঁত শিপিনীৰ আধুনিক বিপণন চেনেলসমূহৰ প্ৰৱেশাধিকাৰৰ অভাৱ পৰিলক্ষিত হয়। ফলত তেওঁলোকৰ উৎপাদন সম্ভাৱ্য গ্ৰাহকসকললৈ সীমিত হৈ পৰে।
ইয়াৰ উপৰিও সঠিক আন্তঃগাঁথনিগত অভাৱ, যেনে উন্নত তাঁত আৰু মানদণ্ড নিয়ন্ত্ৰণ ব্যৱস্থা আদিয়ে উৎপাদনশীলতা আৰু মানদণ্ডত বাধা দিয়ে।
অৰ্থনৈতিক চাপঃ
হস্ততাঁত বয়ন হৈছে শ্ৰম-নিবিড় আৰু ই প্ৰায়ে স্থিৰ উপাৰ্জন প্ৰদান নকৰে। বহুতো শিপিনীয়ে আৰ্থিক অস্থিৰতাৰ সৈতে সংগ্ৰাম কৰিব লগীয়া হয়। ফলত যুৱ প্ৰজন্মৰ এই শিল্পত অংশগ্ৰহণ হ্ৰাস পায়।
ক'ভিড-১৯ মহামাৰীয়ে অৰ্থনৈতিক চাপ অধিক বৃদ্ধি কৰিছে, যোগান শৃংখল ব্যাহত কৰিছে আৰু বজাৰৰ চাহিদা হ্ৰাস কৰিছে।
দক্ষতা বিকাশঃ
বয়নশিল্পীসকলক আধুনিক কৌশল আৰু আৰ্হি প্ৰৱণতাৰ প্ৰশিক্ষণ দিবলৈ দক্ষতা বিকাশ কাৰ্যসূচীৰ প্ৰয়োজন আছে, যাতে পৰম্পৰাগত শিল্পকলাই সমসাময়িক চাহিদা পূৰণ কৰিবলৈ বিকশিত হ 'ব পাৰে।
চৰকাৰী পদক্ষেপ :
বিত্তীয় সাহায্য আৰু ৰাজসাহায্যঃ
চৰকাৰে হস্ততাঁত শিপিনীসকলক বিত্তীয় সাহায্য আৰু ৰাজসাহায্য প্ৰদানৰ বাবে বিভিন্ন আঁচনি আৰম্ভ কৰিছে। ইয়াৰ ভিতৰত আছে কেঁচা সামগ্ৰী ক্ৰয় আৰু তাঁতৰ আধুনিকীকৰণৰ বাবে অনুদান।
প্ৰচাৰ আৰু বিপণন সমৰ্থনঃ
'হস্ততাঁত মাৰ্ক' আৰু 'ইণ্ডিয়া হেণ্ডলুম ব্ৰেণ্ড' ৰ দৰে পদক্ষেপৰ লক্ষ্য হৈছে প্ৰামাণিক হস্ততাঁত সামগ্ৰীৰ প্ৰসাৰ কৰা আৰু গ্ৰাহকসকলৰ বাবে ক্ৰয়সামগ্ৰীৰ মানদণ্ড নিশ্চিত কৰা।
আৰু ৰ বাবে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত অংশগ্ৰহণে অসমীয়া হস্ততাঁত সামগ্ৰী প্ৰদৰ্শন আৰু ক্ৰেতাৰ সৈতে সংযোগ স্থাপন কৰে।
প্ৰশিক্ষণ আৰু দক্ষতা বিকাশঃ
চৰকাৰী আৰু বেচৰকাৰী সংস্থা (এনজিঅ') সমূহে আৰ্হি উদ্ভাৱন আৰু বজাৰ প্ৰৱণতাৰ ওপৰত গুৰুত্ব দি শিপিনীসকলৰ দক্ষতা বৃদ্ধিৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰি আছে।
ক্লাষ্টাৰ (cluster) উন্নয়ন কাৰ্যসূচীঃ
হস্ততাঁত ক্লাষ্টাৰ বিকশিত কৰা, শিপিনীসকলক সাধাৰণ সুবিধা প্ৰদান কৰা, উৎপাদনশীলতা আৰু বজাৰযোগ্যতা উন্নত কৰাৰ লক্ষ্যৰে কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।
ৰাজ্যিক খণ্ডৰ আঁচনিঃ
দক্ষতা উন্নয়ন কাৰ্যসূচীঃ ১০২টা হস্ততাঁত প্ৰশিক্ষণ কেন্দ্ৰই নিবনুৱা যুৱক-যুৱতীসকলক হস্ততাঁত আৰু অন্যান্য আনুষংগিক কৌশলৰ ওপৰত বছৰজোৰা প্ৰশিক্ষণ প্ৰদান কৰিব।
হস্ততাঁত প্ৰশিক্ষণ প্ৰতিষ্ঠানঃ প্ৰতিষ্ঠিত ৪টা হস্ততাঁত প্ৰশিক্ষণ প্ৰতিষ্ঠানে ১ বছৰৰ বাবে ৰাজ্যখনৰ হস্ততাঁত প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা উত্তীৰ্ণ প্ৰশিক্ষাৰ্থীসকলক হস্ততাঁত, বস্ত্ৰ আৰ্হি, ৰং কৰা, উদ্যোগশীলতা আদিৰ ওপৰত উন্নত উচ্চ প্ৰশিক্ষণ প্ৰদান কৰিব।
