এক চৰকাৰী প্ৰতিবেদন অনুসৰি জলবায়ু পৰিৱৰ্তনৰ ফলত ২০১১ চনৰ পৰা ২০২৪ চনলৈকে হিমালয় অঞ্চলৰ হিমবাহ হ্ৰদ আৰু জলাশয়সমূহৰ এলেকা ১০.৮১ শতাংশ বৃদ্ধি পাইছে, যাৰ ফলত হিমবাহীয় হ্ৰদ বিস্ফোৰণসৃষ্ট বানপানী (Glacial Lake Outburst Floods (GLOFs)) ৰ আশংকা বৃদ্ধি পাইছে।
পি. টি. আই. (PTI) ৰ দ্বাৰা প্ৰাপ্ত কেন্দ্ৰীয় জল আয়োগৰ (Central Water Commission (CWC)) প্ৰতিবেদনত উল্লেখ কৰা হৈছেঃ
- হিমবাহৰ গলনৰ ফলত বিভিন্ন হিমাবাহীয় হ্ৰদৰ ক্ষেত্ৰত আকাৰ ৩৩.৭% বৃদ্ধি পাইছে।
- ভাৰতৰ ৬৭ খন হ্ৰদৰ পৃষ্ঠভাগৰ ক্ষেত্ৰফল ৪০% তকৈ অধিক বৃদ্ধি পাইছে, যাৰ ফলত সেইবোৰ সম্ভাৱ্য হিমবাহীয় হ্ৰদ বিস্ফোৰণসৃষ্ট বানপানীৰ বাবে উচ্চ-বিপদাশংকাযুক্ত শিতানত অন্তৰ্গত হৈছে।
- এইক্ষেত্ৰত, উল্লেখযোগ্য হিমবাহ সম্প্ৰসাৰিত অঞ্চলসমূহৰ ভিতৰত হিমালয় পৰ্বতলানিত স্থিত লাডাখ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, ছিকিম আৰু অৰুণাচল প্ৰদেশ উল্লেখযোগ্য।
হিমবাহীয় হ্রদসমূহ
- দক্ষিণ লোনাক হ্ৰদৰ দৰে হিমবাহীয় হ্ৰদবোৰ হৈছে বৃহৎ জলাশয় যিবোৰ গলিত হিমবাহৰ সন্মুখত বা ওপৰত বা নিম্নাংশত অৱস্থান কৰি থাকে। এই হিমবাহৰ হ্ৰদবোৰ বেছিভাগেই অস্থিৰ বৰফ (unstable ice) বা আলসুৱা শিল আৰু ভগ্নাৱশেষৰ দ্বাৰা গঠিত পলসৰ দ্বাৰা বান্ধ খাই আছে।
হিমবাহীয় হ্ৰদ বিস্ফোৰণসৃষ্ট বানপানী (GLOF)
- হিমবাহীয় হ্ৰদবোৰে বৃহৎ আকাৰ ধাৰণ কৰি অহাৰ লগে লগে সেইবোৰ অধিক বিপজ্জনক হৈ পৰে কাৰণ সেইবোৰ অস্থিৰ বৰফ বা আলসুৱা শিল আৰু ভগ্নাৱশেষৰ দ্বাৰা গঠিত পলসৰ দ্বাৰা বান্ধ খাই থাকে।
- যেতিয়া এই হিমবাহীয় হ্ৰদসমূহৰ চাৰিওফালৰ সীমা তথা ৰোধক ভাঙি যায়, তেতিয়া পৰ্বতৰ কাষৰ পৰা বৃহৎ পৰিমাণৰ জলৰাশি তীব্ৰ বেগে ঢাপলি মেলি আহে। ফলত নামনিভাগৰ অঞ্চলসমূহত বানপানীৰ সৃষ্টি হয়। ইয়াক হিমবাহীয় হ্ৰদ বিস্ফোৰণসৃষ্ট বানপানী বা GLOF বুলি কোৱা হয়।
ভাৰতত হিমবাহ হ্ৰদ বিস্ফোৰণ বানপানী (জি. এল. অ ‘. এফ) ৰ উদাহৰণ
