গোলকীয় ক্ষুধা সূচক
GLOBAL HUNGER INDEX

২০২৪ চনৰ গোলকীয় ক্ষুধা সূচকাংক (GHI)ত ১২৭ খন দেশৰ ভিতৰত ভাৰত ১০৫ নম্বৰ স্থানত আছে, যাৰ ফলত ইয়াক ক্ষুধা-স্তৰৰ  “গুৰুতৰ” (serious) শ্ৰেণীত ৰখা হৈছে।

গোলকীয় ক্ষুধা সূচক

  • গোলকীয় ক্ষুধা সূচক হৈছে বিশ্ব, আঞ্চলিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত ব্যাপকভাৱে ক্ষুধা পৰিমাপ আৰু অনুসৰণ কৰাৰ এক সঁজুলি।
  • এই সূচকটো আইৰিছ মানৱহিতৈষী সংস্থা কনচাৰ্ন ৱৰ্ল্ডৱাইড (Concern Worldwide) আৰু জাৰ্মান দাতব্য সংস্থা ৱেলথুঙ্গাৰহিল্ফে (Welthungerhilfe) প্ৰকাশ কৰিছে।

গোলকীয় ক্ষুধা সূচক (GHI) ২০২৪-ৰ ফলাফলসমূহঃ

  • গোলকীয় সূচাংক : বিশ্বৰ গোলকীয় ক্ষুধা সূচকাংক হৈছে ১৮.৩, যি ২০১৬ চনৰ ১৮.৮ সূচাংকৰ পৰা সামান্য হ্ৰাস পাইছে, যি ক্ষুধা হ্ৰাসৰ ক্ষেত্ৰত মন্থৰ অগ্ৰগতিৰ ইংগিত দিয়ে।
    • ২০৩০ চনৰ ভিতৰত শূন্য ক্ষুধা (Zero Hunger by 2030) ৰ লক্ষ্যত উপনীত হোৱাটো প্ৰায়-অসম্ভৱ; কিয়নো ৪২ খন দেশে এতিয়াও উদ্বেগজনক বা গুৰুতৰ ক্ষুধাৰ স্তৰৰ সন্মুখীন হৈছে।
  • খাদ্য সংকটঃ গাজা আৰু ছুডানৰ চলিত যুদ্ধত খাদ্য নিৰাপত্তাহীনতা বৃদ্ধি পাইছে।
  • সৰ্বাধিক প্ৰভাৱিত দেশসমূহঃ সোমালিয়া, য়েমেন, চাদ আৰু মাদাগাস্কাৰত সৰ্বাধিক বিশ্ব ক্ষূধা সূচকাংক বিৰাজমান; তাৰ লগতে বুৰুণ্ডী আৰু দক্ষিণ ছুডানকো উদ্বেগজনক হিচাপে চিহ্নিত কৰা হৈছে।
  • প্ৰগতিঃ বাংলাদেশ, মোজাম্বিক, নেপাল, সোমালিয়া আৰু টোগোৰ দৰে দেশসমূহে চলিত প্ৰত্যাহ্বানৰ স্বত্বেও ক্ষুধা নিবাৰণত উল্লেখযোগ্য অগ্ৰগতি দেখুৱাইছে।
  • ভাৰতৰ অৱস্থাঃ অপুষ্টি (Undernourishment): ভাৰতৰ জনসংখ্যাৰ ১৩.৭% লোক অপুষ্টিৰ দ্বাৰা আক্ৰান্ত।
  • শিশু পিয়াহ-কঁটীয়া (Child stunting) : পাঁচ বছৰৰ অনুৰ্ধ্বৰ ৩৫.৫% শিশু মাতৃ-দুগ্ধৰ অপৰ্যাপ্ত পৰিপুষ্টিত ভোগে।
  • শিশু ক্ষয় (Child Wasting) : পাঁচ বছৰৰ অনুৰ্ধ্বৰ ১৮.৭% শিশু ক্ষয়জনিত বিকাৰৰ দ্বাৰা আক্ৰান্ত হয়।
  • শিশুৰ মৃত্যুৰ হাৰ (Child Mortality) : ভাৰতত ২.৯% শিশুৱে পঞ্চম জন্মদিনৰ পূৰ্বে মৃত্যুক আকোঁৱালি লয়।
  • তুলনাঃ বাংলাদেশ আৰু নেপালৰ দৰে দক্ষিণ এছিয়াৰ চুবুৰীয়া দেশৰ তুলনাত ভাৰতৰ প্ৰদৰ্শন বহু পিছ পৰি আছে।