সূতা বেংকঃ ৰাজ্যখনৰ জিলা আৰু মহকুমা সদৰত স্থাপিত ৩৩টা সুতা বেংকে মিল গেট মূল্য (Mill Gate Price)ত ৩০% ৰাজসাহায্য মূল্যত কপাহৰ হেঙ্ক সূতাৰ ৰূপত গুণগত মানৰ কেঁচা সামগ্ৰী আগবঢ়াই আহিছে।
হস্ততাঁত শিপিনীসকললৈ আয় হস্তক্ষেপৰ অধীনত অৰ্থনৈতিকভাৱে দুৰ্বল শিপিনীসকলক জীৱিকা হিচাপে হস্ততাঁত গ্ৰহণ কৰিবলৈ কাৰ্যকৰী মূলধনৰ সৈতে ফ্লাই শ্বটল ফ্ৰেম (fly shuttle frame) তাঁত প্ৰদান কৰা হৈছে।
শিপিনীসকলৰ অৰ্থনৈতিক উন্নয়ন : দক্ষতা উন্নয়ন, নতুন তাঁত আৰু কেঁচা সামগ্ৰীৰ বাবে বহনক্ষম গুণগত মানৰ উৎপাদন আৰু জীৱিকাৰ বাবে আত্ম-সহায়ক গোটবোৰক বিত্তীয় অনুদান প্ৰদান কৰা হয়।
আদৰ্শ হস্ততাঁত গাওঁ : গাঁৱৰ শিপিনীসকলে হস্ততাঁত বয়নশিল্পক বহনক্ষম জীৱিকা হিচাপে গ্ৰহণ কৰাৰ বাবে এণ্ড-টু-এণ্ড (end-to-end) পৰ্যায়ৰ হস্তক্ষেপ প্ৰমাণিত কৰি এখন হস্ততাঁত গাঁৱৰ সংহত আৰু সামগ্ৰিক বিকাশ সাধন কৰা।
হস্ততাঁত ক্লাষ্টাৰ উন্নয়ন কাৰ্যসূচীঃ এই কাৰ্যসূচীত বাণিজ্যিকভাৱে বহনক্ষম উপায়েৰে হস্ততাঁত বয়ন শিল্পক জীৱিকা হিচাপে গ্ৰহণ কৰাৰ বাবে কাষৰীয়া ৩ৰ পৰা ৪খন গাঁৱভিত্তিক এখন হস্ততাঁত ক্লাষ্টাৰক প্ৰয়োজন-ভিত্তিক হস্তক্ষেপ প্ৰদান কৰা হয়। বয়নশৈলী, আৰ্হি আদিৰ ওপৰত প্ৰয়োজন-আধাৰিত দক্ষতা উন্নয়ন প্ৰশিক্ষণ প্ৰদান কৰে। নতুন তাঁত আৰু জেক্কাৰ্ড (jacquard) আদি যোগান ধৰা হয় ।বজাৰ উৎপাদনৰ বাবে কৰ্মশালাবোৰে উচ্চ মূল্যৰ বৈচিত্ৰ্যময় হস্ততাঁত বস্ত্ৰ উৎপাদনৰ নেতৃত্ব দিছিল।
স্ব-নিৰ্ভৰ নাৰীঃ স্ব-নিৰ্ভৰ নাৰী হৈছে এক ৰাজ্যিক ফ্লেগশ্বিপ কাৰ্যসূচী। চৰকাৰে হস্ততাঁত শিল্পৰ পৰা তৈয়াৰী পৰম্পৰাগত সামগ্ৰী গমোচা, আৰোনাই, পাজৰ, ডুমাৰ আদি ক্ৰয় কৰিব। গুণগত মানদণ্ড নিৰ্ধাৰিত মূল্যত থলুৱা শিপিনীসকলৰ পৰা পোনপটীয়াকৈ আৰু আৰ্টফেড (ARTFED) আৰু এজিএমচি. লিমিটেড (AGMC Ltd.)ৰ শ্ব'ৰুম আৰু বিপণন কেন্দ্ৰসমূহৰ জৰিয়তে এই বস্ত্ৰসমূহ বিক্ৰী কৰা হ'ব। যোগ্য শিপিনীসকলে এটা পঞ্জীয়ন প'ৰ্টেলৰ জৰিয়তে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰে।
অসম হস্ততাঁত খণ্ডই ইয়াৰ সমৃদ্ধ পৰম্পৰা আৰু সাংস্কৃতিক গুৰুত্বৰ সৈতে কেইবাটাও আধুনিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। অৱশ্যে, চৰকাৰ, বেচৰকাৰী সংগঠন আৰু সম্প্ৰদায়ৰসমূহৰ নিৰন্তৰ সমৰ্থনত, অসমৰ স্বকীয় হস্ততাঁত শিল্পৰ পুনৰুজ্জীৱিতকৰণ আৰু বিকাশৰ সম্ভাৱনা আছে। আধুনিক বিপণন আৰু উদ্ভাৱন গ্ৰহণেৰে পৰম্পৰাগত কৌশলসমূহ সংৰক্ষণ কৰিলে হস্ততাঁত শিল্পখণ্ডটো অসমৰ অৰ্থনীতি আৰু সাংস্কৃতিক ঐতিহ্যৰ এক স্পন্দনশীল অংশ হৈ থাকিব পাৰে।