২০২৪ চনৰ ৩০ ছেপ্টেম্বৰত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোনোৱালে মুম্বাই বন্দৰৰ পৰা ক্ৰুইজ ভাৰত মিছনৰ শুভাৰম্ভ কৰিছিল।
এই অভিযানৰ লক্ষ্য হৈছে ক্ৰুইজ বা জাহাজ পৰ্যটনৰ বাবে ভাৰতৰ বিশাল উপকূলৰ সম্ভাৱনা সদ্ব্যৱহাৰ কৰা আৰু দেশক এক আগশাৰীৰ ক্ৰুইজ গন্তব্যস্থানলৈ ৰূপান্তৰিত কৰা।
ক্ৰুইজ ভাৰত অভিযানৰ মূল উদ্দেশ্যসমূহঃ
- পৰ্যায়ক্ৰমিক ৰূপায়ণঃ
- প্ৰথম পৰ্যায় (অক্টোবৰ ২০২৪-ছেপ্টেম্বৰ ২০২৫) : আন্তঃগাঁথনিগত আধুনিকীকৰণ আৰু ক্ৰুজ মিত্ৰতা (cruise alliances) গঠন কৰা।
- দ্বিতীয় পৰ্যায় (অক্টোবৰ ২০২৫-মাৰ্চ ২০২৭) : নতুন ক্ৰুইজ টাৰ্মিনেল (terminals) আৰু চাৰ্কিট (circuits) সক্ৰিয় কৰা।
- তৃতীয় পৰ্যায় (এপ্ৰিল ২০২৭-মাৰ্চ ২০২৯) : এই পৰ্যায়ত সমগ্ৰ ভাৰতীয় উপমহাদেশত ক্ৰুইজ চাৰ্কিটসমূহক একত্ৰিত কৰা হ’ব।
- ক্ৰুইজ যাত্ৰীৰ যাতায়াত বৃদ্ধিঃ
- পাঁচ বছৰৰ ভিতৰত ক্ৰুইজ যাত্ৰীৰ যাতায়াত দুগুণলৈ বৃদ্ধি কৰা।
- ১২৫ খনৰ পৰা ৫০০ লৈ ক্ৰুইজ যাত্ৰা বৃদ্ধি কৰা।
- তৃতীয় পৰ্যায়ৰ ভিতৰত ৰিভাৰ ক্ৰুইজ যাত্ৰীৰ সংখ্যা ০.৫ নিযুতৰ পৰা ১.৫ নিযুতলৈ বৃদ্ধি পাব।
- ক্ৰুজ আন্তঃগাঁথনিৰ বিকাশঃ
- ২ টা আন্তঃৰাষ্ট্ৰীয় ক্ৰুজ টাৰ্মিনেল ১০ টা লৈকে সম্প্ৰসাৰিত কৰা হ ‘ব।
- নদী ক্ৰুজ টাৰ্মিনেলসমূহ ৫০ টাৰ পৰা ১০০টালৈ বৃদ্ধি কৰা হ’ব।
- নতুন টাৰ্মিনেলৰ বিকাশ আৰু বিদ্যমান টাৰ্মিনেলসমূহৰ আধুনিকীকৰণ অব্যাহত ৰখা হ’ব ।
ভাৰত ক্ৰুইজ মিছনে পাঁচটা কৌশলগত স্তম্ভৰ ওপৰত গুৰুত্বপূৰ্ণ পদক্ষেপ চিনাক্ত কৰিছে :
- বহনক্ষম আন্তঃগাঁথনি আৰু মূলধনঃ ই অভিযানে টাৰ্মিনেল, মেৰিনা (marinas), ৱাটাৰ এৰ’ড্ৰ’ম (water aerodromes) আৰু হেলিপৰ্ট বিকশিত কৰি আন্তঃগাঁথনিগত ব্যৱধানবোৰ সমাধান কৰাৰ ওপৰত গুৰুত্ব দিয়া; ডিজিটেলাইজেশ্যন (যেনে., চেহেৰা চিনাক্তকৰণ) ডিকাৰ্বনাইজেশ্যন (decarbonaisation) আৰু ক্ৰুজ ইনফ্ৰাষ্ট্ৰাকচাৰ মাষ্টাৰপ্লেন ২০৪৭ (Cruise Infrastructure Masterplan 2047) আৰু ভাৰতীয় বন্দৰ সংস্থা (Indian Ports Association)ৰ অধীনত এক ক্ৰুইজ-কেন্দ্ৰিক পুঁজি সৃষ্টি কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।
- কাৰ্যকলাপ আৰু প্ৰযুক্তিঃ ই-ক্লিয়াৰেন্স প্ৰণালী (e-clearance systems) and facilities আৰু ই-ভিছা সুবিধা (e-visa)ৰ দৰে ডিজিটেল সমাধানৰ সৈতে মসৃণ আৰোহণ আৰু অৱতৰণৰ বাবে কাৰ্যকলাপবোৰ সুবিন্যস্ত কৰা।
- ক্ৰুইজ প্ৰচাৰ আৰু চাৰ্কিট একত্ৰীকৰণঃ আন্তঃৰাষ্ট্ৰীয় বিপণন, বিনিয়োগ প্ৰচাৰ, ক্ৰুজ চাৰ্কিট সংযোগ কৰা, অনুষ্ঠান আয়োজন কৰা (যেনে, ক্ৰুইজ ইণ্ডিয়া সন্মিলন) (Cruise India Summit) আৰু চুবুৰীয়া দেশসমূহৰ সৈতে মিত্ৰতা স্থাপন কৰা।
