অসমত নৱজাতক শিশু মৃত্যুৰ হাৰ (INFANT MORTALITY RATE) আৰু প্ৰসূতি মৃত্যুৰ হাৰ
MATERNAL MORTALITY RATE

এই বছৰৰ এপ্ৰিলৰ পৰা ১৮ নৱেম্বৰলৈকে কাছাৰ জিলাত ১৫৮ জন শিশুৰ মৃত্যু (০ ৰ পৰা ৫ বছৰ বয়সলৈ) সংঘটিত হৈছে।

নৱজাতক মৃত্যুৰ হাৰ (INFANT MORTALITY RATE (IMR)) আৰু প্ৰসূতি মৃত্যুৰ হাৰৰ (MATERNAL MORTALITY RATE(MMR)) সংজ্ঞাসমূহঃ

  • নৱজাতক মৃত্যুৰ হাৰ
    • ই এটা নিৰ্দিষ্ট বছৰত প্ৰতি ১০০০ জীৱিত জন্মৰ বিপৰীতে শিশুৰ মৃত্যুৰ সংখ্যাক (এবছৰৰ তলৰ বয়সৰ শিশু) সূচায়।
  • প্ৰসূতি মৃত্যুৰ হাৰ
    • ই এটা নিৰ্দিষ্ট বছৰত প্ৰতি ১,০০,০০০ জীৱিত জন্মৰ বিপৰীতে মাতৃৰ মৃত্যুৰ সংখ্যা (গৰ্ভাৱস্থা, প্ৰসৱৰ সময়ত, বা গৰ্ভাৱস্থা সমাপ্ত হোৱাৰ ৪২ দিনৰ ভিতৰত)ক সূচায়।

নৱজাতক মৃত্যুৰ হাৰ আৰু প্ৰসূতি মৃত্যুৰ হাৰৰ তুলনাঃ অসম বনাম ভাৰত

সূচক অসম ভাৰত পৰ্যবেক্ষণ
নৱজাতক মৃত্যুৰ হাৰ (IMR) অসমৰ নৱজাতক মৃত্যুৰ হাৰ – প্ৰতি ১০০০ জীৱিত জন্মৰ বিপৰীতে ৩১.৯ ভাৰতৰ নৱজাতক মৃত্যুৰ হাৰ – প্ৰতি ১০০০ জীৱিত জন্মৰ বিপৰীতে ৩৫.২ অসমৰ নৱজাতক মৃত্যুৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ অলপ উন্নত।
প্ৰসূতি মৃত্যুৰ হাৰ (MMR) অসমৰ প্ৰসূতি মৃত্যুৰ হাৰ – প্ৰতি ১,০০,০০০ জীৱিত জন্মৰ বিপৰীতে ১৯৫ ভাৰতৰ প্ৰসূতি মৃত্যুৰ হাৰ – প্ৰতি ১,০০,০০০ জীৱিত জন্মৰ বিপৰীতে ৯৭ অসমৰ প্ৰসূতি মৃত্যুৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ যথেষ্ট বেছি, যি উন্নতিৰ হকে ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তাক আলোকপাত কৰে।

বৰ্ধিত নৱজাতক মৃত্যুৰ হাৰ আৰু প্ৰসূতি মৃত্যুৰ হাৰৰ বিৰুদ্ধে যুঁজিবলৈ চৰকাৰৰ কেইটামান পদক্ষেপ

প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযান (Pradhan Mantri Surakshit Matritva Abhiyan (PMSMA)) : এই অভিযানে  উচ্চ বিপদাশংকাযুক্ত গৰ্ভধাৰণৰ আগতীয়াকৈ চিনাক্তকৰণৰ বাবে বিনামূলীয়া প্ৰাক্‌-প্ৰসৱকালীন যত্ন (antenatal care) আগবঢ়ায়।

লক্ষ্য কাৰ্যসূচী (LaQshya Program) : প্ৰসৱ কক্ষ (labor rooms) আৰু মাতৃত্ব অস্ত্ৰোপচাৰ-কক্ষত (maternity operation theaters) যত্নৰ মানদণ্ড উন্নত কৰা।

সুৰক্ষিত মাতৃত্ব আশ্বাসন (Surakshit Matritva Aashwasan (SUMAN)) : ই বিনামূলীয়া আৰু সন্মানীয় মাতৃত্ব আৰু নৱজাতকৰ স্বাস্থ্যসেৱাৰ নিশ্চয়তা প্ৰদান কৰে।

পোষণ অভিযান (Poshan Abhiyaan) : এই পদক্ষেপে শিশু, গৰ্ভৱতী মহিলা আৰু দুগ্ধপান কৰোৱা মাতৃসকলৰ মাজত অপুষ্টিজনিত সমস্যা সমাধান কৰাত গুৰুত্ব আৰোপ কৰিছে।

জননী শিশু সুৰক্ষা কাৰ্য্যকাৰম (Janani Shishu Suraksha Karyakaram (JSSK)) : ইয়াৰ জৰিয়তে ৰাজহুৱা স্বাস্থ্য সুবিধাসমূহত বিনামূলীয়া প্ৰসৱ আৰু নৱজাতকৰ যত্ন সেৱা উপলব্ধ কৰোৱা হৈছে ।

Leave a Reply