ভাৰতৰ শক্তি মিশ্ৰণত পাৰমাণৱিক শক্তি, বিশেষকৈ ক্ষুদ্ৰ মড্যুলাৰ ৰিয়েক্টৰ (SMRs)ৰ ওপৰত কেন্দ্ৰীয় বাজেট ২০২৪-২৫ত গুৰুত্ব আৰোপ কৰা হৈছে। বাণিজ্যিক খণ্ড আৰু ভাৰত চৰকাৰে ভাৰত ক্ষুদ্ৰ ৰিয়েক্টৰ (BSRs) নিৰ্মাণত সহযোগিতা আগবঢ়াব।
ক্ষুদ্ৰ মডুলাৰ ৰিয়েক্টৰ (SMRs)
ক্ষুদ্ৰ মডুলাৰ ৰিয়েক্টৰ হৈছে পৰম্পৰাগত পাৰমাণৱিক শক্তি প্ৰকল্পৰ হ্ৰাসিত (স্কেল-ডাউন (scale-down)) সংস্কৰণ, যিবোৰ কম কাৰ্যকৰী উপাদানৰ সৈতে উন্নত সুৰক্ষা বৈশিষ্ট্য প্ৰদান কৰিবলৈ আৰ্হি নিৰ্মাণ কৰা হৈছে।
উদ্দেশ্যঃ ক্ষুদ্ৰ মডুলাৰ ৰিয়েক্টৰ হৈছে ৩০০ মেগাৱাটতকৈ কম ক্ষমতাৰ ৰিয়েক্টৰ। গৃহীত লক্ষ্য হৈছে এই ক্ষুদ্ৰ ৰিয়েক্টৰসমূহক দক্ষ, ক্ষুদ্ৰ পৰিমাণৰ পাৰমাণৱিক শক্তি সুবিধা প্ৰদানকাৰীলৈ বিকশিত কৰা।
প্ৰয়োজনীয়তাঃ সাম্প্ৰতিক পাৰমাণৱিক প্ৰকল্পকে ধৰি বিদ্যমান বিদ্যুৎ উৎপাদন প্ৰণালীৰ পৰিপূৰক বিকল্প হিচাপে ক্ষুদ্ৰ মডুলাৰ ৰিয়েক্টৰক বিবেচনা কৰা হৈছে।
ক্ষমতাঃ এই উন্নত ৰিয়েক্টৰসমূহে প্ৰতি ইউনিটত ৩০০ মেগাৱাট (MW(e)) পৰ্যন্ত উৎপাদন কৰিব পাৰে।
গোলকীয় ভূ-দৃশ্যঃ বিশ্বজুৰি ৮০ টাতকৈও অধিক ক্ষুদ্ৰ মডুলাৰ ৰিয়েক্টৰ আৰ্হি আৰু ধাৰণা বিদ্যমান, ইয়াৰে বেছিভাগ এতিয়াও বিকাশৰ বিভিন্ন পৰ্যায়ত আছে।
ভাৰত ক্ষুদ্ৰ ৰিয়েক্টৰসমূহ
এই ৰিয়েক্টৰসমূহক পৰম্পৰাগত বৃহৎ পাৰমাণৱিক শক্তি প্ৰকল্পৰ তুলনাত ক্ষুদ্ৰ পৰিসৰত বিদ্যুৎ উৎপাদনৰ বাবে আৰ্হি নিৰ্মাণ কৰা কমপেক্ট পাৰমাণৱিক ৰিয়েক্টৰ (Compact nuclear reactors) হিচাপে নিৰ্মাণ কৰা হৈছে।
প্ৰযুক্তিৰ আধাৰঃ
ভাৰতৰ ২২০ মেগাৱাট চাপযুক্ত গুৰু জল বিকাৰক (PHWR) প্ৰযুক্তিৰ ওপৰত এই ক্ষুদ্ৰ পাৰমাণৱিক ৰিয়েক্টৰসমূহ আধাৰিত।
ভাৰতত ইতিমধ্যে ১৬ টা পিএইচডব্লিউআৰ গোট কাৰ্যক্ষম হৈ আছে।
মূল উদ্ভাৱনঃ
উন্নয়ন আৰু প্ৰয়োগৰ বাবে ব্যক্তিগত খণ্ডৰ সৈতে অংশীদাৰীত্ব স্থাপন কৰা হৈছে
১৯৬২ চনৰ পাৰমাণৱিক শক্তি আইনৰ ঐতিহাসিক পৰিৱৰ্তন অনা হৈছে, যি পূৰ্বতে ৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি খণ্ডত ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণ অনুমতি প্ৰদান কৰা নাছিল।
ভাৰত ক্ষুদ্ৰ ৰিয়েক্টৰৰ প্ৰয়োজনীয়তা :
পৰম্পৰাগত প্ৰকল্পৰ তুলনাত সুবিধাঃ
নমনীয়তাঃ ভাৰত ক্ষুদ্ৰ ৰিয়েক্টৰসমূহ নানা ক্ষেত্ৰৰ সৈতে অধিক খাপ খোৱা।