- নিয়ামক, বিত্তীয় আৰু বিত্তীয় নীতিঃ উপযুক্ত নীতি, কৰ পৰিস্থিতি, ক্ৰুইজ নিয়মাৱলীৰ বিকাশ আৰু এক ৰাষ্ট্ৰীয় ক্ৰুইজ পৰ্যটন নীতিৰ সূচনা কৰা।
- দক্ষতা নিৰ্মাণ আৰু অৰ্থনৈতিক গৱেষণাঃ দক্ষতা বিকাশৰ ওপৰত গুৰুত্ব দিয়া, ক্ৰুইজ অৰ্থনৈতিক গৱেষণাৰ বাবে এক উৎকৃষ্টতা কেন্দ্ৰ সৃষ্টি কৰা, আৰু ক্ৰুইজ খণ্ডত যুৱ নিযুক্তি বৃদ্ধি কৰিবলৈ ৰাষ্ট্ৰীয় বৃত্তিগত মানদণ্ড স্থাপন কৰা।
ভাৰতীয় অৰ্থনীতিৰ বাবে লাভালাভ
- কৰ্মসংস্থাপনঃ ক্ৰুইজ পৰ্যটনে পৰ্যটন, আতিথ্য আৰু আনুষংগিক খণ্ডত কৰ্মসংস্থাপন সৃষ্টি কৰে।
- স্থানীয় অৰ্থনীতিত উৎসাহ বৃদ্ধিঃ ই স্থানীয় সামগ্ৰী আৰু সেৱাত ব্যয় বৃদ্ধি, আঞ্চলিক অৰ্থনৈতিক উন্নয়ন বৃদ্ধি কৰাত অৰিহণা যোগায়।
- আন্তঃগাঁথনি উন্নয়নঃ ই বন্দৰ, মাৰিনা আৰু অন্যান্য পৰ্যটন আন্তঃগাঁথনিৰ ক্ষেত্ৰত বিনিয়োগক উৎসাহিত কৰে।
- চৰকাৰী ৰাজহঃ ক্ৰুইজ পৰ্যটনে কৰ, বন্দৰ মাচুল আৰু বিদেশী মুদ্ৰাৰ উপাৰ্জন সৃষ্টি কৰে।
- সাংস্কৃতিক প্ৰচাৰঃ ই আন্তঃৰাষ্ট্ৰীয় দৰ্শনাৰ্থীৰ বাবে ভাৰতৰ ঐতিহ্য আৰু আকৰ্ষণসমূহ প্ৰদৰ্শন কৰে।
- গুণক প্ৰভাৱঃ মুখ্য অৰ্থনৈতিক পৰিৱৰ্তনৰ লগতে ই জাহাজ পৰিবহণ, খুচুৰা বিক্ৰী আৰু মনোৰঞ্জনৰ দৰে সম্পৰ্কিত উদ্যোগসমূহক উদ্দীপিত কৰে।
- উপকূলীয় সম্পদৰ ব্যৱহাৰঃ ই পৰ্যটনৰ বাবে ভাৰতৰ উপকূলীয় অঞ্চল আৰু নদীসমূহৰ বহনক্ষম ব্যৱহাৰক উৎসাহিত কৰে।
ভাৰতত ক্ৰুইজ পৰ্যটনৰ প্ৰত্যাহ্বান
- আন্তঃগাঁথনিগত অভাৱঃ ভাৰততত বৰ্তমানেও বিশ্বমানৰ বন্দৰ আৰু সুবিধাৰ অভাৱ।
- পৰিৱেশগত প্ৰভাৱঃ ক্ৰুইজ কাৰ্যকলাপৰ ফলত প্ৰদূষণ আৰু পৰিৱেশ তন্ত্ৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে।
- নিয়ামক বিষয়সমূহঃ জটিল সামুদ্ৰিক আৰু পৰ্যটন নিয়মাৱলীয়ে ক্ৰুইজ পৰ্যটনৰ বিকাশত বাধা আৰোপ কৰিছে।
- সীমিত ঘৰুৱা চাহিদাঃ ভাৰতীয় পৰ্যটকসকলৰ মাজত ক্ৰুইজ পৰ্যটন সন্দৰ্ভে সীমিত সজাগতা আৰু আগ্ৰহ দেখা যায়।
- ঋতুগত সীমাবদ্ধতা : বাৰিষা আৰু চৰম বতৰে ক্ৰুইজ পৰ্যটনৰ কাৰ্যকৰী সময় সীমিত কৰে।
- উচ্চ কাৰ্য্যকৰী ব্যয়ঃ ক্ৰুইজ পৰ্যটন খণ্ডত বৰ্ধিত বন্দৰ মাচুল আৰু ৰক্ষণাবেক্ষণ ব্যয়ে ইয়াৰ গতিশীল বিকাশত প্ৰতিবন্ধকতা আনে।
- সুৰক্ষাজনিত চিন্তাঃ ভূ-ৰাজনৈতিক উত্তেজনা-বিশিষ্ট অঞ্চলসমহত সুৰক্ষা নিশ্চিত কৰা।
দেশৰ উপকূলীয় অঞ্চল আৰু জলপথক পৰ্যটন আৰু অৰ্থনৈতিক বিকাশৰ বাবে ব্যৱহাৰ কৰা এক উদ্যোগ হিচাপে ক্ৰুইজ ভাৰত মিছনক ভাৰতৰ নীলা অৰ্থনীতি (Blue Economy)ৰ অংশ হিচাপে গণ্য কৰিব পাৰি, যিয়ে ই ২০২৯ চনৰ ভিতৰত ক্ৰুইজ পৰ্যটনৰ এক বিশ্বব্যাপী কেন্দ্ৰ হিচাপে পৰিগণিত হ’বলৈ ভাৰতে গ্ৰহণ কৰা প্ৰতিজ্ঞাৰ সৈতে সংগতি ৰাখে।