ভাৰত চৰকাৰৰ ক্ষুধা নিবাৰণকাৰী পদক্ষেপসমূহঃ

  • মধ্যাহ্ন ভোজন কাৰ্যসূচীঃ ইয়াৰ দ্বাৰা চৰকাৰী আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয়সমূহত শিশুৰ নামভৰ্তি, শিশুৰ প্ৰতিধাৰণ আৰু পুষ্টি-স্তৰ উন্নত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
  • ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন (National Food Security Act) (২০১৩) : ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত লক্ষ্যযুক্ত ৰাজহুৱা বিতৰণ ব্যৱস্থা (Targeted Public Distribution System (TPDS)) ৰ অধীনত ৭৫% গ্ৰাম্য আৰু ৫০% পৌৰ জনসংখ্যাক সামৰি লোৱা হৈছে, যিয়ে মহিলা আৰু শিশুৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদানেৰে জনসংখ্যাৰ দুই তৃতীয়াংশক ৰাজসাহায্যযুক্ত খাদ্যশস্য প্ৰদান কৰে।
  • পোষণ নিৰীক্ষণকাৰী (Poshan Tracker) : পিয়াহ-কঁটীয়া, ক্ষয় আৰু ওজনহীনতা আদি সূচক নিৰীক্ষণ কৰিবলৈ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে (Ministry of Women and Child Development) এইবিধ  সঁজুলি বিকশিত কৰি উলিয়াইছে।
  • প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা (Pradhan Mantri Garib Kalyan Anna Yojana (PMGKAY)): ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ নিয়মীয়া ব্যৱস্থাৰ উপৰিও ক’ভিড-১৯ সংকটৰ সময়ত প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনাৰ জৰিয়তে দৰিদ্ৰ লোকসকলক বিনামূলীয়া খাদ্যশস্য প্ৰদান কৰা হৈছিল।
  • সক্ষম অঙ্গনৱাড়ী আৰু পোষণ ২.০ (Saksham Anganwadi and Poshan 2.0) : ইয়াৰ দ্বাৰা পুষ্টিহীনতাৰ বিৰুদ্ধে যুঁজ দিবলৈ শিশু (০-৬ বছৰ), গৰ্ভৱতী মহিলা আৰু দুগ্ধপান কৰোৱা মাতৃসকলক গৰম আহাৰ আৰু ঘৰলৈ লৈ যোৱা ৰেচন আগবঢ়োৱা পোষণ অভিযান (POSHAN Abhiyaan) আৰু অঙ্গনৱাড়ী সেৱা (Anganwadi Services) ৰ দৰে মূল আঁচনিসমূহক একত্ৰিত কৰা হৈছে।

ভাৰতৰ নিৰন্তৰ ক্ষুধাজনিত প্ৰত্যাহ্বানসমূহে খাদ্য সুৰক্ষা আৰু পুষ্টি কাৰ্যসূচী শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। যদিও বিভিন্ন চৰকাৰী পদক্ষেপৰ লক্ষ্য হৈছে এই সমস্যাবোৰ সমাধান কৰা, ২০৩০ চনৰ ভিতৰত ‘শূণ্য ক্ষুধা’ৰ লক্ষ্য পূৰণৰ বাবে ত্বৰান্বিত প্ৰচেষ্টা অত্যাৱশ্যকীয়।

Leave a Reply