আই. ইউ. চি. এন. (IUCN)ৰ ৰেড লিষ্ট (Red List) উন্নীতকৰণৰ অংশ হিচাপে প্ৰথম গোলকীয় বৃক্ষ মূল্যায়ন প্ৰতিবেদনত বিশ্ব জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভয়ংকৰ ভাবুকিৰ ওপৰত আলোকপাত কৰা হৈছে। কলম্বিয়াৰ কেলিত অনুষ্ঠিত চিবিডি – ক’প ১৬ (CBD COP16) -ত প্ৰকাশিত প্ৰতিবেদনত প্ৰকাশ পাইছে যে বিশ্বৰ প্ৰায় ৩৮% বৃক্ষ প্ৰজাতি বিলুপ্তিৰ আশংকাধীন। বৃক্ষ জগতৰ প্ৰতি অহা এই ভাবুকিয়ে সামগ্ৰিকভাৱে চৰাই, স্তন্যপায়ী প্ৰাণী, সৰীসৃপ আৰু উভচৰ প্ৰাণীকুলে সন্মুখীন হোৱা সংযুক্ত ভাবুকিৰ হাৰ অতিক্ৰম কৰিছে।
বিশ্ব বৃক্ষ মূল্যায়ন প্ৰতিবেদন
- ই আই. ইউ. চি. এন. ৰেড লিষ্টত অন্তৰ্ভুক্ত কৰাৰ বাবে বিশ্বব্যাপী সকলো বৃক্ষ প্ৰজাতিৰ মূল্যায়ন কৰে।
- ই উন্নত সিদ্ধান্ত গ্ৰহণৰ বাবে সংৰক্ষিত তথ্য উন্নীত কৰাৰ লক্ষ্য ৰাখে।
- ২০১৫ চনত চিবিডিৰ উদ্যোগত বিলুপ্তিৰ বিপদাশংকাযুক্ত প্ৰজাতিৰ বাবে সংৰক্ষণ কাৰ্য, গৱেষণা আৰু পুঁজি যোগানৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ আৰোপৰ বাবে এই কাৰ্যসূচী আৰম্ভ কৰা হৈছিল।
- এইক্ষেত্ৰত ৬০ টাতকৈও অধিক উদ্ভিদ সংগঠন, ২৬ টা আই. ইউ. চি. এন. গোট, আৰু অসংখ্য বিশ্বব্যাপী বৃক্ষ বিশেষজ্ঞৰ সৈতে অংশীদাৰীত্ব স্থাপন কৰা হৈছে।
প্ৰতিবেদনৰ মূল ফলাফলসমূহ
- বিপদাপন্ন প্ৰজাতিসমূহঃ
- বিশ্লেষণঃ মূল্যায়ন কৰা ৪৭,২৮২ বৃক্ষ প্ৰজাতিৰ ভিতৰত ১৬,৪২৫ বিধ বৃক্ষ প্ৰজাতি বিলুপ্তি সংকটৰ গৰাহত।
- তুলনাঃ মুঠ বিপদাপন্ন বৃক্ষ প্ৰজাতি সংখ্যা সংকটাপন্ন পক্ষীকুল, স্তন্যপায়ী প্ৰাণী, সৰীসৃপ আৰু উভচৰ প্ৰাণীৰ মুঠ সংখ্যাতকৈ অধিক।
- ভৌগোলিক বিস্তাৰঃ ১৯২ খন ৰাষ্ট্ৰৰে বৃক্ষজগত এই বিপদৰ সন্মুখীন হৈছে।
- ক্ষেত্ৰ অধ্যয়ন (ভাৰত)
- উক্ত গোলকীয় বৃক্ষ মূল্যায়ন প্ৰতিবেদনত ভাৰতৰ দক্ষিণ পশ্চিম ঘাট পৰ্বতমালাত উপলব্ধ বুকানানিয়া বাৰবেৰী (Buchanania barberi) বৃক্ষ প্ৰজাতিটোক গুৰুতৰভাৱে বিপন্ন (Critically Endangered) হিচাপে শ্ৰেণীবদ্ধ কলা হৈছে।
