গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংঘলে অম্ৰুট ১.০, অম্ৰুট ২.০ আঁচনিৰ অধীনত সমগ্ৰ অসমত ৰূপায়ণ কৰি থকা নগৰীয়া পানী যোগান প্ৰকল্প কাৰ্যকলাপৰ পৰ্যালোচনা কৰে।
পুনৰুজ্জীৱন আৰু নগৰ পৰিৱৰ্তনৰ বাবে অটল মিছন আঁচনি (AMRUT) :
ভাৰত চৰকাৰে ২০১৫ চনৰ জুন মাহত অম্ৰুট আঁচনি আৰম্ভ কৰিছিল।
সংশ্লিষ্ট মন্ত্ৰ্যালয়ঃ আৱাস আৰু নগৰ পৰিক্ৰমা
পুঁজি যোগানঃ কেন্দ্ৰ আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মাজত পুজিৰ অংশ বিভক্ত কৰা হৈছে।
দৰিদ্ৰ আৰু সুবিধাবঞ্চিত লোকসকলৰ ওপৰত গুৰুত্ব আৰোপ কৰি জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ বাবে পৌৰ অঞ্চলত মৌলিক নাগৰিক সুবিধা প্ৰদান কৰাৰ এক পদক্ষেপ।
ই হৈছে প্ৰথম কেন্দ্ৰীভূত ৰাষ্ট্ৰীয় জল মিছন (Focused Nation Water Mission), যি ৫০০ খন চহৰত আৰম্ভ কৰা হৈছিল আৰু ইয়াৰ পৰিসৰত নগৰীয়া জনসংখ্যাৰ ৬০% সামৰি লোৱা হৈছিল।
উদ্দেশ্যসমূহঃ
প্ৰতিটো ঘৰতে সঠিক জল যোগান আৰু নলা-নৰ্দমা সংযোগ নিশ্চিত কৰা।
চহৰসমূহৰ সুবিধাৰ মূল্য বৃদ্ধি কৰিবলৈ সেউজ আৰু ভালদৰে ৰক্ষণাবেক্ষণ কৰা মুকলি ঠাই আৰু উদ্যানসমূহৰ বিকাশ সাধন কৰা।
ৰাজহুৱা পৰিবহণত সচৰাচৰ যাতায়াত ব্যৱস্থাক সলনি কৰি বা খোজ কঢ়া আৰু চাইকেল চলোৱাৰ দৰে মটৰবিহীন পৰিবহণ সুবিধা নিৰ্মাণৰ জৰিয়তে প্ৰদূষণ হ্ৰাস কৰা।
ইয়াৰ লক্ষ্য হৈছে অধিসূচিত পৌৰসভাৰ সৈতে এক লাখতকৈ অধিক জনসংখ্যা থকা প্ৰায় ৫০০ খন চহৰ সামৰি লোৱা।
আঁচনিখনৰ প্ৰধান উপাদানসমূহঃ
দক্ষতা নিৰ্মাণ
ৰূপায়ণৰ সংস্কাৰ
জল যোগান তথা নলা-নৰ্দমা আৰু পয়ঃপ্ৰণালী ব্যৱস্থাপনা
ধুমুহাৰ পানী নিষ্কাশন
নগৰীয়া পৰিবহন সুবিধাৰ উন্নয়ন
সেউজ স্থান আৰু উদ্যানসমূহৰ উন্নয়ন।
অম্ৰুট ২.০ :
২০২১-২২ বিত্তীয় বৰ্ষৰ পৰা ২০২৫-২৬ বিত্তীয় বৰ্ষলৈ ৫ বছৰৰ বাবে, অম্ৰুট ১.০ অন্তৰ্ভুক্তিৰে অম্ৰুট ২.০ অক্টোবৰ ২০২১ত মুকলি কৰা হৈছিল।
উদ্দেশ্যঃ
অম্ৰুট আঁচনিৰ জৰিয়তে দেশৰ ৫০০ খন চহৰৰ পৰা প্ৰায় ৪৯০০ খন বিধিবদ্ধ নগৰলৈ পানী যোগানৰ সাৰ্বজনীন পৰিসৰ বাছনি কৰা হৈছিল।
অম্ৰুট আঁচনিৰ প্ৰথম পৰ্যায়ত সামৰি লোৱা ৫০০ খন চহৰত নলা-নৰ্দমা/পয়ঃপ্ৰণালী ব্যৱস্থাপনাৰ পৰিসৰক সামৰি লোৱা হৈছে।
