ভাৰতৰ সাম্প্ৰতিক মুঠ ঘৰুৱা উৎপাদনৰ পৰিমাণ হৈছে ৩.৭ ট্ৰিলিয়ন ডলাৰ, যদিও এই পৰিমাণে ‘যতন অৰ্থনীতি’ ক প্ৰধানকৈ উপেক্ষা কৰে । কিয়নো ‘যতন অৰ্থনীতি’ৰ সিংহ কাৰ্যকলাপ নগদীকৰণ নোহোৱাকৈ থাকে। এই খণ্ডত ২% মুঠ ঘৰুৱা উৎপাদনৰ বিনিয়োগে ১১ নিযুত নতুন কৰ্ম-সংস্থাপনৰ সৃষ্টি কৰিব পাৰে, মহিলাসকলে মূখ্যত এই ভূমিকাসমূহৰ ৩৫% পূৰণ কৰিব পাৰে।
যতন অৰ্থনীতি (Care Economy) বনাম মুদ্ৰাকৃত অৰ্থনীতি (Monetized Economy)
- যতন অৰ্থনীতি প্ৰধানকৈ মহিলাসকলে পালন কৰা অবৈতনিক, অনানুষ্ঠানিক যত্ন যেনে শিশুৰ যত্ন, বয়োজ্যেষ্ঠৰ যত্ন আৰু গাৰ্হস্থ্য কাৰ্যকলাপ অন্তৰ্ভুক্ত থাকে।
- ইয়াৰ বিপৰীতে, মুদ্ৰাকৃত অৰ্থনীতি সামগ্ৰী আৰু সেৱাৰ বিনিময়ৰ জৰিয়তে লাভৰ দ্বাৰা চালিত হয়।
- বৃহৎ পৰিমাণৰ অ-নগদীকৃত যত্ন-খণ্ডক আনুষ্ঠানিক অৰ্থনীতিত একত্ৰিত কৰাৰ মূল চাবিকাঠি হৈছে মহিলাৰ সবলীকৰণ।
যতন অৰ্থনীতিক নগদীকৃত অৰ্থনীতিত একত্ৰিত কৰাৰ কৌশলসমূহঃ
- অ-বৈতনিক কাৰ্যলৈ স্বীকৃতি প্ৰদান : অ-বৈতনিক যত্নৰ কামৰ অৰ্থনৈতিক অৱদানক স্বীকৃতি দিয়া।
- সম-পৰ্যায়ৰ কৰ্মৰ বাবে সম-মজুৰি : যতন অৰ্থনীতি আৰু মুদ্ৰাকৃত অৰ্থনীতি দুয়োটা খণ্ডত ন্যায্য দৰমহা নিশ্চিত কৰা উচিত।
- সামাজিক সুৰক্ষাঃ মহিলাসকলৰ কৰ্ম আৰু যতন লোৱাৰ মাজত ভাৰসাম্য বজাই ৰখাত সহায় কৰিবলৈ ভাত্তাসহ পিতৃ-মাতৃৰ সেৱাকালীন ছুটী, দূৰৱৰ্তী কৰ্ম-সেৱাৰ বিকল্প, ৰাজসাহায্যযুক্ত স্বাস্থ্যসেৱা, আৰু পেন্সনৰ দৰে নীতি প্ৰণয়ন কৰা উচিত।
- মহিলাৰ নিযুক্তিৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা : দক্ষতা প্ৰশিক্ষণ, শিক্ষা আৰু কৰ্ম-জীৱনৰ ভাৰসাম্য নীতিৰ জৰিয়তে আনুষ্ঠানিক নিযুক্তিৰ সুবিধা বৃদ্ধি কৰা উচিত।
- মহিলা উদ্যোগশীলতাৰ প্ৰচাৰঃ মহিলাসকলক বিশেষকৈ যত্ন-সম্পৰ্কীয় ক্ষেত্ৰত ব্যৱসায় আৰম্ভ কৰিবলৈ আৰু সম্প্ৰসাৰণ কৰিবলৈ উৎসাহিত কৰা দৰকাৰ।
- আত্মসহায়ক গোটৰ জৰিয়তে উপাৰ্জন সৃষ্টিঃ আত্ম-সহায়ক গোটসমূহৰ জৰিয়তে মহিলাসকলক উপাৰ্জন কৰিবলৈ অনুমতি দিয়া কাৰ্যকলাপবোৰ সহজসাধ্য কৰি তোলা উচিত।
- বয়োজ্যেষ্ঠ আৰু স্বাস্থ্যসেৱাঃ শুশ্ৰূষা (nursing), বাৰ্ধক্যজনিত (geriatric), অন্যান্য সহায়ক সেৱাকে ধৰি স্বাস্থ্যসেৱাসমূহত নিয়োগৰ সুবিধা বিকশিত কৰা উচিত।
- সুলভ শিশু-যত্ন সেৱাঃ মহিলা কৰ্মচাৰীৰ অংশগ্ৰহণ সক্ষম কৰিবলৈ সুলভ, উচ্চ মানদণ্ডৰ শিশু-যত্ন সেৱা প্ৰদান কৰা উচিত।
- সাংস্কৃতিক পৰিৱৰ্তনঃ লিংগভিত্তিক ধাৰাবাহিকতাক প্ৰত্যাহ্বান জনাই দৰমহা আৰু অ-বৈতনিক কৰ্ম-সেৱা উভয়ৰে মূল্য চিনাক্ত কৰা উচিত।
যিহেতু ২০৪৭ চনৰ ভিতৰত ভাৰতে উন্নত-ৰাষ্ট্ৰৰ মৰ্যাদা লাভৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে, সেয়েহে ভাৰতৰ মহিলা জনসংখ্যাৰ অৱদানক মূলসুঁতিৰ অৰ্থনীতিত একত্ৰিত কৰাটো অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। এই পৰিৱৰ্তনে লিংগ সমতাৰ প্ৰসাৰ কৰি পঞ্চম বহনক্ষম উন্নয়ন লক্ষ্য (Sustainable Development Goal 5) লৈ অগ্ৰসৰ হোৱাত সহায়ক হ’ব।