ভাৰত-কানাডাৰ কূটনৈতিক বিবাদঃ ঘটনাক্ৰমৰ শৃংখল
- কে.টি.এফ.-ৰ মুৰব্বীক হত্যা কৰাৰ পটভূমিঃ ভাৰতে ১০ লাখ টকা শিৰমূল্য ঘোষণা কৰা খালিস্তানী উগ্ৰপন্থী হৰদ্বীপ সিং নিজ্জৰক ২০২৩ চনৰ জুন মাহত ছাৰেত হত্যা কৰা হৈছিল।
জি-২০ সন্মিলনত আলোচনা
- জি-২০ সন্মিলনত প্ৰধানমন্ত্ৰী ট্ৰুডোৱে নিজ্জৰৰ হত্যাকাণ্ডত বিদেশী হস্তক্ষেপৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰাৰ বিপৰীতে প্ৰধানমন্ত্ৰী মোদীয়ে কানাডাত ভাৰত বিৰোধী কাৰ্যকলাপৰ ওপৰত আলোকপাত কৰিছিল।
প্ৰধানমন্ত্ৰী ট্ৰুডোৰ সংসদীয় বিবৃতি
- ১৮ ছেপ্টেম্বৰত ট্ৰুডোৱে নিজ্জৰৰ হত্যাকাণ্ডত ভাৰত জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিল, যিটো ভাৰতে অস্বীকাৰ কৰিছিল। ইয়াৰ ফলত পৰস্পৰে পৰস্পৰৰ কূটনীতিবিদসকলক বহিষ্কাৰ কৰিছিল।
কূটনৈতিক উদ্বেগ
- ভাৰতৰ প্ৰত্যুত্তৰঃ ভাৰতে কানাডাৰ পৰা কূটনীতিবিদসকলক প্ৰত্যাহাৰ কৰিছিল আৰু নিৰাপত্তাৰ উদ্বেগ আৰু কানাডাৰ ভাৰতীয় কূটনীতিবিদসকলৰ প্ৰতি ‘আগ্ৰহী ব্যক্তি’ (person of interest) শীৰ্ষক চিহ্নিতকৰণৰ বাবে ছয়জন কানাডিয়ান বিষয়াক বহিষ্কাৰ কৰিছিল।
- দীৰ্ঘস্থায়ী উত্তেজনাঃ ভাৰতে খালিস্তানী বিচ্ছিন্নতাবাদীসকলৰ প্ৰতি কানাডাৰ শিথিল অনুভৱ আৰু ভাৰতৰ আভ্যন্তৰীণ কৃষক প্ৰতিবাদৰ দৰে বিষয়ত ট্ৰুডোৰ স্থিতিক সমালোচনা কৰিছে।
কানাডাৰ স্থিতি আৰু অভিযোগসমূহ
- কানাডাই দাবী কৰিছে যে নিজ্জৰৰ হত্যাকাণ্ডৰ সৈতে ভাৰতৰ সম্পৰ্ক থকাৰ প্ৰমাণ আছে। আৰ.চি.এম.পি. (RCMP)-য়ে ভাৰতীয় এজেণ্টসকলক কানাডাৰ বিৰোধীসকলক লক্ষ্য কৰি লৰেন্স বিষ্ণই দলৰ সৈতে কাম কৰাৰ অভিযোগ উত্থাপন কৰিছিল।
পঞ্চ-অক্ষি মিত্ৰজোঁট (Five Eyes Alliance) ৰ পৰা সমৰ্থনঃ
- ২০২৩ চনত খালিস্তান সমৰ্থকৰ হত্যাকাণ্ডত ভাৰতীয় কূটনৈতিক জড়িত থকাৰ অভিযোগৰ মাজতে ব্ৰিটিছ সংযুক্ত ৰাজ্যই, আমেৰিকা যুক্তৰাষ্ট্ৰ, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ সৈতে এক পঞ্চ-পাক্ষিক মিত্ৰজোঁটণ যোগদান কৰে, পঞ্চ-অক্ষি মিত্ৰজোঁটৰ সকলো সদস্যই হৰদ্বীপ সিং নিজ্জৰ হত্যাকাণ্ডৰ তদন্তত কানাডাৰ ন্যায়িক প্ৰক্ৰিয়াৰ ওপৰত সম্পূৰ্ণ আস্থা প্ৰকাশ কৰিছে।
ভাৰত-কানাডাৰ সম্পৰ্ক
পটভূমি
- ভাৰত আৰু কানাডাই ১৯৪৭ চনত কূটনৈতিক সম্পৰ্ক স্থাপন কৰিছিল, যি প্ৰধানমন্ত্ৰী মোদীৰ ২০১৫ চনৰ ভ্ৰমণৰ সময়ত এক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত হৈছিল।
সহযোগিতাৰ ক্ষেত্ৰসমূহঃ
বাণিজ্যিক সম্পৰ্ক
- ভাৰত ২০২২-২৩ চনত কানাডাৰ দশম সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ আছিল, কানাডালৈ ভাৰতৰ ৰপ্তানিৰ পৰিমাণ আছিল ৪.১০ বিলিয়ন আমেৰিকান ডলাৰ আৰু আমদানি আছিল ৪.০৫ বিলিয়ন আমেৰিকান ডলাৰ।