শোধন কৰা নিষ্কাষিত দলৰ পুনৰাৱৰ্তন/পুনৰ্ব্যৱহাৰ, জলাশয়সমূহৰ পুনৰুজ্জীৱন আৰু জল সংৰক্ষণৰ জৰিয়তে চহৰ জল ভাৰসাম্য পৰিকল্পনা (CPWB)ৰ বিকাশৰ জৰিয়তে অম্ৰুট ২.০-ৰ লক্ষ্য হৈছে চক্ৰীয় জল অৰ্থনীতিৰ প্ৰসাৰ কৰা।
এই মিছনৰ অনা-ৰাজহযুক্ত জল ব্যৱহাৰ হ্ৰাস, পৌৰ পৰিকল্পনা, নগৰ বিত্ত শক্তিশালীকৰণ আদিৰ জৰিয়তে নাগৰিকৰ জীৱন ধাৰণৰ সহজতাৰ ওপৰত এক সংস্কাৰ কৰ্মসূচী অন্তৰ্ভুক্ত আছে।
অম্ৰুট ২.০ ৰ অন্যান্য উপাদানসমূহঃ
জলৰ ন্যায়সংগত বিতৰণ, বৰ্জিত জলৰ পুনৰ্ব্যৱহাৰ, জলাশয়ৰ মানচিত্ৰণ নিশ্চিত কৰা আৰু চহৰ/চহৰসমূহৰ মাজত সুস্থ প্ৰতিযোগিতাৰ প্ৰসাৰৰ বাবে 'পে জল সৰ্বেক্ষণ' (Pey Jal Survekshan) কাৰ্যপন্থা গ্ৰহণ কৰা হৈছে।
জল ক্ষেত্ৰত শেহতীয়া বিশ্বজনীন প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ জলজাত প্ৰযুক্তি উপ-অভিযান (Technology Sub-Scheme for Water) ইয়াৰ অধীনস্থ কৰা হৈছে।
জল সংৰক্ষণৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে তথ্য, শিক্ষা আৰু যোগাযোগ (IEC) অভিযান চলোৱা হৈছে।
অম্ৰুট আঁচনি ৰূপায়ণৰ প্ৰত্যাহ্বানসমূহ :
অবিৰত জল, অনাময় আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সমস্যাঃ
মৃত্যুৰ হাৰঃ আঁচনিখন ৰূপায়ণ হোৱা স্বত্বেও, ভাৰতত প্ৰতি বছৰে প্ৰায় ২,০০,০০০ লোকৰ অপৰ্যাপ্ত জল, অনাময় ব্যৱস্থা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা অভাৱৰ বাবে মৃত্যু হয়।
ৰোগৰ বোজাঃ ২০১৬ চনত, অসুৰক্ষিত জল আৰু অনাময় ব্যৱস্থাৰ পৰা হোৱা ৰোগৰ বোজা চীনৰ তুলনাত ভাৰতৰ প্ৰতিজন ব্যক্তিৰ বাবে ৪০ গুণ বেছি আছিল যদিও সময়ৰ লগে লগে এইক্ষেত্ৰত সামান্য উন্নতি দেখা গৈছিল।
ভূগৰ্ভস্থ জল হ্ৰাসঃ নীতি আয়োগৰ এক প্ৰতিবেদন অনুসৰি, ভাৰতৰ ২১ খন মুখ্য চহৰে ২০৩০ চনৰ ভিতৰত ভূগৰ্ভস্থ জল সম্পদ নিঃশেষ কৰিব বুলি অনুমান কৰা হৈছে, যাৰ ফলত সম্ভৱতঃ ৪০% জনসংখ্যাৰ লোক খোৱা পানীৰ সুবিধাৰ পৰা বঞ্চিত হ 'ব।
নগৰীয়া আন্তঃগাঁথনিৰ ব্যৱধানঃ ভাৰতৰ প্ৰায় ৩১% নগৰীয়া পৰিয়ালত পাইপযুক্ত জল (piped water)ৰ অভাৱ আছে, আৰু ৬৭.৩% পাইপযুক্ত নৰ্দমা ব্যৱস্থাৰ সৈতে সংযুক্ত নহয়।
ৰাজ্যিক প্ৰকল্প ৰূপায়ণঃ
