ভাৰতে উচ্চ সমুদ্ৰ চুক্তি (High Sea Treaty)ত অনুমোদন জনাব
সামুদ্ৰিক স্বাস্থ্য সংৰক্ষণৰ বাবে এক নতুন আন্তঃৰাষ্ট্ৰীয় আইনী পৰিকাঠামো প্ৰতিষ্ঠা কৰা উচ্চ সমুদ্ৰ চুক্তিত ভাৰত চৰকাৰে অতিশীঘ্ৰেই অনুমোদন জনোৱা আৰু যোগদান কৰাৰ কথা উল্লেখ কৰিছে। বিগত বৰ্ষত আলোচনা কৰা চুক্তিখনৰ লক্ষ্য হৈছে মহাসাগৰত জৈৱ বৈচিত্ৰ্য আৰু অন্যান্য সামুদ্ৰিক সম্পদ সংৰক্ষণ কৰি প্ৰদূষণ হ্ৰাস কৰা।
উচ্চ সমুদ্ৰ (high sea) :
সমুদ্ৰৰাশিৰ মুঠ আয়তনৰ প্ৰায় ৬৪% (দুই-তৃতীয়াংশ) উচ্চ সাগৰে আগুৰি আছে।
এই সামুদ্ৰিক অঞ্চলবোৰ কোনো এটা ৰাষ্ট্ৰৰ মালিকানাধীন নহয় আৰু নেভিগেশ্যন (নেভিগেচন), অভাৰফ্লাইট (Overflight), অৰ্থনৈতিক কাৰ্যকলাপ, বৈজ্ঞানিক গৱেষণা, আৰু সাগৰৰ তলৰ তাঁৰসংযোগ (Cable)ৰ দৰে আন্তঃগাঁথনি স্থাপনৰ বাবে সকলোৰে বাবে উপলব্ধ।
১৯৫৮ চনৰ উচ্চ সাগৰৰ ওপৰত জেনেভা চুক্তি (Jeneva Convention on the High Seas) :
সংজ্ঞা : কোনো ৰাষ্ট্ৰৰ আঞ্চলিক বা আভ্যন্তৰীণ জলৰাশিত অন্তৰ্ভুক্ত নোহোৱা অঞ্চলসমূহক উচ্চ সাগৰ হিচাপে শ্ৰেণীবদ্ধ কৰা হয়।
কৰ্তৃত্বঃ উপকূলীয় অঞ্চলৰ পৰা ২০০ নটিকেল মাইললৈকে এখন দেশৰ বিশেষ অৰ্থনৈতিক অঞ্চল (EEZ)ৰ সীমাৰেখাৰ বাহিৰলৈ উচ্চ সমুদ্ৰ অঞ্চল সম্প্ৰসাৰিত হয়।
দায়িত্বঃ কোনো দেশ এখনক উচ্চ সাগৰীয় সম্পদ পৰিচালনা বা সুৰক্ষাৰ দায়িত্ব দিয়া নহয়।
গুৰুত্ব :
উচ্চ সমুদ্ৰ অঞ্চলে প্ৰায় ৬৪ % মহাসাগৰ আৰু পৃথিৱীৰ পৃষ্ঠৰ ৫০% আগুৰি আছে।
জৈৱ বৈচিত্ৰ্যঃ উচ্চ সমুদ্ৰ অঞ্চল প্ৰায় ২৭০,০০০ জ্ঞাত প্ৰজাতিৰ বাসস্থান; তথা এতিয়াও আৱিষ্কৃত নোহোৱা বহু সামুদ্ৰিক জীৱই এই অঞ্চলত বিচৰণ কৰে।
জলবায়ু নিয়ন্ত্ৰণঃ উচ্চ সমুদ্ৰ এলেকা জলবায়ু নিয়ন্ত্ৰণ, কাৰ্বন শোষণ, সৌৰ বিকিৰণ সংৰক্ষণ আৰু তাপ বিতৰণৰ মূল চাবিকাঠি।
মানৱ প্ৰয়োজনীয়তাঃ উচ্চ সমুদ্ৰ অঞ্চলে সাগৰীয় খাদ্য, কেঁচা সামগ্ৰী, আৰু মূল্যৱান আনুবংশিক আৰু ঔষধি সম্পদ প্ৰদান কৰে।
