বায়ুমণ্ডলৰ মানদণ্ডৰ ওপৰত লা নিনা (LA NINA)ৰ প্ৰভাৱ
LA NINA’S IMPACT ON AIR QUALITY

লা নিনা, জলবায়ু পৰিৱৰ্তন, আৰু বায়ুৰ মানদণ্ডৰ মাজত সংযোগ

  • নেশ্যনেল ইনষ্টিটিউট অৱ এডভান্সড ছায়েন্সৰ (National Institute of Advanced Science (NIAS)) গৱেষণাই অলপতে প্ৰমাণ কৰে যে লা নিনা আৰু জলবায়ু পৰিৱৰ্তন বায়ুৰ মানদণ্ডৰ সৈতে ঘনিষ্ঠভাৱে জড়িত।
  • বিগত শীতকালত (২০২২-২৩) দিল্লীত লা নিনাৰ বাবে এক দশকৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ বায়ুৰ মানদণ্ডৰ অভিজ্ঞতা পৰিলক্ষিত হৈছিল।
  • এই বছৰ লা নিনা আৰম্ভ হোৱাত বিলম্ব হোৱা আৰু মৌচুমী পলমকৈ অৱনমিত হোৱাৰ ফলত আগন্তুক শীতকালত উত্তৰ ভাৰতত, বিশেষকৈ দিল্লীত বায়ুৰ মানদণ্ড অধিক নিকৃষ্ট হোৱাৰ সম্ভাৱনা আছে।

মূল প্ৰভাৱসমূহ :

  • বায়ুৰ সম্প্ৰসাৰিত নিকৃষ্ট গুণগত মানঃ মৌচুমী বতাহৰ ধীৰ প্ৰত্যাহাৰৰ ফলত উচ্চ আৰ্দ্ৰতা, শান্ত বতাহ আৰু বায়ুমণ্ডলীয় মিশ্ৰণ হ্ৰাস হ’ব, পিএম ২.৫ (PM 2.5) আৰু পিএম ১০ (PM10) ৰ দৰে প্ৰদূষক বতাহত আবদ্ধ হ’ব।
  • নৰা জ্বলোৱাঃ যদি লা নিনাৰ বিলম্বৰ লগে লগে কাষৰীয়া অঞ্চলত নৰা জ্বলোৱা হয়, তেন্তে বিশেষকৈ নৱেম্বৰ মাহৰ সময়ছোৱাত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাব পাৰে।
  • দুৰ্বল মৌচুমী প্ৰভাৱঃ বিলম্বিত লা নিনায়ে বতাহৰ শক্তি আৰু ঘূৰ্ণীবতাহৰ কাৰ্যকলাপ হ্ৰাস কৰিব পাৰে, প্ৰদূষকৰ বিতৰণত বাধা দিব পাৰে আৰু বায়ুৰ মানদণ্ডৰ অৱনতি ঘটাব পাৰে।
  • স্বাস্থ্যৰ বিপদাশংকাঃ পিএম ২.৫ ৰ দৰে বিষাক্ত প্ৰদূষকৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন, যি পৰম্পৰাগতভাৱে গুৰুত্ব লাভ কৰা পিএম ১০ তকৈ অধিক স্বাস্থ্যজনিত বিপদাশংকাৰ সৃষ্টি কৰে।
  • লা নিনাৰ অনিশ্চয়তাঃ যদি লা নিনা ডিচেম্বৰৰ ভিতৰত শক্তিশালী হয়, জানুৱাৰীৰ ভিতৰত বায়ুৰ মানদণ্ড উন্নত হ’ব পাৰে। অৱশ্যে, অধিক বিলম্বতাৰ ফলত প্ৰদূষণৰ সংকট দীঘলীয়া হ’ব পাৰে।

(টোকা : মে’ মাহৰ মাহেকীয়া আলোচনীত এল নিন’ (EL NiNo), লা দিনা (La Nina), এএনএঅ’ (ENSO), আইঅ’ডি (IOD) ৰ বিষয়ে বিশদ বিৱৰণ আগবঢ়োৱা হৈছে।)

Leave a Reply