স্বচ্ছ ভাৰত অভিযানৰ ১০ বছৰ
10 YEARS OF SWACHH BHARAT MISSION

২০১৪ চনৰ ২ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছ ভাৰত মিছন (Swachh Bharat Mission (SBM)) ৰ শুভাৰম্ভ কৰিছিল।

  • ই ২০২৪ চনৰ ২ অক্টোবৰত ১০ বছৰ (এটা দশক) সম্পূৰ্ণ কৰে।
  • প্ৰধানমন্ত্ৰীগৰাকীয়ে “স্বচ্ছ ভাৰত অভিযান” ক ২০১৯ চনত মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে গান্ধীজীলৈ আগবঢ়োৱা শ্ৰদ্ধাঞ্জলি বুলি অভিহিত কৰে।

স্বচ্ছ ভাৰত অভিযানৰ বিভাগসমূহঃ

  • স্বচ্ছ ভাৰত অভিযান – গ্ৰামীণ (SBM-Gramin) : পেয়জল আৰু অনাময় মন্ত্ৰালয়ৰ (Ministry of Drinking Water and Sanitation) নেতৃত্বত গ্ৰাম্য অঞ্চলসমূহৰ স্বচ্ছতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
  • স্বচ্ছ ভাৰত অভিযান-পৌৰ (SBM-Urban) : গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ (Ministry of Housing and Urban Affairs) ‘স্বচ্ছ ভাৰত অভিযান-পৌৰ’ বিভাগে চহৰ তথা পৌৰ অঞ্চলৰ স্বচ্ছতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

স্বচ্ছ ভাৰত অভিযানৰ  অভিকেন্দ্ৰ ক্ষেত্ৰসমূহঃ

  • ব্যক্তিগত আৰু সামূহিক শৌচাগাৰ নিৰ্মাণ।
  • কঠিন আৱৰ্জনা ব্যৱস্থাপনা উন্নত কৰা।
  • আচৰণগত পৰিৱৰ্তন প্ৰচাৰৰ নেতৃত্ব দিয়া।

স্বচ্ছ ভাৰত অভিযানৰ লক্ষ্যসমূহঃ

  • এই অভিযানৰ মূল লক্ষ্য আছিল ২০১৯ চনৰ ২ অক্টোবৰৰ ভিতৰত ভাৰতক মুকলি মলত্যাগ-মুক্ত (open defecation free (ODF)) কৰা।
    • সমগ্ৰ দেশতে ঘৰুৱা আৰু সমূহীয়া শৌচাগাৰ নিৰ্মাণ কৰা হ’ব।
    • যদি কাকো মুকলি ঠাইত শৌচ কৰা দেখা নাযায় তেন্তে এখন চহৰ বা গাওঁক ‘মুকলি মলত্যাগ মুক্ত’ হিচাপে ঘোষণা কৰিব পাৰি।
  • এই অভিযানে নিম্নলিখিত ব্যৱস্থাসমূহ প্ৰদানৰ লক্ষ্য লৈছিল :
    • অনাময় আৱৰ্জনা নিষ্কাশন ব্যৱস্থা।
    • জৈৱিক আৰু অজৈৱ উভয় সামগ্ৰীৰ বাবে সুকীয়া আৱৰ্জনা ব্যৱস্থাপনা সুবিধা।
    • মানৱ ব্যৱহাৰৰ অনুপযুক্ত জল-বিশিষ্ট অঞ্চলসমূহৰ বাবে তৰল আৱৰ্জনা ব্যৱস্থাপনা।

বৰ্তমানলৈকে স্বচ্ছ ভাৰত অভিযানে লাভ কৰা সাফল্যসমূহ :

  • ইয়াৰ অধীনত ১০ কোটিৰো অধিক শৌচাগাৰ নিৰ্মাণ কৰা হৈছে।
  • ২০১৮ চনৰ ২ অক্টোবৰত সকলো ভাৰতীয় গাঁৱক “মুকলি মলত্যাগ-মুক্ত” হিচাপে ঘোষণা কৰা হৈছিল।
    • ৫.৫৪ লাখ গাঁও আৰু ৩,৯১৩ খন চহৰক “মুকলি মলত্যাগ-মুক্ত’ হিচাপে ঘোষণা কৰা হৈছিল।
  • “মুকলি মলত্যাগ-মুক্ত”ৰ পিছত, এই অঞ্চলসমূহে তৰল আৱৰ্জনা ব্যৱস্থাপনা উন্নত কৰিছে।
  • ৫৯ লাখৰ লক্ষ্যৰ বিপৰীতে ৬৬ লাখ ব্যক্তিগত শৌচাগাৰ নিৰ্মাণ কৰা হৈছিল।
  • ৯৭% নগৰীয়া পৰিয়ালত এতিয়া ঘৰে ঘৰে আৱৰ্জনা সংগ্ৰহ কৰা হয়।

