ভাৰতীয় ৰিজাৰ্ভ বেংক(RBI)এ ২০২৩-২৪ বৰ্ষৰ বাবে মুদ্ৰা আৰু বিত্ত সম্পৰ্কীয় প্ৰতিবেদন (RCF) প্ৰকাশ কৰিছে।
মুদ্ৰা আৰু বিত্ত সম্পৰ্কীয় প্ৰতিবেদন (RCF) ২০২৩-২৪
ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰতিবছৰে মুদ্ৰা আৰু বিত্ত সম্পৰ্কীয় প্ৰতিবেদন প্ৰকাশ কৰে।
ইয়াত ভাৰতীয় অৰ্থনীতি আৰু বিত্তীয় ব্যৱস্থাৰ বিভিন্ন দিশ সামৰি লোৱা হৈছে।
চলিত বৰ্ষৰ বিষয়বস্তু হৈছে - "ভাৰতৰ ডিজিটেল বিপ্লৱ"।
ই ভাৰতৰ বিভিন্ন খণ্ডত, বিশেষকৈ বিত্তীয় খণ্ডত ডিজিটেলাইজেচন(digitalisation)ৰ পৰিৱৰ্তনশীল প্ৰভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
ই ডিজিটেল প্ৰযুক্তিয়ে কেনেদৰে অৰ্থনৈতিক বিকাশ, বিত্তীয় অন্তৰ্ভুক্তি, ৰাজহুৱা আন্তঃগাঁথনি, আৰু নিয়ন্ত্ৰক পৰিৱেশক পুনৰ্গঠন কৰিছে তাৰ অন্তৰ্দৃষ্টি প্ৰদান কৰাৰ লগতে সম্পৰ্কিত সুযোগ আৰু প্ৰত্যাহ্বানসমূহকো সম্বোধন কৰে।
প্ৰতিবেদনখনৰ গুৰুত্বপূৰ্ণ দিশসমূহঃ
বিত্তীয় সেৱাৰ সম্প্ৰসাৰণঃ
প্ৰযুক্তিগত অগ্ৰগতিৰ ফলত ডিজিটেল বিত্তীয় সেৱা যথেষ্ট বৃদ্ধি পাইছে।
ভাৰতত বিত্তীয় অন্তৰ্ভুক্তি (Financial inclusion) উন্নত হৈছে, যাৰ প্ৰমাণ ৰিজাৰ্ভ বেংকৰ বিত্তীয় অন্তৰ্ভুক্তি সূচক (Financial Inclusion Index) আৰু একাউণ্ট প্ৰৱেশাধিকাৰৰ ব্যৱধান হ্ৰাসৰ দ্বাৰা উমান পোৱা যায়।
গ্ৰাম্য ভাৰতত মুঠ জনসংখ্যাৰ ৪৫% অনাতাঁৰ ফোন গ্ৰাহক আৰু ৫০% হৈছে সক্ৰিয় ইণ্টাৰনেট ব্যৱহাৰকাৰী।
ফিনটেক (FinTech) প্ৰতিষ্ঠানৰ আধাতকৈও অধিক গ্ৰাহকৰ অৰ্ধ-নগৰীয়া আৰু গ্ৰাম্য ভাৰত অংশৰ আৰু ডিজিটেল পেমেণ্ট (digital payment) ব্যৱহাৰকাৰীৰ এক তৃতীয়াংশতকৈও অধিক গ্ৰাম্য অঞ্চলৰ বাসিন্দা।
এইক্ষেত্ৰত ভাৰতৰ ডিজিটেল বিকাশৰ সম্ভাৱনা অধিক। কিয়নো ভাৰতনেট (BharatNet)ৰ জৰিয়তে দুই লাখৰো অধিক গ্ৰাম পঞ্চায়ত সংযুক্ত হৈ ই-স্বাস্থ্য, ই-শিক্ষা আৰু ই-প্ৰশাসন আদি সেৱা আগবঢ়াই আহিছে।
মোবাইল প্ৰৱেশঃ
২০২৩ চনত ইণ্টাৰনেটৰ প্ৰৱেশ ৫৫% আছিল; বিগত তিনি বছৰত ব্যৱহাৰকাৰীৰ সংখ্যা ১৯৯ নিযুত বৃদ্ধি পাইছে।
প্ৰতি জিবি ইণ্টাৰনেট ডাটা ১৩.৩২ টকা মূল্যৰে ভাৰতত বিশ্বৰ ভিতৰতে সৰ্বনিম্ন (সস্তীয়া) দৰৰ ইণ্টাৰনেট ডাটা পোৱা যায়।
উচ্চ মোবাইল ডাটা ব্যৱহাৰঃ ২০২৩ চনত প্ৰতি মাহে গড়ে ২৪.১ জিবি (GB) ব্যৱহাৰৰ তথ্য আহি পৰিছে।
বৰ্তমনলৈ ভাৰতত প্ৰায় ৭৫০ নিযুত স্মাৰ্টফোন ব্যৱহাৰকাৰী আছে। আগন্তুক ২০২৬ চনৰ ভিতৰত এই স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ সংখ্যা ১ বিলিয়ন হ'ব বুলি আশা কৰা হৈছে।
