কিউএছ ৱৰ্ল্ড ইউনিভাৰ্ছিটি ৰেংকিং (QS world university ranking) ২০২৫

সাধাৰণ অধ্যয়ন (কাকত -১) (ভাৰতীয় ঐতিহ্য-সংস্কৃতি, ইতিহাস, বিশ্ব ভূগোল আৰু সমাজ)
কিউএছ ৱৰ্ল্ড ইউনিভাৰ্ছিটি ৰেংকিং (QS world university ranking) ২০২৫
Published on

সদ্য প্ৰকাশিত প্ৰতিবেদনত ভাৰতীয় বিশ্ববিদ্যালয় মান(ৰেংকিং) নৱমৰ পৰা সপ্তমলৈ বৃদ্ধি পাইছে। ৯৬.০ শীৰ্ষ নম্বৰৰ সৈতে দিল্লী বিশ্ববিদ্যালয়ে নিয়োগ ফলাফলত উৎকৃষ্টতা অৰ্জন কৰিছে আৰু স্নাতকসকলৰ বৃহৎ নিয়োগযোগ্যতা প্ৰদৰ্শনেৰে বিশ্বৰ ভিতৰত ৪৪ তম্ স্থানত আছে।

কিউ. এছ. বিশ্ব বিশ্ববিদ্যালয় ৰেংকিং

কোৱাকুৱেৰেলি চাইমণ্ডছ (Uacquarelli Symonds) সন্থাটোৱে কিউএছ ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিংছ বাৰ্ষিক প্ৰকাশ কৰে।

টাইমছ হায়াৰ এডুকেশ্বন-কিউএছ ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিং প্ৰথমবাৰৰ বাবে ২০০৪ চনত টাইমছ হায়াৰ এডুকেশ্বন (THE) আলোচনীৰ সৈতে যৌথ-অংশীদাৰিত্বৰ জৰিয়তে প্ৰস্তুত কৰা হৈছিল।

  • পৰৱৰ্তী সময়ত দুটা গোট বিভাজন হৈছিল আৰু ২০০৯ চনত স্বতন্ত্ৰভাৱে বিশ্ববিদ্যালয়ৰ মানতালিকা প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছিল।

  • কিউ. এছ. ৱৰ্ল্ড ইউনিভাৰ্ছিটি ৰেংকিং

  • ৱৰ্ল্ড ইউনিভাৰ্ছিটি ৰেংকিং

  • এই ৰেংকিঙ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠানসমূহৰ মানদণ্ড আৰু প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি মূল্যায়ন কৰা হয়।

কিউএছ ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিং ২০২৫:

  • কিউএছ সন্থাটোৱে দাবী কৰিছে যে তেওঁলোকে ১৭ নিযুত গৱেষণা প্ৰবন্ধ, ১৭৬ নিযুত উদ্ধৃতি, বিশ্বজুৰি ৫৬০০ বিশ্ববিদ্যালয়ৰ তথ্য, আৰু ১,৭৫,৭৯৮ জন শিক্ষাবিদ আৰু ১,০৫,৪৭৬ জন কৰ্মৰত লোকৰ দৃষ্টিভংগী বিশ্লেষণ কৰি ২০২৫ চনৰ কিউএছ ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিং সংকলন কৰিছে।

ৰেংকিংৰ গুৰুত্বপূৰ্ণ দিশসমূহ হ'ল-

  • একেৰাহে ত্ৰয়োদশ বছৰ ধৰি মেছাচুচেট্‌ছ ইনষ্টিটিউট অৱ টেকন'লজি (MIT)-এ বিশ্বৰ বিশ্ববিদ্যালয়সমূহৰ ভিতৰত শীৰ্ষ স্থান বজাই ৰাখিছে।

  • লণ্ডনৰ ইম্পেৰিয়েল কলেজৰ মান শীৰ্ষৰ ষষ্ঠ স্থানৰ পৰা দ্বিতীয় স্থানলৈ উন্নীত হৈছে।

  • তৃতীয় স্থানত যুটীয়াভাৱে অক্সফ'ৰ্ড বিশ্ববিদ্যালয় আৰু হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় আছে।

কিউ. এছ. বিশ্ব বিশ্ববিদ্যালয় ৰেংকিংৰ বাবে বিবেচনা কৰা কাৰকসমূহ হ'ল

  • একাডেমিক খ্যাতি

  • শিক্ষক-ছাত্ৰ অনুপাত

  • নিয়োগকৰ্তাৰ সুনাম

  • স্থায়িত্ব

  • আন্তঃৰাষ্ট্ৰীয় গৱেষণা নেটৱৰ্ক

  • প্ৰতিজন অনুষদ (Faculty)ৰ উদ্ধৃতি (Citation)

  • আন্তঃৰাষ্ট্ৰীয় শিক্ষক অনুপাত

  • আন্তৰ্জাতিক শিক্ষাৰ্থীৰ অনুপাত

  • নিয়োগ ফলাফল

ভাৰতৰ স্থিতিঃ

  • ৪৬খন বিশ্ববিদ্যালয়ৰ সৈতে, ভাৰতীয় উচ্চ শিক্ষা ব্যৱস্থাই কেৱল চীন (৭১ খন বিশ্ববিদ্যালয়) আৰু জাপান (৪৯ বিশ্ববিদ্যালয়)ৰ পিছতে এছিয়াৰ ভিতৰত তৃতীয় সৰ্বাধিক প্ৰতিনিধিত্ব আৰু ৰেংকিঙৰ এই সংস্কৰণত আন্তঃৰাষ্ট্ৰীয় ভিত্তিত সপ্তম সৰ্বাধিক মান দখল কৰিছে।

  • ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ ৬১% ৰেংকিং বৃদ্ধি পাইছে, ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, বোম্বাইয়ে শীৰ্ষ স্থান দখল কৰিছে।

  • এইবাৰ, ৬১% ভাৰতীয় বিশ্ববিদ্যালয়ে ৰেংকিঙত উন্নতি কৰিছে, আনহাতে ২৪% বিশ্ববিদ্যালয় একে স্থানত আছে।

  • প্ৰতি অনুষদীয় উদ্ধৃতিঃ বিশ্বৰ ২৩.৫ গড় মানৰ তুলনাত ৩৭.৮ সাফল্যাংকৰ সৈতে ভাৰতে এই সূচকত ভাল প্ৰদৰ্শন কৰিছে। দহখনতকৈ অধিক স্থানপ্ৰাপ্ত বিশ্ববিদ্যালয় থকা এছিয়াৰ দেশসমূহৰ ভিতৰত ভাৰত দ্বিতীয় সৰ্বোচ্চ স্থানত আছে।

  • আন্তঃৰাষ্ট্ৰীয় অনুষদ অনুপাত আৰু আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ অনুপাত সূচকে অৱশ্যে ভাৰত পিছ পৰি থকাটো সূচাইছে। ইয়ে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু বিনিময় বৃদ্ধি প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে।

EAANg766aH1QBOzRzPcynroGauPTSN9eHFbB4p8JIqdt4GHeOMB6Oitqtd3xuqdqML3B6ojiVZCVLT4nX9twhptT4hQzchniTPcbqkd2LHicZBfbOtumzGkppnY2MUKUoGMx6hovy7eH851wtALd1A9IAHpHHkIy1Jmcs8minxwByHU0cWqcqbaaJW60TvWAAZDZD
logo
Advait IAS
advaitias.com