জি-২০ ৰিঅ’ ডি জেনেইৰো’ নেতৃত্ববৃন্দৰ ঘোষণাপত্ৰ
G20 RIO DE JANEIRO LEADERS’ DECLARATION

“এক ন্যায়সংগত বিশ্ব আৰু এক বহনক্ষম গ্ৰহ নিৰ্মাণ” (Building a Just World and a Sustainable Planet) শীৰ্ষক বিষয়বস্তুৰ অধীনত ১৯ সংখ্যক জি-২০ সন্মিলন ব্ৰাজিলৰ ৰিঅ ‘ডি জেনেইৰোত অনুষ্ঠিত হৈছিল।

  • ভাৰতৰ অংশগ্ৰহণঃ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে উক্ত সন্মিলনত বহনক্ষম উন্নয়ন আৰু শক্তি পৰিৱৰ্তন সম্বন্ধীয় আলোচনা সত্ৰত ভাষণ আগবঢ়ায়।
  • আগন্তুক আয়োজক দেশঃ দক্ষিণ আফ্ৰিকা (২০২৫) আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই (২০২৬) পৰৱৰ্তী জি-২০ সন্মিলন আয়োজন কৰিব।

জি-২০ নেতৃত্ববৃন্দৰ ঘোষণাপত্ৰৰ মূল ফলাফলসমূহ

  • প্ৰগতিশীল কৰ (Progressive Taxation) :
    • বিত্তীয় সাৰ্বভৌমত্বক সন্মান জনাই আৰু আন্তঃৰাষ্ট্ৰীয় কৰ সহযোগিতা বৃদ্ধি কৰি অতি ধনাঢ্য (super-rich) লোকৰ ওপৰত কৰ আৰোপ কৰাৰ পোষকতা কৰে।
  • বহুপাক্ষিকতাবাদ (Multilateralism) :
    • ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত আফ্ৰিকা, লেটিন আমেৰিকা আৰু এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ উন্নত প্ৰতিনিধিত্বৰ বাবে আহ্বান জনায়।
    • ক্ষুধা আৰু দৰিদ্ৰতাৰ বিৰুদ্ধে গোলকীয় মিত্ৰজোঁট (Global Alliance Against Hunger and Poverty) সূচনাৰে ২০৩০ চনৰ ভিতৰত ৫০ কোটি লোকক নগদ ধন হস্তান্তৰ আৰু ১৫ কোটি শিশুক পঢ়াশালিৰ আহাৰ প্ৰদান কৰা হ’ব।
  • সামাজিক অন্তৰ্ভুক্তি (Social Inclusion) আৰু ডিজিটেল বিভাজন (Digital Divide) :
    • বেতন আৰু অনা-বৈতনিক যত্নৰ কামত লিংগ সমতাৰ প্ৰতিশ্ৰুতি ৰখা হৈছে।
    • ২০৩০ চনৰ ভিতৰত লিংগ ডিজিটেল বিভাজন (gender digital divide) সাম্প্ৰতিক মাত্ৰাতকৈ অৰ্ধেক অংশলৈ হ্ৰাসকৰণৰ পুনৰ নিশ্চয়তা ৰখা হৈছে।
    • ভাৰত, ব্ৰাজিল আৰু দক্ষিণ আফ্ৰিকাই যুটীয়া ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি ঘোষণা (Digital Public Infrastructure Declaration) কৰিছে।
  • জলবায়ু পদক্ষেপঃ
    • নিম্ন-নিৰ্গমন প্ৰযুক্তি আৰু গোলকীয় জলবায়ু পৰিৱৰ্তন গতিশীলতা টাস্ক ফ’ৰ্চ (Global Climate Change Mobilisation Task Force) গঠনৰ ওপৰত গুৰুত্ব দিয়া।
    • জি-২০ ভূমি উদ্যোগৰ (G20 Land Initiative) অধীনত ২০৪০ চনৰ ভিতৰত ভূমিৰ অৱক্ষয় ৫০% হ্ৰাস কৰাৰ পুনৰ নিশ্চয়তা আৰোপ কৰা হৈছে।
  • বিশ্ব বাণিজ্যঃ
    • বিশ্ব বাণিজ্য সংস্থাৰ (WTO) নিয়মাৱলী আৰু পাৰিৱেশিক চুক্তিৰ সৈতে সেউজ অৰ্থনৈতিক নীতিৰ (green economic policies) সমন্বয় সাধনৰ চুক্তি স্বাক্ষৰিত কৰা হ’ব।
  • বিশ্ব স্বাস্থ্যঃ
    • প্ৰতিষেধক আৰু স্বাস্থ্য প্ৰযুক্তিৰ ন্যায়সংগত প্ৰৱেশাধিকাৰ উন্নত কৰিবলৈ স্থানীয় আৰু আঞ্চলিক উৎপাদনভিত্তিক মিত্ৰতাৰ বাবে সমৰ্থন আগবঢ়োৱা হ’ব।