- ভাৰত আৰু কানাড জড়িত থকা চিইপিএ (CEPA) আৰু ইপিটিএ (EPTA) আলোচনা ২০২২ চনত আৰম্ভ হৈছিল কিন্তু নিজ্জৰৰ হত্যাকাণ্ডক লৈ কূটনৈতিক উত্তেজনাৰ বাবে ২০২৩ চনত স্থগিত ৰখা হৈছিল।
পাৰমাণৱিক সহযোগিতা
- কানাডাই ১৯৫৬ চনৰ পৰা ১৯৭৪ চনৰ স্মাইলিং বুদ্ধ সম্পৰীক্ষাৰ পিছত দ্বিপাক্ষিক সম্পৰ্ক তিক্ত নোহোৱালৈকে ভাৰতৰ পাৰমাণৱিক কাৰ্যসূচীত সহায় কৰিছিল।
- ২০১০ চনত পাৰমাণৱিক সহযোগিতা চুক্তিৰ জৰিয়তে এই সহযোগিতাৰ পুনৰাম্ভণি ঘটিছিল।
জনসাধাৰণৰ মাজত সংযোগ
- কানাডাত ১.৬ মিলিয়ন ভাৰতীয় মূলৰ লোক (মুঠ জনসংখ্যাৰ জনসংখ্যাৰ ৪%) আছে, যাৰ ভিতৰত ২২ জন সাংসদ পদত অধিষ্ঠিত।
ভাৰত-কানাডা দ্বিপাক্ষিক সম্পৰ্কৰ প্ৰত্যাহ্বানসমূহ
- খালিস্তানী বিচ্ছিন্নতাবাদী গোটসমূহঃ ভাৰতে ৰাজনৈতিক প্ৰচাৰ হিচাপে গণ্য কৰা খালিস্তান বিচ্ছিন্নতাবাদী গোটসমূহৰ বাবে কানাডাক এক সুৰক্ষিত আশ্ৰয়স্থল হিচাপে দেখা যায়
- ভাৰতবিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে নিষ্ক্রিয়তাঃ ইন্দিৰা গান্ধীৰ হত্যাকাণ্ড উদযাপন কৰা ২০২৩ চনৰ কুচকাৱাজৰ দৰে বিষয়ত কানাডাৰ সক্ৰিয় পদক্ষেপৰ অভাৱে দ্বিপাক্ষিক সম্পৰ্কত তিক্ততাৰ সৃষ্টি কৰিছে।
- অন্যান্য বিষয়সমূহঃ ভাৰতীয় মূলৰ ব্যক্তিৰ ওপৰত আক্ৰমণ আৰু কৃষকৰ প্ৰতিবাদকে ধৰি ভাৰতৰ আভ্যন্তৰীণ বিষয়সমূহৰ ওপৰত কানাডিয়ান সমালোচনাই ৰাষ্ট্ৰ দুখনৰ মাজৰ সংঘাত বৃদ্ধি কৰে।
ভাৰত-কানাডাৰ কূটনৈতিক বিবাদ মীমাংসাৰ ভৱিষ্যত কাৰ্যপন্থা
- কূটনৈতিক আলোচনাঃ ভাৰত আৰু কানাডা দুয়োখন দেশে দ্বি-পাক্ষিক উত্তেজনা হ্ৰাস কৰিবলৈ আৰু পাৰস্পৰিক উদ্বেগ স্পষ্ট কৰিবলৈ উচ্চ পৰ্যায়ৰ আলোচনাত জড়িত হোৱা উচিত।
- তৃতীয় পক্ষৰ মধ্যস্থতাঃ পঞ্চ-অক্ষি মিত্ৰজোঁটৰ দৰে নিৰপেক্ষ দলসমূহৰ অংশগ্ৰহণে আলোচনা সহজ কৰি তোলাত আৰু বুজাবুজি বৃদ্ধি কৰাত সহায় কৰিব পাৰে।
- ন্যায়িক সহযোগিতাঃ ভাৰতে সঠিক প্ৰক্ৰিয়া আৰু স্বচ্ছতা নিশ্চিত কৰিবলৈ নিজ্জৰ তদন্তত কানাডাৰ সৈতে সহযোগিতা কৰাৰ কথা বিবেচনা কৰিব পাৰে।
- নিৰাপত্তা প্ৰট’কল পৰ্যালোচনাঃ উভয়পক্ষই সংঘাত হ্ৰাস কৰিবলৈ বিচ্ছিন্নতাবাদী কাৰ্যকলাপ আৰু উগ্ৰবাদ নিয়ন্ত্ৰণৰ বাবে প্ৰট’ কল সংশোধন কৰিব পাৰে।
- ৰাজহুৱা যোগাযোগঃ স্পষ্ট আৰু স্বচ্ছ যোগাযোগ-বাৰ্তাই ভুৱা তথ্য প্ৰতিহত কৰাত আৰু প্ৰবাসী সম্প্ৰদায়ৰ মাজত উত্তেজনা হ্ৰাস কৰাত সহায় কৰিব পাৰে।
- দীৰ্ঘম্যাদী কৌশলঃ প্ৰবাসী ৰাজনীতিৰ দৰে ভাৰত-কানাডাৰ সম্পৰ্কত পুনৰাবৃত্তি হোৱা বিষয়সমূহৰ সমাধানৰ বাবে এক পৰিকাঠামো স্থাপন কৰিলে অধিক সুস্থিৰ অংশীদাৰিত্ব গঢ়ি উঠাৰ পূৰ্ণ সম্ভাৱনা আছে।