পিডব্লিউডি (PWD), আইআইটি-গুৱাহাটী (IIT-Guwahati) আৰু চিএছআইআৰ-এনজিআৰআইৰ (CSIR-NGRI) এটা যুটীয়া দলে প্ৰস্তাৱিত মা কামাখ্যা কৰিডৰ প্ৰকল্পৰ বাবে নীলাচল পাহাৰত তিনিদিনীয়া পৰিদৰ্শন কৰে।
- এই প্ৰকল্পটোৱে মন্দিৰৰ ৰীতি-নীতিৰ বাবে গুৰুত্বপূৰ্ণ পবিত্ৰ ভূগৰ্ভস্থ নিজৰাবোৰ ব্যাহত কৰিব পাৰে বুলি উদ্বেগ প্ৰকাশ কৰা হৈছিল।
- বৈজ্ঞানিক আৰু উদ্যোগিক গৱেষণা পৰিষদ (CSIR)এ এক সম্ভাৱনীয়তা প্ৰতিবেদন আৰু জলবিদ্যুৎ অধ্যয়নৰ প্ৰস্তাৱ দাখিল কৰিছে (feasibility report and hydrological study proposal), যি এতিয়া আই. আই. টি-গুৱাহাটীৰ দ্বাৰা পৰ্যালোচনাধীন।
- ভাৰতীয় প্ৰত্নতাত্বিক জৰীপ (ASI) স্পষ্ট কৰি দিয়ে যে যদিও কামাখ্যা মন্দিৰটো ৰাষ্ট্ৰীয় স্মৃতিসৌধ (national monument) নহয়, ইয়াৰ সমীপৰ কিছুমান গাঁথনি সুৰক্ষিত কৰা হয়।
- এক আইনী আৱেদনত এই সংৰক্ষিত অঞ্চলসমূহৰ ওচৰত যিকোনো নিৰ্মাণৰ পূৰ্বে স্পষ্ট নিয়মাৱলী আৰু ভাৰতীয় প্ৰত্নতাত্বিক জৰীপৰ অনুমোদনৰ আহ্বান জনোৱা হৈছে।
মা কামাখ্যা কৰিডৰ প্ৰকল্পৰ বিশেষত্বসমূহ
মা কামাখ্যা কৰিডৰ প্ৰকল্প হৈছে অসমৰ গুৱাহাটীস্থিত কামাখ্যা মন্দিৰ পৰিক্ষেত্ৰ উন্নীতকৰণ লক্ষ্যৰে গৃহীত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।
ইয়াত মূল বিৱৰণসমূহ উল্লেখ কৰা হ’লঃ
- বাজেট আৰু পুঁজি যোগানঃ এই প্ৰকল্পটোত প্ৰায় ৪৯৮ কোটি টকাৰ বাজেট সন্নিৱিষ্ট আছে, যি উত্তৰ-পূব অঞ্চলৰ বাবে প্ৰধানমন্ত্ৰীৰ উন্নয়ন পদক্ষেপ (PM-DevINE) আঁচনিৰ অধীনত আবণ্টন কৰা হৈছে।
- আন্তঃগাঁথনিগত উন্নয়নঃ
- এই কৰিডৰে মন্দিৰৰ চাৰিওফালৰ এলেকা ৩,০০০ বৰ্গফুটৰ পৰা ১,০০,০০০ বৰ্গ ফুটলৈ তিনিটা স্তৰত মন্দিৰ পৰিক্ষেত্ৰ বিস্তৃত কৰিব; আৰু ৮,০০০-১০,০০০ তীৰ্থযাত্ৰীৰ বাবে সক্ষম কৰি তুলিব।
- নিৰ্ময়ীমান পদক্ষেপসমূহৰ ভিতৰত আছে নতুন পথ, এটা ৰোপৱে, এখন খাদ্য উদ্যান আৰু এটা হেলিপেডৰ সহায়ত ভক্তসকলৰ বাবে সুগম্যতা আৰু আৰাম উন্নত কৰা।
- এটা ৰোপৱে’ই কামাখ্যা ৰে’ লৱে ষ্টেচনক মন্দিৰৰ সৈতে সংযোগ কৰিব, যাৰ ফলত তীৰ্থযাত্ৰীসকলৰ ভ্ৰমণৰ সময় ৫০% তকৈও অধিক হ্ৰাস হ’ব।
- সাংস্কৃতিক পুনৰুদ্ধাৰঃ নীলাচল পাহাৰত স্থিত ছয়টা প্ৰধান, কিন্তু সীমিত জনপ্ৰিয় মন্দিৰক তেওঁলোকৰ পূৰ্বৰ গৌৰৱলৈ পুনৰুদ্ধাৰ কৰা হ’ব। এই প্ৰকল্পটোৰ লক্ষ্য হৈছে মন্দিৰ পৰিক্ষেত্রৰ সামগ্ৰিক সৌন্দৰ্য আৰু সাংস্কৃতিক গুৰুত্ব বৃদ্ধি কৰা।
- পৰ্যটন আৰু নিযুক্তিঃ এই প্ৰৱেশিকা পথে পৰ্যটনক যথেষ্ট বৃদ্ধি কৰিব, স্থানীয় নিয়োগৰ সুযোগ সৃষ্টি কৰিব আৰু অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়নত অৰিহণা যোগাব বুলি আশা কৰা হৈছে।
মা কামাখ্যা কৰিডৰ প্ৰকল্পটোৱে সন্মুখীন হোৱা নিম্নলিখিত প্ৰত্যাহ্বানসমূহ :
- পাৰিৱেশিক চিন্তাঃ বৃহৎ পৰিমাণৰ খনন আৰু নিৰ্মাণৰ বাবে মন্দিৰৰ ৰীতি-নীতিৰ বাবে অত্যাৱশ্যকীয় পবিত্ৰ ভূগৰ্ভস্থ নিজৰাৰ প্ৰবাহ ব্যাহত হোৱাৰ সম্ভাৱনা আছে।
- সাংস্কৃতিক আৰু ঐতিহাসিক প্ৰভাৱঃ পুনৰ নিৰ্মাণৰ সময়ত মন্দিৰ আৰু ইয়াৰ আশে-পাশে থকা ঐতিহ্যবাহী স্থানসমূহৰ সাংস্কৃতিক অখণ্ডতা ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা আছে।
- স্থানীয় বিৰোধিতাঃ জীৱিকাৰ সম্বল দোকান-পোহাৰ স্থানচ্যুত হোৱাৰ আশংকাত স্থানীয় বাসিন্দা আৰু ব্যৱসায়ীসকলে উক্ত প্ৰকল্পৰ বিৰোধিতা কৰিছে।
- আইনী প্ৰত্যাহ্বানঃ মন্দিৰৰ পৱিত্ৰ ভূগোলৰ বিপদাশংকাৰ কথা উল্লেখ কৰি আৰু সঠিক পুৰাতাত্ত্বিক সুৰক্ষাৰ আহ্বান জনাই প্ৰকল্পটোৰ বিৰুদ্ধে এক আইনী আবেদন দাখিল কৰা হৈছে।
কামাখ্যা মন্দিৰৰ আধ্যাত্মিকতা আৰু পৰ্যটন উভয়কে অভিজ্ঞতা বৃদ্ধি কৰাৰ লক্ষ্যৰে ২০২৬ চনৰ ভিতৰত এই প্ৰকল্পটো সম্পূৰ্ণ হ’ব বুলি আশা কৰা হৈছে।