- উত্তৰাখণ্ড কেদাৰনাথ আকস্মিক বানপানী (২০১৩) চোৰাবাৰী তাল হিমবাহীয় হ্ৰদত হিমাবাহ বিস্ফোৰণসৃষ্ট বানপানী-ৰ ফলত এই আকস্মিক বানপানী সৃষ্টি হৈছিল।
- চামোলি জিলা, উত্তৰাখণ্ডঃ নন্দা দেৱী হিমবাহত হিমাবাহীয় হ্ৰদ বিস্ফোৰণ সৃষ্ট বানপানী পৰিঘটনা সংঘটিত হৈছিল।
হিমবাহীয় হ্ৰদ বিস্ফোৰণসৃষ্ট বানপানীৰ কাৰণসমূহ :
- হিমবাহৰ গলনঃ বৰ্ধিত তাপমাত্ৰাই হিমবাহৰ গলন বৃদ্ধি কৰে, জলস্তৰ বৃদ্ধি কৰে আৰু হ্ৰদসমূহৰ অস্থিৰ সীমাৰ ওপৰত চাপ প্ৰদান কৰে। ফলত হিমবাহীয় হ্ৰদ সমূহৰ পাৰ ভাঙি জলবিস্ফোৰণ ঘটে।
- হিমপ্ৰপাত আৰু ভূমিকম্পঃ ভূমিস্খলন বা হিমপ্ৰপাতৰ ফলত প্ৰাকৃতিক বান্ধ ভাঙি বৃহৎ পৰিমাণৰ জলৰাশি স্থানচ্যুত হয়।
- চৰম বতৰ পৰিঘটনা : প্ৰচণ্ড বৃষ্টিপাত, ধুমুহা আৰু আকস্মিক তাপমাত্ৰাৰ পৰিৱৰ্তনে হ্ৰদসমূহক অস্থিৰ কৰি তোলে, যাৰ ফলত হিমবাহীয় হ্ৰদ বিস্ফোৰণসৃষ্ট বানপানীৰ সৃষ্টি হয়।
- জলবায়ু পৰিৱৰ্তনঃ হিমবাহৰ দ্ৰুত গলন আৰু হটস্পট (hotspot) অঞ্চলত সঘনাই হোৱা ডাৱৰ বিস্ফোৰণে হিমবাহীয় হ্ৰদ বিস্ফোৰণসৃষ্ট বানপানীৰ আশংকা বৃদ্ধি কৰে।
- আগ্নেয়গিৰিজনিত কাৰ্যকলাপঃ হিমবাহৰ কাষৰীয়া আগ্নেয়গিৰিৰ তাপে হিমবাহৰ গলন ত্বৰান্বিত কৰে। ফলত হিমবাহীয় হ্ৰদ বিস্ফোৰণসৃষ্ট বানপানীৰ সম্ভাৱনা বৃদ্ধি পায়।
- দুৰ্বল গ্ৰাৱ (Moraine) বান্ধঃ প্ৰাকৃতিক বান্ধ হিচাপে কাম কৰা গ্ৰাবসমূহ ভংগ হোৱাৰ সম্ভাৱনা থাকে।
- মানৱজাত কাৰ্যকলাপঃ বান্ধ আৰু পথৰ দৰে আন্তঃগাঁথনিয়ে ভূতাত্ত্বিক চাপ বৃদ্ধি কৰে আৰু হিমবাহীয় হ্ৰদ বিস্ফোৰণসৃষ্ট বানপানীৰ বিপদাশংকাৰ অৰ্থে অৰিহণা যোগায়। উদাহৰণস্বৰূপে, চামোলী বানপানী (২০২১) সংঘটিত হোৱাত মানৱজনিত কাৰ্যকলাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
হিমবাহীয় হ্ৰদ বিস্ফোৰণসৃষ্ট বানপানীৰ প্ৰভাৱ
- জীৱনহানিঃ এনে আকস্মিক বানপানীয়ে বাসিন্দাসকলক নিৰাপত্তা ব্যাহত কৰি জন-জীৱনত প্ৰাণহানিৰ দৰে শোকাৱহ ঘটনা সংঘটিত কৰে।
- আন্তঃগাঁথনিগত ক্ষতিঃ বানপানীৰ ফলত পথ, দলং, অট্টালিকা আৰু বিদ্যুৎ প্ৰকল্পসমূহ ধ্বংস হয়। ফলত অৰ্থনৈতিক ক্ষতি হয় আৰু সেৱাখণ্ডত ব্যাঘাত ঘটে।
