অসমৰ অৰ্থনীতি, সংস্কৃতি আৰু নিযুক্তিৰ বাবে অগৰু অতি গুৰুত্বপূৰ্ণ।
পাৰিপাৰ্শ্বিক প্ৰসংগ
- অগৰু উদ্ভিদ-প্ৰজাতিঃ অসমত স্থানীয়ভাৱে উপলব্ধ একুইলাৰিয়া মেলাচেন্সিস, (Aquilaria malaccensis) এক উচ্চ মানদণ্ডৰ অগৰু প্ৰজাতি।
- সংৰক্ষণৰ স্থিতিঃ ই চাইট্ছ (CITES) ৰ এপেণ্ডিক্স-২ (Appendix II)-ৰ অধীনত বিপন্ন (endangered) হিচাপে তালিকাভুক্ত, যাৰ বাবে বহনক্ষম ব্যৱস্থাপনা প্ৰচেষ্টাৰ প্ৰয়োজন।
গোলকীয় অগৰু বজাৰৰ প্ৰকৃতি
- ২০১৮-২০২২ চনৰ সময়কালীন বৃদ্ধিঃ বিশ্বব্যাপী অগৰু বজাৰত ৭.৭% চি.এ.জি.আৰ. (CAGR) পৰিলক্ষিত হৈছিল।
- ভৱিষ্যতৰ অনুমানঃ ২০২৯ চনৰ ভিতৰত বিশ্বৰ বজাৰ ৪.০৫ বিলিয়ন ডলাৰ (৩৫,৫২,৪০৫.২ কোটি টকা) হ’ব বুলি আশা কৰা হৈছে।
- ঘৰুৱা বজাৰঃ বৰ্তমান ভাৰতীয় অগৰু বজাৰৰ পৰিসৰ মূল্য ₹৬৪ বিলিয়ন (₹ ৫,১২,০০০ কোটি)
অগৰু উদ্যোগত অসমৰ মুখ্য ভূমিকা
- পৰম্পৰাগত কেন্দ্ৰঃ ভাৰতৰ অগৰুকাঠৰ কেন্দ্ৰ হিচাপে জনাজাত অসমৰ জলবায়ু উচ্চ মানদণ্ডজাত একুইলাৰিয়া মেলাচেন্সিসৰ বৃদ্ধিৰ বাবে আদৰ্শ জলবায়ু।
- অৰ্থনৈতিক নেতৃত্ব : অগৰুৱে অসমৰ স্থানীয় অৰ্থনীতিক চালিত কৰে, য’ত ভাৰতৰ মুঠ ৰপ্তানিকৃত অগৰুৰ ৭৯% অসমে অৱদান আগবঢ়ায়।
- নীতি সমৰ্থনঃ ডব্লিউ.বি.আই.নিয়ম (WBI Rules)ৰ দৰে সৰলীকৃত নিয়মাৱলীয়ে বহনক্ষম অনুশীলনৰ প্ৰচাৰ কৰে আৰু অংশগ্ৰহণ বৃদ্ধি কৰে।
- গোলকীয় উচ্চাকাংক্ষাঃ গোলাঘাটত প্ৰস্তাৱিত এক পৰিকল্পিত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰই অসমক বিশ্বৰ অগৰু বজাৰৰ সৈতে সংযোগ কৰিব।
- সংৰক্ষণৰ ওপৰত গুৰুত্বঃ অসমে বহনক্ষম বিকাশ, অৰ্থনৈতিক আৰু পাৰিপাৰ্শ্বিক স্বাৰ্থৰ ভাৰসাম্য বজাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
অসমৰ অগৰু উদ্যোগৰ প্ৰত্যাহ্বানসমূহ
- নিম্ন অংশগ্ৰহণঃ জটিল নিয়মাৱলী আৰু পূৰ্বৱৰ্তী কৰৰ বোজাৰ ফলত অগৰু উদ্যোগত বহুল জন-অংশগ্ৰহণ হ্ৰাস পাইছে।
- সংস্কাৰৰ সৈতে খাপ খোৱাঃ আৰোপিত নতুন নিয়মসমূহ ধীৰ গতিত মানি চলাটোৱে অগৰু উদ্যোগৰ বিকাশ আৰু লাভ্যাংশক সীমিত কৰে।
- আন্তঃগাঁথনিগত ব্যৱধানঃ আন্তঃগাঁথনিগত ব্যৱধানৰ ফলত অসমৰ অগৰু উদ্যোগে সীমিত সুবিধা লাভ কৰিছে আৰু ই বিশ্ব বজাৰলৈ প্ৰৱেশাধিকাৰে সম্প্ৰসাৰণত প্ৰতিবন্ধকতা আনে।
- মূল্যৰ অনিশ্চিত স্থিৰতা : অসামঞ্জস্যপূর্ণ ঘৰুৱা মূল্যই অগৰু বজাৰত অস্থিৰতাৰ সৃষ্টি কৰে।
- স্থায়িত্বঃ অৰ্থনৈতিক বিকাশ আৰু সংৰক্ষণৰ মাজত ভাৰসাম্য বজাই ৰখাটো প্ৰত্যাহ্বানজনক।
- বিশ্বজোৰা প্ৰতিযোগিতাঃ গুণগত মান আৰু বজাৰৰ অংশীদাৰিত্বৰ বাবে অসমৰ অগৰু উদ্যোগে বিশ্বৰ অন্যান্য অঞ্চলৰ সৈতে প্ৰতিযোগিতা কৰিবলগীয়া হয়।
উপসংহাৰ
- অসমৰ অগৰু উদ্যোগ এক সম্ভাৱনাপূৰ্ণ খণ্ড হিচাপে বিশ্ব বাণিজ্যৰ এক আগশাৰীৰ কেন্দ্ৰ হোৱাৰ প্ৰত্যাশা কঢ়িয়াই আনিছে।
- এইক্ষেত্ৰত চৰকাৰী নীতি, আন্তঃগাঁথনি বিনিয়োগ, আৰু বহনক্ষম অনুশীলনসমূহ এই সুযোগ মুকলি কৰাৰ মূল চাবিকাঠি।
- অসমৰ অগৰুৰ সম্ভাৱনা উপলব্ধিৰ বাবে উদ্যোগ আৰু সম্প্ৰদায়ৰ মাজত সহযোগিতা অতি গুৰুত্বপূৰ্ণ।