জেন এআই
GEN AI

জননমূলক কৃত্ৰিম বুদ্ধিমত্তা (Generative AI) হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ এক আৰ্হি যি বিদ্যমান তথ্যৰ পৰা ধৰণ-উপায় শিকি পাঠ, ছবি বা সংগীতৰ দৰে নতুন সমল সৃষ্টি কৰিব পাৰে। ই চেটবট (chatbots), সমল সৃষ্টি (content creation), ডিজাইন (design) আৰু গৱেষণাৰ দৰে ক্ষেত্ৰত এপ্লিকেচনসমূহক (applications) ক্ষমতা প্ৰদান কৰে।

জেন এআই (Gen -AI)

  • জেন এআই বা চমুকৈ ‘GAI’ হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ এক দ্ৰুতগতিত বৃদ্ধি পোৱা শাখা যি নতুন সমল (যেনে ছবি, শ্ৰব্যসমল, লিপিবদ্ধসমল ইত্যাদি) সৃষ্টি কৰাত গুৰুত্ব আৰোপ কৰে। ই তথ্যৰ শিক্ষণৰ জৰিয়তে লাভ ধৰণ আৰু নিয়মৰ ওপৰত আধাৰিত।
  • জেন এআইৰ উত্থান জেনেৰেটিভ এডভাৰচাৰিয়েল নেটৱৰ্ক (Generative Adversarial Networks (GANs)) আৰু ভেৰিয়েচনেল অটোএনকোডাৰ (Variational Autoencoders (VAEs))-ৰ দৰে উন্নত জেনেৰেটিভ আৰ্হিৰ বিকাশৰ সৈতে সংলগ্ন।
  • যদিও জেন এআই প্ৰায়ে চেটজিপিটি (ChatGPT) আৰু ডিপ ফেকৰ (deep fakes) সৈতে জড়িত, প্ৰথমে এই প্ৰযুক্তি ডিজিটেল আলোকচিত্ৰ সংশোধন আৰু ডিজিটেল শ্ৰব্যসমল সংশোধনত ব্যৱহৃত পুনৰাবৃত্তিমূলক প্ৰক্ৰিয়াসমূহ স্বয়ংক্ৰিত কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল।
  • যুক্তিসংগতভাৱে, যিহেতু যন্ত্ৰ শিক্ষণ (machine learning) আৰু গভীৰ শিক্ষণ (deep learning) স্বাভাৱিকভাৱে উৎপাদনশীল প্ৰক্ৰিয়াৰ ওপৰত কেন্দ্ৰীভূত, সেইবোৰকো জেন এআই-ৰ প্ৰকাৰ হিচাপে বিবেচনা কৰিব পাৰি।

জেনেৰেটিভ এআইৰ প্ৰয়োগসমূহ

  • সমল সৃষ্টিঃ ব্লগ (blogs), সামাজিক মাধ্যম আৰু সংবাদৰ বাবে স্বয়ংক্ৰিয় লিখনৰ বাবে জেনেৰেটিভ এআই প্ৰয়োগ কৰা হয়।
  • মিডিয়া জেনেৰেশ্যনঃ জেনেৰেটিভ এআইৰ সহায়ত ছবি, কলা আৰু ভিডিঅ’ সমল প্ৰস্তুত কৰিব পাৰি।
  • গ্ৰাহক সেৱাঃ ই অধিক মানৱ-সদৃশ পাৰস্পৰিক ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ বাবে চেটবট উন্নীত কৰি তোলে।
  • সামগ্ৰীৰ নক্সা : ই ফেশ্বন, স্থাপত্য, আৰু অটোমোটিভ খণ্ডত প্ৰয়োজনীয় নানা ডিজাইন (নক্সা) ত্বৰান্বিত কৰি তোলে।
  • শিক্ষাঃ ই পাৰস্পৰিক শিক্ষণ সমল সৃষ্টি কৰে।
  • কোড (Code) সহায়ঃ ই কোডিং (coding), ডিবাগিং (debugging) আৰু বিকাশত সহায় কৰে।
  • চিকিৎসা সম্পৰ্কীয় আলোকচিত্ৰণ : ই ৰোগ নিৰ্ণয় আৰু আৰ্হি চিনাক্তকৰণত সহায় কৰে।
  • পথ্য আৱিষ্কাৰ : ই জৈৱ-চিকিৎসাগত গৱেষণাৰ বাবে যৌগসমূহ অনুকৰণ কৰে।
  • বজাৰৰ অন্তৰ্দৃষ্টিঃ ই নানা ব্যৱসায়িক প্ৰৱণতাৰ বাবে তথ্য বিশ্লেষণ কৰে।
  • গেইমিং (Gaming) : ই নিমজ্জনিত পৰিৱেশ আৰু চৰিত্ৰ সৃষ্টি কৰে।
  • ব্যক্তিগতকৃত বিজ্ঞাপন : উন্নত উপভোক্তা লক্ষ্যৰ বাবে ই আনুসংগিক বিজ্ঞাপনেৰে বিপণনকাৰীক সহায় কৰে।
  • ভাষা অনুবাদঃ ই প্ৰাসংগিক সঠিকতা উন্নত কৰে।

জেনেৰেটিভ এআইৰ প্ৰত্যাহ্বানসমূহ

  • পক্ষপাতিত্ব আৰু ন্যায্যতাঃ জেনেৰেটিভ এআই আৰ্হিসমূহে প্ৰশিক্ষণৰ তথ্যৰ পৰা পক্ষপাতিত্বমূলক উত্তৰাধিকাৰ লাভ কৰিব পাৰে, যাৰ ফলত অন্যায়ভিত্তিক ফলাফল আগবঢ়াব পাৰে।
  • তথ্য গোপনীয়তাঃ বৃহৎ তথ্যভাণ্ডাৰে বিশেষকৈ স্পৰ্শকাতৰ তথ্যৰ ক্ষেত্ৰত গোপনীয়তাক লৈ উদ্বেগৰ সৃষ্টি কৰে।
  • ভুল তথ্যঃ কৃত্ৰিম বুদ্ধিমত্তা-সৃষ্ট সমলসমূহে ভুৱা বাতৰি বিয়পাব পাৰে বা ডিপফেক সৃষ্টি কৰিব পাৰে।
  • বৌদ্ধিক সম্পত্তিঃ বিদ্যমান তথ্যৰ ব্যৱহাৰে স্বত্বাধিকাৰ আৰু মালিকানাৰ সমস্যা উত্থাপন কৰে।
  • নৈতিক চিন্তাঃ ক্ষতিকাৰক বা প্ৰৱঞ্চনামূলক প্ৰয়োগৰ বাবে ই উজ্জল সম্ভাৱনাৰ দিশটো অপব্যৱহাৰ কৰাৰ পূৰ্ণ আশংকা আছে।
  • ব্যয় আৰু সম্পদঃ ইয়াৰ বাবে উচ্চ গাণিতিক শক্তিৰ প্ৰয়োজন আৰু এইক্ষেত্ৰত শক্তিৰ চাহিদা ব্যয়বহুল আৰু বহনক্ষম নহ’ব পাৰে।
  • ব্যাখ্যাযোগ্যতাঃ জটিল আৰ্হিবোৰত স্বচ্ছতাৰ অভাৱ থাকে। ফলত ফলাফলবোৰ বুজি পোৱা আৰু বিশ্বাস কৰাটো কঠিন হৈ পৰে।
  • নিয়ামক অনুপালনঃ স্পষ্ট নিয়মাৱলীৰ অভাৱে কৃত্ৰিম বুদ্ধিমত্তা এপ্লিকেচনৰ বাবে আইনী প্ৰত্যাহ্বানৰ সৃষ্টি কৰে।
  • গুণগত তথ্যৰ ওপৰত নিৰ্ভৰশীলতাঃ দুৰ্বল বা পক্ষপাতমূলক তথ্যই সঠিকতা আৰু কাৰ্যকৰীতা হ্ৰাস কৰিব পাৰে।
  • নিয়োগৰ স্থানচ্যুতিঃ স্বয়ংক্ৰিয়তাৰ সৈতে কিছুমান ক্ষেত্ৰত কৰ্মসংস্থাপনৰ সুযোগ হ্ৰাসৰ বিপদাশংকা সংযোজিত হৈ আছে।

জেনেৰেল-এ.আই.ৰ ক্ষেত্ৰচ  ভাৰত চৰকাৰে গ্ৰহণ কৰা মূল পদক্ষেপসমূহ

  • ইণ্ডিয়াএআই মিছন (IndiaAI Mission) : ২০২৪ চনত ১০,৩৭১ কোটি টকাৰ বাজেটৰ সৈতে এই অভিযান আৰম্ভ কৰা হৈছিল। এই অভিযানে থলুৱা কৃত্ৰিম বুদ্ধিমত্তা আৰ্হিৰ বিকাশ আৰু কম্পিউটাৰ আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।
  • ৰাষ্ট্ৰীয় কৃত্ৰিম বুদ্ধিমত্তা প’ৰ্টেল (National AI Portal (INDIAai)) : ২০২০ চনৰ পৰা কৃত্ৰিম বুদ্ধিমত্তাসৃষ্ট বাতৰি, সম্পদ আৰু শিক্ষাৰ বাবে ই কেন্দ্ৰীভূত মঞ্চহিচাপে কাৰ্য সম্পাদন কৰি আছে।
  • এআই ফ’ৰ ইণ্ডিয়া ২.০ (AI for India 2.0) : কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত যুৱক-যুৱতীসকলৰ দক্ষতা বৃদ্ধিৰ বাবে ২০২৩ চনত দক্ষতা বিকাশজনিত পদক্ষেপ আৰম্ভ কৰা হৈছিল।
  • ৰাষ্ট্ৰীয় কৃত্ৰিম বুদ্ধিমত্তা ৰণনীতি (National AI Strategy) : ই স্বাস্থ্যসেৱা, কৃষি আৰু শিক্ষাৰ দৰে ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তা প্ৰয়োগৰ বাবে নীতি আয়োগে এক ৰোডমেপ (roadmap) প্ৰস্তুত কৰি উলিয়াইছে।
  • গোলকীয় কৃত্ৰিম বুদ্ধিমত্তা অংশীদাৰীত্ব (Global Partnership on AI (GPAI)) : আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ জৰিয়তে দায়িত্বশীল কৃত্ৰিম বুদ্ধিমত্তা প্ৰচাৰত ভাৰতে সক্ৰিয় ভূমিকা গ্ৰহণ কৰি ২০২৩ গোলকীয় কৃত্ৰিম বুদ্ধিমত্তা অংশীদাৰীত্ব সন্মিলন আয়োজন কৰিছিল।

২০২৪ চনৰ ভিতৰত, বিশ্বব্যাপী ব্যৱহৃত স্মাৰ্টফোনৰ অৰ্ধেকতকৈ অধিকসংখ্যক জেন এআই-সক্ষম হ ‘ব বুলি আশা কৰা হৈছে। এইসমূহ বিস্তৃত ব্যৱহাৰ ক্ষেত্ৰ আৰু নানা মূল্য শাখাত বৰ্ধিত উপলব্ধতাৰ দ্বাৰা চালিত হ’ব বুলি আশা কৰিব পাৰি।

Leave a Reply