বিদেশী পৰিক্ৰমা বিনিয়োগ
- বিদেশী পৰিক্ৰমা বিনিয়োগৰ জৰিয়তে বিনিয়োগকাৰীসকলে বিদেশত বিভিন্ন বিত্তীয় সম্পত্তি যেনে, অংশপত্ৰ (ষ্টক)(stocks), খত (বণ্ড) (bonds), মিউচুৱেল ফাণ্ড (mutual funds), ডেৰিভেটিভ (derivatives) আৰু স্থায়ী জমা (fixed deposits) আঁচনি ক্ৰয় কৰে।
- উদ্দেশ্যঃ প্ৰধানকৈ দ্ৰুত লাভৰ বাবে বিদেশী অংশপত্ৰ বজাৰত (foreign stock markets) বিনিয়োগ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়।
ভাৰতত বিদেশী পৰিক্ৰমা বিনিয়োগ সম্বন্ধিত নিয়মাৱলীঃ
- ভাৰতত বিদেশী পৰিক্ৰমা বিনিয়োগ ছেবি (SEBI)এ নিয়ন্ত্ৰণ কৰে।
- ইয়াত বিদেশী প্ৰতিষ্ঠানিক বিনিয়োগকাৰী (Foreign Institutional Investors (FIIs)) আৰু যোগ্য বিদেশী বিনিয়োগকাৰী (Qualified Foreign Investors (QFIs)) অন্তৰ্ভুক্ত থাকে।
বিদেশী পৰিক্ৰমা বিনিয়োগৰ সুবিধাসমূহঃ
- ই আন্তঃৰাষ্ট্ৰীয় বজাৰত দপ্তৰ বৈচিত্ৰতা সক্ষম কৰি তোলে।
- বিনিয়োগকাৰীসকলক শক্তিশালী বিদেশী মুদ্ৰা (stronger foreign currencies)ত বিনিয়োগ কৰি অনুকূল বিনিময় হাৰৰ পাৰ্থক্যৰ (favorable exchange rate differences) পৰা লাভ আহৰণ কৰিবলৈ অনুমতি দিয়ে।
প্ৰত্যক্ষ বিদেশী বিনিয়োগ (Foreign Direct Investment (FDI))
- প্ৰত্যক্ষ বিদেশী বিনিয়োগ হৈছে আন্তঃসীমান্ত বিনিয়োগৰ এক শ্ৰেণী য’ত এখন অৰ্থনীতিৰ অন্তৰ্গত এজন বিনিয়োগকাৰীয়ে আন এক পৃথক অৰ্থনীতিত অৱস্থান কৰা এটা উদ্যোগৰ ওপৰত স্থায়ী আগ্ৰহ আৰু গুৰুত্বপূৰ্ণ পৰিমাণৰ প্ৰভাৱ স্থাপন কৰে।
- ই অন্য ৰাষ্ট্ৰৰ বিনিয়োগকাৰী, প্ৰতিষ্ঠান বা চৰকাৰৰ দ্বাৰা প্ৰস্তুত কোনো বিদেশী প্ৰতিষ্ঠান বা প্ৰকল্পত লাভ কৰা মালিকানাৰ এক অংশক সূচায়।
- আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক একত্ৰীকৰণৰ ক্ষেত্ৰত প্ৰত্যক্ষ বিদেশী বিনিয়োগ হৈছে এক গুৰুত্বপূৰ্ণ উপাদান কিয়নো ই অৰ্থনীতিৰ মাজত সুস্থিৰ আৰু দীৰ্ঘস্থায়ী সম্পৰ্কৰ সৃষ্টি কৰে।
বিদেশী পৰিক্ৰমা বিনিয়োগ বনাম প্ৰত্যক্ষ বিদেশী বিনিয়োগ
দিশ | ভাৰতত বিদেশী পৰিক্ৰমা বিনিয়োগ (FPI) | ভাৰতত প্ৰত্যক্ষ বিদেশী বিনিয়োগ (FDI) |
বিনিয়োগৰ ধৰণ | বিদেশী পৰিক্ৰমা বিনিয়োগে ষ্টক আৰু বণ্ডৰ দৰে বিত্তীয় আহিলাসমূহত বিনিয়োগ কৰে। | আনহাতে প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ জৰিয়তে উৎপাদন, সেৱা আদিৰ দৰে খণ্ডত বিনিয়োগ কৰা দেখা যায়। |
নিয়ন্ত্ৰণ | বিদেশী পৰিক্ৰমা বিনিয়োগে ভাৰতীয় প্ৰতিষ্ঠানসমূহৰ ওপৰত কোনো নিয়ন্ত্ৰণ সাব্যস্ত কৰিব নোৱাৰে। | কিন্তু প্ৰত্যক্ষ বিদেশী বিনিয়োগে ভাৰতীয় ব্যৱসায়ত মালিকানা আৰু কাৰ্য্যকৰী নিয়ন্ত্ৰণ সাব্যস্ত কৰিব পাৰে। |