প্ৰত্যাহ্বানঃ
উচ্চ সমুদ্ৰ অঞ্চলে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ হ'ল -
সম্পদৰ অত্যাধিক শোষণ
জৈৱ বৈচিত্ৰ্যৰ ক্ষতি
প্লাষ্টিক ডাম্পিং (plastic dumping) কে ধৰি প্ৰদূষণজনিত সমস্যা (২০২১ চনত প্ৰায় ১৭ মিলিয়ন টন প্লাষ্টিক বৰ্জ্যপদাৰ্থ সমুদ্ৰত জমা হৈছি) মহাসাগৰৰ আম্লীকৰণ (acidification)
বিদ্যমান পৰিকাঠামো:
ৰাষ্ট্ৰসংঘৰ সামুদ্ৰিক আইন অভিৱৰ্তন (UNCLOS) (১৯৮২) :
এই আন্তঃৰাষ্ট্ৰীয় আইনে মহাসাগৰৰ ক্ষেত্ৰত ৰাষ্ট্ৰসমূহৰ অধিকাৰ আৰু কৰ্তব্যৰ ব্যাপক ৰূপৰেখা প্ৰদান কৰে।
সাৰ্বভৌমত্ব, প্ৰৱেশৰ অধিকাৰ, আৰু বিশেষ অৰ্থনৈতিক অঞ্চলক সম্বোধন কৰে।
এই আইনে ন্যায়সংগত প্ৰৱেশাধিকাৰ আৰু সুৰক্ষাৰ বাবে সাধাৰণ নীতি প্ৰদান কৰে যদিও ইয়াৰ নিৰ্দিষ্ট ৰূপায়ণ প্ৰণালীৰ অভাৱ আছে।
উচ্চ সমুদ্ৰ চুক্তিঃ
ইয়াক পূৰ্বতে আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় অধিকাৰৰ বাহিৰৰ অঞ্চলসমূহৰ সামুদ্ৰিক জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণ আৰু বহনক্ষম ব্যৱহাৰৰ চুক্তি (BBNJ) হিচাপে জনা গৈছিল।
বিশ্ব পৰিৱেশ প্ৰশাসনৰ ওপৰত ইয়াৰ গুৰুত্বপূৰ্ণ সম্ভাৱ্য প্ৰভাৱৰ বাবে উচ্চ সাগৰীয় চুক্তিক প্ৰায়ে ২০১৫ চনৰ পেৰিছ চুক্তিৰ সৈতে তুলনা কৰা হয়।
ই ৰাষ্ট্ৰীয় অধিকাৰক্ষেত্ৰৰ বাহিৰৰ মহাসাগৰসমূহ(উচ্চ সাগৰ)ৰ ওপৰত গুৰুত্ব আৰোপ কৰে যিবোৰ উপকূলৰেখাৰ পৰা ২০০ নটিকেল মাইল (৩৭০ কিলোমিটাৰ) অতিক্ৰম কৰে আৰু ইয়াক সাধাৰণ গোলকীয় (global common) অঞ্চল হিচাপে গণ্য কৰা হয়।
ইউ.এন.চি.এল.অ'.এছ.-ৰ অধীনত ই ৰূপায়ণকাৰী চুক্তি হিচাপে কাম কৰে।
সামুদ্ৰিক সংৰক্ষণ আৰু বহনক্ষম ব্যৱহাৰৰ ক্ষেত্ৰত ইউ.এন.চি.এল.অ'.এছ.-ৰ দ্বাৰা থকা ব্যৱধানবোৰ সমাধান কৰাৰ লক্ষ্যৰে এই চুক্তি ঘোষণা কৰা হৈছিল।
