বিত্তীয় অন্তৰ্ভুক্তিৰ প্ৰতি ভাৰতৰ অটল প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা এক গুৰুত্বপূৰ্ণ সাফল্য হিচপে, প্ৰধানমন্ত্ৰী জন ধন যোজনা (Pradhan Mantri Jan Dhan Yojana (PMJDY)) ই প্ৰদৰ্শন কৰা অসাধাৰণ কৃতিত্ব – মাত্ৰ এসপ্তাহৰ ভিতৰতে ১৮,০৯৬,১৩০ টা নতুন বেংক একাউণ্ট মুকলি কৰা কাৰ্যলৈ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে স্বীকৃতি প্ৰদান কৰিছে।
বিত্তীয় সেৱা বিভাগ (Department of Financial Services) ৰ নেতৃত্বত এই উল্লেখযোগ্য সাফল্যই দেশত বিত্তীয় বিভাজন (financial divide) দূৰীকৰণৰ বাবে চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰে।
প্ৰধানমন্ত্ৰী জন ধন যোজনা (পিএমজেডিৱাই)
২০১৪ চনৰ ২৮ আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ পৰা আৰম্ভ কৰা প্ৰধানমন্ত্ৰী জন ধন যোজনাই ২০২৪ চনৰ আগষ্ট মাহত এক দশক সম্পূৰ্ণ কৰিছে।
সাফল্যঃ
- ২০২৪ চনৰ আগষ্ট মাহলৈকে এই যোজনাৰ অধীনত ৫২.৮১ কোটিৰো অধিক বেংক একাউণ্ট খোলা হৈছে।
- ই প্ৰত্যক্ষ লাভ হস্তান্তৰ (Direct Benefit Transfers- DBT) আৰু সামাজিক সুৰক্ষা আঁচনি (social security scheme) সমূহক সমৰ্থন কৰে।
- ই সঞ্চয়, বীমা আৰু ঋণ সুবিধাৰ জৰিয়তে বিত্তীয় সবলীকৰণত ভূমিকা পালন কৰি আহিছে।
মূল বৈশিষ্ট্যসমূহঃ
- প্ৰধানমন্ত্ৰী ধন জন যোজনাৰ অধীনস্থ মৌলিক সঞ্চয় একাউণ্টবোৰত (Basic savings accounts) সাধাৰণ একাউণ্টৰ দৰে ন্যূনতম উদ্ধৃতৰ প্ৰয়োজন নহয় আৰু ইয়াত তথাপিও সুত উপাৰ্জন কৰিব পাৰি।
- এই একাউণ্টবোৰ ৰুপে ডেবিট কাৰ্ড আৰু দুৰ্ঘটনা বীমা আচ্ছাদনৰ সৈতে প্ৰদান কৰা হয়, যিটো প্ৰথমতে ১ লাখ টকাত নিৰ্ধাৰণ কৰা হৈছিল কিন্তু পিছত ২৮ আগষ্ট, ২০১৮-ৰ পিছত খোলা একাউণ্টৰ বাবে ২ লাখ টকালৈ বীমা আচ্ছাদন বৃদ্ধি কৰা হৈছিল।
- একাউণ্টধাৰীসকল ১০,০০০ টকালৈকে অভাৰড্ৰাফ্ট (overdraft) সুবিধাৰ বাবে যোগ্য, যিয়ে জৰুৰীকালীন অৱস্থাৰ বাবে সুৰক্ষা জাল প্ৰদান কৰে।
- এই একাউণ্টবোৰ অন্যান্য চৰকাৰী বিত্তীয় আঁচনি যেনে প্ৰত্যক্ষ লাভ হস্তান্তৰ, প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা (Pradhan Mantri Jeevan Jyoti Bima Yojana (PMJJBY)), প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা (Pradhan Mantri Suraksha Bima Yojana (PMSBY)), অটল পেন্সন যোজনা (Atal Pension Yojana (APY)) আৰু মুদ্ৰা ঋণ আঁচনি (MUDRA loan scheme) ৰ সৈতে একত্ৰিত কৰা হৈছে, যিয়ে বিত্তীয় সহায়ৰ এক ব্যাপক কাৰ্যক্ৰম প্ৰদান কৰে।