পাঁচটা বছৰৰ ভিতৰত ভাৰত দ্বিতীয় সৰ্ববৃহৎ স্মাৰ্টফোন নিৰ্মাতা হ'ব বুলি আশা কৰা হৈছিল।
ডিজিটেল অৰ্থনীতি
ডিজিটেল অৰ্থনীতিয়ে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনত ১০% অৰিহণা যোগায়; ২০২৬ চনৰ ভিতৰত উৎপাদনয় হাৰ ২০% লৈ দুগুণ হ 'ব বুলি আশা কৰা হৈছে।
ডিজিটাইজেশ্বনে (Digitization) বেংকিং আন্তঃগাঁথনি, প্ৰত্যক্ষ লাভ হস্তান্তৰ আৰু কৰ সংগ্ৰহ বৃদ্ধি কৰিছে।
ভাৰত ষ্টেক (India Stack)
মূল উপাদানসমূহঃ আধাৰ (Aadhaar), ইউপিআই(UPI), আৰু ডিজিলকাৰ(digilocker) আদি ডিজিটেল আঁহিলা-পাতি ভাৰত ষ্টেকৰ মূল আধাৰ।
আধাৰঃ আধাৰ হৈছে ১.৩৮ বিলিয়ন অধিকাৰীৰ সৈতে আধাৰ ভাৰতৰ সৰ্ববৃহৎ বায়োমেট্রিক আইডি (Largest biometric ID system) ব্যৱস্থা।
ইউপিআই (UPI) : চাৰি বছৰত লেনদেন দহগুণ বৃদ্ধিৰ সৈতে প্ৰকৃত-সয়সাপেক্ষ, কম খৰচী লেনদেন প্লেটফৰ্ম।
ডিজিলকাৰ (Digilocker) : সুৰক্ষিত দস্তাবেজ (document) প্ৰৱেশাধিকাৰৰ বাবে ক্লাউড সংৰক্ষণ।
ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ আন্তঃৰাষ্ট্ৰীয়কৰণঃ
মডুলাৰ মুক্ত উৎস পৰিচয় মঞ্চ (MOSIP)ৰ জৰিয়তে ডিজিটেল পৰিচয় সমাধানত সহযোগিতা কৰা।
প্ৰবাসী ধন প্ৰেৰণৰ পৰিপক্ক উপায় হিচাপে বাবে UPI ক আন্তঃৰাষ্ট্ৰীয় পৰিশোধ প্ৰণালীৰ সৈতে সংযোগ কৰাত গুৰুত্ব আৰোপ কৰা হৈছে। (যেনে., ছিংগাপুৰৰ PayNow, সংযুক্ত আৰৱ শ্বাহিৰ IPP, নেপালৰ NPI)
ভূটান, মৰিচাছ, ছিংগাপুৰ সংযুক্ত আৰৱ শ্বাহিত ইউ. পি. আই. আৰু ভাৰতীয় টকাৰ গ্ৰহণযোগ্যতা বৃদ্ধি কৰা প্ৰকল্পৰ হাতত লোৱা হৈছে।
বিকেন্দ্ৰীকৃত, পিয়াৰ-টু-পিয়াৰ (peer-to-peer) অৰ্থনৈতিক লেনদেনৰ বাবে বেকন প্ৰট 'কল ভাগ-বতৰা কৰাৰ কথা চিন্তা-চৰ্চা হৈ আছে।
স্পন্দনশীল পদক্ষেপঃ
মুক্ত ঋণ সক্ষমতা নেটৱৰ্ক, ডিজিটেল বাণিজ্যৰ বাবে মুক্ত নেটৱৰ্ক, আৰু ঘর্ষণহীন (frictionalist) ঋণৰ বাবে ৰাজহুৱা প্ৰযুক্তি মঞ্চই ডিজিটেল ঋণ প্ৰদানৰ ক্ষেত্ৰত অগ্ৰগতি সাধন কৰিছে।
ডিজিটেল ঋণ সমাধান আৰু বিত্তীয় অন্তৰ্ভুক্তি বৃদ্ধিৰ বাবে ফিনটেকে বেংক আৰু অনা-বেংকীয় বিত্তীয় প্ৰতিষ্ঠান (NBFC)ৰ সৈতে অংশীদাৰীত্ব স্থাপন কৰিছে।
ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, এক স্পন্দনশীল বিত্তীয় প্ৰযুক্তি (ফিনটেক) পৰিৱেশ তন্ত্ৰ আৰু বিশ্বৰ দ্ৰুততম বিকাশশীল ডিজিটেল অৰ্থনীতি হিচাপে আত্মপ্ৰকাশৰ বাবে এক অনুকূল নীতিগত পৰিৱেশৰ সুবিধা লৈ ভাৰত ডিজিটেল বিপ্লৱৰ শীৰ্ষত আছে।