উচ্চ সমুদ্ৰ চুক্তিৰ উদ্দেশ্যসমূহঃ
সংৰক্ষণ আৰু সুৰক্ষা :
উচ্চ সমুদ্ৰ অঞ্চলত সামুদ্ৰিক সুৰক্ষিত অঞ্চল (এম. পি. এ.)(MPA) স্থাপন কৰা।
সংৰক্ষণৰ প্ৰচেষ্টা বৃদ্ধি কৰিবলৈ এম. পি. এ.-ৰ ভিতৰত কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰা।
লাভালাভৰ সমতাপূৰ্ণ ভাগ-বতৰাঃ
সামুদ্ৰিক আনুবংশিক সম্পদৰ পৰা লাভালাভৰ ন্যায্য বিতৰণ নিশ্চিত কৰা।
এই সম্পদসমূহৰ ওপৰত যিকোনো দেশৰ মালিকানা দাবী প্ৰতিৰোধ কৰা।
বাধ্যতামূলক পৰিৱেশগত প্ৰভাৱ মূল্যায়ন (ই. আই. এ.) (EIA):
সম্ভাৱ্য ক্ষতিকাৰক কাৰ্যকলাপৰ বাবে বাধ্যতামূলক পৰিৱেশগত প্ৰভাৱ মূল্যায়নৰ প্ৰয়োজন আছে।
যদি সেইবোৰে উচ্চ সমুদ্ৰত প্ৰভাৱ পেলায়, তেন্তে এই মূল্যায়ন ৰাজহুৱা কৰা আৰু ৰাষ্ট্ৰীয় অধিকাৰক্ষেত্ৰৰ ভিতৰৰ কাৰ্যকলাপৰ ক্ষেত্ৰত প্ৰযোজ্য কৰাৰ ব্যৱস্থা ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে।
ক্ষমতা নিৰ্মাণ আৰু প্ৰযুক্তিৰ হস্তান্তৰঃ
উন্নয়নশীল দেশসমূহক সংৰক্ষণ সমৰ্থন কৰাৰ লগতে সাগৰৰ লাভালাভ ব্যৱহাৰ কৰাত সহায় কৰা।
অনুমোদনৰ সীমাঃ
৬০ খন ৰাষ্ট্ৰই অনুমোদন জনোৱাৰ পিছত এই চুক্তি বলৱৎ হ'ব।
৬০ সংখ্যক অনুমোদনৰ ১২০ দিনৰ পিছত ই আন্তঃৰাষ্ট্ৰীয় আইন হিচাপে পৰিগণিত হ’ব।
অনুমোদন বনাম স্বাক্ষৰ :
স্বাক্ষৰঃ চুক্তিত স্বাক্ষৰ কৰা প্ৰক্ৰিয়াই চুক্তি আৰু চুক্তি অনুসৰণ কৰাৰ অভিপ্ৰায়ক সূচায়।
অনুমোদনঃ এই প্ৰক্ৰিয়াই দেশখনক চুক্তিৰ ব্যৱস্থাসমূহৰ সৈতে আইনীভাৱে আবদ্ধ কৰে।
উদাহৰণঃ সংযুক্ত যুক্তৰাষ্ট্ৰই কিয়োটো প্ৰট'কলত স্বাক্ষৰ কৰিছিল কিন্তু অনুমোদন জনোৱা নাছিল।
এই সংক্ষিপ্ত বিৱৰণে উচ্চ সমুদ্ৰ চুক্তিৰ মূল দিশ আৰু প্ৰভাৱবোৰ সামৰি লৈছে, যিয়ে বিশ্বব্যাপী সামুদ্ৰিক সংৰক্ষণ প্ৰচেষ্টাত ইয়াৰ গুৰুত্ব আৰু ইয়াক বাধ্যতামূলক আন্তঃৰাষ্ট্ৰীয় আইন হোৱাৰ বাবে প্ৰয়োজনীয় প্ৰক্ৰিয়াটো প্ৰতিফলিত কৰে।