অবৈধ অনুপ্ৰবেশকাৰীৰ সমস্যা
IMPACTS OF ILLEGAL INFLUX

ঐতিহাসিক পটভূমিঃ

  • প্ৰাক্-স্বাধীনতা কালত ১৯৩১ চনৰ লোকপিয়ল মহাপৰিদৰ্শক (Census Superintendent) চি এছ মূলানে (CS Mullan) তেতিয়াৰ পূৰ্ব-বংগৰ (বৰ্তমানৰ বাংলাদেশ)ৰ পৰা অসমলৈ অবাধ হাৰত প্ৰব্ৰজনকাৰীৰ আগমনৰ বিষয়ে সতৰ্কতা প্ৰকাশ কৰা সময়ৰে পৰাই অসমত অবৈধ প্ৰব্ৰজনৰ বিষয়টো সম্পৰ্কে উদ্বেগ সৃষ্টি হৈ আহিছে।
  • স্বাধীনতাৰ পিছত, উপ-আয়ুক্ত আৰ. বি. বাঘাইৱালাই ১৯৪০-ৰ দশকৰ শেষৰ ফালে অসমলৈ অব্যাহত থকা পূব পাকিস্তানীসকলৰ অবিৰত প্ৰব্ৰজনৰ কথা উল্লেখ কৰিছিল।

গোপীনাথ বৰদলৈৰ স্থিতিঃ

  • ১৯৫০ চনত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈয়ে পূব পাকিস্তানৰ পৰা অহা প্ৰব্ৰজনকাৰীসকলক ভাৰতীয় হিচাপে একত্ৰিত কৰা আৰু প্ৰবজনকাৰীসকলে অসমৰ স্থানীয় সংস্কৃতি আৰু আইনক সন্মান জনোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।
  • তেওঁ সতৰ্ক কৰি দিছিল যে পাকিস্তান সমৰ্থকসকল পাকিস্তানলৈ উভতি যাব লাগে।

এছ. এল. সকধেৰৰ সতৰ্কবাণী (১৯৭৮)

মুখ্য নিৰ্বাচন আয়ুক্ত এছ. এল. সকধেৰে উদ্বেগ প্ৰকাশ কৰিছিল যে নিয়ন্ত্ৰণহীঞ অৱস্থাত অসমত যথেষ্ট পৰিমাণৰ বিদেশী নাগৰিকৰ জনসংখ্যা থাকিব পাৰে, যাৰ ফলত অবৈধ অনুপ্ৰৱেশকাৰীয়ে সম্ভাৱ্যভাৱে ভোটাৰ তালিকাত প্ৰভাৱ পেলাব পাৰে।

অসম আন্দোলন (১৯৭৯-১৯৮৫)

  • ১৯৭৯ চনৰ উপ-নিৰ্বাচনৰ সময়ত মঙ্গলদৈৰ ভোটাৰ তালিকাত ৪৫,০০০ অবৈধ প্ৰব্ৰজনকাৰী অন্তৰ্ভুক্তি হোৱাত বিয়পি পৰা এক সমাজ-ৰাজনৈতিক উত্তেজনাই পিছলৈ বিকশিত হৈ অসম আন্দোলনৰ ৰূপ লয়।
  • প্ৰব্ৰজনৰ বিৰুদ্ধে স্থানীয় প্ৰতিৰোধৰ দ্বাৰা চালিত এই ছয় বছৰীয়া আন্দোলনত ৮৬০ জন লোকৰ মৃত্যু ঘটিছিল আৰু ১৯৮৫ চনৰ ১৫ আগষ্টত স্বাক্ষৰিত অসম চুক্তিৰে এই আন্দোলনৰ পৰিসমাপ্তি ঘটিছিল।