নিয়োজনঃ বৃহৎ পৰিমাণৰ ৰিয়েক্টৰতকৈ ক্ষুদ্ৰ ৰিয়েক্টৰসমূহৰ নিয়োজন দ্ৰুত।
ব্যয়ঃ ক্ষুদ্ৰ ৰিয়েক্টৰসমূহ সম্ভৱতঃ অধিক ব্যয়সাধ্য।
প্ৰয়োগঃ
ক্ষুদ্ৰ ৰিয়েক্টৰসমূহ দূৰৱৰ্তী অঞ্চলসমূহত বিদ্যুৎ প্ৰদানৰ বাবে উপযোগী।
চিমেণ্ট আৰু তীখাৰ দৰে বৃহৎ উদ্যোগৰ বাবে মূলধনী বিদ্যুৎ-শক্তি গোট (captive power units) হিচাপে কাৰ্য সম্পাদন কৰিব পাৰে।
গোলকীয় প্ৰসংগঃ
ক্ষুদ্ৰ মডুলাৰ ৰিয়েক্টৰ(SMRs)ৰ প্ৰতি বিশ্বজনীন প্ৰৱণতাৰ সৈতে সংমিশ্ৰণ দেখা যায়।
ক্ষুদ্ৰ মডুলাৰ ৰিয়েক্টৰ ধাৰণাৰ পৰা ভাৰত ক্ষুদ্ৰ ৰিয়েক্টৰ পৃথক, কিয়নো ভাৰত ক্ষুদ্ৰ ৰিয়েক্টৰে সম্পূৰ্ণ নতুন, কাৰখানা-নিৰ্মিত আৰ্হিৰ পৰিৱৰ্তে বিদ্যমান পি.এইচ. ডব্লিউ.আৰ. (PHWR) প্ৰযুক্তি ব্যৱহাৰ কৰে।
বিশুদ্ধ শক্তিৰ বিকল্পসমূহ
ভৱিষ্যত পৰিকল্পনাঃ
ভাৰত ক্ষুদ্ৰ মডুলাৰ ৰিয়েক্টৰ (বিএছএমআৰ)(BSMR) ৰ গৱেষণা আৰু বিকাশৰ কথা ঘোষণা কৰা হৈছে।
মুম্বাইৰ ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰত (বিএআৰচি)(BARC) ভাৰত ক্ষুদ্ৰ মডুলাৰ ৰিয়েক্টৰৰ আৰ্হি নিৰ্মাণ জাৰি আছে।
বিস্তৃত ৰণনীতিঃ
ভাৰতৰ প্ৰয়োজনীয় শক্তি মিশ্ৰণ আৰু স্বচ্ছ শক্তি উৎসলৈ পৰিৱৰ্তন বৈচিত্ৰতাৰ প্ৰচেষ্টাৰ অংশস্বৰূপে ভাৰত ক্ষুদ্ৰ মডুলাৰ ৰিয়েক্টৰসমূহ স্থাপন কৰা হ'ব।
পাৰমাণৱিক শক্তিক বেছলোড (মূল-ভাৰচালিত)(base-load) বিদ্যুৎ প্ৰদানৰ বাবে তাপবিদ্যুৎ শক্তিৰ এক কাৰ্যকৰী বিকল্প বুলি গণ্য কৰা হয়।
প্ৰত্যাহ্বান আৰু বিবেচনাঃ
বিদ্যুৎ গ্ৰীডত ভাৰত ক্ষুদ্ৰ মডুলাৰ ৰিয়েক্টৰ সংলগ্নিকৰণৰ বাবে কেইবা বছৰো লাগিব পাৰে।
এইক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণক সমৰ্থন কৰিবলৈ নতুন নীতি আৰু আইনী পৰিকাঠামোৰ প্ৰয়োজন।
তদুপৰি, সুৰক্ষাজনিত প্ৰশ্নবোৰ সমাধান কৰা, পাৰমাণৱিক আৱৰ্জনা পৰিচালনা কৰা, আৰু বিস্তৃত শক্তি আৰু পৰিৱেশগত লক্ষ্যৰ সৈতে একত্ৰিতকৰণ আদি প্ৰত্যাহ্বান ইয়াৰ সৈতে জড়িত হৈ আছে।
ভাৰত ক্ষুদ্ৰ ৰিয়েক্টৰে ভাৰতৰ পাৰমাণৱিক শক্তি নীতিত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন চিহ্নিত কৰিছে, যাৰ লক্ষ্য হৈছে পাৰমাণৱিক শক্তিৰ বহুমুখিতা আৰু অভিগম্যতা বৃদ্ধি কৰা। ভাৰতৰ সামগ্ৰিক বিদ্যুৎ উৎপাদনত ৩% অংশ অৱদানেৰে পাৰমাণৱিক শক্তি দেশৰ পঞ্চম বৃহত্তম বৈদ্যুতিক উৎস হিচাপে স্থান লাভ কৰিছে।