বিনিয়োগ- দিগন্ত | বিদেশী পৰিক্ৰমা বিনিয়োগ সাধাৰণতে হ্ৰস্বম্যাদী; ই দ্ৰুত লাভৰ দ্বাৰা চালিত হয়। | বিপৰীতে, প্ৰত্যক্ষ বিদেশী বিনিয়োগ দীৰ্ঘম্যাদী; ই স্থিৰ বজাৰ উপস্থিতিৰ লক্ষ্যৰে চালিত হয়। |
মূলধনৰ প্ৰয়োজনীয়তা | বিদেশী পৰিক্ৰমা বিনিয়োগ তুলনামূলকভাৱে তাকৰ পৰিমাণৰ। | আনহাতে, প্ৰত্যক্ষ বিদেশী বিনিয়োগ একপ্ৰকাৰৰ গুৰুত্বপূর্ণ মূলধন বিনিয়োগ। |
প্ৰযুক্তিৰ স্থানান্তৰ | বিদেশী পৰিক্ৰমা বিনিয়োগত প্ৰযুক্তি বা দক্ষতাৰ স্থানান্তৰ জড়িত হৈ নাথাকে। | ইয়াৰ বিপৰীতে, প্ৰত্যক্ষ বিদেশী বিনিয়োগত প্ৰায়ে প্ৰযুক্তি, দক্ষতা আৰু জ্ঞানৰ স্থানান্তৰ অন্তৰ্ভুক্ত থাকে। |
নিয়ন্ত্ৰণ কৰ্তৃপক্ষ | বিদেশী পৰিক্ৰমা বিনিয়োগ ছেবি (ভাৰতীয় প্রতিভূতি আৰু বিনিময় পৰিষদ) ৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। | আনহাতে, প্ৰত্যক্ষ বিদেশী বিনিয়োগ ভাৰতীয় কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্যৰ প্ৰসাৰ বিভাগ (DIPP) (Department for Promotion of Industry and Internal Trade) আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। |
অনুমোদন প্ৰণালী | তাকৰ নিয়ামক অনুমোদন প্ৰয়োজনীয়তা হেতু বিদেশী পৰিক্ৰমা বিনিয়োগ ভাৰতীয় বজাৰত সহজে প্ৰৱেশ কৰিব পাৰে। | আনহাতে, প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ বাবে খণ্ডৰ ওপৰত নিৰ্ভৰ কৰি নিয়ন্ত্ৰক সংস্থাৰ পৰা অনুমোদনৰ প্ৰয়োজন (স্বয়ংক্ৰিয় বা চৰকাৰী পথ)। |
অৰ্থনৈতিক প্ৰভাৱ | বিদেশী পৰিক্ৰমা বিনিয়োগে দীৰ্ঘম্যাদী অৰ্থনৈতিক বিকাশৰ ওপৰত সীমিত প্ৰভাৱ পেলায়। | প্ৰত্যক্ষ বিদেশী বিনিয়োগে কৰ্ম-সংস্থাপন সৃষ্টি কৰে, আন্তঃগাঁথনি বৃদ্ধি কৰে আৰু অৰ্থনৈতিক বিকাশত সহায় কৰে। |
মূল খণ্ডসমূহ | বিদেশী পৰিক্ৰমা বিনিয়োগ প্ৰধানকৈ বিত্তীয় বজাৰত (যেনে., ইকুইটি বজাৰ (equity markets)) ত দেখা যায়। | আনহাতে, প্ৰত্যক্ষ বিদেশী বিনিয়োগে উৎপাদন, তথ্য প্ৰযুক্তি, খুচুৰা বিক্ৰী আৰু আন্তঃগাঁথনিৰ দৰে খণ্ডসমূহক সাঙুৰি লয় |
বিনিয়োগকাৰীসকলৰ উদাহৰণ | বিদেশী পৰিক্ৰমা বিনিয়োগকাৰীসকল সাধাৰণতে ব্যক্তিগত পৰ্যায়ৰ বিনিয়োগকাৰী, হেজ ফাণ্ড (hedge funds) বিনিয়োগকাৰী প্ৰকৃতিৰ। | আনহাতে প্ৰত্যক্ষ বিদেশী বিনিয়োগকাৰীসকল দৰাচলতে বহুজাতিক নিগম, বিদেশী চৰকাৰ, বৃহৎ প্ৰতিষ্ঠান প্ৰকৃতিৰ হোৱা দেখা যায়। |
ভাৰতত, বিদেশী পৰিক্ৰমা বিনিয়োগে অধিক নমনীয়তা প্ৰদান কৰে আৰু ইয়াক সাধাৰণতে শ্বেয়াৰ বজাৰত হ্ৰস্বম্যাদী বিনিয়োগৰ বাবে ব্যৱহাৰ কৰা হয়, আনহাতে প্ৰত্যক্ষ বিদেশী বিনিয়োগক অৰ্থনৈতিক উন্নয়নত এক প্ৰধান অৱদানকাৰী হিচাপে দেখা যায়। প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ স্থিৰ, দীৰ্ঘম্যাদী বিকাশ নিশ্চিত কৰিবলৈ উচ্চ নিয়ন্ত্ৰণ আৰু অনুমোদনৰ প্ৰয়োজন হয়।