১৫ অক্টোবৰত ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জেনেৰেল এট’মিক্স (General Atomics)ৰ পৰা প্ৰায় ৪ বিলিয়ন ডলাৰত ৩১ খন এমকিউ-৯বি প্ৰিডেটাৰ ড্ৰোন (MQ-9B Predator drones) ক্ৰয়ৰ চুক্তি চূড়ান্ত কৰিছিল। এই উচ্চ উচ্চতাৰ, দীৰ্ঘস্থায়ী ড্ৰোনসমূহে চীন সীমান্তত নিৰীক্ষণ শক্তিশালী কৰিব।
ভাৰতৰ মুখ্য অস্ত্ৰ সৰবৰাহকাৰী (প্ৰাৰম্ভিক পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ)
ভাৰতে বিভিন্ন দেশৰ সৈতে অংশীদাৰীত্ব কৰি ইয়াৰ প্ৰতিৰক্ষা অধিগ্ৰহণৰ বৈচিত্ৰতা বৃদ্ধি কৰিছে, সবিশেষ নিম্নোক্ত তালিকাত বৰ্ণনা কৰা হৈছেঃ
ৰাষ্ট্ৰ | প্ৰতিৰক্ষা সামগ্ৰীৰ পৰিসৰ | উদাহৰণ |
ৰাছিয়া | যুঁজাৰু বিমান, ছাবমেৰিন, মিছাইল, টেংক | সুখই এছইউ-৩০এমকেআই (Sukhoi Su-30MKI), টি-৯০ টেংক (T-90 tanks), এছ-৪০০ মিছাইল ডিফেন্স চিষ্টেম (S-400 missile defense system) |
আমেৰিকা যুক্তৰাষ্ট্ৰ | বিমান, হেলিকপ্টাৰ, সামুদ্ৰিক টহল বিমান | বয়িং পি-৮আই প ‘চাইডন (Boeing P-8I Poseidon), লকহিড মাৰ্টিন চি-১৩০জে ছুপাৰ হাৰকিউলিছ (Lockheed Martin C-130J Super Hercules) |
ফ্ৰান্স | যুঁজাৰু বিমান, ছাবমেৰিন, মিছাইল | ডাসল্ট ৰাফেল (Dassault Rafale), স্কৰ্পিন শ্ৰেণীৰ ছাবমেৰিন (পি৭৫ প্ৰজেক্ট) (Scorpene-class submarines (P75 project)), |
ইজৰাইল | মিছাইল প্ৰতিৰক্ষা ব্যৱস্থা, ৰাডাৰ, ড্ৰোন | বাৰাক-৮ এছ.এ.এম. (Barak-8 SAM), হেৰন ইউ.এ.ভি. (Heron UAVs), স্পাইডাৰ এয়াৰ ডিফেন্স চিষ্টেম (Spyder air defense system) |
ব্ৰিটিছ সংযুক্ত ৰাজ্য | সামৰিক সঁজুলি, মহাকাশ প্ৰযুক্তি | হক এ.জে.টি.(Hawk AJT), ৰলছ ৰয়ছ ইঞ্জিন (Rolls Royce Engines), জাগুৱাৰ গ্ৰাউণ্ড এটেক এয়াৰক্ৰাফ্ট (Jaguar Ground Attack Aircraft), ৱেষ্টলেণ্ড হেলিকপ্টাৰ (westland helicopter) |
জাৰ্মানী | ছাবমেৰিন, ইঞ্জিন, যন্ত্ৰপাতি | এইচ. ডি. ডব্লিউ ছাবমেৰিন (শিশুমাৰ শ্ৰেণী) (HDW Submarine) (Shishumar-class) |
এছ.আই.পি.আৰ.আই. (SIPRI) প্ৰতিবেদন ২০২৩- ভাৰতৰ গুৰুত্বপূৰ্ণ দিশসমূহ
- শীৰ্ষ আমদানিকাৰীঃ ভাৰত বিশ্বৰ সৰ্ববৃহৎ অস্ত্ৰ-শস্ত্ৰ আমদানিকাৰী ৰাষ্ট্ৰ, ২০১৮ চনৰ পৰা ২০২২ চনলৈকে বিশ্বৰ অস্ত্ৰ-শস্ত্ৰ আমদানিৰ ক্ষেত্ৰত ভাৰতৰ ১১% অংশ আছে।
- সামগ্ৰিকভাৱে, ২০১৩-১৭ আৰু ২০১৮-২২ চনৰ ভিতৰত ভাৰতৰ অস্ত্ৰ-শস্ত্ৰৰ আমদানি ১১% হ্ৰাস পাইছে।
- ৰাছিয়াৰ হ্ৰাসমান অংশদাৰীত্ব : গোলকীয় সামৰিক অস্ত্ৰ-শস্ত্ৰ খণ্ডত ৰাছিয়াৰ অংশ ৬৪% ৰ পৰা ৪৫% লৈ হ্ৰাস পাইছিল, যদিও ই সৰ্ববৃহৎ অস্ত্ৰ-শস্ত্ৰ যোগানীয়াৰ।
- ফ্ৰান্সৰ উত্থানঃ ফ্ৰান্সৰ পৰা অস্ত্ৰ-শস্ত্ৰৰ আমদানি ৪৮৯% বৃদ্ধি পাইছে, যাৰ ভিতৰত ৬২ খন যুঁজাৰু বিমান আৰু ৪ খন ছাবমেৰিন আছে, যাৰ ফলত ফ্ৰান্স ২০১৮-২২ চনত ভাৰতৰ দ্বিতীয় সৰ্ববৃহৎ সামৰিক সঁজুলিৰ যোগানদাতা হৈ পৰিছে।
ভাৰতে আমেৰিকাৰ পৰা ৩১খন এমকিউ-৯বি প্ৰিডেটাৰ ড্ৰোন ক্ৰয় কৰাটো বিশেষকৈ চীনা সীমান্তত ইয়াৰ নিৰীক্ষণ ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিৰূপে বিবেচিত হ’ব । ৪ বিলিয়ন ডলাৰৰ এই চুক্তিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে ভাৰতৰ বৰ্ধিত প্ৰতিৰক্ষা সম্পৰ্কৰ লগতে উন্নত প্ৰযুক্তিৰে ইয়াৰ সামৰিক বাহিনীক আধুনিকীকৰণৰ প্ৰচেষ্টাক গুৰুত্ব দিয়ে।