- লগতে প্ৰতিবেদনত উল্লেখ কৰা হয় যে উক্ত বৃক্ষ প্ৰজাতিৰ বীজ অংকুৰণ সম্পৰীক্ষাবোৰে বীজৰ উচ্চ কাৰ্য্যকৰীতা প্ৰকাশ কৰিছিল, যি সংৰক্ষণ প্ৰচেষ্টাত সহায় কৰিছিল।
- প্ৰধান বিপদসমূহঃ
- বনাঞ্চল ধ্বংসঃ
- বিশেষকৈ ক্ৰান্তীয় অঞ্চলত কৃষিজনিত কাৰ্যকলাপ আৰু পশুধনৰ চাৰণক্ষেত্ৰৰ বাবে বনভূমিৰ পৰিষ্কৰণ পৰিঘটনা বৃক্ষ প্ৰজাতিসমূহ বিপদাপন্ন হোৱাৰ এক প্ৰধান চালক।
- কাঠকটা:
- কাঠৰ বাবে ৫,০০০ তকৈ অধিক বৃক্ষ প্ৰজাতি ব্যৱহাৰ কৰা হয়, য’ত ২,০০০ তকৈ অধিক বৃক্ষ প্ৰজাতি খাদ্য, ঔষধ আৰু ইন্ধনৰ বাবে ব্যৱহাৰ কৰা হয়।
- আক্ৰমণাত্মক প্ৰজাতি (Invasive Species) আৰু কীটপতঙ্গঃ
- অনা-স্থানীয় বৃক্ষ প্ৰজাতি আৰু ৰোগসমূহে নাতিশীতোষ্ণ অঞ্চলৰ উদ্ভিদৰ সংখ্যাক গুৰুত্বপূৰ্ণভাৱে প্ৰভাৱিত কৰে।
- জলবায়ু পৰিৱৰ্তনঃ
- বৰ্ধিত উষ্ণতা, সামুদ্ৰিক জলপৃষ্ঠৰ স্তৰবৃদ্ধি, আৰু চৰম বতৰ পৰিঘটনাসমূহে ক্ৰান্তীয় আৰু দ্বীপ অঞ্চলৰ পৰিৱেশতন্ত্ৰলৈ ভাবুকি কঢ়িয়াই আনে।
- বনাঞ্চল ধ্বংসঃ
সংৰক্ষণ প্ৰচেষ্টা
- আঞ্চলিক পদক্ষেপসমূহঃ
- জুৱান ফাৰ্ণান্দেজ দ্বীপপুঞ্জ, কিউবা, মাদাগাস্কাৰ আৰু ফিজিত বৃক্ষ সংৰক্ষণ তথা সুৰক্ষা প্ৰচেষ্টাই উল্লেখযোগ্য সফলতা লাভ কৰিছে।
- ৰাষ্ট্ৰীয় কৌশলঃ
- ঘানা, কলম্বিয়া, চিলি আৰু কেনিয়াৰ দৰে দেশসমূহে বৃক্ষ-নিৰ্দিষ্ট সংৰক্ষণ কৌশলৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
- সক্ৰিয় পদক্ষেপসমূহ :
- গেবনে (Gabon) বৃক্ষৰ জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ বাবে মূল সংৰক্ষণ ক্ষেত্ৰসমূহ নিৰ্ধাৰণ কৰিছিল।
গোলকীয় বৃক্ষ মূল্যায়নে পৰিৱেশগত ভাৰসাম্য আৰু মানৱ-কল্যাণৰ বাবে গুৰুত্বপূৰ্ণ বিশ্বৰ বৃক্ষ প্ৰজাতিসমূহক সুৰক্ষিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । বৃক্ষ বিলুপ্তিৰ উদ্বেগজনক প্ৰৱণতা ৰোধৰ বাবে বিশ্বব্যাপী সহযোগিতা, নীতিৰ ওপৰত গুৰুত্ব আৰু বহনক্ষম অনুশীলনসমূহ শক্তিশালী কৰাটো অতি গুৰুত্বপূৰ্ণ।