নিয়মীয়া পুঁজি বিতৰণৰ স্বত্বেও, বিহাৰ আৰু অসমৰ দৰে ৰাজ্যসমূহে প্ৰকল্পসমূহ সম্পূৰ্ণ কৰিবলৈ বা ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব (পি. পি. পি.)(PPP) আৰ্হি ব্যৱহাৰ কৰিবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছে । ইয়াৰ ফলত বেছিভাগ ৰাজ্যতে ৫০% তকৈও কম প্ৰকল্প সম্পূৰ্ণ হৈছে।
অম্ৰুট কাৰ্যসূচীৰ পৰিসৰঃ
অম্ৰুট আঁচনিখনে এক সামগ্ৰিক দৃষ্টিভংগীৰ পৰিৱৰ্তে এক প্ৰকল্প-কেন্দ্ৰিক দৃষ্টিভংগী গ্ৰহণ কৰে, যাৰ ফলত বিস্তৃত পৌৰ প্ৰত্যাহ্বানসমূহ কাৰ্যকৰীভাৱে মোকাবিলা কৰাৰ ক্ষমতা সীমিত হয়।
সম্ভাৱ্য অধিক্ৰমণ (potential overlap) আৰু সংমিশ্ৰণ প্ৰত্যাহ্বানসমূহঃ
অমৃত আৰু স্বচ্ছ ভাৰত মিছনৰ দৰে অন্যান্য আঁচনিসমূহৰ মাজত অধিক্ৰমণ পুঁজি আবণ্টনৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে আৰু পৌৰ সমস্যাৰ সমাধানত কামৰ বোজা বৃদ্ধি কৰিব পাৰে।
নিয়ন্ত্ৰণহীন বায়ু প্ৰদূষণঃ
যিহেতু অম্ৰুট ১.০-ৰ পৰা বায়ুৰ মানদণ্ডৰ সমস্যা সমাধান হোৱা নাছিল, বায়ুৰ মানদণ্ডৰ অৱনতি ৰোধ কৰিবৰ বাবে ৰাষ্ট্ৰীয় পৰিষ্কাৰ বায়ু কাৰ্যসূচী (National Clean Air Pollution) আৰম্ভ কৰা হৈছিল, আনহাতে অম্ৰুট ২.০ - এ কেৱল পানী আৰু নলা-নৰ্দমাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল,।
অনা-অন্তৰ্ভুক্তিমূলক(Non-inclusive) প্ৰশাসনিক গাঁথনি :
আঁচনিখনৰ আৰ্হিত নিৰ্বাচিত পৌৰ চৰকাৰৰ প্ৰাতিষ্ঠানিক অংশগ্ৰহণ (Organic Participation)ৰ অভাৱ আছে, যাৰ ফলত ই নগৰীয়া জনসংখ্যাৰ বাবে কম অন্তৰ্ভুক্তিমূলক হৈ পৰিছে।
অম্ৰুট আঁচনিখন পুনৰুদ্ধাৰৰ বাবে প্ৰয়োজনীয় পদক্ষেপসমূহ :
বৈচিত্ৰ্যময় বিত্তীয় সম্পদঃ
স্থানীয় নগৰ নিকায়সমূহে কেৱল টপ-ডাউন (tope-down) পুঁজিৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে প্ৰকল্পসমূহ ৰূপায়ণৰ বাবে তেওঁলোকৰ বিত্তীয় সম্পদসমূহ বৈচিত্ৰ্যময় কৰিব লাগে। ইয়াৰ ভিতৰত স্থানীয় কৰ, বণ্ড বা খতনামা আৰু ব্যক্তিগত সংস্থাৰ সৈতে অংশীদাৰীত্ব অন্তৰ্ভুক্ত থাকিব পাৰে।
সামগ্ৰিক দৃষ্টিভংগীঃ
