নোমেডিক এলিফেণ্ট (Nomadic Elephant)

সাধাৰণ অধ্যয়ন (দ্বিতীয় কাকত) (শাসন ব্যৱস্থা, সংবিধান, ৰাজনীতি, সামাজিক ন্যখয় আৰু বৈদেশিক সম্পৰ্ক) (GOVERNANCE, CONSTITUTION, POLITY, SOCIAL JUSTICE AND INTERNATIONAL RELATIONS)
নোমেডিক এলিফেণ্ট (Nomadic Elephant)
Published on

২০২৪ চনৰ ভাৰত-মঙ্গোলিয়া যৌথ সামৰিক অনুশীলন ‘নোমেডিক এলিফেণ্ট’ৰ ১৬  সংখ্যক সংস্কৰণ ৩ জুলাইৰ পৰা ১৬ জুলাইলৈ উমৰই(মেঘালয়)ৰ ফৰেন ট্ৰেইনিং নোড(foreign training node)ত অনুষ্ঠিত হৈছিল।

  • ই ভাৰত আৰু মংগোলিয়াৰ মাজৰ এক দ্বিপাক্ষিক সামৰিক অনুশীলন।

  • লক্ষ্যঃ ৰাষ্ট্ৰসংঘৰ আদেশৰ সপ্তম অধ্যায়(Chapter VII of the UN Mandate)ৰ অধীনত উপ-পৰম্পৰাগত পৰিস্থিতি(sub-conventipnal scenario)ত বিদ্ৰোহ বিৰোধী অভিযান(counter-insurgency) চলাবৰ বাবে দুয়ো পক্ষৰ যৌথ সামৰিক সামৰ্থ্য বৃদ্ধি কৰা।

  • অন্যান্য অস্ত্ৰ-শস্ত্ৰ আৰু সেৱাৰ কৰ্মচাৰীৰ লগতে 'ছিকিম স্কাউটছ’ (Sikkim scouts)ৰ এটা বেটেলিয়ন(batallion)ৰ ৪৫ জন কৰ্মচাৰীয়ে প্ৰতিনিধিত্ব কৰা ভাৰতীয় দলটোৱে মংগোলিয়াৰ ১৫০ কুইক ৰিএক্সন ফ'ৰ্চ বেটেলিয়ন(150 quick Reaction Force Batallion)ৰ  সৈতে এই অনুশীলনত অংশ লয়।

  • এই অনুশীলনত অৰ্ধ নগৰীয়া আৰু পাহাৰীয়া ভূখণ্ডত অভিযানৰ ওপৰত গুৰুত্ব দিয়া হ’ব।

  • ই দুয়োপক্ষকে যৌথ অভিযান চলোৱাৰ কৌশল(tactics), সাধনশৈলী (techniques) আৰু প্ৰক্ৰিয়া (procedure)ৰ ক্ষেত্ৰত তেওঁলোকৰ সৰ্বশ্ৰেষ্ঠ অনুশীলনসমূহ বিনিময়  কৰিবলৈ সক্ষম কৰিব।

  • এই অনুশীলনে দুয়োখন ৰাষ্ট্ৰৰ সেনাৰ মাজত আন্তঃ-কাৰ্যকাৰীতা(Inter-operability), আত্মীয়তা (bonhomie) আৰু কম্‌ৰেদাৰী (comradarie মনোভাৱ বৃদ্ধি কৰাত সহায় কৰিব।

  • ই প্ৰতিৰক্ষা সহযোগিতাৰ স্তৰো বৃদ্ধি কৰিব আৰু দুয়োখন বন্ধুত্বপূৰ্ণ ৰাষ্ট্ৰৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰিব।

  • অনুশীলনৰ সময়ত কৌশলগত অনুশীলনৰ ভিতৰত আছে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ প্ৰতি সঁহাৰি, যুটীয়া কমাণ্ড পোষ্ট স্থাপন (joint command post), এক চোৰাংচোৱা আৰু নিৰীক্ষণ কেন্দ্ৰ স্থাপন, এটা হেলিপেড/অৱতৰণ স্থান সুৰক্ষিত কৰা, ক্ষুদ্ৰ দল সন্নিৱিষ্ট কৰা আৰু নিষ্কাশন, বিশেষ হেলিবৰ্ণ অপাৰেচন (heliborne operation), কৰ্ডন আৰু চাৰ্চ অপাৰেচন(cordon & search operation)ৰ উপৰিও ড্ৰোন আৰু কাউণ্টাৰ ড্ৰোন ব্যৱস্থাৰ নিয়োগ আদিত গুৰুত্ব দিয়াৰ হৈছে।

নোমেদিক এলিফেণ্ট - অনুশীলনৰ উপৰিও দুয়োখন দেশে প্ৰতিৰক্ষা সহযোগিতাৰ বাবে যুটীয়া কৰ্মগোষ্ঠীৰ বাৰ্ষিক সন্মিলন অনুষ্ঠিত কৰে।

মংগোলিয়াত অনুষ্ঠিত হোৱা বাৰ্ষিক সামৰিক অনুশীলন খান কোৱেষ্ট(khan quest)ত ভাৰতে অংশগ্ৰহণ কৰিছিল।

EAANg766aH1QBOzRzPcynroGauPTSN9eHFbB4p8JIqdt4GHeOMB6Oitqtd3xuqdqML3B6ojiVZCVLT4nX9twhptT4hQzchniTPcbqkd2LHicZBfbOtumzGkppnY2MUKUoGMx6hovy7eH851wtALd1A9IAHpHHkIy1Jmcs8minxwByHU0cWqcqbaaJW60TvWAAZDZD
logo
Advait IAS
advaitias.com