শাসন আৰু কল্যাণৰ ওপৰত প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ প্ৰভাৱঃ
- প্ৰত্যক্ষ লাভ হস্তান্তৰৰ জৰিয়তে মধ্যস্থতাকাৰী আঁতৰ কৰি অনুদান প্ৰদানৰ স্বচ্ছতা বৃদ্ধি কৰা হৈছে।
- অদক্ষতাবোৰ সম্বোধন কৰি, ১০০% লাভালাভ সুনিশ্চিত কৰা হৈছে।
- ক’ভিড-19 মহামাৰীৰ সময়ত, তিনি মাহৰ বাবে ২০ কোটিৰো অধিক মহিলালৈ ৫০০ টকা হস্তান্তৰ কৰা হৈছিল।
- প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ একাউণ্টবোৰে প্ৰত্যক্ষ লাভ হস্তান্তৰ, সামাজিক সুৰক্ষা আঁচনি আৰু অৰ্থনৈতিক সবলীকৰণৰ ভেঁটি হিচাপে কাৰ্য সম্পাদন কৰে আৰু দেশজোৰা দৰিদ্ৰতা হ্ৰাস কৰাত অৰিহণা যোগাইছে।
- এই পদক্ষেপৰ প্ৰভাৱ সমগ্ৰ দেশতে অনুৰণিত হৈছে, যিয়ে পূৰ্বতে বেংকৰ পৰা বঞ্চিত লাখ লাখ লোকৰ বাবে আৰ্থিক মৰ্যাদা কঢ়িয়াই আনিছে।
ৰাজ্যিক পৰ্যায়ৰ ৰূপায়ণঃ
- অসমৰ অৰুনোদই আঁচনিখন (Orunodoi scheme) প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ সৈতে সংমিশ্ৰিত কৰা হৈছে, যাৰ ফলত ৩৭.২ লাখৰো অধিক মহিলা উপকৃত হৈছে।
- বিত্তীয় সাহায্যৰ জৰিয়তে প্রান্তীয় সম্প্ৰদায়ৰ উত্থানক লক্ষ্য কৰি লোৱা হৈছে।
- প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ সৈতে সংযুক্ত এই আঁচনিখনে সমগ্ৰ অসমৰ জীৱন সলনি কৰিছে, য’ত ৰাজ্যখনে ২.৪২ কোটি জন ধন বেংক একাউণ্টৰ মাইলৰ খুঁটিও কাহানিবাই অতিক্ৰম কৰিছে।
ডিজিটেল ইণ্ডিয়া আৰু জেএএম (JAM) ত্ৰিসংযোগ :
- জন ধন একাউণ্ট, আধাৰ আৰু মোবাইল প্ৰযুক্তিৰ একত্ৰীকৰণ কৰা হৈছে।
- ডিজিটেল পৰিশোধৰ ক্ষেত্ৰত ভাৰতে নেতৃত্ব প্ৰদানকাৰু ৰূপে বিশ্বব্যাপী প্ৰকৃত-সময় লেনদেনৰ ৪০% ত অৰিহণা যোগায়।
- বিশ্ব বেংকে মাত্ৰ ছয় বছৰত ভাৰতে লাভ কৰা দ্ৰুত অগ্ৰগতিৰ কথা স্বীকাৰ কৰিছে।
প্ৰধানমন্ত্ৰী জন ধন যোজনাই এক বিত্তীয় অন্তৰ্ভুক্তি কাৰ্যসূচীৰ সীমাবদ্ধতা নেওচি প্ৰশাসন আৰু সামাজিক উত্থানৰ বাবে এক পৰিৱৰ্তনশীল দৃষ্টিভংগীক প্ৰতিনিধিত্ব কৰে। এই উদ্যোগে প্রান্তীয় শ্ৰেণীসমূহক শক্তিশালী কৰিছে, অৰ্থনৈতিক বিকাশ বৃদ্ধি কৰিছে আৰু সকলো নাগৰিকৰ বাবে মৰ্যাদা আৰু সুযোগ নিশ্চিত কৰিছে। ভাৰতৰ অগ্ৰগতিৰ লগে লগে, প্ৰধানমন্ত্ৰী জন ধন যোজনাই বিত্তীয়ভাৱে অন্তৰ্ভুক্ত ৰাষ্ট্ৰ গঢ়ি তোলাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে।