আয়কৰ বিভাগে (Income Tax Department) পান ২.০ নামৰ এক নতুন সংস্কৰণ সৃষ্টিৰ জৰিয়তে স্থায়ী একাউণ্ট নম্বৰ (Permanent Account Number (PAN)) ত আপগ্ৰেড (upgrade) প্ৰৱৰ্তন কৰিছে।
- নৱ-উন্নীতকৃত সুবিধাসমূহৰ ভিতৰত আছে –
- নতুন আৰু বিদ্যমান কাৰ্ডসমূহৰ বাবে কিউ.আৰ.ক’ডযুক্ত (QR code) বৈশিষ্ট্যসমূহ।
- সম্পূৰ্ণ অনলাইন আবেদন প্ৰক্ৰিয়া।
- ব্যৱসায়ৰ বাবে পান-পৰিচয়পত্ৰক প্ৰাথমিক চিনাক্তকৰণ হিচাপে গঢ়ি তুলিবলৈ বিদ্যমান চিনাক্তকৰণ নম্বৰসমূহ (existing identification numbers) একত্ৰিত কৰা।
পান ২.০ ৰ উদ্দেশ্যসমূহ
- সত্যতা প্ৰমাণৰ একক উৎস (Single Source of Truth) :
- তথ্যভিত্তিক স্থিৰতাৰ বাবে পান-নম্বৰক আধাৰৰ সৈতে সংযুক্ত কৰি এক নিৰ্ভৰযোগ্য চিনাক্তকৰণ আহিলা হিচাপে নিৰ্ধাৰণ কৰা হৈছে।
- কৰদাতাসকলৰ সৰলীকৰণ (Taxpayer Simplification) :
- উৎস-ত হ্ৰাসিত কৰ (Tax Deducted at Source (TDS)) উৎসত সংগৃহীত কৰ (Tax Collected at Source (TCS)) আৰু আয়কৰ দাখিলৰ (income tax filings) দৰে কৰ লেনদেনৰ বাবে এক সাৰ্বজনীন চিনাক্তকৰণ হিচাপে কাম কৰে।
পান ২.০ ৰ মূল বৈশিষ্ট্যসমূহ
- অব্যাহত বৈধতা (Continued Validity) :
- বৰ্তমানৰ পান-পৰিচয় পত্ৰ বৈধ হৈ থাকিব।
- ই বিনা খৰচত উন্নত সংস্কৰণলৈ উন্নীতকৰণৰ বিকল্প প্ৰদান কৰে।
- উন্নত কিউ.আৰ.কোড (Enhanced QR Code)
- ২০১৭-১৭ বৰ্ষত আৰম্ভ হোৱা কিউআৰ কোডসমূহে তথ্য বৈধতাৰ বাবে উন্নতি লাভ কৰিব।
- প্ৰযুক্তি চালিত ব্যৱস্থাঃ
- পান তথ্যৰ সুৰক্ষিত আৰু বাধ্যতামূলক সংৰক্ষণৰ বাবে “পান ডাটা ভল্ট” (PAN Data Vault) ৰ প্ৰৱৰ্তন কৰা।
- ই অনলাইন বৈধকৰণৰ বাবে উন্নত প্ৰণালী-সেৱা আগবঢ়ায়।
ব্যক্তি আৰু ব্যৱসায়ৰ বাবে লাভালাভ :
- ব্যক্তিবিশেষৰ বাবে লাভালাভসমূহ :
- ই অনলাইন মাধ্যমত পান-সেৱাসমূহৰ সহজ প্ৰৱেশাধিকাৰ আগবঢ়ায়।
- এজন ব্যক্তিৰ বাবে একাধিক পান কাৰ্ড আঁতৰাই ডুপ্লিকেশ্যন প্ৰতিৰোধ (Duplication prevention) কৰে।
- ব্যৱসায়-সম্পৰ্কীয় লাভালাভসমূহ :
- নিৰবিচ্ছিন্ন কৰ দাখিল আৰু উভতাই দিয়াৰ (tax filing and returns) ৰ বাবে একত্ৰিত ব্যৱসায়িক চিনাক্তকৰণ চিহ্নিত কৰে।
- ই উৎস-ত হ্ৰাসিত কৰ (Tax Deducted at Source (TDS)) উৎসত সংগৃহীত কৰ (Tax Collected at Source (TCS)) সম্পৰ্কীয় সেৱা পৰিচালনাৰ বাবে সৰলীকৃত ব্যৱস্থা প্ৰদান কৰে।
ভাৰত চৰকাৰৰ অভিলক্ষ্যসমূহ
- একত্ৰিত মঞ্চঃ
- পান-সম্পৰ্কীয় সেৱাসমূহ (ই-ফাইলিং (e-filing), ইউটিআইটিএছএল (UTITSL), আৰু প্ৰ’টেন প’ৰ্টেল (Protean portals)) এক একক মঞ্চৰ অধীনত একত্ৰিত কৰা হ’ব।
- সুগম প্ৰৱেশাধিকাৰঃ
- পান (PAN) আৰু ট্যান (TAN) -সম্পৰ্কীয় সেৱাসমূহৰ ব্যাপক পৰিচালনা আগবঢ়োৱা।
- ইয়াৰ জৰিয়তে প্ৰক্ৰিয়া সৰলীকৰণ, বিলম্ব দূৰ কৰা আৰু অভিযোগ নিষ্পত্তিৰ ওপৰত গুৰুত্ব দিয়া হ’ব।
- ডিজিটেল ৰূপান্তৰঃ
- সমগ্ৰ বিধি-প্ৰক্ৰিয়াটো কাগজবিহীন আবেদন আৰু বৈধকৰণ প্ৰক্ৰিয়ালৈ (paperless application and validation process) পৰিৱৰ্তন ঘটোৱা।