গোলকীয় শিক্ষা নিৰীক্ষণ (জি. ই. এম.) (GEM )(global education monitoring) প্ৰতিবেদন ২০২৪ (GLOBAL EDUCATION MONITORING 2024 REPORT)

সাধাৰণ অধ্যয়ন (দ্বিতীয় কাকত) (শাসন ব্যৱস্থা, সংবিধান, ৰাজনীতি, সামাজিক ন্যখয় আৰু বৈদেশিক সম্পৰ্ক) (GOVERNANCE, CONSTITUTION, POLITY, SOCIAL JUSTICE AND INTERNATIONAL RELATIONS)
গোলকীয় শিক্ষা নিৰীক্ষণ (জি. ই. এম.) (GEM )(global education monitoring) প্ৰতিবেদন ২০২৪ (GLOBAL EDUCATION MONITORING 2024 REPORT)
Published on

ইউনেস্কোৰ 'শিক্ষা ২০৩০ ইঞ্চিয়ন (Incheon) ঘোষণা আৰু কাৰ্য পৰিকাঠামো' (education 2030 Incheon declaration and Framwork for action)ৰ দ্বাৰা গোলকীয় শিক্ষা নিৰীক্ষণ প্ৰতিবেদনক চতুৰ্থ বহনক্ষম উন্নয়ন লক্ষ্য (গুণগত  শিক্ষা) আৰু অন্যান্য বহনক্ষম উন্নয়ন লক্ষ্যৰ সৈতে ইয়াৰ একত্ৰীকৰণৰ ওপৰত নিৰীক্ষণ আৰু প্ৰতিবেদন আগবঢ়াবলৈ বাধ্যতামূলক কৰা হৈছে।

প্ৰতিবেদনৰ মূল ফলাফলসমূহঃ

  • শিক্ষা ব্যৱস্থাৰ ব্যাঘাত (Disruption of Education System) :

  • যোৱা ২০ বছৰত ৭৫% অতিমাত্ৰা বতৰ (extreme weather) পৰিঘটনাত বিদ্যালয় বন্ধ কৰিব লগীয়া হৈছিল, যাৰ ফলত ৫ নিযুত বা তাতকৈ অধিক লোক প্ৰভাৱিত হৈছিল।

  • ভাৰতত, জীৱনৰ প্ৰথম ১৫টা বছৰত সন্মুখীন হোৱা বৃষ্টিপাতজনিত পৰিঘটনা (rainfall shocks)ৰ ফলত পাঁচ বছৰ বয়সত শব্দভাণ্ডাৰ আৰু ১৫ বছৰ বয়সত গণিত আৰু অনা-বিদ্যা সম্বন্ধীয় দক্ষতাত নেতিবাচক প্ৰভাৱ পৰিছিল।

  • শিক্ষাৰ ভূমিকা (education's role) :

  • অল্প-প্ৰতিনিধিত্ব (underrepresented) : জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত  আন্তঃৰাষ্ট্ৰীয় এজেণ্ডাসমূহত 'শিক্ষাৰ ভূমিকা' কমকৈ প্ৰতিনিধিত্ব হয়। ৭২ টা আন্তঃৰাষ্ট্ৰীয় জলবায়ু পদক্ষেপৰ ভিতৰত মাত্ৰ ২টা পদক্ষেপত চতুৰ্থ বহনক্ষম উন্নয়ন লক্ষ্য (গুণগত শিক্ষা)ক সম্বোধন কৰা হৈছে।

শিক্ষাৰ ওপৰত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱঃ

প্ৰত্যক্ষ প্ৰভাৱঃ

  • জলবায়ু পৰিৱৰ্তনৰ ফলত শিক্ষাৰ আন্তঃগাঁথনি ধ্বংস হৈছে।

  • ই শিক্ষাৰ্থী, অভিভাৱক আৰু বিদ্যালয়ৰ কৰ্মৰত কৰ্মচাৰীসকলৰ বাবে বিপদ কঢ়িয়াই আনিছে।

পৰোক্ষ প্ৰভাৱঃ

  • স্থানান্তৰঃ (displacement) : জলবায়ু পৰিৱৰ্তনে  সম্প্ৰদায়সমূহৰ জীৱিকা আৰু স্বাস্থ্যক প্ৰভাৱিত কৰি   তেওলোকক বলপূৰ্বকভাৱে স্থানান্তৰ কৰিছে।