সাম্প্ৰতিক প্ৰত্যাহ্বানঃ

  • ভূমি-পূৰ্তি আদায় (landfill clearance) – ২০২৬ চনৰ ভিতৰত ৪,২৪০ খন ভূমি-পুৰ্তি পৰিষ্কাৰ কৰাৰ লক্ষ্যৰ মাত্ৰ ৩০% অংশতহে এতিয়ালৈকে উপনীত হ’ব পৰা গৈছে।
  • আৱৰ্জনা সংশোধনঃ মুঠ আৱৰ্জনা সংশোধন লক্ষ্যৰ মাত্ৰ ৪১% পূৰণ কৰা হৈছে; এইক্ষেত্ৰত অধিক প্ৰচেষ্টাৰ প্ৰয়োজন আছে।
  • আৱৰ্জনা সংগ্ৰহঃ যদিও ৯৭% নগৰীয়া পৰিয়ালত ঘৰে ঘৰে সংগ্ৰহ কৰা হয়, কিন্তু আৱৰ্জনা পৃথকীকৰণ আৰু ব্যৱস্থাপনা পৰ্যাপ্ত নহয়।
  • স্থায়িত্বঃ দীৰ্ঘম্যাদীভাৱে “মুকলি মলত্যাগ-মুক্ত স্থিতি আৰু অনাময় আন্তঃগাঁথনি বজাই ৰখাটো এক প্ৰত্যাহ্বানৰূপে চিহ্নিত হৈ আছে।

অভিযানৰ প্ৰভাৱঃ

  • ২০১৮ চনৰ বিশ্ব স্বাস্থ্য সংস্থাৰ এক অধ্যয়নত অনুমান কৰা হৈছিল যে স্বচ্ছ ভাৰত অভিযানে ১৯৯ নিযুত ডায়েৰিয়া সংক্ৰমণৰ ঘটনা আৰু অপুষ্টি সম্পৰ্কীয় ৩ লাখ মৃত্যু প্ৰতিৰোধ কৰিছিল।
  • ২০১৯ চনৰ অক্টোবৰ মাহৰ ভিতৰত সুৰক্ষিত অনাময় ব্যৱস্থাৰ ব্যৱহাৰ ৯০% লৈ বৃদ্ধি পাইছে।
  • এনে অধ্যয়নসমূহে শিশুৰ মৃত্যুৰ হাৰ হ্ৰাসক স্বচ্ছ ভাৰত অভিযানৰ অধীনস্থ উন্নত অনাময় ব্যৱস্থাৰ সৈতে জড়িত কৰিছে।
    • ২০১৪ চনৰ পৰা ২০২০ চনলৈকে শিশুৰ মৃত্যু হ্ৰাস পাইছে যদিও ২০০৩ চনৰ পৰা ২০১৫ চনৰ ভিতৰত কোনো উল্লেখযোগ্য হ্ৰাস হোৱা নাই।

স্বচ্ছ ভাৰত অভিযানে ইয়াৰ দ্বিতীয়টো দশকলৈ আগবাঢ়ি যোৱাৰ লগে লগে, জনস্বাস্থ্য আৰু অনাময়ৰ ওপৰত এই অভিযানৰ প্ৰভাৱ স্পষ্টভাৱে পৰিলক্ষিত হয় যদিও আৱৰ্জনা ব্যৱস্থাপনা আৰু ‘মুকলা মলত্যাগ-মুক্ত’ স্থিতি বৰ্তাই ৰখাৰ  প্ৰত্যাহ্বান এতিয়াও অব্যাহত আছে। সকলোৰে বাবে এক পৰিষ্কাৰ, বহনক্ষম ভৱিষ্যত গঢ়ি তোলাত অবিৰত প্ৰচেষ্টা আৰু সম্প্ৰদায়ৰ অংশগ্ৰহণ গুৰুত্বপূৰ্ণ হ’ব।

Leave a Reply