- কৃষিখণ্ডৰ ক্ষতিসাধন : শস্য, ভূমি আৰু পশুধন ক্ষতিগ্ৰস্ত হয়। ফলত কৃষকসকলৰ বাবে খাদ্যৰ অভাৱ আৰু অৰ্থনৈতিক সমস্যাৰ সৃষ্টি হয়।
- পাৰিৱেশিক ক্ষতিঃ হিমবাহীয় হ্ৰদ বিস্ফোৰণসৃষ্ট বানপানীয়ে স্থানীয় জৈৱ বৈচিত্ৰ্য ধ্বংস কৰে, উদ্ভিদ আৰু প্ৰাণীজগতৰ ক্ষতিসাধন কৰে।
সম্ভাব্য কাৰ্যপন্থা
- বিপদশংকুল হ্ৰদসমূহৰ চিনাক্তকৰণ (Identify Dangerous Lakes) : নিকট সুৰক্ষিত উন্নয়ন পৰিকল্পনাসূৰ্চীৰ অৰ্থে উচ্চ-বিপদাশংকাযুক্ত হ্ৰদসমূহৰ (high-risk lakes ) স্থান নিৰ্ধাৰণ কৰা দৰকাৰ।
- উন্নত প্ৰযুক্তি (Enhanced Technology) : বাস্তৱ-সময়ভিত্তিক নিৰীক্ষণৰ বাবে সংশ্লেষিত-এপাৰ্চাৰ ৰাডাৰ (Synthetic-Aperture Radar) ব্যৱহাৰ কৰা উচিত।
- বানপানীৰ নিয়ন্ত্ৰিত নিৰ্গমমাৰ্গ (Controlled Flood Channels) : নিয়ন্ত্ৰিত ব্ৰিচিং (breaching) বা চাইফনিংৰ (siphoning) জৰিয়তে হিমবাহীয় হ্ৰদৰ জলৰাশিৰ পৰিমাণ হ্ৰাস কৰাৰ কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰা উচিত।
- আগতীয়া সতৰ্কবাণী প্ৰণালী (Early Warning Systems) : সঠিক সতৰ্কবাণী প্ৰদানৰ বাবে হিমালয় পাৰ্বত্য অঞ্চললৈ আগলি সতৰ্কবাণী প্ৰণালী ব্যৱস্থা সম্প্ৰসাৰণ কৰা উচিত।
- ব্যাপক এলাৰ্ম প্ৰণালী (Comprehensive Alarm Systems) : দ্ৰুত স্থানান্তৰণৰ বাবে পৰম্পৰাগত এলাৰ্ম থকা স্মাৰ্টফোন ব্যৱহাৰ কৰক।
- নিৰ্মাণ বিধি (Construction Codes) : সংবেদনশীল অঞ্চলত সুৰক্ষিত আন্তঃগাঁথনি নিৰ্মাণৰ বাবে নিৰ্ধাৰিত নিৰ্দেশনা প্ৰস্তুত কৰা উচিত।
- স্থানীয় প্ৰশিক্ষণ (Local Training) : দুৰ্যোগৰ প্ৰতি সঁহাৰি জনাবলৈ স্থানীয় লোকসকলক প্ৰশিক্ষণ দিয়া উচিত। কিয়নো তেওঁলোকেই দুৰ্যোগৰ প্ৰতি প্ৰথম সঁহাৰি দিয়া লোক।
হিমবাহীয় হ্ৰদ বিস্ফোৰণসৃষ্ট বানপানী-ৰ বিপদ হ্ৰাসকৰণ আৰু জীৱন, আন্তঃগাঁথনি আৰু পৰিৱেশ তন্ত্ৰ সুৰক্ষিতকৰণৰ বাবে এক সক্ৰিয়, প্ৰযুক্তি-চালিত আৰু সম্প্ৰদায়-কেন্দ্ৰিক দৃষ্টিভংগী অতি গুৰুত্বপূৰ্ণ।