২৫ জুনত চীনৰ চাংগে'ই-৬ পৃথিৱীৰ পৰা অদৃশ্যমান চন্দ্ৰৰ অংশৰ পৰা নমুনা কঢ়িয়াই অনা বিশ্বৰ প্ৰথমখন মহাকাশযান হিচাপে পৰিগণিত হৈছিল।
চাংগে 'ই-৬ অভিযান
চাংগে 'ই-৬ হৈছে চন্দ্ৰৰ দূৰৱৰ্তী ফালৰ পৰা নমুনা কঢ়িয়াই অনা মানৱ ইতিহাসৰ প্ৰথমটো অভিযান।
২০২৪ চনৰ ৩ মে "ত উৎক্ষেপণৰ পৰা আৰম্ভ কৰি ২০২৪ চনৰ ২৫ জুনত ৰিটাৰ্ণ কেপচুল অৱতৰণৰ সৈতে শেষ হোৱা এই অভিযান ৫৩ দিন ধৰি চলিছিল।
চন্দ্ৰৰ কক্ষপথত উপনীত হোৱাৰ পিছত, অভিযানৰ অৰ্বিটাৰে প্ৰাকৃতিক উপগ্ৰহটো প্ৰদক্ষিণ কৰি আছিল আৰু ইয়াৰ লেণ্ডাৰে চন্দ্ৰ পৃষ্ঠত ২,৫০০ কিলোমিটাৰ বহল দক্ষিণ মেৰু-আইটকেন অৱবাহিকাত অৱতৰণ কৰিছিল।
সৌৰজগতৰ অন্যতম বৃহৎ প্ৰভাৱী অৱবাহিকা দক্ষিণ মেৰু-আইটকেন অৱবাহিকাত চন্দ্ৰৰ মেণ্টেল আৱৰণৰ সামগ্ৰী আছে বুলি বিশ্বাস কৰা হয়।
লেণ্ডাৰখনে ৰবটিক স্কুপ আৰু ড্ৰিল ব্যৱহাৰ কৰি প্ৰায় ২ কিলোগ্ৰাম চন্দ্ৰ পদাৰ্থ সংগ্ৰহ কৰিছিল, যাৰ ভিতৰত পৃষ্ঠভাগৰ মাটি আৰু উপপৃষ্ঠৰ নমুনা দুয়োটাই আছিল।
স্কুপিং আৰু ড্ৰিলিঙৰ জৰিয়তে নমুনা সংগ্ৰহ কৰাৰ পিছত লেণ্ডাৰে এখন আৰোহণ বাহন মুকলি কৰিছিল, যিয়ে নমুনাবোৰ অৰ্বিটাৰৰ ছাৰ্ভিচ মডিউললৈ স্থানান্তৰ কৰা হৈছিল। এই মডিউলটো তাৰ পিছত পৃথিৱীলৈ ঘূৰি আহিছিল।
২০১৪ চনত ইয়াৰ চাংগে 'ই-৪ অভিযানত চন্দ্ৰযানখনে অঞ্চলটোত অৱতৰণ কৰিছিল আৰু এখন ৰোভাৰৰ সহায়ত চন্দ্ৰৰ ভন কাৰমান ক্ৰেটাৰ (Von Carman Crater) অন্বেষণ কৰিছিল।
২০৩০ চনৰ ভিতৰত চীনৰ চন্দ্ৰপৃষ্ঠত মহাকাশচাৰীক অৱতৰণ কৰোৱা লক্ষ্যৰ দিশত এই অভিযান এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।
চন্দ্ৰৰ দূৰৱৰ্তী অংশ :
চন্দ্ৰৰ দূৰৱৰ্তী দিশটোক প্ৰায়ে ডাৰ্ক চাইড বুলি কোৱা হয়। এয়া সূৰ্যৰ পোহৰৰ অভাৱত নহয়, বৰঞ্চ ই পৃথিৱীৰ পৰা দৃশ্যমান নহয়।
চন্দ্ৰ পৃথিৱীৰ সৈতে মহাকৰ্ষণ বলেৰে আবদ্ধ (tidally locked)। সেয়েহে ইয়াক আমি কেৱল নিকটৱৰ্তী এটা ফালে (the near side)হে দেখি আহিছোঁ।
নিকটৱৰ্তী ফালৰ তুলনাত দূৰৱৰ্তী ফালে চন্দ্ৰপৃষ্ঠত এক ডাঠ ভূত্বক, অধিক গহ্বৰ, আৰু কম মাৰিয়া (MARIA)(এসময়ত লাভা বৈ যোৱা সমভূমি) আছে।
দূৰৱৰ্তী ফালৰ পৰা নমুনা বিশ্লেষণ কৰিলে বিজ্ঞানীসকলৰ বাবে চন্দ্ৰৰ উৎপত্তি আৰু বিৱর্তন বুজিবলৈ সহায়ক হ'ব পাৰে।
এতিয়ালৈকে, বিজ্ঞানীসকলে কেৱল নিকটৱৰ্তী ফালৰ পৰা নমুনা বিশ্লেষণ কৰিছে।
দূৰৱৰ্তী ফালৰ নমুনাবোৰে দূৰৱৰ্তী ফালটো নিকটৱৰ্তী ফালৰ পৰা পৃথকহোৱাৰ উত্তৰ দিব পাৰে।
এই দীৰ্ঘদিনীয়া ৰহস্যটো সমাধান কৰিবলৈ দূৰৱৰ্তী ফালে ভূ-পদাৰ্থৰ পৰিমাপ কৰাটো অতি গুৰুত্বপূৰ্ণ।