অসম চুক্তিঃ

  • অসমৰ ক্ষেত্ৰত অবৈধ অনুপ্ৰৱেশকাৰী চিনাক্তকৰণৰ কাটঅফ তাৰিখ (cutoff date) হিচাপে ১৯৭১ চনৰ ২৫ মাৰ্চ নিৰ্ধাৰণ কৰা হৈছিল। ভাৰতৰ অন্যান্য অংশৰ বাবে বাহাল থকা ১৯৫০ চনৰ কাটঅফৰ পৰা পৃথক আছিল।
  • ১৯৬৬ চনৰ পৰা ১৯৭১ চনৰ ভিতৰত প্ৰৱেশ কৰা প্ৰব্ৰজনকাৰীসকলে ১০ বছৰৰ বাবে ভোটদান নিষেধাজ্ঞাৰ সন্মুখীন হ’ব যদিও অসমত বসবাস কৰিব পাৰে।
  • এই চুক্তিত ৬ নং দফা অন্তৰ্ভুক্তিৰে ‘অসমীয়াত্বৰ পৰিচয়’ (Assamese identity) সুৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল যদিও সংশ্লিষ্ট দফাটোৰ ৰূপায়ণত বিলম্ব হৈছিল।

জনগাঁথনিগত প্ৰভাৱঃ

  • ২০০৪ চনত, চৰকাৰী অনুমান মতে ভাৰতত ১.২ কোটি অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰী আছে; তাৰে ৫০ লাখ অবৈধ অনুপ্ৰৱেশকাৰীয়ে অসমত বাস কৰে।
  • ১৯৭১ চনৰ পৰা ২০১১ চনলৈকে অসমৰ জনসংখ্যাৰ প্ৰব্ৰজনকাৰীৰ অংশ ২৪.৬% ৰ পৰা ৩৪.২২% লৈ বৃদ্ধি পাইছিল।
  • প্ৰব্ৰজনকাৰী সংখ্যাগৰিষ্ঠ জিলাসমূহৰ সংখ্যা ১৯৭১ চনত দুখন জিলাৰ পৰা ২০১১ চনৰ ভিতৰত এঘাৰখনলৈ বৃদ্ধি পাইছিল।

অবৈধ অনুপ্ৰৱেশৰ প্ৰভাৱঃ

  • অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰী সমস্যাই অসমৰ সম্পদৰ ওপৰত বৰ্ধিত চাপ আৰু থলুৱা অধিকাৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে।
  • ই বৰ্ধিত জনগাঁথনিগত পৰিৱৰ্তন আৰু সম্ভাৱ্য অৰ্থনৈতিক, সাংস্কৃতিক আৰু ৰাজনৈতিক প্ৰভাৱ পেলায়।

আইনী ব্যৱস্থাঃ

  • ভাৰতৰ আন অংশৰ বিপৰীতে অসমত অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰিবলৈ বিদেশী ন্যায়াধিকৰণৰ (Foreigners Tribunal) ঘোষণাৰ প্ৰয়োজন । উল্লেখ্য যে, বিদেশী ন্যায়াধিকৰণৰ স্থাপন কাৰ্যপালিকাৰ কাৰ্যক্ষমতাধীন।
  • ভাৰতীয় নাগৰিকত্ব আইনে (Citizenship laws) ১৯৭১ চনৰ ২৫ মাৰ্চক অসমৰ বাবে বিদেশী চিনাক্তকৰণৰ কাটঅফ হিচাপে নিৰ্ধাৰণ কৰিছিল । ২০২৪ চনৰ শেহতীয়া ৰায়দানত উচ্চতম ন্যায়ালয়ে উক্ত সময়সীমাৰ ভিত্তি বাহাল ৰাখে।
  • নাগৰিকত্ব সংশোধনী আইন (Citizenship Amendment Act (CAA)) ২০১৯-এ ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ আগতে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা ভাৰতত প্ৰৱেশ কৰা অনা-মুছলমান নিপীড়িত সংখ্যালঘুসকলক নাগৰিকত্ব প্ৰদান কৰে।

নাগৰিকত্বৰ বাবে নিৰ্ধাৰিত অসমৰ পৃথক কাটঅফ্ তাৰিখটোৱে ইয়াৰ অনন্য জনগাঁথনিগত প্ৰত্যাহ্বানসমূহ প্ৰতিফলিত কৰে। অসমীয়া সংস্কৃতি সুৰক্ষিত কৰিবলৈ আৰু অবৈধ প্ৰব্ৰজনৰ প্ৰসংগ ব্যাপকভাৱে মোকাবিলা কৰিবলৈ এইক্ষেত্ৰত তাৎক্ষণিক পদক্ষেপ আৰু পৰামৰ্শসমূহৰ দক্ষ ৰূপায়ণ প্ৰয়োজনীয় হৈ পৰিছে।

Leave a Reply