ঘোষণাপত্ৰখনত উল্লেখ কৰা ভাৰতৰ ক্ষেত্ৰীয় সাফল্যসমূহ

  • অন্তৰ্ভুক্তি আৰু বহনক্ষম উন্নয়ন লক্ষ্য:
    • পৰিষ্কাৰ ব্যৱহাৰঃ ভাৰতৰ ১২ কোটি ঘৰত পৰিষ্কাৰ পেয়জলৰ ব্যৱস্থা উপলব্ধ হৈছে।
    • ১০ কোটি পৰিয়ালে পৰিষ্কাৰ ৰন্ধন ইন্ধন লাভ কৰিছে আৰু ১১.৫ কোটি নতুন শৌচাগাৰ নিৰ্মাণ কৰা হৈছিল। (২০১৪-২০২৪)
  • পেৰিছ চুক্তিৰ লক্ষ্যসমূহঃ
    • ২০২১ৰ নৱেম্বৰত ভাৰতে ৪০% অনা-জীৱাশ্মজাত ইন্ধন ক্ষমতা লাভ কৰিছে।
    • ২০৩০ চনৰ ভিতৰত ৫০০ গিগাৱাট লক্ষ্যৰ দিশেৰে ভাৰতে ২০০ গিগাৱাট নৱীকৰণযোগ্য শক্তি আহৰণ কৰিবলৈ সক্ষম হৈছে।
  • সেউজ উদ্যোগঃ
    • বহনক্ষম জীৱনশৈলীৰ বাবে মিছন লাইফ(Mission LiFE)ক উদগনি যোগোৱা হৈছে।
    • বিশ্বজনীন নৱীকৰণযোগ্য শক্তি সংযোগৰ বাবে ৱান ছান ৱান ৱৰ্ল্ড ৱান গ্ৰিড (One Sun One World One Grid) আৰু আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতা (International Solar Alliance) আৰম্ভ কৰা হৈছে।
  • চক্ৰীয় অৰ্থনীতি:
    • ভাৰতে গোলকীয় জৈৱ-ইন্ধন মিত্ৰজোঁট (Global Biofuel Alliance) আৰু আৱৰ্জনাৰ পৰিমাণ সংকুচিত কৰিবলৈ আৱৰ্জনাৰ-পৰা-ইন্ধনলৈ (waste-to-energy) শীৰ্ষক পদক্ষেপ গ্ৰহণ কৰিছে।
  • দুৰ্যোগ স্থিতিস্থাপকতা :
    • দুৰ্যোগৰ প্ৰতিৰোধমূলক তথা পুনৰুদ্ধাৰ উপায়ৰ হকে দুৰ্যোগ স্থিতিস্থাপক আন্তঃগাঁথনিগত সহযোগিতা (Coalition for Disaster Resilient Infrastructure) স্থাপন কৰা হৈছে।
  • গোলকীয় দক্ষিণ (Global South) সমৰ্থনঃ
    • ক্ষুদ্ৰ উন্নয়নশীল দ্বীপৰাষ্ট্ৰসমূহৰ (Small Island Developing States (SIDS)) বাবে সুলভ জলবায়ু বিত্তৰ (climate finance) পোষকতা কৰে।
    • বহনক্ষম বিকাশ আৰু ৰেহাই মূল্যৰ বিত্তীয় যোগানৰ বাবে বিশ্ব উন্নয়ন চুক্তি (Global Development Compact (GDC))ৰ শুভাৰম্ভ কৰা হৈছে।

বিশ্ব শৃংখলাত জি-২০ৰ গুৰুত্ব

  • ই বিশ্বৰ মুঠ ঘৰুৱা উৎপাদনৰ ৮৫%, ৰপ্তানিৰ ৭৫%, আৰু জনসংখ্যাৰ ৮০% প্ৰতিনিধিত্ব কৰে, যি জি-৭ ৰ দৰে ৰাষ্ট্ৰগোটতকৈ বিস্তৃত প্ৰতিনিধিত্ব প্ৰদান কৰে।
  • ২০০৮ চনৰ বিত্তীয় সংকটৰ মোকাবিলা কৰাৰ বাবে ৪ ট্ৰিলিয়ন ডলাৰ ব্যয়ৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল।
  • ক’ভিড-১৯ৰ অৰ্থনৈতিক পতন হ্ৰাস কৰাত জি-২০ ৰাষ্ট্ৰগোটে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
  • জি-২০ত গণতান্ত্রিক ৰাষ্ট্ৰ (ভাৰত, ব্ৰাজিল) ৰ পৰা স্বৈৰতান্ত্ৰিক ৰাষ্ট্ৰ (চীন, ৰাছিয়া) লৈ সন্তুলিত দৃষ্টিভংগী গঢ়ি তোলা বিভিন্ন ৰাষ্ট্ৰ অন্তৰ্ভুক্ত কৰা হৈছে।
  • আফ্ৰিকান ইউনিয়ন (African Union)ৰ অন্তৰ্ভুক্তিয়ে ১.৩ বিলিয়ন জনসংখ্যাৰ মহাদেশ এখনৰ প্ৰতিনিধিত্ব শক্তিশালী কৰে।
  • জি-২০ ৰাষ্ট্ৰসমূহে বিশ্বৰ নিৰ্গমনৰ ৮০% অৰিহণা যোগায়, যাৰ ফলত ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহ বিশ্ব জলবায়ু পৰিৱৰ্তন প্রশমন প্ৰচেষ্টাত কেন্দ্ৰীয় স্থান অধিকাৰ কৰে।

জি-২০ ৰিঅ’ ডি জেনেইৰো ঘোষণাপত্ৰই বহনক্ষম উন্নয়ন, ন্যায়সংগত বিকাশ আৰু শক্তি পৰিৱৰ্তনৰ প্ৰতি এক বিশ্বব্যাপী দায়বদ্ধতাক গুৰুত্ব আৰোপ কৰে। সমান্তৰালকৈ পেৰিছ চুক্তিৰ লক্ষ্যত উপনীত হোৱা, সেউজ পৰিৱৰ্তনক চালিত কৰা, আৰু অন্তৰ্ভুক্তিমূলক বিজয় -আদি দিশেৰে ভাৰতৰ সক্ৰিয় দৃষ্টিভংগীয়ে এক বহনক্ষম আৰু ন্যায়সংগত ভৱিষ্যত সৃষ্টিৰ ক্ষেত্ৰত ইয়াৰ নেতৃত্বৰ ওপৰত আলোকপাত কৰে।

Leave a Reply