ৰংঘৰ
অসম বুৰঞ্জীৰ এক গৌৰৱোজ্জল অধ্যায় হ’ল আহোম বুৰঞ্জী। ছশ বছৰীয়া আহোম ৰাজত্বকালৰ ইতিহাস জীৱন্ত কৰি ৰখা স্থাপত্যসমূহৰ ভিতৰত ৰংঘৰ অন্যতম। আহোম স্বৰ্গদেউসকলে ৰংঘৰক পেভিলিয়ন ৰূপে ব্যৱহাৰ কৰিছিল। ই এছিয়াৰ প্ৰথম পেভেলিয়ন হিচাপে প্ৰখ্যাত। ৰাজ-পৰিয়াল আৰু ৰজাঘৰীয়া বিশিষ্ট বিষয়াসকলে ৰংঘৰৰ পৰাই ৰঙালী বিহুৰ সময়ত অনুষ্ঠিত হোৱা ম’হ যুঁজ, শেন যুজঁকে আদি কৰি অন্যান্য বিনোদনমূলক অনুষ্ঠানসমূহ উপভোগ কৰিছিল। অসমৰ জাতীয় উৎসৱ বিহুৱে এই ৰংঘৰৰ বাকৰিতে ৰাজকীয় মৰ্যদা লাভ কৰিছিল।
ৰংঘৰৰ ইতিহাস
আহোম সাম্ৰাজ্যৰ অন্যতম ৰাজধানী ৰংপুৰৰ ৰূপহী পথাৰত ৰংঘৰ অৱস্থিত। ৰংঘৰ পোনপ্ৰথমে স্বৰ্গদেউ ৰুদ্ৰসিংহই কাঠ আৰু বাঁহেৰে নিৰ্মাণ কৰিছিল। পৰৱৰ্তী সময়ত ১৭৪৬ চনত স্বৰ্গদেউ প্ৰতাপ সিংহই ৰংঘৰক পূৰ্ণাংগ ৰূপত নিৰ্মাণ কৰে। থলুৱা পদ্ধতিৰ প্ৰয়োগ কৰি ৰংঘৰ নিৰ্মাণ কৰা হৈছিল। বিশেষকৈ বৰালি মাছ,বৰা চাউল,হাঁহ কণী,মাটি মাহ আদি বিভিন্ন সামগ্ৰীৰ বিশেষ ভাৱে সংমিশ্ৰণ ঘটাই মাটিৰে তৈয়াৰী ইটাৰ দ্বাৰা ৰংঘৰ নিৰ্মাণ কৰা হৈছিল।
ৰংঘৰৰ চাৰিসীমা
ৰংঘৰৰ পূবে তলাতল ঘৰ, পশ্চিমে ৰূপহী পথাৰ, উত্তৰে শিৱসাগৰ নগৰ আৰু দক্ষিণে জেৰেঙা পথাৰ অৱস্থিত।
স্থাপত্য
ৰংঘৰৰ কেন্দ্ৰীয় গাঁথনি চতুৰ্ভূজ আকৃতিৰ। দুই মূৰ আগবঢ়াই ইয়াক ট্ৰেপেজিয়ামৰ আকৃতি দিয়া হৈছে। সামগ্ৰিক ভাৱে ৰংঘৰৰ গাঁঠনিয়ে এটা অষ্টভূজৰ ৰূপ লৈছে। ৰংঘৰৰ ওপৰৰ চালখন অৰ্দ্ধ-বৃত্তাকৃতিৰ; এখন আহোমযুগীয় ওলোটা ৰাজকীয় দীঘল নাওৰ দৰে ইয়াৰ আকৃতি। কিছুমান বৃহদাকৃতিৰ স্তম্ভ আৰু ধেনুভেৰীয়া গাঁঠনিয়ে চালখনক ধৰি ৰাখিছে। চূড়াত নিৰ্মাণ কৰা আহোম ড্ৰেগন ঙি ঙাও খামে ৰংঘৰৰ সৌন্দৰ্যক বিশেষ মাত্ৰা প্ৰদান কৰিছে। পোৰা ইটাৰে নিৰ্মাণ কৰা ৰংঘৰত কোনো ধাতুৰ ব্যৱহাৰ কৰা হোৱা নাই। ইটা জোৰা লগাবলৈ মাটিমাহ, হাঁহকণী, বৰা চাউল আদি সামগ্ৰীৰে এক মিশ্ৰণ তৈয়াৰ কৰা হৈছিল। ভিতৰৰ বেৰৰ পৃষ্ঠভাগ ঢাকিবলৈও চূণৰ গুৰি আৰু ইটাৰ ব্যৱহাৰ কৰিছিল। কোৱা হয় যে এই গুড়িৰ তৰপটোৱে ৰং ঘৰৰ ভিতৰখন শীতল কৰি ৰাখিছিল। ইয়াৰ দেৱালসমূহত দেৱ-দেৱী, জীৱ-জন্তু আদিৰ বিভিন্ন চিত্ৰ অংকন কৰা হৈছিল। ৰংঘৰত একাদিক্ৰমে মুক্ত বহুকেইখন প্ৰৱেশদ্বাৰ আছে, আনহাতে ছাদৰ ওপৰত শিলত খোদিত এযোৰ কুম্ভীৰৰ আলংকাৰিক প্ৰতিমূৰ্ত্তি দেখিবলৈ পোৱা যায়।
আহোম শাসনৰ সময়ত বিভিন্ন অনুষ্ঠানৰ পৰিপ্ৰেক্ষিতত ম’হ-যুঁজ, কুকুৰ-যুঁজ, হাতী যুঁজ, মল্লযুঁজ ইত্যাদি খেলা-ধূলা অনুষ্ঠিত হোৱাৰ সময়ত ৰূপহী পথাৰত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছিল। ৰং ঘৰে ৰাজ মণ্ডপ হিচাপে প্ৰতিষ্ঠা লাভ কৰাৰ উপৰিও ৰাজ্যখনৰ বিভিন্ন প্ৰান্ত আৰু ইয়াৰ চুবুৰীয়া ৰাজ্যসমূহলৈ খেলসমূহ বিস্তাৰিত কৰাৰ ক্ষেত্ৰত অৰিহণা যোগাইছিল।