প্ৰায় পাঁচশ শতিকা আগেয়ে মহাপুৰুষ মাধৱদেৱৰ আজ্ঞানুসাৰে নৱবৈষ্ণৱ ধৰ্মৰ এজনা অন্যতম আচাৰ্য বৰবিষ্ণু আতাই ১৫৮৮ খ্ৰীষ্টাব্দত কামৰূপ জিলাৰ বকোৰপৰা ১৩ কিলোমিটাৰ দক্ষিণ-পশ্চিমে অৱস্থিত পাৰ্বতীপাহাৰৰ সমীপৱৰ্তী কলহী নদীৰ পাৰত পূৰ্বৰ 'গোবিন্দপুৰ' বোলা ঠাইডোখৰত নতুন নাম দি মাধৱদেৱৰ দ্বিতীয় বৈকুণ্ঠসদৃশ ছমৰীয়া সত্ৰ স্থাপন কৰে। ছমৰীয়া সত্ৰৰ প্ৰতিষ্ঠা সম্পৰ্কে প্ৰচলিত কিংবদন্তি অনুসৰি, ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে নাৰায়ণ দাস ঠাকুৰ আতা, গোপাল আতাৰ সৈতে গুৰুজনাই দ্বিতীয়বাৰলৈ দক্ষিণকুললৈ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে আহোঁতে কলহী নদীৰে ভটিয়াই আহিছিল আৰু তেওঁলোকে এঠাইত এডাল চামগছৰ ওপৰত এগছি বন্তি জ্বলি থকাৰ আচৰিত দৃশ্য প্ৰত্যক্ষ কৰিছিল। 'শ্ৰী শ্ৰী বৰবিষ্ণু আতাৰ চৰিত পুথি'ত পোৱা অনুসৰি, মাধৱদেৱে ধ্যানস্থ হৈ ভকতসৱৰ আগত উক্ত দৃশ্যৰ ৰহস্য বৰ্ণনা কৰি কৈছিল যে দ্বাপৰ যুগত শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰিবলৈ আহোতে সেই স্থানতে বহি পাঞ্চজন্য শংখ বজাইছিল । গতিকে, যিমান দূৰলৈ শংখধ্বনি বিয়পি পৰিছিল, সেই অঞ্চলৰ নাম ছমৰীয়া হ'ব আৰু বৰবিষ্ণু আতাই তাত সত্ৰ থাপন কৰিব, ঠাইখন দ্বিতীয় বৈকুণ্ঠপুৰীসদৃশ হ'ব । গুৰুবাক্য শিৰোধাৰ্য কৰি বৰবিষ্ণু আতাই কাঠামী ত্যাগ কৰি ছমৰীয়ালৈ গৈ উক্ত চামগছজোপাৰ গুৰিতে সত্ৰখনি স্থাপন কৰে। জনশ্ৰুতি অনুসৰি, বৰবিষ্ণু আতাই চামগছজোপাৰ মূঢ়াৰ ওপৰত প্ৰজ্বলন কৰা অক্ষয় বন্তিভাগ আজিও জ্বলি আছে ।
পৰৱৰ্তীকালত এই সত্ৰ বিকশিত হৈ ছমৰীয়া অঞ্চলৰ ধৰ্মীয়-আধ্যাত্মিক-সামজিক-সাংস্কৃতিক ক্ষেত্ৰত এক উল্লেখযোগ্য ভূমিকা পালন কৰিছিল । আহোম স্বৰ্গদেউ লক্ষ্মীসিংহই এই সত্ৰলৈ ৮০৭ বিঘা ৩কঠা ৩ লেচা ভূমি নিষ্পেখিৰাজ মাটি হিচাপে ৰাজ-অনুদাধ আগবঢ়াইছিল।
কলহী নদীৰ পাৰত অৱস্থিত এই সত্ৰ-চৌহদত কীৰ্তন ঘৰ, ভোজঘৰ, গুৰুগৃহ, ম'ঠ, দ'লঘৰ, সভাঘৰ, কেৱলীয়া হাটী, যাত্ৰীচৰা অৱস্থিত। সত্ৰখনিত ভালেসংখ্যক প্ৰত্নতাত্বিক সমল, ৰজাদিনীয়া সামগ্ৰী, সাঁচিপতীয়া পুথি সংৰক্ষিত হৈ আছে।
নৱবৈষ্ণৱ আন্দোলনৰ ফলস্বৰূপে প্ৰতিষ্ঠিত এই সত্ৰই দক্ষিণপাৰৰ বৃহত্তৰ অংশত আধ্যাত্মিকতাৰ সমল স্বৰূপ হৈ স্বৰূপ পৰিগ্ৰহ কৰি আহিছে। জনজীৱনৰ প্ৰমূল্যবোধ জগাই তোলা প্ৰাণকেন্দ্ৰস্বৰূপে ছমৰীয়া সত্ৰত মহাপুৰুষীয়া সাহিত্য-সংস্কৃতি আৰু কলাৰ চৰ্চা বৰ্তমানেও অব্যাহত আছে।