ব্যাপক নগৰীয়া জল ব্যৱস্থাপনাঃ এই আঁচনিখনে জলবায়ু পৰিৱৰ্তন, বৃষ্টিপাতৰ ধৰণ আৰু বিদ্যমান আন্তঃগাঁথনিৰ দৰে কাৰকসমূহ বিবেচনা কৰি বিকশিত প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিব লাগে।
প্ৰকৃতিভিত্তিক সমাধানঃ প্ৰকৃতিভিত্তিক সমাধান আৰু জনসাধাৰণ-কেন্দ্ৰিক দৃষ্টিভংগীৰ সৈতে এক ব্যাপক পদ্ধতি অন্তৰ্ভুক্ত কৰিলে স্থানীয় নিকায়সমূহক শক্তিশালী কৰিব পাৰি আৰু প্ৰকল্পৰ ফলাফল উন্নত কৰিব পাৰি।
সম্প্ৰদায়সমূহৰ অংশগ্ৰহণঃ
তৃণমূল পৰ্যায়ৰ অংশগ্ৰহণঃ সম্প্ৰদায় গোট, বেচৰকাৰী সংগঠন আৰু আৱাসিক সংগঠনসমূহৰ অংশগ্ৰহণক উৎসাহিত কৰিলে তৃণমূল পৰ্যায়ৰ পৰা ধাৰণা আৰু মতামত অন্তৰ্ভুক্ত কৰি গৃহ নিৰ্মাণ আঁচনিসমূহৰ ফলপ্ৰসূতা বৃদ্ধি কৰিব পাৰি।
সফল কাহিনীৰ পৰা শিক্ষালাভ :
ক্ষেত্ৰ অধ্যয়নঃ দহানু তালুকা(Dahanu Taluk)ত "সকলোৰে বাবে পানীৰ উপলব্ধতা"(Water Availability for All) উদ্যোগৰ দৰে সফল কাৰ্যসূচী বিশ্লেষণ কৰিলে গৃহ নিৰ্মাণৰ প্ৰচেষ্টা (housing initiatives)ৰ সাদৃশ্য প্ৰত্যাহ্বান মোকাবিলাৰ বাবে মূল্যৱান অন্তৰ্দৃষ্টি প্ৰদান কৰিব পাৰে।
জ্ঞানৰ বিনিময় : সমগ্ৰ অঞ্চলসমূহত সৰ্বশ্ৰেষ্ঠ অনুশীলন আৰু শিক্ষাৰ আদান-প্ৰদান কৰি আঁচনিৰ ৰূপায়ণত উন্নতি সাধন কৰিব পাৰি।
উদ্ভাৱন আৰু গৱেষণাঃ
উদ্ভাৱন কেন্দ্ৰসমূহঃ স্বাস্থ্য আৰু গৃহ নিৰ্মাণ সম্পৰ্কীয় উদ্যোগ-নিৰ্দিষ্ট গৱেষণা আৰু উন্নয়নৰ প্ৰসাৰৰ বাবে উদ্ভাৱন কেন্দ্ৰ স্থাপন কৰিলে উদ্ভাৱনীমূলক সমাধান আৰু প্ৰযুক্তিক উৎসাহিত কৰিব পাৰি।
প্ৰযুক্তি গ্ৰহণঃ নতুন প্ৰযুক্তি আৰু ডিজিটেল সঁজুলিবোৰ গ্ৰহণ কৰিলে প্ৰকল্প ৰূপায়ণত দক্ষতা আৰু কাৰ্যকৰীতা বৃদ্ধি কৰিব পাৰে।
প্ৰত্যাহ্বানসমূহৰমোকাবিলাকৰিআৰুপৰামৰ্শআগবঢ়োৱাপদক্ষেপসমূহৰূপায়ণকৰি, নগৰীয়াজনসংখ্যাৰপ্ৰয়োজনীয়তাভালদৰেপূৰণকৰিবলৈআৰুভাৰততবহনক্ষমনগৰউন্নয়নতঅৰিহণাযোগাবলৈঅম্ৰুটআঁচনিখনপুনৰুজ্জীৱিতকৰিবপাৰি।বহনক্ষমনগৰউন্নয়নৰবাবেএকসুষমদৃষ্টিভংগীৰপ্ৰয়োজনয'তসামগ্ৰিকপৌৰপৰিকল্পনা, নাগৰিকৰঅংশগ্ৰহণ (civics engagement) বৃদ্ধি, স্থানীয়সংস্থাৰসবলীকৰণ (local body empowerment), প্ৰকৃতি-আধাৰিতসমাধান (nature-based solution), জলবায়ু-প্ৰতিক্ৰিয়াশীলকৌশল (climate-responsive technique) আৰুএকশক্তিশালীজনস্বাস্থ্যৰওপৰতগুৰুত্বদিয়াহয়।