বিপদাশংকা (Vulnerability) :

  • প্ৰান্তীয় গোট (marginal group) : প্ৰান্তীয় জনসংখ্যা আৰু নিম্ন বা নিম্ন-মধ্যৱৰ্তী আয়ৰ দেশসমূহত জলবায়ু পৰিৱৰ্তনে অধিক প্ৰভাৱ  পেলাইছে।

শিক্ষাৰ ফলাফলঃ

  • গ্ৰীষ্ম উত্তাপ উদ্ভেদ  (heat exposure) : পৰীক্ষাজনিত প্ৰদৰ্শন হ্ৰাসকে ধৰি শিশুৰ শৈক্ষিক ফলাফলৰ ওপৰত জলবায়ু পৰিৱৰ্তন পৰিঘটনাই গুৰুত্বপূৰ্ণ নেতিবাচক প্ৰভাৱ পেলাইছে।

মূল পৰামৰ্শঃ

  • পাঠ্যক্ৰমৰ একত্ৰীকৰণ (curriculum integration) :  শিক্ষাবিদসকলৰ  পৰ্যাপ্ত সমৰ্থনেৰে একাধিক বিষয়ৰ পাঠ্যক্ৰমত গভীৰভাৱে জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় শিক্ষাক একত্ৰিত কৰা উচিত।

  • আন্তঃগাঁথনি (infrastructure) : জলবায়ু-স্থিতিস্থাপক শৈক্ষিক আন্তঃগাঁথনিৰ বিকাশক অগ্ৰাধিকাৰ দিয়া ত প্ৰতিবেদনে বিশেষ গুৰুত্ব প্ৰদান কৰিছে।

  • প্ৰশমন ভূমিকা (role in mitigation) : জলবায়ু পৰিৱৰ্তন প্ৰশমন আৰু অভিযোজনৰ বাবে সমাধান বিকশিত কৰাত শিক্ষাৰ ভূমিকাক স্বীকৃতি দি'ব লাগে।

  • জলবায়ু বিত্ত (climate finance) : জলবায়ু বিত্ত কাৰ্যসূচীৰ অংশ হিচাপে শিক্ষাত বিনিয়োগ অন্তৰ্ভুক্ত কৰা উচিত।

  • অংশীদাৰীবৃন্দৰ অংশগ্ৰহণ (stakeholder engagement) : জলবায়ু পৰিকল্পনা আৰু বিত্তীয় ৰণনীতিত শিক্ষাক অন্তৰ্ভুক্ত কৰাটো নিশ্চিত কৰিবলৈ অনা-শিক্ষা অংশীদাৰসকলৰ সৈতে জড়িত হোৱা উচিত।

বিশ্ব শিক্ষা নিৰীক্ষণ (জিইএম) প্ৰতিবেদন ২০২৪-ত জলবায়ু পৰিৱৰ্তনে কেনেদৰে শিক্ষা প্ৰণালীত ব্যাঘাত সৃষ্টি কৰে, বিশেষকৈ প্রান্তীয় সম্প্ৰদায়ৰ বাবে আন্তঃগাঁথনি আৰু শিক্ষণ ফলাফলৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায় সেই সম্পৰ্কে বিশদ আলোচনা কৰা হৈছে। ই জলবায়ু পৰিৱৰ্তনক পাঠ্যক্ৰমত একত্ৰিত কৰা, জলবায়ু-স্থিতিস্থাপক আন্তঃগাঁথনিৰ প্ৰতি অগ্ৰাধিকাৰ দিয়া আৰু জলবায়ু সমস্যা সমাধানত শিক্ষাৰ ভূমিকাক স্বীকৃতি দিয়াৰ আহ্বান জনায়।

EAANg766aH1QBOzRzPcynroGauPTSN9eHFbB4p8JIqdt4GHeOMB6Oitqtd3xuqdqML3B6ojiVZCVLT4nX9twhptT4hQzchniTPcbqkd2LHicZBfbOtumzGkppnY2MUKUoGMx6hovy7eH851wtALd1A9IAHpHHkIy1Jmcs8minxwByHU0cWqcqbaaJW60TvWAAZDZD
logo
Advait IAS
advaitias.com