আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় বৈজ্ঞানিক আৰু মহাকাশ প্ৰশাসন (NASA)ৰ অংশীদাৰিত্বত, ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ই ইয়াৰ চাৰিজন প্ৰশিক্ষিত গগনযান মহাকাশচাৰীক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ(ISS)লৈ এক্সিঅ'ম-৪অভিযানৰ বাবে বাছনি কৰিছে।
এক্সিয়ম -৪ অভিযান
এক্সিঅ'ম মিছন -৪ (বা Ax-4) হৈছে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ কৰা এক ব্যক্তিগত মহাকাশ যাত্ৰা।
এইটো আমেৰিকাৰ ব্যক্তিগতভাৱে পুঁজি প্ৰদানকাৰী মহাকাশ আন্তঃগাঁথনি বিকাশকাৰী এক্সিঅ'ম স্পেচ (Axiom Space) পৰিচালনা কৰে আৰু এটা স্পেচএক্স ক্ৰু ড্ৰেগন (SpaceX crew Dragon space) মহাকাশযান ব্যৱহাৰ কৰে।
এক্সিঅ'ম মিছন -১, এক্সিঅ'ম মিছন -২ আৰু এক্সিঅ'ম মিছন ৩-ৰ পিছতে নাছাৰ সহযোগিতাত এক্সিঅ'ম স্পেচৰ চতুৰ্থ উৰণ হ'ব।
২০২৪ চনত আৰম্ভ হ'বলগীয়া নিম্ন পৃথিৱীয় কক্ষপথত (এল. ই. অ'.)(LEO) এক বহনক্ষম মানৱ উপস্থিতি স্থাপনৰ বাবে এক্সিম-৪এ কোম্পানীটোৰ অগ্ৰণী প্ৰচেষ্টা অব্যাহত দৃশ্যমান হৈ আছে।
ইয়াৰ লক্ষ্য চৌধ্য দিনৰ বাবে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ সৈতে লংগৰ (dock) স্থাপন কৰা।
ভাৰত-আমেৰিকাৰ মহাকাশ সহযোগিতাৰ উদ্দেশ্যৰ অংশ হিচাপে, স্পেসএক্স (SpacX), নাছা আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলে ভাৰতীয় মহাকাশচাৰীক জৰুৰীকালীন প্ৰস্তুতি আৰু মহাকাশযান প্ৰণালীত প্ৰশিক্ষণ দিব।